< Psalmaro 41 >
1 Al la ĥorestro. Psalmo de David. Feliĉa estas tiu, kiu atentas senhavulon: En tago de mizero savos lin la Eternulo.
১ধন্য সেই লোক, যি লোকে দুখী-দৰিদ্ৰলৈ চিন্তা কৰে; যিহোৱাই তেওঁলোকক সঙ্কটৰ কালত উদ্ধাৰ কৰে।
2 La Eternulo lin gardos kaj vivigos; Li estos feliĉa sur la tero, Kaj Vi ne transdonos lin al la volo de liaj malamikoj.
২যিহোৱাই তেওঁলোকক ৰক্ষা কৰি জীয়াই ৰাখে; তেওঁলোক দেশত সুখী হ’ব; তুমি তেওঁলোকক শত্রুবোৰৰ ইচ্ছাত সমৰ্পণ নকৰিবা।
3 La Eternulo fortigos lin sur la lito de malsano; Lian tutan kuŝejon Vi aliigas en la tempo de lia malsano.
৩তেওঁলোক অসুস্থ হৈ শয্যাত পৰি থাকিলে, যিহোৱাই তেওঁলোকক সহায় কৰে; নৰিয়া অৱস্থাত তুমি তেওঁলোকৰ সকলো ৰোগ সুস্থ কৰা।
4 Mi diris: Ho Eternulo, kompatu min; Sanigu mian animon, ĉar mi pekis antaŭ Vi.
৪মই ক’লো, “হে যিহোৱা, মোক কৃপা কৰা, মোক সুস্থ কৰা, কিয়নো মই তোমাৰ বিৰুদ্ধে পাপ কৰিলোঁ।”
5 Miaj malamikoj parolas malbonon pri mi, dirante: Kiam li mortos kaj lia nomo pereos?
৫মোৰ শত্রুবোৰে মোৰ বিৰুদ্ধে হিংসা কৰি কয়, “সি কেতিয়া মৰিব? কেতিয়া তাৰ নাম লুপ্ত হব?”
6 Kaj se iu venas, por vidi min, li parolas malsincere; Lia koro serĉas malbonon; Kaj, elirinte eksteren, li ĝin disparolas.
৬তেওঁলোকৰ কোনোৱে মোক চাবলৈ আহিলে, অনর্থক কথাবোৰ কয়; তেওঁলোকৰ হৃদয় দুষ্টতাৰে ভৰি থাকে আৰু বাহিৰলৈ গৈ তাক কৈ ফুৰে।
7 Mallaŭte parolas inter si pri mi ĉiuj miaj malamikoj; Ili pensas malbonon pri mi, dirante:
৭মোক ঘৃণা কৰা সকলোৱে একেলগে মিলি মোৰ বিৰুদ্ধে ফুচফুচায়; তেওঁলোকে মোৰ অনিষ্ট কৰিবলৈ একত্ৰিত হৈ আলোচনা কৰে।
8 Afero pereiga atakis lin; Kaj ĉar li kuŝiĝis, li jam ne plu leviĝos.
৮তেওঁলোকে ভাৱে যে মোক কিবা ভয়ানক বেয়া বস্তুৱে ধৰিছে; সেয়ে মই য’ত পৰি আছোঁ, তাৰ পৰা পুনৰায় নুঠিম।”
9 Eĉ mia konfidato, kiun mi fidis, kiu manĝis mian panon, Levis kontraŭ min la piedon.
৯মোৰ যি অন্তৰঙ্গ মিত্র, যিজনক মই বিশ্বাস কৰিছিলোঁ আৰু যি জনে মোৰ লগত আহাৰ কৰিছিল, মোৰ সেই বন্ধুৱেও মোৰ বিৰুদ্ধে ভৰি দাঙিলে।
10 Sed Vi, ho Eternulo, korfavoru min kaj restarigu min, Por ke mi povu repagi al ili.
১০কিন্তু হে যিহোৱা, তুমি মোৰ প্রতি কৃপা কৰা; মোক তোলা যাতে মই তেওঁলোকক প্ৰতিফল দিব পাৰোঁ।
11 Per tio mi scios, ke Vi favoras min, Se mia malamiko ne triumfos super mi.
১১ইয়াৰ দ্বাৰা মই জানিম যে তুমি মোৰ ওপৰত সন্তুষ্ট, কিয়নো মোৰ শত্রু মোৰ ওপৰত জয়ী হ’ব নোৱাৰিলে।
12 Kaj min Vi subtenos pro mia senkulpeco, Kaj Vi starigos min antaŭ Via vizaĝo por ĉiam.
১২তুমি মোৰ সততাৰ কাৰণে মোক ধৰি ৰাখিলা; তুমি অনন্ত কালৰ কাৰণে মোক তোমাৰ সন্মুখত উপস্থিত কৰিলা।
13 Glorata estu la Eternulo, Dio de Izrael, De eterne ĝis eterne. Amen, kaj amen!
১৩ধন্য ইস্রায়েলৰ ঈশ্বৰ যিহোৱা, অনাদি কালৰ পৰা অনন্ত কাল পর্যন্ত। আমেন, আৰু আমেন।