< Mose 5 10 >
1 “Yehowa gblɔ nam ɣe ma ɣi be makpa kpe eve bubu abe gbãtɔwo ene, matsɔ ati akpa aɖaka aɖe si me woatsɔ kpe eveawo adzra ɖo la, eye matrɔ ava ye, Mawu gbɔ le toa dzi.
১সেই সময়ত যিহোৱাই মোক কৈছিল, “তুমি আগৰ বাৰৰ দৰেই দুখন শিলৰ ফলি কাটি লোৱা আৰু পর্বতৰ ওপৰত মোৰ ওচৰলৈ উঠি আহাঁ। তাৰ লগতে কাঠৰ এটা চন্দুকো নিৰ্ম্মাণ কৰি ল’বা।
2 Egblɔ nam be yeagbugbɔ se siwo tututu yeŋlɔ ɖe kpe siwo megbã dzi la aŋlɔ ɖe kpe yeyeawo dzi, eye matsɔ wo ade Aɖaka la me.
২তুমি আগেয়ে যি দুখন শিলৰ ফলি ভাঙি পেলালা তাৰ ওপৰত যি কথা লিখা আছিল, মই তাকে এই ফলি দুখনত লিখি দিম। পাছত তুমি সেই দুখন লৈ চন্দুকত ভৰাই থবা।”
3 Ale metsɔ akasiati wɔ Aɖaka la. Mekpa kpe eve abe gbãtɔwo ene hetsɔ wo yi na Yehowa le to la dzi.
৩সেইবাবে মই চিটীম কাঠৰ এটা চন্দুক সাজিছিলোঁ আৰু আগৰ দৰেই শিলৰ দুখন ফলি কাটি লৈছিলোঁ; তাৰ পাছত ফলি দুখন হাতত লৈ পৰ্বতৰ ওপৰলৈ উঠি গ’লো।
4 Egaŋlɔ Se Ewoawo ɖe wo dzi tsɔ nam. Wonye se siwo tututu wònam tso dzo bibi la ƒe titina le toa dzi le mi katã ŋkume le to la te.
৪যিহোৱাই প্রথম ফলি দুটাৰ ওপৰত যি কথা লিখিছিল, এই দুটাৰ ওপৰতো তাকে লিখি ফলি দুখন মোক দিলে। এই কথাবোৰেই হৈছে তেওঁৰ দহ আজ্ঞা যি তেওঁ আপোনালোক সকলো একগোট হোৱা দিনা পৰ্বতৰ ওপৰত জুইৰ মাজৰ পৰা আপোনালোকক কৈছিল।
5 Meɖi eye metsɔ kpe eveawo de Aɖaka si mekpa la me. Wole afi ma va se ɖe egbe abe ale si Yehowa ɖo nam ene.
৫তাৰ পাছত যিহোৱাৰ আজ্ঞা অনুসাৰে মই পৰ্বতৰ পৰা উভটি নামি আহি মই তৈয়াৰ কৰা সেই চন্দুকৰ ভিতৰত ফলি দুখন থলোঁ; সেইবোৰ এতিয়াও তাতে আছে।’
6 “Le esia megbe la, Israelviwo zɔ mɔ tso Bene Yaakan yi Mosera afi si Aron ku, eye woɖii ɖo. Aron ƒe viŋutsu Eleaza zu nunɔla ɖe eteƒe.
৬তাৰ পাছত ইস্ৰায়েলীয়াসকল বোৰোৎবনেই যাকনৰ পৰা মোচেৰালৈ যাত্ৰা কৰিছিল; সেই ঠাইতে হাৰোণৰ মৃত্যু হৈছিল আৰু তেওঁক মৈদাম দিয়া হ’ল; তেওঁৰ পুত্ৰ ইলিয়াজৰে তেওঁৰ সলনি পুৰোহিতৰ কাৰ্য কৰিবলৈ ধৰিলে।
7 “Wozɔ mɔ yi Gudgoda heyi Yotbata, afi si tsi bɔ ɖo.
৭সেই ঠাইৰ পৰা তেওঁলোকে গুদগোদালৈ যাত্ৰা কৰিছিল আৰু তাৰ পৰা যটবাথালৈ গৈছিল। যটবাথাত বহুতো জুৰি আছিল।
8 Afi mae Yehowa ɖe Levi ƒe viwo ɖe aga le be woakɔ nubablaɖaka si me Yehowa ƒe Se Ewoawo le, eye woanɔ tsitre ɖe Yehowa ŋkume awɔ Yehowa ƒe dɔ, ade bubu eƒe ŋkɔ ŋu abe ale si wowɔna egbe ene.
৮সেই সময়ত, যিহোৱাই তেওঁৰ নিয়ম চন্দুক বৈ নিবৰ কাৰণে, পুৰোহিতৰ কার্য কৰিবৰ উদ্দেশ্যে তেওঁৰ সন্মুখত থিয় হবলৈ আৰু তেওঁৰ নামত লোকসকলক আশীৰ্ব্বাদ কৰিবলৈ লেবীয়া ফৈদক মনোনীত কৰিলে। এই সকলো কাম তেওঁলোকে এতিয়ালৈকে কৰি আছে।
9 Eya ta womena anyigba Levitɔwo le Ŋugbedodonyigba la dzi abe ale si wona wo nɔvi to bubu me tɔwo ene o, elabena Yehowa, miaƒe Mawu gblɔ na wo be ye ŋutɔe nye woƒe domenyinu.
৯সেই কাৰণে লেবীয়াসকলে তেওঁলোকৰ ইস্রায়েলীয়া ককাই ভাইসকলৰ মাজত সম্পত্তিৰ কোনো ভাগ বা দেশৰ অধিকাৰ পোৱা নাই। আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ কথা অনুসাৰে যিহোৱাই তেওঁলোকৰ আধিপত্য।
10 Abe ale si megblɔ do ŋgɔe ene la, menɔ to la dzi le Yehowa ŋkume zi evelia ŋkeke blaene kple zã blaene, abe ale si mewɔ zi gbãtɔ ene. Yehowa ɖo to nye kokoƒoƒo, eye metsrɔ̃ mi o.
১০পূৰ্বৰ দৰেই সেইবাৰো মই চল্লিশ দিন আৰু চল্লিশ ৰাতি পৰ্বতৰ ওপৰত আছিলোঁ আৰু সেই সময়তো যিহোৱাই মোৰ নিবেদন শুনিছিল। আপোনালোকক ধ্বংস কৰি দিয়াৰ ইচ্ছা যিহোৱাৰ নাছিল।
11 “Ke egblɔ nam be, ‘Tso, nàkplɔ ameawo yi anyigba si ŋugbe medo na wo fofowo la dzi. Ɣeyiɣi la de be woayi aɖaxɔe!’”
১১যিহোৱাই মোক কৈছিল, “তুমি উঠি লোকসকলক পৰিচালনা কৰি আগে আগে যাত্ৰা কৰা; মই তেওঁলোকৰ পূর্বপুৰুষসকলৰ ওচৰত যি দেশ দিবলৈ প্রতিজ্ঞা কৰিছিলোঁ সেই দেশলৈ গৈ তেওঁলোকে যেন তাক অধিকাৰ কৰে।”
12 “Azɔ, Israel, nu ka Yehowa, wò Mawu la di tso asiwò wu be nàvɔ̃ Yehowa, wò Mawu la, nàzɔ le eƒe mɔwo katã dzi, nàlɔ̃e, eye nàsubɔe kple wò dzi blibo kple wò luʋɔ blibo,
১২ইস্ৰায়েলীয়াসকল, আপোনালোকৰ ঈশ্বৰ যিহোৱাই এতিয়া আপোনালোকৰ পৰা কি বিচাৰিছে? তেওঁ কেৱল বিচাৰিছে যেন আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাক ভয় কৰে, তেওঁৰ সকলো পথত চলে, তেওঁক প্ৰেম কৰে, আপোনালোকৰ সকলো মন আৰু প্ৰাণেৰে সৈতে ঈশ্বৰ যিহোৱাৰ আৰাধনা কৰে;
13 eye nàwɔ ɖe Yehowa ƒe sewo kple ɖoɖo siwo katã mena mi egbe la dzi ale be wòanyo na wò?
১৩লগতে আপোনালোকৰ ভালৰ কাৰণে আজি মই আপোনালোকৰ ওচৰত যিহোৱাৰ যি সকলো আজ্ঞা আৰু বিধি আপোনালোকক দিছো, সেই সকলোকে যেন পালন কৰে।
14 Kpɔ ɖa, anyigba kple dziƒo ƒe kɔkɔƒe kekeake nye Yehowa, wò Mawu la tɔ.
১৪শুনক, আকাশ আৰু তাৰ ওপৰৰ সকলোবোৰেই, পৃথিৱী আৰু তাত থকা সকলোবোৰেই আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ।
15 Ke mia fofowo ƒe nu nyo eŋu, eye wòlɔ̃ wo ale gbegbe be wòtia mi, wo viwo, be miaƒo dukɔwo katã ta abe ale si wòle dzedzem egbe ene,
১৫কেৱল আপোনালোকৰ পূর্বপুৰুষসকলৰ প্রতি যিহোৱা সন্তুষ্ট আছিল বাবেই তেওঁ তেওঁলোকক প্ৰেম কৰিছিল। তেওঁ তেওঁলোকৰ পাছত, তেওঁলোকৰ বংশধৰ আপোনালোকক আন সকলো জাতিৰ মাজৰ পৰা বাচি ল’লে। আজিও আপোনালোক তেওঁৰ সেই মনোনীত জাতি।
16 eya ta mikɔ miaƒe nu vɔ̃ dziwo ŋu, eye miadzudzɔ kɔlialiatɔwo ƒe agbenɔnɔ.
১৬সেয়ে, আপোনালোকে আপোনালোকৰ অন্তঃকৰণৰ চুন্নত কৰক; আপোনালোক ঠৰডিঙীয়া নহ’ব।
17 “Yehowa, miaƒe Mawu lae nye mawuwo dzi Mawu gã, ŋusẽtɔ la, Mawu si ŋu ŋɔdzi le, ame si medea ame aɖeke dzi o, eye mexɔa zãnu hã o.
১৭কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱা, ঈশ্বৰৰো ঈশ্বৰ আৰু প্ৰভুৰো প্ৰভু, মহান ঈশ্বৰ; পৰাক্রমী আৰু ভয়ঙ্কৰ ঈশ্বৰ; কাৰো মুখলৈ নাচায় আৰু উৎকোচো নলয়।
18 Ewɔa nu dzɔdzɔe na tsyɔ̃eviwo kple ahosiwo. Elɔ̃a amedzrowo, eye wònaa nuɖuɖu kple nutata wo.
১৮তেওঁ পিতৃহীন আৰু বিধৱাৰ বিচাৰ নিস্পত্তি কৰোঁতা আৰু বিদেশীক এনে দৰে প্ৰেম কৰে যে তেওঁলোকক অন্ন-বস্ত্ৰও দিয়ে।
19 Ele be miawo hã mialɔ̃ amedzrowo, elabena miawo hã mienye amedzrowo le Egiptenyigba dzi kpɔ.
১৯আপোনালোকেও বিদেশীক প্ৰেম কৰিব; কিয়নো মিচৰ দেশত আপোনালোকো বিদেশী আছিল।
20 Ele be miavɔ̃ Yehowa, miaƒe Mawu la, miasubɔe anukwaretɔe, mialé ɖe eŋu, eye miaka atam ɖe eya ɖeɖe ko ƒe ŋkɔ dzi.
২০আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাকেই ভয় কৰিব আৰু তেওঁৰেই আৰাধনা কৰিব; তেওঁতেই লাগি থাকিব আৰু তেওঁৰ নামেৰেই প্রতিজ্ঞা কৰিব।
21 Eyae nye wò kafukafu, eye wòganye wò Mawu, ame si wɔ nukunu gã siwo teƒe miawo ŋutɔ miekpɔ.
২১তেওঁৱেই আপোনালোকৰ প্ৰশংসা, তেওঁৱেই আপোনালোকৰ ঈশ্বৰ। আপোনালোকে নিজ চকুৰে যি সকলো মহৎ আৰু ভয়ঙ্কৰ কাৰ্যবোৰ দেখিছে তাক তেওঁ আপোনালোকৰ কাৰণেই কৰিছে।
22 Mia fofowo dometɔ ame blaadre koe yi Egipte, gake azɔ la, Yehowa, miaƒe Mawu la wɔ mi miedzi sɔ gbɔ abe ɣletiviwo le dziŋgɔli me ene!”
২২আপোনালোকৰ যি পূৰ্ব–পুৰুষসকল মিচৰলৈ গৈছিল তেওঁলোক সংখ্যাত মাত্র সত্তৰ জন আছিল আৰু এতিয়া আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ সংখ্যা আকাশৰ তৰাবোৰৰ দৰে অসংখ্য কৰিলে।