< Fiawo 1 14 >

1 Le ɣe ma ɣi me la, Yeroboam ƒe vi, Abiya dze dɔ
সেই সময়ত যাৰবিয়ামৰ পুত্ৰ অবিয়া বেমাৰত পৰিছিল।
2 eye Yeroboam gblɔ na srɔ̃a be, “Yi, nàtrɔ ɖokuiwò ale be womanya be wòe nye Yeroboam srɔ̃ o, emegbe nàyi Silo. Nyagblɔɖila Ahiya le afi ma, ame si gblɔ nam be manye fia ɖe ame siawo dzi.
তেতিয়া যাৰবিয়ামে নিজৰ পত্নীক ক’লে, “হেৰা উঠা, তোমাক যেন আন লোকে মোৰ পত্নী বুলি চিনি নাপাই, তাৰ বাবে তুমি ছদ্মবেশ ধৰা, আৰু চীলোলৈ যোৱা; কিয়নো যি অহীয়া ভাববাদীয়ে, এই জাতিৰ ওপৰত মই ৰজা হোৱাৰ কথা কৈছিল, তেওঁ সেই ঠাইত আছে।
3 Tsɔ abolo meme ewo kple akpɔnɔ vivi kple anyitsi goe ɖeka ɖe asi eye nàyi egbɔ. Agblɔ nu si adzɔ ɖe ɖevi la dzi na wò.”
তুমি তোমাৰ হাতত দহোটা পিঠা, কিছু মুৰমুৰিয়া পিঠা আৰু এটেকেলি মৌ লৈ অহীয়াৰ ওচৰলৈ যোৱা; ল’ৰাটিৰ কি ঘঠিব, তেওঁ সেই বিষয়ে তোমাক ক’ব।”
4 Ale srɔ̃a yi Ahiya ƒe aƒe me le Silo. Ahiya zu ametsitsi aɖe azɔ eye megatea ŋu kpɔa nu o.
তেতিয়া যাৰবিয়ামৰ পত্নীয়ে সেইদৰে কৰিলে আৰু তেওঁ উঠি চীলোত থকা অহীয়াৰ ঘৰলৈ গ’ল। সেই সময়ত অহীয়াই চকুৰে নেদেখা হৈছিল, কাৰণ তেওঁৰ অতি বয়স হোৱাত তেওঁৰ চকু দৃষ্টিহীন হৈছিল।
5 Ke Yehowa ɖee fia Ahiya bena, fianyɔnu la gbɔna eɖokui trɔ ge abe ame bubu ene eye wòava egbɔ ava bia nyae tso via ŋu elabena via dze dɔ sesĩe. Yehowa gblɔ nu si wòagblɔ na nyɔnu la nɛ.
তেতিয়া যিহোৱাই অহীয়াক ক’লে, “চোৱা, যাৰবিয়ামৰ পত্নীয়ে নিজৰ ল’ৰাটিৰ বিষয়ে সুধিবলৈ তোমাৰ ওচৰলৈ আহিব, কিয়নো ল’ৰাটি বেমাৰত পৰিছে; তুমি তাইক অমোক তমোকৰ কথা কবা; কাৰণ তাই যেতিয়া আহিব, তেতিয়া আন মহিলাৰ বেশ ধৰিব।”
6 Ale esi Ahiya se nyɔnu la ŋkɔ le eƒe ʋɔtru nu ko la, edo ɣli be, “Yeroboam srɔ̃, ge ɖe eme. Nu ka ta nèle agbagba dzem be yeadze ame bubui?” Egblɔ na nyɔnu la be, “Nya vɔ̃ aɖe le asinye na wò,
পাছত তাই দুৱাৰেদি সোমাই অহা লগে লগে, অহীয়াই তাইৰ ভৰিৰ শব্দ শুনা পালে। তেতিয়া তেওঁ ক’লে, “হে যাৰবিয়ামৰ পত্নী, ভিতৰলৈ আহাঁ৷ তুমি কিয় আন মহিলাৰ বেশ ধৰিছা? তোমাক অশুভ কথা ক’বলৈ মই আজ্ঞা পালোঁ।
7 gblɔ nya siawo tso Yehowa, Israel ƒe Mawu la gbɔ na srɔ̃wò be, ‘Metia wò tso ame maɖinuwo dome eye meɖo wò fiae ɖe Israel dzi.
তুমি গৈ যাৰবিয়ামক কোৱাগৈ, ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে, ‘মই প্ৰজাসকলৰ মাজৰ পৰা তোমাক ওখ পদত নিযুক্ত কৰিলোঁ আৰু মোৰ প্ৰজা ইস্ৰায়েলৰ ওপৰত তোমাক অধিপতি পাতিলোঁ৷
8 Mexɔ fiaɖuƒe la le David ƒe ƒometɔwo si hetsɔ na wò gake mèwɔ nye seawo dzi abe nye dɔla, David ene o. David ƒe didi vevi wònye be yeawɔ nye seawo dzi ɣe sia ɣi eye yeawɔ nu sia nu si medi be wòawɔ.
মই দায়ুদৰ বংশৰ পৰা ৰাজ্য কাঢ়ি লৈ তোমাক দিলোঁ; তথাপি মোৰ দাস দায়ূদে মোৰ আজ্ঞা পালন কৰিছিল, আৰু মোৰ দৃষ্টিত যি ন্যায়, অকল তাকেই কৰিবলৈ নিজৰ সকলো মনৰ সৈতে মোৰ পাছত চলিছিল, তুমি তেওঁৰ দৰে হবলৈ নোৱাৰিলা৷
9 Ke èwɔ nu vɔ̃ wu fia siwo katã do ŋgɔ na wò. Èwɔ mawu bubuwo na ɖokuiwò, èdo dɔmedzoe nam kple wò sikanyiviawo eye nètrɔ megbe dem.
কিন্তু তোমাৰ পূৰ্বৰ সকলো লোকতকৈয়ো তুমি অধিক কুকৰ্ম কৰিলা। বিশেষকৈ মোক খঙত উত্তেজিত হ’বলৈ, তুমি গৈ ইতৰ দেৱতাবোৰ আৰু সাঁচত ঢলা প্ৰতিমাবোৰ নিৰ্মাণ কৰিলা আৰু মোক হ’লে পিঠিৰ পাছলৈ পেলাই দিলা।
10 “‘Le esia ta la, mahe dzɔgbevɔ̃e ava Yeroboam ƒe aƒe dzi eye matsrɔ̃ ŋutsuwo katã kple eƒe alimeviwo le Israel. Matɔ dzo Yeroboam ƒe aƒe abe ale si wotɔa dzo lãwo ƒe afɔdzi tso lãkpowo me ene.
১০এই হেতুকে চোৱা, মই তোমাৰ বংশলৈ অমঙ্গল ঘটাম আৰু তোমাৰ সম্বন্ধীয়া প্ৰত্যেকজন পুৰুষক ইস্ৰায়েলৰ মাজৰ বন্দী আৰু মুক্ত অৱস্থাত থকা লোকসকলক সম্পূৰ্ণৰূপে উচ্ছন্ন কৰিম, যিদৰে মানুহে গোবৰৰ সাৰ শেষ নোহোৱালৈকে জ্ৱলাই থাকে৷
11 Meka atam be avuwo aɖu wò ƒometɔ siwo aku le dua me eye xewo aɖu esiwo aku ɖe gbedzi.’”
১১তোমাৰ পৰিয়ালৰ যি লোকৰ এই নগৰত মৃত্যু হ’ব, তাক কুকুৰবোৰে খাব; আৰু যি জন লোক নগৰৰ বাহিৰত মৰিব, তাক আকাশৰ চৰাইবোৰে খাব, কিয়নো মই যিহোৱাই এই কথা কৈছো।
12 Ahiya gagblɔ na Yeroboam srɔ̃ be, “Yi aƒe. Ne èɖo dua me teti ko la, ɖevi la aku.
১২এই হেতুকে, হে যাৰবিয়ামৰ পত্নী, তুমি উঠি ঘৰলৈ যোৱা। তুমি গৈ যেতিয়াই নগৰত ভৰি দিবা, তেতিয়াই অবিয়াৰ মৃত্যু হ’ব।
13 Israel blibo la afae eye woaɖii, gake eya koe nye miaƒe ƒometɔ si aku le ŋutifafa me,
১৩তেতিয়া তাৰ কাৰণে সমুদায় ইস্ৰায়েলে বিলাপ কৰি তাক মৈদাম দিব৷ কিয়নো যাৰবিয়ামৰ সমন্ধীয়া কেৱল এওঁহে মৈদাম পাব, কিয়নো যাৰবিয়ামৰ বংশৰ মাজৰ পৰা এওঁতহে কিছু সদ্‌স্বভাৱ ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ পক্ষত পোৱা গ’ল।
14 Yehowa ŋutɔ aɖo fia aɖe na eɖokui ɖe Israel dzi. Fia sia aɖe Yeroboam ƒe ƒome blibo la ɖa. Egbee nye ŋkeke la! Nu ka? Ɛ̃, fifi laa gɔ̃ hã.
১৪তদুপৰি যিদিনা যিহোৱাই নিজে ইস্ৰায়েলৰ ওপৰত এজন ৰজা উৎপন্ন কৰিব; সেই দিনাই তেওঁ যাৰবিয়ামৰ বংশক উচ্ছন্ন কৰিব; আৰু আজিয়েই সেই দিন আৰু এতিয়াই উচ্ছন্ন কৰা সময়।
15 Ekema Yehowa aʋuʋu Israel abe ale si tɔsisi nyamaa aƒla si ge ɖe eme la ene, aho Israel le wo fofowo ƒe anyigba nyui sia dzi eye wòakaka wo ɖe Frat tɔsisi la godo, esi wodo dɔmedzoe na Yehowa to aƒeliwo subɔsubɔ me la ta.
১৫কিয়নো যিহোৱাই ইস্ৰায়েলক পানীৰ সোঁতত লৰি থকা নলৰ দৰে আঘাত কৰিব আৰু তেওঁ ইস্ৰায়েলক, তেওঁলোকৰ পূর্বপুৰুষসকলক দিয়া উত্তম দেশৰ পৰা উঘালি, নদীৰ সিপাৰে সিঁচৰিত কৰিব কাৰণ তেওঁলোকে নিজ নিজ আচেৰা মুৰ্ত্তি নিৰ্মাণ কৰি যিহোৱাৰ খং উঠাবলৈ উত্তেজিত কৰিলে৷
16 Yehowa agblẽe ɖi le nu vɔ̃ si Yeroboam wɔ eye wòkplɔ Israel blibo la hã de nu vɔ̃ me la ta.”
১৬যাৰবিয়ামে যি যি পাপ কৰিলে আৰু তেওঁৰ দ্ৱাৰাই ইস্ৰায়েলৰ সন্তান সকলে যি পাপ কৰিলে, সেইবোৰ পাপৰ কৰণে তেওঁ ইস্ৰায়েলক ত্যাগ কৰিব।”
17 Yeroboam srɔ̃ trɔ yi Tirza. Esi wòɖo eƒe aƒe me ƒe agbo nu ko la, ɖevi la ku.
১৭পাছত যাৰবিয়ামৰ পত্নী উঠি গৈ তিৰ্চালৈ আহিল৷ তাই দুৱাৰ-ডলিত ভৰি দিয়া মাত্ৰকে ল’ৰাটি মৰিল।
18 Wofa ɖevi kuku la le anyigba blibo la dzi abe ale si Yehowa gblɔe da ɖi to eƒe nyagblɔɖila Ahiya dzi la ene.
১৮তেতিয়া যিহোৱাই নিজৰ দাস অহীয়া ভাববাদীৰ মুখেৰে কোৱাৰ দৰে সমুদায় ইস্ৰায়েলে তাক মৈদাম দিলে আৰু তাৰ কাৰণে বিলাপ কৰিলে।
19 Woŋlɔ Yeroboam ƒe nuwɔna bubuawo, eƒe aʋawɔwɔwo kple nya bubu siwo dzɔ le eƒe fiaɖuɖu me la ɖe Israel fiawo ƒe ŋutinyagbalẽ me.
১৯যাৰবিয়ামৰ অৱশিষ্ট বৃত্তান্ত, অৰ্থাৎ তেওঁ কেনেকৈ যুদ্ধ কৰিছিল আৰু কি প্ৰকাৰে ৰাজ্য শাসন কৰিছিল, চোৱা, তেওঁৰ বিৱৰণ ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস-পুস্তক খনত লিখা আছে।
20 Yeroboam ɖu fia ƒe blaeve. Esi wòku la, via Nadab ɖu fia ɖe eteƒe.
২০যাৰবিয়ামে বাইশ বছৰ ৰাজত্ব কৰি, তেওঁৰ পূর্বপুৰুষসকলৰ লগত নিদ্ৰিত হ’ল৷ তাৰ পাছত তেওঁৰ পুত্ৰ নাদব তেওঁৰ পদত ৰজা হ’ল।
21 Le ɣeyiɣi sia me la, Rehoboam, Solomo ƒe vi nye fia le Yuda. Exɔ ƒe blaene-vɔ-ɖekɛ esi woɖoe fiae. Eɖu fia ƒe wuiadre le Yerusalem, du si Yehowa tia le Israel duwo katã dome be yeanɔ eme la me. Rehoboam dadae nye Naama, Amoni nyɔnu aɖe.
২১সেই সময়ত চলোমনৰ পুত্ৰ ৰহবিয়াম যিহূদা দেশৰ ওপৰত ৰাজত্ৱ কৰিছিল৷ ৰহবিয়ামে একচল্লিশ বছৰ বয়সত ৰজা হৈছিল আৰু তেওঁ যিহোৱাই নিজ নাম স্থাপন কৰিবৰ অৰ্থে ইস্ৰায়েলৰ সকলো ফৈদৰ মাজৰ পৰা মনোনীত কৰা নগৰ যিৰূচালেমত সোঁতৰ বছৰ ৰাজত্ব কৰিলে; তেওঁৰ মাতৃৰ নাম অম্মোনীয়া নয়মা।
22 Le Rehoboam ƒe fiaɖuɣi la, Yudatɔwo wɔ nu vɔ̃ abe Israelviwo ke ene eye wotsɔ woƒe nu vɔ̃ wɔwɔ do dɔmedzoe na Yehowa elabena woawo ƒe nu vɔ̃wo wu wo fofowo tɔ gɔ̃ hã.
২২যিহূদাই যিহোৱাৰ সাক্ষাতে কু-আচৰণ কৰিলে৷ তেওঁলোকে তেওঁলোকৰ পূৰ্বপুৰুষসকলে কৰা কাৰ্যতকৈয়ো তেওঁলোকৰ দ্বাৰাই তেওঁৰ অন্তৰ্জ্বালা অধিককৈ জন্মালে।
23 Wotu nuxeƒewo, li aƒeliwo kple legbawo ɖe to kɔkɔ ɖe sia ɖe dzi kple ati dama ɖe sia ɖe te.
২৩কিয়নো তেওঁলোকে প্ৰত্যেক ওখ পৰ্বতত আৰু প্ৰত্যেক কেঁচাপতীয়া গছৰ তলত নিজৰ কাৰণে পবিত্ৰ ঠাইবোৰ, স্তম্ভ, আৰু আচেৰা মূৰ্ত্তিবোৰ যুগুত কৰিলে৷
24 Ŋutsu nuxeƒegbolowo hã xɔ anyigba blibo la dzi. Ame siwo nɔ Yuda la wɔ busunuwo abe trɔ̃subɔdukɔ siwo Yehowa nya le anyigba la dzi be yeƒe amewo nakpɔ teƒe anɔ la ene.
২৪সেই দেশত ৰতিক্রিয়া কৰা পুৰুষসকলো আছিল। যিহোৱাই ইস্ৰায়েলৰ সন্তান সকলৰ সন্মুখৰ পৰা যি জাতি দূৰ কৰিছিল, সেই জাতিৰ ঘিণলগীয়া কাৰ্যবোৰৰ দৰে তেওঁলোকে কাৰ্য কৰিব ধৰিলে।
25 Le Fia Rehoboam ƒe fiaɖuɖu ƒe ƒe atɔ̃lia me la, Egipte fia Sisak ho aʋa ɖe Yerusalem ŋu eye wòɖu edzi.
২৫পাছত ৰহবিয়ামৰ ৰাজত্বৰ পঞ্চম বছৰত মিচৰৰ ৰজা চীচকে যিৰূচালেমৰ বিৰুদ্ধে উঠি আহিল৷
26 Elɔ nu sia nu le gbedoxɔ la kple fiasã la me dzoe. Etsɔ sikakpoxɔnu siwo Solomo wɔ la katã hã dzoe.
২৬তেওঁ যিহোৱাৰ গৃহত আৰু ৰাজগৃহত সাঁচি থোৱা বস্তুবোৰ লৈ গ’ল; তেওঁ সকলো বস্তুৱে লৈ গ’ল আৰু চলোমনে সজা সোণৰ ঢালবোৰো তেওঁ লৈ গ’ল।
27 Ke Fia Rehoboam wɔ akɔblikpoxɔnuwo ɖe wo teƒe eye wòtsɔ wo de asi na eŋudzɔlawo ƒe amegã.
২৭তেতিয়া ৰজা ৰহবিয়ামে সেইবোৰৰ সলনি পিতলৰ ঢাল কৰাই ৰাজগৃহৰ দুৱাৰ-ৰখীয়া প্ৰহৰীবোৰৰ অধ্যক্ষসকলৰ হাতত শোধাই দিলে।
28 Ɣe sia ɣi si Fia la yi gbedoxɔ la me la, eŋudzɔlawo tsɔa wo bɔa asaɖa le eŋgɔ eye emegbe la, wogbugbɔa wo dana ɖe dzɔlawo ƒe xɔ me.
২৮তাতে যেতিয়াই ৰজাই যিহোৱাৰ গৃহত সোমাই প্ৰহৰীবোৰে সেই ঢালবোৰ কঢ়িয়াই লৈ যায়; পাছত আকৌ পুনৰায় প্ৰহৰীৰ কোঁঠালিলৈ ঘূৰাই লৈ আহে।
29 Woŋlɔ nyadzɔdzɔ bubuwo tso Rehoboam ƒe fiaɖuɖu ŋuti ɖe Yuda fiawo ƒe ŋutinyagbalẽ me.
২৯ৰহবিয়ামৰ অবশিষ্ট বৃত্তান্ত, তেওঁ কৰা সকলো কাৰ্যৰ কথা জানো যিহূদাৰ ৰজাসকলৰ ইতিহাস-পুস্তকখনত লিখা নাই?
30 Aʋa dzɔna ɖe Rehoboam kple Yeroboam dome enuenu.
৩০ৰহবিয়াম আৰু যাৰবিয়াম ৰজাৰ মাজত সদায় যুদ্ধ লাগি আছিল।
31 Esime Rehoboam, ame si dadae nye Naama, Amoni nyɔnu la ku la, woɖii ɖe tɔgbuiawo dome le David ƒe du la me eye via Abiyam ɖu fia ɖe eteƒe.
৩১পাছত ৰহবিয়াম তেওঁৰ পূর্বপুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু নিজ পূর্বপুৰুষসকলৰ লগত দায়ূদৰ নগৰত তেওঁক মৈদাম দিয়া হ’ল; তেওঁৰ মাকৰ নাম অম্মোনীয়া নয়মা; পাছত তেওঁৰ পুত্ৰ অবিয়াম তেওঁৰ পদত ৰজা হ’ল।

< Fiawo 1 14 >