< Psalmaro 98 >
1 Psalmo. Kantu al la Eternulo novan kanton, Ĉar miraklojn Li faris; Helpis Lin Lia dekstra mano kaj Lia sankta brako.
১তোমালোকে যিহোৱাৰ উদ্দেশ্যে নতুন গীত গোৱা; কাৰণ তেওঁ অনেক আচৰিত কার্য কৰিলে; তেওঁৰ সোঁ হাত আৰু তেওঁৰ পবিত্ৰ বাহুৱে আমাক জয়ী কৰিলে।
2 La Eternulo aperigis Sian savon; Antaŭ la okuloj de la popoloj Li malkaŝis Sian justecon.
২যিহোৱাই তেওঁৰ পৰিত্ৰাণৰ কথা জনালে; তেওঁ জাতি সমূহৰ দৃষ্টি গোচৰত নিজৰ ধাৰ্মিকতা মুকলিকৈ প্ৰকাশ কৰিলে।
3 Li memoras Sian bonecon kaj Sian fidelecon al la domo de Izrael. Vidis ĉiuj finoj de la tero la helpon de nia Dio.
৩ইস্ৰায়েল বংশৰ কাৰণে তেওঁৰ অটল প্রেম আৰু বিশ্বস্ততাৰ কথা তেওঁ সোঁৱৰণ কৰিলে; পৃথিৱীৰ সকলো প্রান্তই আমাৰ ঈশ্বৰৰ জয় দেখা পাব।
4 Ĝoje kriu al la Eternulo la tuta tero; Kantu, gloru, kaj muziku.
৪হে সমুদায় পৃথিৱী, যিহোৱাৰ উদ্দেশ্যে আনন্দ-ধ্বনি কৰা; উচ্চ ধ্বনিৰে আনন্দ গান কৰা, প্ৰশংসাৰ গীত গোৱা।
5 Muziku al la Eternulo per harpo, Per harpo kaj per sonoj de psalmo.
৫বীণা বজাই যিহোৱাৰ প্ৰশংসাৰ গীত গোৱা, বীণা বজাই সুন্দৰ সুৰেৰে যিহোৱাৰ প্ৰশংসাৰ গীত গোৱা।
6 Per trumpetoj kaj per sono de korno Ĝoje kriu antaŭ la Reĝo, la Eternulo.
৬তূৰী বজাই শিঙা বাদ্যৰে সৈতে ৰজা যিহোৱাৰ আগত আনন্দ ধ্বনি কৰা।
7 Bruu la maro, kaj ĉio, kio ĝin plenigas, La mondo kaj ĝiaj loĝantoj.
৭সমুদ্ৰ আৰু তাৰ সকলোৱেই গৰ্জ্জন কৰক; জগত আৰু তাত বাস কৰা সকলোৱে গৰ্জ্জন কৰক।
8 La riveroj plaŭdu per la manoj, La montoj kune kantu ĝoje,
৮নদীবোৰে হাত-তালি দিয়ক; পর্বতবোৰে একেলগে আনন্দ গান কৰক,
9 Antaŭ la Eternulo, ĉar Li venas, por juĝi la teron; Li juĝos la mondon kun justeco kaj la popolojn kun vereco.
৯যিহোৱাৰ সন্মুখতে তেনে কৰক; কিয়নো তেওঁ আহি আছে; পৃথিৱীৰ বিচাৰ কৰিবলৈ তেওঁ আহি আছে। তেওঁ ধাৰ্মিকতাৰে জগতৰ বিচাৰ কৰিব; নিজ ন্যায়েৰে জাতি সমূহৰ বিচাৰ কৰিব।