< Samuel 2 12 >
1 Ale Yehowa ɖo Nyagblɔɖila Natan ɖa be wòagblɔ ŋutinya sia na David be, “Ŋutsu eve aɖewo le du aɖe me, ɖeka nye kesinɔtɔ gã aɖe eye evelia nye ame dahe.
১তাৰ পাছত যিহোৱাই দায়ূদৰ ওচৰলৈ নাথনক পঠিয়ালে। তেওঁ দায়ূদৰ ওচৰলৈ আহি ক’লে, “এখন নগৰত দুজন মানুহ আছিল, এজন ধনৱান আৰু আন জন দৰিদ্ৰ।
2 Alẽwo kple nyiwo nɔ kesinɔtɔ la si fũu,
২সেই ধনৱান জনৰ গৰু মেৰ আদিৰ বহুত জাক আছিল;
3 ke alẽvi ɖeka pɛ koe nɔ ame dahe la ya si eye eya kple viawo kpɔa dzidzɔ le alẽvi la ŋu ŋutɔ. Ame dahe la nana alẽvi la ɖua nu le eya ŋutɔ ƒe agba me eye wònoa nu le eƒe kplu nu. Elénɛ ɖe abɔ abe via nyɔnuvie wònye ene.
৩কিন্তু সেই দৰিদ্ৰ জনৰ এজনী সৰু চেঁউৰী মেৰ পোৱালিৰ বাহিৰে আৰু একোৱেই নাছিল যিটোক তেওঁ কিনি লৈ, খুৱাই-বোৱাই পুহি ৰাখিছিল৷ সেই মেৰ পোৱালিটি তেওঁৰ সৈতে তেওঁৰ ল’ৰা-ছোৱালীৰ লগত থাকি ডাঙৰ হৈছিল৷ তাই তেওঁৰ খোৱা বস্তুকে খাই, তেওঁৰ পাত্ৰতে পান কৰি তেওঁৰ বুকুতে শুইছিল আৰু তাই তেওঁৰ এজনী জীয়েকৰ নিচিনা আছিল।
4 “Gbe ɖeka la, amedzro aɖe va dze kesinɔtɔ la. Le esime kesinɔtɔ la nalé alẽ ɖeka tso eya ŋutɔ ƒe alẽ gbogboawo dome awu na amedzroa teƒe la, elé ame dahe la ƒe alẽ ɖeka ma, wui eye wòtsɔe ɖa nue na amedzro la.”
৪এদিন সেই ধনৱান জনৰ ঘৰলৈ এজন আলহী আহিল, কিন্তু নিজৰ ঘৰলৈ অহা সেই আলহীৰ বাবে খাদ্য যোগাৰ কৰিবলৈ তেওঁ নিজৰ গৰু মেৰ আদিৰ জাকৰ পৰা একো আনিবলৈ ইচ্ছা নকৰিলে৷ তাৰ সলনি তেওঁ দৰিদ্ৰজনৰ মেৰ পোৱালিটিকে লৈ নিজৰ ওচৰলৈ অহা আলহীজনৰ বাবে ৰান্ধিলে।
5 David do dɔmedzoe eye wòka atam be, “Meta Yehowa ƒe agbe be ame si wɔ nu sia la dze na ku!
৫তাতে দায়ূদে সেই মানুহজনৰ বিৰুদ্ধে অতিশয় ক্ৰুদ্ধ হৈ নাথনক ক’লে, “যিহোৱাৰ জীৱনৰ শপত, যি জন মানুহে সেই কাম কৰিলে, তেওঁ মৃত্যু পোৱাৰ যোগ্য৷
6 Ele be wòatsɔ alẽ ene aɖo ɖeka si wòfi la teƒe le eƒe nublanuimakpɔmakpɔ ta.”
৬কিয়নো দৰিদ্ৰ জনৰ প্ৰতি তেওঁৰ কোনো দয়াই নাথাকিল, সেই কাৰণে যিহেতু তেওঁ এনে কাম কৰিলে, সেই মেৰ পোৱালিৰ সলনি তেওঁ চাৰিগুণ ওভোটাই দিব লাগিব৷”
7 Tete Natan gblɔ na David be, “Wò tututue nye kesinɔtɔ ma! Yehowa, Israel ƒe Mawu la gblɔ be, ‘Meɖo wò fiae ɖe Israel dzi eye meɖe wò tso Saul ƒe asi me;
৭তেতিয়া নাথনে দায়ূদক ক’লে, “তুমিয়েই সেই মানুহজন! ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে, ‘ময়েই তোমাক ইস্ৰায়েলৰ ওপৰত ৰজা অভিষেক কৰিলোঁ আৰু চৌলৰ হাতৰ পৰা তোমাক উদ্ধাৰ কৰিলোঁ।
8 metsɔ eƒe fiasã, srɔ̃awo, eƒe fiaɖuƒe, Israel kple Yuda siaa na wò. Magate ŋu ana nu geɖewo wò wu ne esiawo mesɔ gbɔ na wò o.
৮মই তোমাক তোমাৰ প্ৰভুৰ গৃহ আৰু প্ৰভুৰ পত্নীসকলক তোমাৰ বাহুত দিলোঁ আৰু ইস্ৰায়েল ও যিহূদাৰ বংশ তোমাক দিলোঁ৷ যদি সেয়ে অলপ হোৱা হ’লে, মই তোমাক আৰু অধিক বস্তু দিলোঁহেঁতেন।
9 Ke nu ka ta nèdo vlo Yehowa ƒe sewo eye nèwɔ nu vɔ̃ɖi sia ɖo? Èwu Uria, Hititɔ eye nèxɔ srɔ̃a!
৯তেনেহলে তুমি কিয় যিহোৱাৰ বাক্য তুচ্ছ কৰি তেওঁৰ সাক্ষাতে কু-আচৰণ কৰিলা? তুমি হিত্তীয়া ঊৰিয়াক তৰোৱালৰ দ্বাৰাই হত্যা কৰিলা আৰু তেওঁৰ পত্নীক আনি নিজৰ পত্নী কৰি ৰাখিলা৷ অম্মোনৰ সৈন্যসকলৰ তৰোৱালৰ দ্বাৰাই ঊৰিয়াক বধ কৰালা।
10 Eya ta tso azɔ dzi la, yi madzo le aƒewò me o, elabena edo vlom eye nèxɔ Uria Hititɔ la srɔ̃ ɖe.’
১০এতেকে তৰোৱালে কেতিয়াও তোমাৰ বংশক এৰা নিদিব; কিয়নো তুমি মোক হেয়জ্ঞান কৰি হিত্তীয়া ঊৰিয়াৰ পত্নীক আনি নিজৰ পত্নী কৰি ৰাখিলা।’
11 “‘Meka atam be le nu si nèwɔ ta la, mana wò ŋutɔ wò aƒemetɔwo natso ɖe ŋuwò. Matsɔ srɔ̃wòwo ana ŋutsu bubuwo eye wòadɔ wo gbɔ le ŋdɔkutsu dzatsɛ be ame sia ame nakpɔ.
১১যিহোৱাই এই কথা কৈছে, ‘চোৱা, মই তোমাৰ নিজ বংশৰ পৰা তোমাৰ বিৰুদ্ধে অমঙ্গল উৎপন্ন কৰিম আৰু তোমাৰ নিজ চকুৰ আগতে তোমাৰ পত্নীসকলক লৈ তোমাৰ চুবুৰীয়াক দিম; তাতে তেওঁলোকে সৌ সূৰ্যৰ সাক্ষাতে তোমাৰ পত্নীসকলৰ লগত শয়ন কৰিব।
12 Èwɔe le bebeme ke nye ya mawɔ nu sia ɖe ŋuwò le gaglãgbe, le Israel blibo la ŋkume.’”
১২কিয়নো তুমি গুপুতে এই কৰ্ম কৰিলা, কিন্তু মই হ’লে সকলো ইস্ৰায়েলৰ আৰু সূৰ্যৰ সাক্ষাতে এই কৰ্ম কৰোৱাম’।”
13 David ʋu eme nublanuitɔe na Natan be, “Mewɔ nu vɔ̃ ɖe Yehowa ŋu.” Natan ɖo eŋu be, “Ɛ̃, gake Yehowa tsɔe ke wò eye màku le nu vɔ̃ sia ta o
১৩তেতিয়া দায়ূদে নাথনক ক’লে, “মই যিহোৱাৰ বিৰুদ্ধে পাপ কৰিলোঁ।” তাতে নাথনে দায়ূদক উত্তৰ দি ক’লে, “কিন্তু যিহোৱায় তোমাৰ পাপ দূৰ কৰিলে৷ তোমাক আৰু বধ কৰা নহ’ব।
14 gake èna mɔnukpɔkpɔ gã aɖe Yehowa ƒe futɔwo be woado vlo Yehowa eye woagblɔ busunyawo ɖe eŋu eya ta viwò la aku.”
১৪কিন্তু তুমি এই কৰ্মৰ দ্বাৰাই, যিহোৱাৰ শত্ৰুবোৰে তেওঁক নিন্দা কৰিবলৈ তেওঁলোকক অতি প্ৰশ্ৰয় দিলা, এই হেতুকে তোমাৰ ঔৰসত জন্মা ল’ৰাটি নিশ্চয়ে মৰিব।
15 Natan trɔ yi aƒe me. Yehowa na Uria srɔ̃ ƒe vidzĩ si wòdzi na David la dze dɔ kutɔkutɔe.
১৫তেতিয়া নাথন নিজৰ ঘৰলৈ গুচি গ’ল। পাছত যিহোৱাই ঊৰিয়াৰ ভাৰ্য্যাই জন্ম দিয়া দায়ূদৰ পুত্ৰটিক আঘাত কৰিলে, তাতে সি অতিশয় নৰিয়াত পৰিল।
16 David ɖe kuku na Mawu be wòana ɖevi la natsi agbe, egbe nuɖuɖu eye wòmlɔ anyigba ƒuƒlu le Yehowa ŋkume to zã blibo la me.
১৬তেতিয়া দায়ূদে ল’ৰাৰ বাবে যিহোৱাৰ আগত কাবৌ-কাকূতি কৰি প্ৰাৰ্থনা কৰিলে৷ লঘোন দিলে আৰু ভিতৰত সোমাই ওৰে ৰাতি মাটিত পৰি থাকিল।
17 Ametsitsi siwo le eƒe aƒe me la kpɔ egbɔ be woana wòafɔ aɖu nu, gake egbe fɔfɔ eye melɔ̃ hã be yeaɖu naneke kpli wo o.
১৭তেতিয়া তেওঁৰ ঘৰৰ বৃদ্ধ লোকসকলে উঠি তেওঁক মাটিৰ পৰা তুলিবলৈ তেওঁৰ কাষত থিয় হ’ল; কিন্তু তেওঁ উঠিবলৈ সন্মত নহ’ল আৰু তেওঁলোকে সৈতে ভোজনো নকৰিলে।
18 Le ŋkeke adrea gbe la, ɖevi la ku. David ŋumewo vɔ̃ be yewoagblɔe nɛ. Wogblɔ be “Esi ɖevia nɔ agbe la, míeƒo nu nɛ, ke meɖo to mí o; azɔ la, aleke míawɔ agblɔ nɛ be ɖevia ku? Ate ŋu awɔ nuvevi eɖokui.”
১৮পাছত সপ্তম দিনা ল’ৰাটিৰ মৃত্যু হ’ল। তাতে ল’ৰাটিৰ মৃত্যু হোৱাৰ কথা দায়ূদৰ আগত ক’বলৈ তেওঁৰ দাসবোৰে ভয় কৰিলে, কিয়নো তেওঁলোকে ক’লে, “চোৱা! ল’ৰাটি জীয়াই থাকোঁতে আমি তেওঁৰ লগত অনেক কথা কোৱাতো, তেওঁ আমাৰ কথাবোৰ শুনা নাপালে৷ এতিয়া ল’ৰাটিৰ মৃত্যু হ’ল বুলি কেনেকৈ তেওঁক ক’ম? আৰু যদি কওঁ, তেন্তে তেওঁ নিজকে নিজে কিবা অপকাৰ কৰিব নেকি?”
19 Ke esi David kpɔ wo wonɔ dalĩ dom na wo nɔewo la, enya nya si dzɔ. Ebia be, “Ɖevia kua?” Woɖo eŋu be, “Ɛ̃, eku.”
১৯কিন্তু দাসবোৰে ইটোৱে সিটোৱে ফুচ-ফুচাই কথা পাতি থকা দেখি, ল’ৰাটিৰ মৃত্যু হ’ল বুলি দায়ূদে বুজি পালে৷ তেওঁ দাসবোৰক সুধিলে, “ল’ৰাটিৰ মৃত্যু হ’ল নেকি?” তাতে তেওঁলোকে ক’লে, “হয়, ল’ৰাটি ঢুকাল।”
20 David fɔ le anyigba, le tsi, vu ɖa, ɖɔli awu eye wòyi ɖasubɔ le Yehowa ƒe aƒe me. Le esiawo megbe la, etrɔ va fiasã la me, bia be woaɖa nu na ye eye wòɖu nua nyuie.
২০তেতিয়া দায়ূদে মাটিৰ পৰা উঠি গা ধুলে, গাত তেল ঘঁহিলে আৰু কাপোৰ সলাই যিহোৱাৰ গৃহলৈ গ’ল অাৰু তাতে তেওঁৰ আৰাধনা কৰিলে, তাৰ পাছত তেওঁ নিজৰ গৃহলৈ গ’ল৷ যেতিয়া তেওঁ আজ্ঞা দিলে, তেওঁলোকে তেওঁৰ আগত আহাৰ দিলে আৰু তেওঁ ভোজন কৰিলে।
21 Nu sia wɔ nuku na eŋumewo eye wogblɔ nɛ be, “Míese wò nuwɔna sia gɔme o. Esi ɖevia nɔ agbe la, èfa avi eye nègbe nuɖuɖu, ke azɔ esi ɖevia ku la, èdzudzɔ konyifafa eye nègade asi nuɖuɖu me.”
২১তেতিয়া তেওঁৰ দাসবোৰে তেওঁক ক’লে, “আপুনি এনে ব্যৱহাৰ কিয় কৰিছে? ল’ৰাটি জীয়াই থাকোঁতে আপুনি তাৰ বাবে লঘোন দি ক্ৰন্দন কৰিছিল, কিন্তু এতিয়া ল’ৰাটিৰ মৃত্যু হোৱাত আপুনি উঠি ভোজন কৰিলে?”
22 David ɖo eŋu be, “Metsi nu dɔ eye mefa avi esi ɖevia nɔ agbe elabena megblɔ be, ‘Ɖewohĩ Yehowa ave nunye eye wòana ɖevia natsi agbe.’
২২তাতে তেওঁ ক’লে, “ল’ৰাটি জীয়াই থাকোঁতে মই লঘোন দি ক্ৰন্দন কৰিছিলোঁ, কাৰণ মই ভাবিছিলোঁ, কোনে জানে, যে ল’ৰাটি জীয়াই থাকিবৰ কাৰণে কিজানি যিহোৱাই মোলৈ কৃপা কৰিব!
23 Ke nu ka ta magatsi nu adɔ esi wòku? Ɖe mate ŋu ana wòagbɔ agbea? Egbɔe mayi, ke eya magate ŋu atrɔ va gbɔnye o.”
২৩কিন্তু সি এতিয়া মৰিল, এই হেতুকে মই কি কাৰণে লঘোন দিম? মই জানো তাক ওভোটাই আনিব পাৰিম? মই তাৰ ওচৰলৈ যাম, কিন্তু সি মোৰ ওচৰলৈ আৰু উভটি নাহিব।”
24 David fa akɔ na Batseba eye esi wògadɔ egbɔ la, edzi ŋutsuvi eye wòna ŋkɔe be Solomo. Yehowa lɔ̃ ɖevia
২৪পাছে দায়ূদে নিজ পত্নী বৎচেবাক সান্ত্বনা দিলে আৰু তাইৰ ওচৰলৈ গৈ শয়ন কৰিলে৷ তাতে তাই এটি পুত্ৰ প্ৰসৱ কৰিলে আৰু সন্তানটিৰ নাম চলোমন ৰাখিলে। যিহোৱাই তাক প্ৰেম কৰিলে,
25 eye wòɖo du kple yayra ɖee to Nyagblɔɖila Natan dzi, be woana ŋkɔ ɖevia be “Yedidia” si gɔmee nye, “Yehowa ƒe lɔlɔ̃tɔ” le lɔlɔ̃ tɔxɛ si Yehowa tsɔ nɛ la ta.
২৫গতিকে তেওঁ নাথন ভাববাদীক পঠিয়াই যিহোৱাৰ কাৰণে তাৰ নাম যিদীদীয়া ৰখালে।
26 Azɔ la, Yoab wɔ aʋa kple Amonitɔwo ƒe Raba eye wòxɔ fiadu la.
২৬তেতিয়া যোৱাবে অম্মোনৰ সন্তান সকলৰ ৰব্বা নগৰৰ বিৰুদ্ধে যুদ্ধ কৰি ইয়াৰ দুর্গ অধিকাৰ কৰি ল’লে।
27 Yoab ɖo amewo ɖa be woagblɔ na David be, “Mewɔ aʋa kple Raba eye mexɔ eƒe tsiduƒe la.
২৭তেতিয়া যোৱাবে দায়ূদৰ ওচৰলৈ দূত পঠিয়াই কোৱালে বোলে, “মই ৰব্বাৰ বিৰুদ্ধে যুদ্ধ কৰি পানী যোগান ধৰা ঠাইখন আটক কৰিলোঁ;
28 Azɔ la, kplɔ aʋawɔla mamlɛawo, nàɖe to ɖe dua eye nàxɔe. Ne menye nenema o la, maxɔ dua eye matsɔ nye ŋkɔ nɛ.”
২৮এতিয়া আপুনি অৱশিষ্ট সৈন্যসকলক গোটাই লৈ নগৰৰ বিৰুদ্ধে ছাউনি পাতি তাক লওঁকহি, নহ’লে মই হাত কৰি ল’লে, নগৰখন মোৰ নামেৰে প্ৰখ্যাত হ’ব।”
29 Ale David kplɔ aʋakɔ blibo la yi Raba, wɔ aʋa eye wòxɔ du la.
২৯তাতে দায়ূদে আটাই সৈন্যক গোটাই ৰব্বালৈ গৈ তাৰ বিৰুদ্ধে যুদ্ধ কৰি তাক ল’লে।
30 Eɖe fiakuku le ta na Fia la. Fiakuku la ƒe kpekpemee nye sika talento ɖeka eye wotɔ kpe xɔasiwo ɖe eŋu. Wotsɔe ɖɔ na David. Elɔ afunyinu geɖewo tso du la me.
৩০আৰু তেওঁ তেওঁলোকৰ ৰজাৰ মূৰৰ পৰা ৰাজমুকুটটি ল’লে; তাৰ সোণৰ পৰিমান এক কিক্কৰ আছিল আৰু তাত অনেক বহুমূল্য মণি আছিল৷ ৰাজমুকুটটি দায়ূদৰ মুৰত দিয়া হ’ল। তেওঁ সেই নগৰৰ পৰা অধিক লুটদ্ৰব্য উলিয়াই আনিলে।
31 Ekplɔ dua me nɔlawo dzoe eye wode dɔ sesẽwo wɔwɔ asi na wo be woawɔ kple laxalaxawo, fiwo kple fiawo. Ena wowɔ dɔ le kpemeƒe la hã. Ewɔ Amonitɔwo ƒe duwo katã me tɔwo alea. David kple aʋakɔ la gbugbɔ va Yerusalem.
৩১দায়ূদে সেই নগৰৰ ভিতৰত থকা লোকসকলক বাহিৰলৈ আনি তেওঁলোকক কৰত, লোহাৰ মৈ ও কুঠাৰেৰে কাম কৰিবলৈ বাধ্য কৰালে; আৰু তেওঁ তেওঁলোকক ইটা পোৰা ভাতীৰ কামতো লগুৱালে৷ তেওঁ অম্মোনৰ আটাই নগৰত থকা লোকসকলক এইদৰে কামত লগালে। তাৰ পাছত দায়ুদ আৰু তেওঁৰ সকলো সৈন্য যিৰূচালেমলৈ উভটি আহিল।