< Psalmaro 44 >

1 Al la ĥorestro. Instruo de la Koraĥidoj. Ho Dio, per niaj oreloj ni aŭdis, niaj patroj rakontis al ni, Kion Vi faris en iliaj tagoj, en tempo antikva.
হে ঈশ্বৰ, আমি আমাৰ নিজৰ কাণেৰে শুনিলোঁ; পূৰ্বকালত আমাৰ পূর্বপুৰুষ সকলৰ দিনত তুমি যি যি কাৰ্য কৰিছিলা, সেই সম্বন্ধে আমাক তেওঁলোকে ক’লে।
2 Vi per Via mano forpelis popolojn, kaj ilin Vi enloĝigis; Popolojn Vi pereigis, kaj ilin Vi vastigis.
তুমি তোমাৰ নিজৰ হাতেৰেই আন জাতিবোৰক খেদি দিছিলা; সেই ঠাইত তুমি আমাৰ লোকসকলক স্থাপন কৰিলা। তুমি সেই সকলো লোকক নাশ কৰিলা, কিন্তু আমাৰ লোকসকলক তুমি মুক্ত কৰি বিস্তাৰিত কৰিলা।
3 Ĉar ne per sia glavo ili akiris la teron, Kaj ne ilia brako helpis ilin; Sed nur Via dekstra mano kaj Via brako kaj la lumo de Via vizaĝo, Ĉar Vi ilin favoris.
তেওঁলোকে নিজৰ তৰোৱালৰ দ্বাৰাই সেই দেশ অধিকাৰ কৰা নাছিল, নিজৰ বাহুৰ শক্তিত জয় লাভ কৰা নাছিল; কিন্তু তোমাৰ সোঁ হাত, তোমাৰ বাহু, আৰু তোমাৰ মুখৰ দীপ্তিয়েহে তাক কৰিছিল; কিয়নো আমাৰ লোকসকলৰ ওপৰত তোমাৰ অনুগ্ৰহ আছিল।
4 Vi estas mia Reĝo, ho Dio; Disponu helpon al Jakob.
তুমিয়েই মোৰ ৰজা, তুমিয়েই মোৰ ঈশ্বৰ; যাকোবৰ জয়ৰ বাবে তুমিয়েই আজ্ঞা কৰা।
5 Per Vi ni disbatos niajn malamikojn; Per Via nomo ni piedpremos niajn kontraŭbatalantojn.
আমাৰ শত্রুবোৰক আমি তোমাৰ দ্বাৰায়েই তললৈ ঠেলি পঠাম; আমাৰ বিপক্ষে উঠাসকলক আমি তোমাৰ নামত ভৰিৰ তলত গছকিম।
6 Ĉar ne mian pafarkon mi fidas, Mia glavo min ne helpos.
মই নিজৰ ধনুৰ ওপৰত ভাৰসা নকৰোঁ, মোৰ তৰোৱালে মোক ৰক্ষা কৰিব নোৱাৰে।
7 Sed Vi helpas nin kontraŭ niaj malamikoj, Kaj niajn malamantojn Vi kovras per honto.
কিন্তু তুমিয়েই শত্ৰুবোৰৰ পৰা আমাক ৰক্ষা কৰিলা, আৰু আমাক ঘৃণা কৰা সকলক তুমি লাজত পেলালা।
8 Dion ni gloros ĉiutage, Kaj Vian nomon ni dankos eterne. (Sela)
ঈশ্বৰৰ নামতে আমি সকলো সময়তে গর্ব কৰি আহিছোঁ; চিৰকাল আমি তোমাৰ নামৰ ধন্যবাদ কৰি থাকিম। (চেলা)
9 Tamen Vi nin forlasis kaj hontigis, Kaj Vi ne eliras kun nia militistaro.
কিন্তু তুমি এতিয়া আমাক ত্যাগ কৰিলা, আমাক অপমানিত কৰিলা; আমাৰ সৈন্য সমূহৰ লগত তুমি যাত্রা নকৰা।
10 Vi devigas nin forkuri de nia malamiko, Ke niaj malamantoj nin prirabu;
১০শত্রুৰ সন্মুখৰ পৰা তুমি আমাক পাছ হুঁহুকি আহিবলৈ বাধ্য কৰিলা; আমাক শত্রুবোৰে আমাক লুট কৰিছে।
11 Vi fordonas nin por formanĝo, kiel ŝafojn, Kaj inter la popolojn Vi disĵetis nin;
১১তুমি আমাক কাটিবলৈ নিয়া মেৰ-ছাগৰ দৰে কৰিলা; জাতিবোৰৰ মাজত আমাক সিঁচৰতি কৰিলা।
12 Vi vendis Vian popolon por nenio, Kaj prenis por ili nenian prezon;
১২তুমি তোমাৰ লোক সমূহক, বিনামূল্যেই বেচিলা, তেওঁলোকৰ বিনিময়ত তুমি অধিক ধন নিবিচাৰিলা।
13 Vi faris nin malestimataĵo por niaj najbaroj, Mokataĵo kaj insultataĵo por niaj ĉirkaŭantoj;
১৩ওচৰ-চুবুৰীয়াৰ আগত তুমি আমাক নিন্দাৰ বিষয় কৰিছা; চাৰিওফালৰ লোক সকলৰ ওচৰত আমাক বিদ্ৰূপ আৰু তুচ্ছজ্ঞানৰ পাত্ৰ কৰিছা।
14 Vi faris nin instrua ekzemplo por la popoloj, Ke la nacioj balancas pri ni la kapon.
১৪অন্যান্য জাতিবোৰৰ মাজত তুমি আমাক দৃষ্টান্ত কৰিছা; লোক সকলৰ মাজত আমাক হাঁহিয়াতৰ পাত্র কৰিছা।
15 Ĉiutage mia malhonoro estas antaŭ mi, Kaj honto kovras mian vizaĝon,
১৫ওৰে দিনটো মোৰ অপমান মোৰ আগতে আছে, আৰু মোৰ মুখৰ লাজে মোক ঢাকিছে;
16 Pro la voĉo de mokanto kaj insultanto, Antaŭ la vizaĝo de malamiko kaj venĝanto.
১৬মোক নিন্দা আৰু তুচ্ছ জ্ঞান কৰাসকলৰ কথাৰ কাৰণে, শত্রু আৰু প্রতিহিংসাকাৰী সকলৰ কাৰণে,
17 Ĉio tio trafis nin, sed ni Vin ne forgesis, Kaj ni ne perfidiĝis al Via interligo.
১৭আমালৈ এই সকলো ঘটিল; তথাপি আমি তোমাক পাহৰা নাই, অথবা তোমাৰ ব্যৱস্থাৰ বিষয়ে বিশ্বাস-ঘাতকতা কৰা নাই।
18 Ne retiriĝis nia koro, Kaj niaj paŝoj ne deflankiĝis de Via vojo.
১৮তোমাৰ পৰা আমাৰ মন ঘূৰা নাই; তোমাৰ পথৰ পৰাও আমাৰ ভৰি আঁতৰি যোৱা নাই।
19 Kiam Vi batis nin sur loko de ŝakaloj Kaj kovris nin per ombro de morto,
১৯তথাপিও তুমি আমাক শিয়ালবোৰৰ ঠাইত গুড়ি কৰিলা, মৃত্যুচ্ছায়াৰে আমাক ঢাকি ধৰিলা।
20 Tiam se ni forgesus la nomon de nia Dio Kaj ni etendus niajn manojn al fremda dio:
২০আমাৰ ঈশ্বৰক যদি আমি পাহৰিলোঁ, নাইবা আমাৰ হাত যদি আন কোনো দেৱতাৰ ফালে আগবঢ়াইছো,
21 Ĉu Dio tion ne trovus? Li ja scias la sekretojn de la koro.
২১তেন্তে ঈশ্বৰে জানো তাক নাজানিব? কিয়নো তেওঁ মনৰ গোপনীয় সকলো কথাই জানে।
22 Pro Vi ni ja estas mortigataj ĉiutage; Oni rigardas nin kiel ŝafojn por buĉo.
২২কিন্তু তথাপিও তোমাৰ কাৰণেই আমি গোটেই দিনটো হত হৈছোঁ; আমি বধ কৰিব লগীয়া মেৰ-ছাগৰ নিচিনা গণিত হৈছোঁ।
23 Leviĝu, kial Vi dormas, mia Sinjoro? Vekiĝu, ne forpuŝu por ĉiam.
২৩হে যিহোৱা, সাৰ পোৱা, তুমি কিয় টোপনিয়াই আছা? জাগি উঠা, চিৰকাললৈকে আমাক ত্যাগ নকৰিবা!
24 Kial Vi kaŝas Vian vizaĝon, Forgesas nian mizeron kaj nian suferon?
২৪তুমি কিয় তোমাৰ মুখ ঢাকি ৰাখিছা? আমাৰ ক্লেশ আৰু উপদ্ৰৱ কিয় পাহৰিছা?
25 Nia animo estas ja ĵetita en la polvon; Nia korpo kliniĝis al la tero.
২৫আমাৰ প্ৰাণ ধূলিলৈকে নামি হৈছে, আমাৰ শৰীৰ মাটিত লাগি গৈছে।
26 Leviĝu; helpu kaj savu nin pro Via boneco.
২৬উঠি আহা, আমাক সহায় কৰা; তোমাৰ গভীৰ প্রেম অনুসাৰে তুমি আমাক মুক্ত কৰা।

< Psalmaro 44 >