< 2 Mooseksen 3 >
1 Ja Moses kaitsi appensa Jetron Midianin papin lampaita: ja hän ajoi lampaat taamma korpeen, ja tuli Jumalan vuoren Horebin tykö.
১মোচিৰ শহুৰ যিথ্ৰো মিদিয়নৰ পুৰোহিত আছিল, মোচিয়ে তেওঁৰ মেৰ-ছাগৰ জাক চৰাইছিল। তেতিয়া মোচিয়ে মৰুপ্রান্তৰ কাষদি মেৰ-ছাগৰ জাক লৈ গৈ আছিল, আৰু তেওঁ গৈ হোৰেব নামৰ ঈশ্বৰৰ পৰ্বত পাইছিল।
2 Ja Herran enkeli näkyi hänelle pensaasta, tulen liekissä: ja hän näki, ja katso, pensas paloi tulesta, ja ei kuitenkaan kulunut.
২সেই ঠাইত যিহোৱাৰ দূতে এজোপা জোপোহা গছৰ মাজত অগ্নি শিখাত তেওঁক দেখা দিলে। মোচিয়ে চাই দেখিলে যে, জোপোহাটোত জুই জ্বলি আছে, কিন্তু জোপোহাটো পুৰি যোৱা নাই।
3 Ja Moses sanoi: minä käyn tuonne, ja katson tätä suurta näkyä, miksi ei pensas pala ylös?
৩তেতিয়া মোচিয়ে ক’লে, “মই এফলীয়া হৈ যাওঁ, আৰু এই আচৰিত বিষয়টো মই চাওঁ, কিয়নো এই জোপোহাটো পুৰি যোৱা নাই?”
4 Koska Herra näki hänen menevän katsomaan, huusi Jumala häntä pensaasta, ja sanoi: Moses, Moses. Hän vastasi: tässä minä olen.
৪যেতিয়া যিহোৱাই দেখিলে যে, তেওঁক চাবলৈ মোচি এফলীয়া হৈ গৈছে, তেতিয়া জোপোহাটোৰ মাজৰ পৰা ঈশ্বৰে তেওঁক মাতি ক’লে, “হে মোচি, হে মোচি।” তেওঁ ক’লে, “চাওঁক, মই ইয়াতে আছোঁ।”
5 Hän sanoi: älä lähesty tänne; riisu kenkäs jalvoistas; sillä paikka, jossas seisot, on pyhä maa.
৫যিহোৱাই ক’লে, “তুমি ওচৰ চাপি নাহিবা; তোমাৰ ভৰিৰ পৰা জোতা সোলোকোৱা, কিয়নো তুমি যি ঠাইত থিয় হৈ আছা, সেয়া পবিত্ৰ ভূমি।”
6 Ja hän vielä sanoi: Minä olen sinun isäs Jumala, Abrahamin Jumala, Isaakin Jumala, ja Jakobin Jumala. Ja Moses peitti kasvonsa; sillä hän pelkäsi katsoa Jumalan päälle.
৬তেওঁ পুনৰ ক’লে, “মই তোমাৰ পূর্বপুৰুসকলৰ ঈশ্বৰ; অব্ৰাহামৰ ঈশ্বৰ, ইচহাকৰ ঈশ্বৰ, আৰু যাকোবৰ ঈশ্বৰ।” তেতিয়া মোচিয়ে নিজৰ মুখ ঢাকিলে, কিয়নো তেওঁ ঈশ্বৰক চাবলৈ ভয় কৰিলে।
7 Ja Herra sanoi: Minä olen hyvin kyllä nähnyt minun kansani ahdistuksen, joka on Egyptissä, ja minä olen kuullut heidän huutonsa, niiden tähden, jotka heitä ahdistavat; sillä minä tiedän heidän tuskansa.
৭যিহোৱাই ক’লে, “মই মিচৰত থকা মোৰ লোকসকলৰ যন্ত্রণালৈ নিশ্চয়ে দৃষ্টি কৰিছোঁ। কাৰণ তেওঁলোক অতি কঠোৰ তত্বাৱধায়কৰ তলত আছে, মই তেওঁলোকৰ ক্রন্দন শুনিছোঁ, মই তেওঁলোকৰ যন্ত্রণাৰ বিষয় বুজি পাইছোঁ।
8 Ja olen astunut alas heitä vapahtamaan Egyptiläisten käsistä, ja viemään heitä tältä maalta hyvään ja laviaan maahan, siihen maahan, jossa rieskaa ja hunajaa vuotaa, sille paikalle, jossa Kanaanealaiset, Hetiläiset, Amorilaiset, Pheresiläiset, Heviläiset ja Jebusilaiset asuvat.
৮মই তেওঁলোকক মিচৰীয়া লোকৰ হাতৰ পৰা উদ্ধাৰ কৰিবলৈ নামি আহিলোঁ। সেই দেশৰ পৰা উলিয়াই আনি, গাখীৰ মৌ-জোলবৈ থকা এখন উত্তম আৰু বহল দেশ, য’ত কনানীয়া, হিত্তীয়া, ইমোৰীয়া, পৰিজ্জীয়া, হিব্বীয়া, যিবুচীয়া লোক সকলে বাস কৰে, এনে ঠাইলৈ তেওঁলোকক নিবলৈ আহিলোঁ।
9 Ja katso, Israelin lasten huuto on tullut minun eteeni, ja minä myös olen nähnyt heidän ahdistuksensa, jolla Egyptiläiset heitä ahdistavat.
৯এতিয়া ইস্ৰায়েলৰ লোকসকলৰ কাতৰোক্তি মোৰ ওচৰলৈ আহিল। অৱশ্যে মিচৰীয়া সকলে তেওঁলোকৰ ওপৰত কৰা উপদ্ৰবো মই দেখিছোঁ।
10 Ja nyt mene, ja minä tahdon lähettää sinun Pharaon tykö, ja sinun pitää johdattaman minun kansaani Israelin lapsia ulos Egyptistä.
১০সেয়ে মোৰ ইস্ৰায়েলী লোকসকলক মিচৰৰ পৰা উলিয়াই আনিবলৈ, মই এতিয়া তোমাক ফৰৌণৰ ওচৰলৈ পঠাওঁ।”
11 Ja Moses sanoi Jumalalle: mikä minä olen menemään Pharaon tykö, ja viemään Israelin lapset ulos Egyptistä?
১১কিন্তু মোচিয়ে ঈশ্বৰক ক’লে, “মইনো কোন যে, ফৰৌণৰ ওচৰলৈ গৈ ইস্ৰায়েলী লোকসকলক মিচৰৰ পৰা উলিয়াই আনিম?”
12 Hän sanoi: totisesti olen sinun kanssas; ja tämä olkoon sinulle merkiksi, että minä olen sinun lähettänyt. Koska olet johdattanut minun kansani Egyptistä, niin teidän pitää palveleman Jumalaa tällä vuorella.
১২ঈশ্বৰে উত্তৰ দি ক’লে, “অৱশ্যে মই তোমাৰ সঙ্গী হ’ম; আৰু মইয়ে তোমাক পঠালোঁ, ইয়াৰ চিন তোমালৈ এয়ে হ’ব যে, তুমি মিচৰৰ পৰা লোকসকলক উলিয়াই আনি, এই পৰ্ব্বততে তোমালোকে ঈশ্বৰৰ আৰধনা কৰিবা।”
13 Moses sanoi Jumalalle: katso, koska minä tulen Israelin lasten tykö, ja sanon heille: teidän isäinne Jumala on minun lähettänyt teidän tykönne, ja he sanovat minulle: mikä hänen nimensä on? Mitä minun pitää heille sanoman?
১৩মোচিয়ে ঈশ্বৰক ক’লে, “মই যেতিয়া ইস্ৰায়েলী লোকসকলক ক’ম যে, তোমালোকৰ ওপৰ-পিতৃসকলৰ ঈশ্বৰে মোক তোমালোকৰ ওচৰলৈ পঠালে; তেতিয়া তেওঁলোকে মোক ক’ব, ‘তেওঁৰ নাম কি?’ তেতিয়া মই কি উত্তৰ দিম?”
14 Sanoi Jumala Mosekselle: Minä olen se kuin minä olen. Ja sanoi: niin pitää sinun sanoman Israelin lapsille: Minä olen lähetti minun teidän tykönne.
১৪ঈশ্বৰে মোচিক ক’লে, “মই যি জন হওঁ, সেই জনেই হওঁ।” ঈশ্বৰে পুনৰ ক’লে, “তুমি ইস্ৰায়েলী লোকসকলক নিশ্চয়কৈ ক’বা যে, ‘মই যি জন হওঁ’ তেৱেঁই মোক তোমালোকৰ ওচৰলৈ পঠালে।”
15 Ja Jumala sanoi vielä Mosekselle: niin pitää sinun sanoman Israelin lapsille: Herra teidän isäinne Jumala, Abrahamin Jumala, Isaakin Jumala, ja Jakobin Jumala lähetti minun teidän tykönne; tämä on minun nimeni ijankaikkisesti, ja tämä on minun muistoni suvusta niin sukuun.
১৫ঈশ্বৰে মোচিক পুনৰ ক’লে, “তুমি ইস্ৰায়েলী লোকসকলক অৱশ্যে ক’বা যে, ‘তোমালোকৰ ওপৰ-পিতৃসকলৰ ঈশ্বৰ, অব্ৰাহামৰ ঈশ্বৰ, ইচহাকৰ ঈশ্বৰ, আৰু যাকোবৰ ঈশ্বৰ যিহোৱায়ে মোক তোমালোকৰ ওচৰলৈ পঠালে। এয়ে মোৰ চিৰস্থায়ী নাম, আৰু ইয়াৰ দ্বাৰাই পুৰুষানুক্ৰমে মই সোঁৱৰণীয় হম।’
16 Mene ja kokoo Israelin vanhemmat, ja sano heille: Herra teidän isäinne Jumala on näkynyt minulle, Abrahamin, Isaakin, ja Jakobin Jumala, sanoen: minä olen etsein etsinyt teitä, ja nähnyt, mitä teille on tapahtunut Egyptissä.
১৬তুমি যোৱা, আৰু ইস্ৰায়েলৰ বৃদ্ধ লোকসকলক একত্রিত কৰি সমবেত কৰোঁৱা। তেওঁলোকক ক’বা যে, ‘তোমালোকৰ ওপৰ-পিতৃ অব্ৰাহাম, ইচহাক, আৰু যাকোবৰ ঈশ্বৰ যিহোৱাই মোক দৰ্শন দি ক’লে যে, ‘মই তোমালোকক নিৰীক্ষণ কৰিলোঁ আৰু তোমালোকক মিচৰত কেনে ব্যৱহাৰ কৰিছে, সেয়া মই দেখিলোঁ।
17 Ja olen sanonut: minä tahdon johdattaa teitä ulos Egyptin ahdistuksesta, Kanaanealaisten, Hetiläisten, Amorilaisten, Pheresiläisten ja Jebusilaisten maalle, jossa rieskaa ja hunajaa vuotaa.
১৭মিচৰ দেশত তোমালোকৰ ওপৰত কৰা উপদ্রৱৰ পৰা তোমালোকক উলিয়াই আনি, গাখীৰ, মৌ-জোল বৈ থকা সেই কনানীয়া, হিত্তীয়া, ইমোৰীয়া, পৰিজ্জীয়া, হিব্বীয়া, আৰু যিবুচীয়া সকলৰ দেশলৈ মই তোমালোকক লৈ যাবলৈ প্রতিজ্ঞা কৰিছোঁ’।
18 Ja heidän pitää kuuleman sinun äänes; ja sinun ja vanhimmat Israelista pitää menemän Egyptin kuninkaan tykö, ja sanoman hänelle: Herra Hebrealaisten Jumala on kohdannut meitä. Anna siis nyt meidän mennä kolmen päivän matka korpeen, uhraamaan Herralle meidän Jumalallemme.
১৮তেতিয়া তেওঁলোকে তোমাৰ কথা শুনিব। তাৰ পাছত তুমি আৰু ইস্ৰায়েলৰ বৃদ্ধ লোকসকলে মিচৰৰ ৰজাৰ ওচৰলৈ গৈ, তেওঁক নিশ্চয়কৈ ক’বা যে, ‘ইব্ৰীয়াসকলৰ ঈশ্বৰ যিহোৱা আমাৰ আগত সাক্ষাৎ হ’ল। সেয়ে আমি তিনি দিন মৰুভূমিৰ মাজেৰে গৈ ঈশ্বৰ যিহোৱাৰ উদ্দেশে বলিদান কৰিবৰ অৰ্থে আমাক যাবলৈ দিয়ক।’
19 Mutta minä tiedän, ettei Egyptin kuningas laske teitä menemään; vaan väkevän käden kautta.
১৯কিন্তু মই জানো, যেতিয়ালৈকে মিচৰৰ ৰজাক বাধ্য কৰোঁৱা নহয়, তেতিয়ালৈকে তেওঁ তোমালোকক যাব নিদিব।
20 Silloin minä ojennan käteni, ja lyön Egyptin kaikkinaisilla minun ihmeilläni, joita minä tekevä olen heidän keskellänsä, ja sitte pitää hänen teidät päästämän.
২০মই নিজ হাত মেলিম, আৰু মিচৰ দেশৰ মাজত সকলো আচৰিত কৰ্মেৰে মই তেওঁলোকক আঘাত কৰিম। তাৰ পাছতহে তেওঁ তোমালোকক যাবলৈ দিব।
21 Ja minä annan armon tälle kansalle Egyptiläisten edessä, että koska te lähdette, ei teidän pidä tyhjin käsin lähtemän.
২১মই মিচৰীয়াসকলৰ পৰা তোমালোকক অনুগ্ৰহপ্ৰাপ্ত কৰিম। সেয়ে তোমালোকে যোৱা সময়ত শুদা-হাতে যাব লগা নহ’ব।
22 Vaan jokaisen vaimon pitää anoman kylänsä vaimolta, ja huonekuntalaiseltansa hopia- ja kulta-astiat ja vaatteet, ja paneman ne teidän poikainne ja tytärtenne päälle, ja paljastaman Egyptiläiset.
২২প্ৰতি গৰাকী মহিলাই নিজৰ ওচৰ-চুবুৰীয়া, আৰু নিজৰ ঘৰৰ ওচৰত বাস কৰা মহিলা সকলৰ পৰা ৰূপ আৰু সোণৰ অলঙ্কাৰ আৰু বস্ত্ৰ খুজিবা; আৰু তোমালোকে সেইবোৰ নিজৰ লৰা-ছোৱালীক পিন্ধাবা; এই দৰে তোমালোকে মিচৰীয়া সকলক লুট কৰিবা।”