< Levidoj 20 >
1 Kaj la Eternulo ekparolis al Moseo, dirante:
১পাছে যিহোৱাই মোচিক ক’লে,
2 Al la Izraelidoj diru: Ĉiu el la Izraelidoj, kaj el la fremduloj, kiuj loĝas inter la Izraelidoj, kiu donos iun el siaj idoj al Moleĥ, mortu; la popolo de la lando mortigu lin per ŝtonoj.
২“তুমি ইস্ৰায়েলৰ সন্তানসকলক পুনৰ কোৱা, ‘ইস্ৰায়েলৰ সন্তান সকলৰ যিকোনোৱে বা ইস্ৰায়েলৰ মাজত প্ৰবাস কৰা যিকোনো বিদেশীয়ে নিজ সন্তানৰ কোনো এজনক মোলক দেৱতাৰ উদ্দেশ্যে দান কৰিব, তেওঁৰ অৱশ্যে প্ৰাণদণ্ড হ’ব। দেশীয় লোকসকলে তেওঁক শিল দলিয়াই বধ কৰিব।
3 Mi turnos Mian vizaĝon kontraŭ tiun homon, kaj Mi ekstermos lin el inter lia popolo pro tio, ke el siaj idoj li donis al Moleĥ, por malpurigi Mian sanktejon kaj malhonori Mian sanktan nomon.
৩ময়ো সেই লোকলৈ কোন্দোৱাকৈ চাই তেওঁৰ লোকসকলৰ মাজৰ পৰা তেওঁক উচ্ছন্ন কৰিম; কাৰণ মোৰ ধৰ্মধাম অশুচি কৰিবলৈ আৰু মোৰ পবিত্ৰ নাম অপবিত্ৰ কৰিবলৈ, তেওঁ নিজ সন্তানৰ কোনো এজনক মোলক দেৱতাৰ উদ্দেশ্যে দান কৰিলে।
4 Kaj se la popolo de la lando kovros siajn okulojn for de tiu homo, kiam li donos iun el siaj idoj al Moleĥ, kaj ne mortigos lin:
৪আৰু যি সময়ত সেই মানুহে নিজ সন্তানৰ কোনো এজনক মোলক দেৱতাৰ উদ্দেশ্যে দান কৰে, সেই সময়ত যদি দেশীয় লোকসকলে সেই মানুহৰ কাৰ্যলৈ চকু মুদে আৰু তেওঁক বধ নকৰে,
5 tiam Mi turnos Mian vizaĝon kontraŭ tiun homon kaj kontraŭ lian familion, kaj Mi ekstermos lin, kaj ĉiujn, kiuj malĉastos, imitante lin en la malĉastado por Moleĥ, el inter ilia popolo.
৫তেন্তে ময়েই সেই মানুহলৈ আৰু তেওঁৰ গোষ্ঠীলৈ কোন্দোৱাকৈ চাই তেওঁক আৰু মোলক দেৱতাৰে সৈতে ব্যভিচাৰ কৰিবৰ অৰ্থে তেওঁৰ অনুগামী হোৱা আটাই ব্যভিচাৰীক আৰু তেওঁলোকক, লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰিম।
6 Kaj se iu animo sin turnos al magiistoj kaj sorĉistoj, por malĉasti sub ilia gvido, tiam Mi turnos Mian vizaĝon kontraŭ tiun animon kaj ekstermos ĝin el inter ĝia popolo.
৬আৰু যি কোনো মানুহে ভূত পোহা আৰু গুণ-মন্ত্ৰ জনাসকলৰ অনুগামী হৈ ব্যভিচাৰ কৰিবলৈ তেওঁলোকৰ ফাললৈ মুখ কৰিব, মই সেই মানুহলৈ কোন্দোৱাকৈ চাই, তেওঁৰ লোকসকলৰ মাজৰ পৰা তেওঁক উচ্ছন্ন কৰিম।
7 Sanktigu vin kaj estu sanktaj, ĉar Mi estas la Eternulo, via Dio.
৭এই হেতুকে তোমালোকে তোমালোকক পবিত্ৰ কৰি পবিত্ৰ হোৱা; কিয়নো মই তোমালোকৰ ঈশ্বৰ যিহোৱা।
8 Kaj observu Miajn leĝojn kaj plenumu ilin: Mi estas la Eternulo, kiu sanktigas vin.
৮তোমালোকে মোৰ বিধিবোৰ পালন কৰিবা আৰু সেই অনুসাৰে আচৰণ কৰিবা। মই তোমালোকৰ পবিত্ৰকাৰী যিহোৱা।
9 Ĉiu, kiu malbenas sian patron aŭ sian patrinon, estu mortigita: sian patron kaj sian patrinon li malbenis, lia sango estu sur li.
৯কিয়নো যিকোনোৱে নিজ পিতৃ বা মাতৃক শাও দিব, তাৰ অৱশ্যে প্ৰাণদণ্ড হ’ব। পিতৃ-মাতৃক শাও দিয়াৰ বাবে সেই ৰক্তপাতৰ দোষ তেওঁৰ নিজৰ গাতে থাকিব।
10 Kaj se iu adultis kun edzinigita virino, se iu adultis kun la edzino de sia proksimulo, estu mortigitaj la adultinto kaj la adultintino.
১০যি লোকে পৰস্ত্ৰীৰে সৈতে ব্যভিচাৰ কৰিব, যি লোকে ওচৰ-চুবুৰীয়াৰ মহিলাৰে সৈতে ব্যভিচাৰ কৰিব, সেই ব্যভিচাৰী আৰু সেই ব্যভিচাৰিণী দুয়োৰো অৱশ্যে প্ৰাণদণ্ড হ’ব।
11 Kaj se iu kuŝis kun la edzino de sia patro, li malkovris la nudecon de sia patro; ambaŭ ili estu mortigitaj, ilia sango estu sur ili.
১১আৰু যি মানুহে নিজ পিতৃ-ভাৰ্য্যাৰে সৈতে শয়ন কৰিব, তেওঁ নিজ পিতৃৰ উলঙ্গতা প্ৰকাশ কৰে। অৱশ্যে সিহঁত দুয়োৰো প্ৰাণদণ্ড হব। তেওঁলোকৰ ৰক্তপাতৰ দোষ তেওঁলোকৰ গাতে লাগি থাকিব।
12 Kaj se iu kuŝis kun sia bofilino, ili ambaŭ estu mortigitaj: abomenaĵon ili faris, ilia sango estu sur ili.
১২যদি কোনো লোকে নিজ নিজ পো-বোৱাৰীয়েকৰ লগত শয়ন কৰে, তেন্তে অৱশ্যে তেওঁলোক দুয়োৰো প্ৰাণদণ্ড হ’ব। তেওঁলোকে স্বভাৱৰ বিৰুদ্ধে কাৰ্য কৰে। তেওঁলোকৰ ৰক্তপাতৰ দোষ তেওঁলোকৰ গাতে লাগি থাকিব।
13 Kaj se iu kuŝis kun viro kiel kun virino, abomenaĵon ili ambaŭ faris: ili estu mortigitaj, ilia sango estu sur ili.
১৩আৰু কোনো পুৰুষে যদি মহিলাৰ দৰে পুৰুষে সৈতে শয়ন কৰে, তেন্তে তেওঁলোক দুয়ো ঘিণ লগীয়া কৰ্ম কৰে। তেওঁলোকৰ প্ৰাণদণ্ড অৱশ্যে হ’ব। তেওঁলোকৰ ৰক্তপাতৰ দোষ তেওঁলোকৰ গাতে লাগি থাকিব।
14 Kaj se iu prenis virinon kaj ŝian patrinon, tio estas malĉastegeco: per fajro oni forbruligu lin kaj ilin, por ke ne estu malĉasteco inter vi.
১৪কোনো লোকে যদি কোনো মহিলাক আৰু তাইৰ মাকক গ্ৰহণ কৰে, তেন্তে সেয়ে কুকৰ্ম; তোমালোকৰ মাজত যেন এনে কুকৰ্ম নহয়, এই কাৰণে তেওঁক আৰু তেওঁলোকক তিনিওটাকে জুইত পুৰি ভস্ম কৰা হ’ব।
15 Kaj se iu kuŝis kun bruto, li estu mortigita, kaj ankaŭ la bruton mortigu.
১৫যদি কোনো লোকে পশুত পতিত হয়, তেওঁৰ অৱশ্যে প্ৰাণদণ্ড হ’ব। আৰু তোমালোকে সেই পশুকো বধ কৰিবা।
16 Kaj se virino alproksimiĝis al ia bruto, por sekskuniĝi kun ĝi, tiam mortigu la virinon kaj la bruton: ili estu mortigitaj, ilia sango estu sur ili.
১৬যদি কোনো মহিলাই সংসৰ্গ কৰিবলৈ পশুৰ ওচৰলৈ যায়, তেন্তে তুমি সেই মহিলাক আৰু পশুক বধ কৰিবা। তেওঁলোকৰ অৱশ্যে প্ৰাণদণ্ড হ’ব। তেওঁলোকৰ ৰক্তপাতৰ দোষ তেওঁলোকৰ গাতে লাগি থাকিব।
17 Kaj se iu prenis sian fratinon, filinon de sia patro aŭ filinon de sia patrino, kaj li vidis ŝian nudecon kaj ŝi vidis lian nudecon, tio estas maldecaĵo; kaj ili devas esti ekstermitaj antaŭ la okuloj de sia popolo: la nudecon de sia fratino li malkovris, li portu sian pekon.
১৭যদি কোনো লোকে নিজৰ বায়েক কি ভনীয়েক, অৰ্থাৎ বাপেকৰ জীয়েক বা মাকৰ জীয়েকক গ্ৰহণ কৰি উভয়ে উভয়ৰ উলঙ্গতা দেখে, তেন্তে সেয়ে বৰ লাজৰ বিষয়। তেওঁলোক নিজ জাতিৰ সন্তান সকলৰ সাক্ষাতে উচ্ছন্ন হ’ব। তেওঁ নিজ বায়েক কি ভনীয়েকৰ উলঙ্গতা অনাবৃত কৰাত, তেওঁ নিজ অপৰাধৰ ফল ভোগ কৰিব।
18 Kaj se iu kuŝis kun virino dum ŝia malsano kaj malkovris ŝian nudecon, li vidatigis ŝian elfluejon kaj ŝi malkovris la elfluejon de sia sango: ili ambaŭ estu ekstermitaj el inter sia popolo.
১৮যদি কোনোবাই মাহেকীয়া অশৌচ হোৱা মহিলাৰে সৈতে যৌন সম্পৰ্ক স্থাপন কৰে, তাইৰ উলঙ্গতা প্ৰকাশ কৰে, তেন্তে সেই পুৰুষে তাইৰ ভুমুক অনাবৃত কৰাত আৰু সেই মহিলায়ো নিজৰ তেজৰ ভুমুক অনাবৃত কৰাত, তেওঁলোক দুয়ো নিজ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন হ’ব।
19 Kaj la nudecon de la fratino de via patrino kaj de la fratino de via patro ne malkovru; ĉar li nudigis sian korpoparencinon, ili portu sian pekon.
১৯তুমি নিজ মাতৃৰ বা পিতৃৰ বায়েক কি ভনীয়েকৰ সৈতে যৌন সম্পৰ্ক স্থাপন নকৰিবা। কিয়নো ইয়াকে কৰিলে, নিজ ওচৰ-সম্বন্ধীয়াৰ উলঙ্গতা অনাবৃত কৰা হয়; তেওঁলোক দুয়ো নিজ নিজ অপৰাধৰ ফল ভোগ কৰিব।
20 Kaj se iu kuŝis kun sia onklino, li malkovris la nudecon de sia onklo: ili portu sian pekon, ili mortos seninfanaj.
২০আৰু যদি কোনো মানুহে নিজ বৰ-মাক বা খুৰীয়েকেৰে সৈতে শয়ন কৰে, তেন্তে তেওঁ নিজ বৰ-বাপেকৰ বা দদায়েকৰ উলঙ্গতা অনাবৃত কৰা হয়। তেওঁলোক নিজ নিজ পাপৰ ফল ভোগ কৰিব; তেওঁলোক নিঃসন্তান হৈ মৰিব।
21 Kaj se iu prenis la edzinon de sia frato, tio estas malpuraĵo: la nudecon de sia frato li malkovris, seninfanaj ili estos.
২১আৰু যদি কোনোবাই নিজ ককায়েক কি ভায়েকৰ ভাৰ্য্যাক গ্ৰহণ কৰে, তেন্তে সেয়ে অশুচি কৰ্ম। নিজ ককায়েক কি ভায়েকৰ ভাৰ্য্যাৰ উলঙ্গতা অনাবৃত কৰাত, তেওঁলোক নিঃসন্তান হৈ থাকিব।
22 Kaj observu ĉiujn Miajn leĝojn kaj ĉiujn Miajn decidojn kaj plenumu ilin, por ke ne elĵetu vin la lando, en kiun Mi kondukas vin, por tie loĝi.
২২এই হেতুকে তোমালোকে বাস কৰিবৰ বাবে যি দেশলৈ মই তোমালোকক লৈ আহিছোঁ, সেই দেশে যেন তোমালোকক বতিয়াই নেপেলায় এই কাৰণে তোমালোকে মোৰ সকলো বিধি আৰু সকলো শাসন প্ৰণালী পালন কৰিবা আৰু সেই অনুসাৰে আচৰণ কৰিবা।
23 Kaj ne agu laŭ la leĝoj de la popolo, kiun Mi forpelas de antaŭ vi, ĉar ĉion ĉi tion ili faris kaj Mi ekabomenis ilin.
২৩মই তোমালোকৰ সন্মূখৰ পৰা যি জাতিক খেদিম, তেওঁলোকৰ ৰীতি-নীতিৰ দৰে তোমালোকে আচৰণ নকৰিবা, কিয়নো তেওঁলোকে সেই সকলো কাৰ্য কৰাত, মই তেওঁলোকক ঘিণ কৰিলোঁ।
24 Kaj Mi diris al vi: Vi heredos ilian landon, kaj Mi ĝin donos al vi, por ke vi posedu ĝin, la landon, en kiu fluas lakto kaj mielo. Mi estas la Eternulo, via Dio, kiu distingis vin el inter la popoloj.
২৪কিন্তু মই তোমালোকক ক’লোঁ, তোমালোকেই তেওঁলোকৰ দেশ অধিকাৰ কৰিবা; মই তোমালোককেই অধিকাৰৰ অৰ্থে সেই গাখীৰ আৰু মৌ-জোল বৈ থকা দেশ দিম। আন জাতি সমূহৰ পৰা তোমালোকক পৃথক কৰা তোমালোকৰ ঈশ্বৰ যিহোৱা ময়েই।
25 Kaj faru diferencon inter bruto pura kaj malpura kaj inter birdo malpura kaj pura; kaj ne malpurigu viajn animojn per bruto kaj per birdo, kaj per ĉio, kio moviĝas sur la tero, kion Mi apartigis por vi, ke vi rigardu ilin kiel malpurajn.
২৫এতেকে তোমালোকে শুচি অশুচি পশুৰ, আৰু শুচি অশুচি পক্ষীৰ প্ৰভেদ কৰিবা। মই যি যি পশু, পক্ষী আৰু ভুচৰ পোক পৰুৱা আদি জন্তু অশুচি বুলি তোমালোকৰ পৰা পৃথক কৰিলোঁ, সেইবোৰৰ কোনো এটাৰ দ্বাৰাই তোমালোকে নিজক ঘিণলগীয়া নকৰিবা।
26 Kaj estu antaŭ Mi sanktaj, ĉar sankta estas Mi, la Eternulo, kaj Mi apartigis vin el inter la popoloj, por ke vi estu Miaj.
২৬তোমালোক মোৰ উদ্দেশ্যে পবিত্ৰ হব লাগে; কিয়নো মই যিহোৱা পবিত্ৰ আৰু তোমালোক মোৰ হবলৈ মই তোমালোকক আন জাতিৰ পৰা পৃথক বেলেগ কৰিলোঁ।
27 Kaj viro aŭ virino, se ili estos magiistoj aŭ sorĉistoj, estu mortigitaj; per ŝtonoj oni ilin mortigu, ilia sango estu sur ili.
২৭যি পুৰুষ কি স্ত্ৰীয়ে ভূত পুহিব বা গুণী হ’ব, তেওঁৰ প্ৰাণদণ্ড হ’ব, তেওঁৰ প্ৰাণদণ্ড অৱশ্যে হব; লোকসকলে তেওঁলোকক শিল দলিয়াই বধ কৰিব; তেওঁলোকৰ ৰক্তপাতৰ দোষ তেওঁলোকৰ গাতে লাগি থাকিব’।”