< Psalmaro 77 >
1 Al la ĥorestro. Por Jedutun. Psalmo de Asaf. Mia voĉo iras al Dio, kaj mi krias; Mia voĉo iras al Dio, ke Li aŭskultu min.
১মই উচ্চ স্বৰেৰে ঈশ্বৰৰ আগত কাতৰোক্তি কৰিম; মই ঈশ্বৰৰ ওচৰত উচ্চ স্বৰেৰে কাতৰোক্তি কৰিম মোৰ ঈশ্বৰে মোৰ কথা শুনিব।
2 En la tago de mia suferado mi serĉas mian Sinjoron; En la nokto mia mano estas etendita kaj ne malleviĝas; Mia animo ne volas konsoliĝi.
২সঙ্কটৰ সময়ত মই যিহোৱাক বিচাৰিলো; গোটেই ৰাতি মোৰ হাত দুখন ঈশ্বৰৰ ফালে আগবঢ়াই মই প্রার্থনা কৰিলোঁ; মই ক্লান্ত হৈ নপৰো। মোৰ প্রাণে শান্ত্বনা পোৱা নাছিল।
3 Mi rememoras Dion, kaj mi ĝemas; Mi meditas, kaj mia spirito malĝojas. (Sela)
৩মই যেতিয়া ঈশ্বৰক চিন্তা কৰোঁ, তেতিয়া ক্রন্দন কৰোঁ; মই মনতে চিন্তা কৰোঁ আৰু মোৰ প্রাণ নিৰাশ হৈ পৰে। (চেলা)
4 Vi retenas la palpebrojn de miaj okuloj; Mi estas frapita, mi ne povas paroli.
৪তুমিয়েই টোপনি যোৱাৰ পৰা মোৰ চকুৰ পিৰিকতিক মেলি ৰাখিলা; মই অতিশয় যাতনাত আছিলোঁ আৰু সেয়ে কথাও কব পৰা নাছিলো।
5 Mi meditas pri la tagoj antikvaj, Pri la jaroj antaŭlonge pasintaj.
৫মই অতীতৰ কথাবোৰ চিন্তা কৰিছিলোঁ; অনেক অনেক বছৰৰ আগৰ কথা মই চিন্তা কৰিছিলোঁ।
6 Mi rememoras en la nokto mian kanton; Mi parolas kun mia koro, Kaj mia spirito esploras.
৬ৰাতিৰ সময়ত মই গোৱা গীতবোৰৰ বিষয়ে মোৰ মনত পৰে; ৰাতি মই মোৰ হৃদয়ত গভীৰ ভাৱে চিন্তা কৰিছিলোঁ; মই মনতে চিন্তা কৰোঁ আৰু মোৰ প্রাণে যি ঘটিল তাক বুজিবলৈ চেষ্টা কৰে;
7 Ĉu por eterne mia Sinjoro forpuŝis? Kaj ĉu Li ne plu favoros?
৭“যিহোৱাই মোক চিৰকালৰ বাবে ত্যাগ কৰিব নেকি? তেওঁ মোক পুনৰ কেতিয়াও দয়া নকৰিব নেকি?
8 Ĉu por eterne ĉesiĝis Lia boneco? Ĉu Lia promeso ne plenumiĝos por ĉiuj generacioj?
৮তেওঁৰ গভীৰ প্রেম চিৰদিনৰ কাৰণে শেষ হৈ গ’ল নেকি? তেওঁৰ প্ৰতিজ্ঞাবোৰো চিৰদিনৰ বাবে বিফল হৈ গ’ল নেকি?
9 Ĉu Dio forgesis indulgi? Ĉu Li fermis en kolero Sian favorkorecon? (Sela)
৯ঈশ্বৰে কৃপা কৰিবলৈ পাহৰি গ’ল নেকি? তেওঁ খঙতে নিজৰ মমতাকো বন্ধ কৰি দিলে নেকি? (চেলা)
10 Kaj mi diris: Tio estas mia aflikto, Ke aliiĝis la dekstra mano de la Plejaltulo.
১০মই কলোঁ, “মোৰ এইটোৱে দুখ যে সৰ্ব্বোপৰি জনাৰ সোঁ হাত সলনি হৈছে।”
11 Mi rememoros la farojn de la Eternulo; Jes, mi rememoros Viajn antikvajn miraklojn.
১১যিহোৱাই কৰা সকলো কাৰ্যৰ কথা মই সোঁৱৰিম; পূর্ব কালত তুমি কৰা আচৰিত কৰ্মবোৰ মই সোঁৱৰণ কৰিম।
12 Mi meditos pri ĉiuj Viaj faroj, Kaj pri Viaj agoj mi parolos.
১২তোমাৰ সকলো কাৰ্যৰ বিষয়ে মই ধ্যান কৰিম; তোমাৰ মহৎ কার্যবোৰ গভীৰ ভাৱে চিন্তা কৰিম।
13 Ho Dio, en sankteco estas Via vojo; Kiu estas tiel granda dio, kiel nia Dio?
১৩হে ঈশ্বৰ, তোমাৰ পথ পবিত্ৰ; আমাৰ ঈশ্বৰৰ তুল্য জানো কোনো মহান ঈশ্বৰ আছে?
14 Vi estas tiu Dio, kiu faras miraklojn; Vi montris Vian forton inter la popoloj.
১৪তুমিয়েই সেই আচৰিত কৰ্ম কৰোঁতা ঈশ্বৰ; সকলো জাতিৰ মাজত তুমি তোমাৰ পৰাক্ৰমৰ পৰিচয় দিছা।
15 Vi liberigis per Via brako Vian popolon, La filojn de Jakob kaj Jozef. (Sela)
১৫তুমি যাকোব আৰু যোচেফৰ বংশৰ সন্তান সকলক তোমাৰ শক্তিশালী হাতৰ বাহুৰে মুক্ত কৰিলা। (চেলা)
16 Vidis Vin akvoj, ho Dio, Vidis Vin akvoj, kaj ili ektremis, Kaj abismoj skuiĝis.
১৬হে ঈশ্বৰ, সমুদ্রৰ জল সমূহে তোমাক দেখিলে; জল সমূহে তোমাক দেখি ভয় খালে; তাৰ গভীৰতা পর্যন্ত কঁপি উঠিল।
17 Nubegoj verŝis akvon, La ĉielo eligis bruon, Kaj Viaj sagoj ekflugis.
১৭মেঘে জলৰাশিক তললৈ ঢালি দিলে; আকাশত বজ্রই গৰ্জ্জন কৰিলে; তোমাৰ বিদ্যুতৰ কাঁড়বোৰ ইফালে সিফালে চমকিব ধৰিলে।
18 La voĉo de Via tondro estis en la turnovento, Fulmoj lumigis la mondon; Tremis kaj ŝanceliĝis la tero.
১৮বা’মাৰলী বতাহত তোমাৰ বজ্ৰৰ ধ্বনি শুনা গ’ল; তোমাৰ বিজুলিৰ চমকে পৃথিৱী আলোকময় কৰিলে; পৃথিৱী কঁপি উঠিল আৰু জোকাৰ খালে।
19 Sur la maro estis Via vojo, Kaj Via irejo sur grandaj akvoj, Sed Viaj paŝosignoj ne estis videblaj.
১৯সমুদ্ৰৰ মাজত তোমাৰ পথ আছিল; মহাজলৰাশিৰ মাজত তোমাৰ বাট আছিল; কিন্তু তোমাৰ ভৰিৰ চিহ্ন তাত দেখা নগল।
20 Vi kondukis Vian popolon kiel ŝafojn, Per la mano de Moseo kaj Aaron.
২০মোচি আৰু হাৰোণৰ হতুৱাই মেৰ-ছাগৰ জাকৰ দৰে তুমি তোমাৰ লোকসকলক চলাই লৈ গৈছিলা।