< Psalmaro 17 >
1 Preĝo de David. Aŭskultu, ho Eternulo, la justulon, atentu mian krion, Donu orelon al mia preĝo el ne malsincera buŝo.
১হে যিহোৱা, তুমি ন্যায় কথা শুনা; মোৰ কাতৰোক্তিলৈ মনোযোগ দিয়া; ছলনাকাৰী ওঁঠেৰে নকৰা মোৰ প্ৰাৰ্থনালৈ কাণ পাতা।
2 De Vi venos mia juĝo; Viaj okuloj rigardos la veremecon.
২মোৰ ওপৰত তোমাৰ বিচাৰ যেন ন্যায্য হয়; যি সত্য, তাক তোমাৰ দুচকুৱে দেখক।
3 Vi esploras mian koron, ekzamenas ĝin en la nokto; Vi elprovas min, Kaj Vi trovas nenion, kion mi intencus, Sed kio ne volus eliri el mia buŝo.
৩যদি তুমি মোৰ হৃদয় পৰীক্ষা কৰা; ৰাতি মোৰ কাষলৈ আহাঁ; যদি মোক খপি পুৰি পৰীক্ষাও কৰা, তুমি মোত একো দুষ্টতা বিচাৰি নাপাবা; মই সিদ্ধান্ত কৰিলোঁ, মোৰ মুখে অপৰাধ নকৰে।
4 Pri homaj faroj, konforme al la vortoj el Via buŝo, Mi gardis min de vojoj kontraŭleĝaj.
৪মানুহে যিবোৰ কার্য কৰে, সেয়া নকৰি, মই তোমাৰ ওঁঠৰ বাক্যৰ সহায়ত উচ্ছৃঙ্খল পথৰ পৰা মই নিজকে পৃথক কৰি ৰাখিছোঁ।
5 Miaj paŝoj tuj sekvas en Viaj postesignoj, miaj piedoj ne ŝanceliĝas.
৫তোমাৰ পথতে মই মোৰ ভৰি স্থিৰে ৰাখিছো; মোৰ ভৰি পিছল খোৱা নাই।
6 Mi vokas al Vi, ĉar Vi respondos al mi, ho Dio; Klinu al mi Vian orelon kaj aŭdu mian parolon.
৬হে ঈশ্বৰ, মই তোমাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, কিয়নো তুমি মোক উত্তৰ দিবা; মোৰ প্রার্থনালৈ কাণ পাতা, মোৰ কথা শুনা।
7 Montru Vian mirindan favorkorecon, Vi, kiu per Via dekstra mano helpas la fidantojn kontraŭ la atakantoj.
৭তোমাৰ গভীৰ প্রেম, আশ্চর্যভাৱে প্রকাশ কৰা; হে ত্রাণকর্তা, শত্রুৰ হাতৰ পৰা ৰক্ষা পাবৰ কাৰণে যি সকলে তোমাত আশ্ৰয় লয়, তুমি তেওঁলোকক তোমাৰ সোঁ-হাতেৰে ৰক্ষা কৰা।
8 Gardu min kiel la pupilon de la okulo, Per la ombro de Viaj flugiloj kaŝu min
৮চকুৰ মণিৰ দৰেই তুমি মোৰ ৰক্ষক হোৱা; তুমি মোক তোমাৰ ডেউকাৰ ছাঁত লুকুৱাই ৰাখা;
9 De la malbonuloj, kiuj atakas min, De miaj malamikoj, kiuj ĉirkaŭe insidas kontraŭ mia animo.
৯যি সকলে মোৰ ওপৰত উৎপীড়ন কৰে, সেই দুষ্ট লোকসকলৰ পৰা, যিসকলে প্রাণ-নাশৰ কাৰণে মোক ঘেৰি ৰাখিছে, সেই শত্রুবোৰৰ পৰা, তুমি মোক তোমাৰ ডেউকাৰ তলত লুকুৱাই ৰাখা।
10 Sian koron ili fermis, Per sia buŝo ili parolas fiere.
১০তেওঁলোকে তেওঁলোকৰ হৃদয়ত থকা মমতাৰ দুৱাৰ বন্ধ কৰি ৰাখিছে, তেওঁলোকে মুখেৰে অহংকাৰৰ কথা কয়;
11 Kien ni iras, ili nin ĉirkaŭas; Siajn okulojn ili direktas, por ĵeti nin sur la teron.
১১তেওঁলোকে মোক বিচাৰিলে আৰু এতিয়া মোক চাৰিওফালে ঘেৰি ধৰিছে; তেওঁলোকে মোৰ ওপৰত চোকা দৃষ্টি ৰাখিছে, যাতে মোক মাটিত পেলাব পাৰে।
12 Li similas leonon, kiu avidas akiron, Kaj leonidon, kiu sidas en kaŝita loko.
১২তেওঁলোক চিকাৰ ছিৰা-ছিৰ কৰিবলৈ আগ্রহী হোৱা সিংহৰ নিচিনা; গোপনে খাপ পাতি থকা ডেকা সিংহৰ সদৃশ।
13 Leviĝu, ho Eternulo, antaŭvenu kaj renversu lin; Savu mian animon kontraŭ la malbonulo per Via glavo,
১৩হে যিহোৱা, তুমি উঠা, তেওঁলোকক আক্ৰমণ কৰা, তেওঁলোকক দলিয়াই পেলোৱা; তোমাৰ তৰোৱালৰ দ্বাৰাই দুষ্ট লোকৰ পৰা মোৰ জীৱন ৰক্ষা কৰা।
14 Kontraŭ la homoj, ho Eternulo, per Via mano, Kontraŭ la homoj de ĉi tiu mondo, kiuj havas sian parton en la nuna vivo, Kaj kies ventron Vi plenigis per Viaj trezoroj, Ke iliaj filoj estos sataj kaj ili lasos restaĵon por siaj infanoj.
১৪হে যিহোৱা, মর্ত্যৰ লোকসকলৰ পৰা তোমাৰ নিজ হাতেৰে মোক ৰক্ষা কৰা; সেই মর্ত্য লোকসকলৰ পৰা মোক ৰক্ষা কৰা, যিসকলৰ জীৱনৰ অংশ কেৱল এই পৃথিৱীতে আছে। তোমাৰ বহুমূল্য সম্পদেৰে তেওঁলোকৰ উদৰ পূৰ হওঁক, তেওঁলোকৰ সন্তানৰ সংখ্যা অনেক হওঁক, শিশুসকলৰ কাৰণে তেওঁলোকে নিজৰ ধন-সম্পদ ৰাখি যাওঁক।
15 Kaj mi en pieco rigardos Vian vizaĝon; Vekiĝante, mi satiĝos per Via bildo.
১৫কিন্তু মই হ’লে ধাৰ্মিকতাৰ গুণে তোমাৰ মুখ দেখা পাম; মই যেতিয়া সাৰ পাম, তোমাৰ প্রতিমূর্তি দেখি মই পৰিতৃপ্ত হম।