< Psalmaro 108 >
1 Kanto. Psalmo de David. Fortika estas mia koro, ho Dio; Mi kantos kaj gloros kun mia honoro.
১হে ঈশ্বৰ, মোৰ মন সুস্থিৰ; মোৰ মন সুস্থিৰ আছে; মই গীত গাম; মোৰ প্ৰাণেৰে সৈতে প্ৰশংসাৰ গানৰ সুৰ তুলিম।
2 Vekiĝu, psaltero kaj harpo; Mi vekos la matenan ĉielruĝon.
২হে নেবল আৰু বীণা, সাৰ পোৱা; মই প্ৰভাতক জগাম।
3 Mi gloros Vin, ho Eternulo, inter la popoloj; Kaj mi prikantos Vin inter la gentoj.
৩হে যিহোৱা, জাতি সমূহৰ মাজত মই তোমাৰ ধন্যবাদ কৰিম। তেওঁলোকৰ মাজত তোমাৰ প্ৰশংসাৰ গান কৰিম।
4 Ĉar granda ĝis super la ĉielo estas Via boneco, Kaj ĝis la nuboj estas Via vero.
৪কিয়নো তোমাৰ গভীৰ প্রেম আকাশমণ্ডলতকৈয়ো উচ্চ; তোমাৰ বিশ্ৱস্ততা মেঘ পর্যন্ত ব্যাপ্ত।
5 Altiĝu super la ĉielo, ho Dio; Kaj Via gloro estu super la tuta tero.
৫হে ঈশ্বৰ, আকাশমণ্ডলৰ ওপৰলৈকে তুমি উন্নত হোৱা; গোটেই পৃথিৱীৰ ওপৰত তোমাৰ গৌৰৱ হওক।
6 Por ke liberiĝu viaj amatoj, Helpu per Via dekstra mano, kaj aŭskultu min.
৬তুমি যি সকলক ভালপোৱা, তেওঁলোকে যেন উদ্ধাৰ পায়, তোমাৰ সোঁ হাতেৰে আমাক উদ্ধাৰ কৰা, আৰু মোক উত্তৰ দিয়া।
7 Dio diris en Sia sanktejo: Mi triumfos; Mi dividos Ŝeĥemon, kaj la valon Sukot Mi mezuros.
৭ঈশ্বৰে নিজৰ পবিত্ৰতাত প্রতিজ্ঞা কৰিলে, “মই আনন্দেৰে সৈতে চিখিম ভাগ বাঁটি দিম, চুক্কোতৰ উপত্যকাৰ জৰীপ কৰি ভাগ কৰি দিম।
8 Al Mi apartenas Gilead, al Mi apartenas Manase; Efraim estas la forto de Mia kapo, Jehuda estas Mia sceptro.
৮গিলিয়দ মোৰেই, মনচিও মোৰেই; ইফ্ৰয়িম মোৰ শিৰোৰক্ষক; যিহূদা মোৰ বিচাৰদণ্ড;
9 Moab estas Mia lavopelvo; Sur Edomon Mi ĵetos Mian ŝuon; Super Filiŝtujo Mi triumfe krios.
৯মোৱাব মোৰ প্ৰক্ষালন-পাত্ৰ; ইদোমৰ ওপৰলৈ মই মোৰ জোতা নিক্ষেপ কৰিম; পলেষ্টিয়াৰ ওপৰত মই বিজয়ৰ উচ্চ-ধ্বনি কৰিম।”
10 Kiu enkondukos min en fortikigitan urbon? Kiu alkondukos min ĝis Edom?
১০কোনে মোক সেই শক্তিশালী নগৰৰ ভিতৰলৈ লৈ যাব? কোনে ইদোমলৈকে মোক পথ দেখুৱাই লৈ যাব?
11 Ĉu ne Vi, ho Dio, forlasis nin? Vi ne eliras, ho Dio, kun niaj militistaroj.
১১হে ঈশ্বৰ, তুমি আমাক জানো ত্যাগ কৰা নাই? আমাৰ সৈন্যসকলৰ লগত যুদ্ধলৈ তুমিতো পুনৰ নোযোৱা।
12 Donu al ni helpon kontraŭ la malamiko; Vanta estas helpo de homo.
১২শত্ৰুৰ বিৰুদ্ধে তুমি আমাক সহায় কৰ; কিয়নো মানুহৰ সাহার্য বৃথা।
13 Kun Dio ni faros heroaĵojn; Kaj Li dispremos niajn malamikojn.
১৩ঈশ্বৰৰ সহায়ত আমি সাহসেৰে কাৰ্য কৰিম; কিয়নো আমাৰ শত্ৰুবোৰক তেৱেঁই ভৰিৰে গচকিব।