< Juĝistoj 21 >
1 Kaj la Izraelidoj ĵuris en Micpa, dirante: Neniu el ni donos sian filinon edzinige al Benjamenido.
১ইস্ৰায়েলৰ লোকসকলে মিস্পাত এই প্রতিজ্ঞা কৰিলে, “আমাৰ কোনেও বিন্যামীনৰ বংশৰ কাৰো ঘৰলৈ নিজ জীয়েকক বিয়া দিব নালাগে।”
2 Kaj la popolo venis en Bet-Elon, kaj restis tie ĝis la vespero antaŭ Dio, kaj levis sian voĉon kaj forte ploris,
২পাছত ইস্রায়েলৰ লোকসকল বৈৎএল চহৰলৈ গ’ল, তাতে ঈশ্বৰৰ সন্মুখত সন্ধ্যালৈকে সেই ঠাইত বহি থাকি বৰ মাতেৰে ক্ৰন্দন কৰি ক’লে,
3 kaj diris: Kial, ho Eternulo, Dio de Izrael, fariĝis tio en Izrael, ke malaperis nun el Izrael unu tribo?
৩“হে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা, আজি ইস্ৰায়েলৰ মাজৰ এক ফৈদ লুপ্ত হ’ল; ইস্ৰায়েলৰ মাজত কিয় এনে ঘটিল?”
4 La morgaŭan tagon la popolo leviĝis frue kaj konstruis tie altaron kaj oferis bruloferojn kaj pacoferojn.
৪পাছদিনা লোকসকলে পুৱাতে উঠি এটা যজ্ঞ-বেদি সাজি সেই বেদিত তেওঁলোকে হোম-বলি আৰু মঙ্গলাৰ্থক নৈবেদ্য উৎসৰ্গ কৰিলে।
5 Kaj la Izraelidoj diris: Kiu homo el ĉiuj triboj de Izrael ne venis kun la komunumo al la Eternulo? Ĉar estis farita granda ĵuro pri tiuj, kiuj ne venis al la Eternulo en Micpan, ke ili estos mortigitaj.
৫তাৰ পাছত ইস্ৰায়েলৰ সন্তান সকলে ক’লে, “ইস্রায়েলীয় সকলৰ মাজত এনে কোন জাতি আছে যি সকল প্রভুৰ কাষলৈ আমাৰ এই প্রার্থনালৈ অহা নাই?” কিয়নো মিস্পাত যিহোৱাৰ গুৰিলৈ যি জন নাহিব, “তেওঁৰ প্ৰাণ দণ্ড অৱশ্যে হ’ব” এই বুলি তেওঁলোকে প্রতিজ্ঞা কৰিছিল।
6 Kaj la Izraelidoj ekpentis pri siaj fratoj la Benjamenidoj, kaj diris: Forhakita estas hodiaŭ unu tribo el Izrael!
৬ইস্ৰায়েলৰ সন্তান সকলে নিজ ভাই বিন্যামীনৰ অৰ্থে বেজাৰ কৰি ক’লে, “ইস্ৰায়েলৰ মাজৰ পৰা আজি এক ফৈদ উচ্ছন্ন হ’ল;
7 kion ni faros al ili, al la restintoj, koncerne edzinojn? ni ĵuris ja per la Eternulo, ke ni ne donos al ili edzinojn el niaj filinoj.
৭এতিয়া তাৰ অৱশিষ্ট থকা লোকসকলৰ বিয়াৰ বিষয়ে কি কৰা উচিত? কিয়নো আমাৰ নিজ নিজ জীহঁতক সিহঁতৰে সৈতে বিয়া নিদিওঁ বুলি কৈ আমি যিহোৱাৰ নামেৰে শপত খালোঁ।”
8 Kaj ili diris: Kiu homo el la triboj de Izrael ne venis al la Eternulo en Micpan? Kaj tiam montriĝis, ke en la tendaron al la komunumo venis neniu el Jabeŝ en Gilead.
৮এই হেতুকে তেওঁলোকে ক’লে, “ইস্ৰায়েলৰ ফৈদ সমূহৰ মাজৰ এনে কোন আছে, যি ফৈদ মিস্পাত যিহোৱাৰ কাষত উপস্থিত হোৱা নাই?” তেতিয়া তেওঁলোকে জানিব পাৰিলে যাবেচ গিলিয়দৰ পৰা কিছুমান মানুহ সেই সমাবেশত উপস্থিত হোৱা নাই।
9 Kaj oni reviziis la popolon, kaj montriĝis, ke tie estas neniu el la loĝantoj de Jabeŝ en Gilead.
৯কিয়নো লোকসকলৰ গণনা কৰাৰ সময়ত তেওঁলোকে দেখিলে যে যাবেচ গিলিয়দ নিবাসীসকলৰ এজনো সেই ঠাইলৈ অহা নাই।
10 Tiam la komunumo sendis tien dek du mil homojn el la viroj batalkapablaj, kaj ordonis al ili jene: Iru kaj mortigu per glavo la loĝantojn de Jabeŝ en Gilead, ankaŭ la virinojn kaj infanojn.
১০তেতিয়া তেওঁলোকে সাহসী লোকসকলৰ মাজৰ পৰা বাৰ হাজাৰ সৈন্যক এই আজ্ঞা দি পঠালে যে “তেওঁলোকে যাবেচ গিলিয়দলৈ গৈ সৰু সৰু ল’ৰা-ছোৱলী আৰু মহিলাকে ধৰি সকলোকে আক্রমণ কৰি বধ কৰক।”
11 Kaj tiel agu: ĉiun virseksulon, kaj ĉiun virinon, kiu ekkonis kuŝejon de viro, ekstermu.
১১“তোমালোকে এইদৰে কৰা; প্ৰতিজন পুৰুষ আৰু পুৰুষেৰে সৈতে শয়ন কৰা প্ৰতিগৰাকী মহিলাকে বধ কৰিবা।”
12 Kaj ili trovis inter la loĝantoj de Jabeŝ en Gilead kvarcent junajn virgulinojn, kiuj ne ekkonis kuŝejon de viro; kaj ili venigis ilin en la tendaron en Ŝilon, kiu estas en la lando Kanaana.
১২সৈন্যসকলে যাবেচ-গিলিয়দ নিবাসী লোকসকলৰ মাজত কেতিয়াও পুৰুষৰে সৈতে শয়ন নকৰা চাৰিশ যুবতীক অবিবাহিতা পালে। তেওঁলোকে সেই যুবতীসকলক কনান দেশত থকা চীলোৰ ছাউনিলৈ লৈ গ’ল।
13 Kaj la tuta komunumo sendis, por paroli kun la Benjamenidoj, kiuj estis ĉe la roko Rimon, kaj anonci al ili pacon.
১৩তাৰ পাছত ইস্রায়েলীয়াসকলে ৰিম্মোন শিলত থকা বিন্যামীনীয়া লোকসকললৈ বার্তা পঠাই শান্তিৰ চুক্তি কৰিবলৈ বিচাৰিলে।
14 Tiam la Benjamenidoj revenis, kaj oni donis al ili la virinojn, kiuj restis vivaj el la virinoj de Jabeŝ en Gilead; sed ne estis sufiĉe por ili.
১৪এই বার্তা শুনি বিন্যামীনীয়াসকল ইস্রায়েললৈ উলটি আহিল। যাবেচ-গিলিয়দীয়া মহিলাসকলৰ মাজৰ জীয়াই ৰখা যুৱতীসকলক তেওঁলোকৰে সৈতে বিয়া কৰাই দিলে; তথাপি তেওঁলোকলৈ ছোৱালীৰ সংখ্যা নাটনি হ’ল।
15 Kaj la popolo bedaŭris pri Benjamen, ĉar la Eternulo faris fendon en la triboj de Izrael.
১৫ইস্ৰায়েলৰ লোকসকলে বিন্যামীন ফৈদৰ কাৰণে দুখ কৰিবলৈ ধৰিলে, কাৰণ যিহোৱাই ইস্রায়েলৰ ফৈদ সমূহৰ মাজত এক বিভাজন আনি দিছিল।
16 Kaj la plejaĝuloj de la komunumo diris: Kion ni faru al la restintoj koncerne edzinojn? ekstermitaj estas ja la virinoj de Benjamen.
১৬ইস্ৰায়েলৰ বৃদ্ধ নেতাসকলে ক’লে, “বিন্যামীনীয়া স্ত্ৰীসকলক বধ কৰা হ’ল। এতিয়া অৱশিষ্ট বিন্যামীনীয়া যি সকল আছে, তেওঁলোকৰ বিবাহৰ কাৰণে আমি ক’ৰ পৰা স্ত্রী পাম?”
17 Kaj ili diris: La restintoj el la Benjamenidoj bezonas ja heredontojn, por ke ne malaperu tribo el Izrael;
১৭তেওঁলোকে ক’লে, “ইস্রায়েলীয়া সকলৰ মাজৰ পৰা যেন এটা ফৈদ লুপ্ত হৈ নাযায়, সেয়ে জীয়াই থকা বিন্যামীনীয়াসকলৰ বংশ ৰক্ষা কৰিবলৈ সন্তানৰ অৱশ্যেই প্রয়োজন আছে।
18 kaj ni ne povas doni al ili edzinojn el niaj filinoj, ĉar la Izraelidoj ĵuris, dirante: Malbenita estu tiu, kiu donos edzinon al Benjamenido.
১৮আমাৰ ছোৱালীবোৰকতো তেওঁলোকৰ লগত বিয়া দিব নোৱাৰো, কিয়নো আমি শপত খাইছিলো যে, কোনোৱে যদি বিন্যামীনীয়াক ছোৱালী দিয়ে, তেন্তে তেওঁ অভিশপ্ত হ’ব।”
19 Sed ili diris: Jen ĉiujare estas festo de la Eternulo en Ŝilo, kiu estas norde de Bet-El, oriente de la vojo, kiu kondukas de Bet-El al Ŝeĥem, kaj sude de Lebona.
১৯তেতিয়া তেওঁলোকে ক’লে, “তোমালোকে জানা যে, প্রতি বছৰে চীলোত যিহোৱাৰ উদ্দেশ্যে এক উৎসৱ হয়; এই চীলো চহৰখন বৈৎএলৰ উত্তৰ ফালে, যি পথ বৈৎএলৰ পৰা চিখিমৰ ফালে উঠি গৈছে তাৰ পূৱফালে আৰু লেবোনাৰ দক্ষিণ ফালে আছে।”
20 Kaj ili ordonis al la Benjamenidoj jene: Iru kaj faru insidon en la vinberĝardenoj;
২০তেওঁলোকে বিন্যামীনীয়া লোকসকলক এই পৰামর্শ দিলে যে, “তোমালোকে গৈ দ্ৰাক্ষাবাৰীবোৰত লুকাই অপেক্ষা কৰি থাকিবা।
21 kaj kiam vi vidos, ke la knabinoj de Ŝilo eliras, por danci en rondoj, tiam eliru el la vinberĝardenoj kaj kaptu al vi ĉiu edzinon el la knabinoj de Ŝilo kaj iru en la landon de la Benjamenidoj.
২১যেতিয়া চীলোৰ ছোৱালীবোৰে নাচত যোগ দিবলৈ ওলাই আহিব, তেতিয়া তোমালোক দ্ৰাক্ষাবাৰীৰ পৰা দৌৰি বাহিৰ ওলাই তেওঁলোকৰ মাজৰ পৰা যাকে ইচ্ছা তেওঁকে ধৰি লৈ বিন্যামীন এলেকালৈ গুচি যাবা।
22 Kaj se venos iliaj patroj aŭ fratoj kun plendo al ni, ni diros al ili: Pardonu nin pro ili; ĉar ni ne prenis por ĉiu edzinon en la milito, kaj vi ne donis al ili; tial vi estas nun senkulpaj.
২২তেওঁলোকৰ বাপেক বা ভায়েক-ককায়েকসকলে যেতিয়া আমাৰ ওচৰত গোচৰ দিবলৈ আহিব, তেতিয়া আমি তেওঁলোকক ক’ম, ‘আপোনালোকে এই সকলো ছোৱালীকে দান কৰি তেওঁলোকৰ প্রতি দয়া কৰক; কিয়নো যুদ্ধৰ সময়ত আমি তেওঁলোকৰ কাৰণে যথেষ্ট যুৱতী নাপালোঁ। শপতৰ বিষয়ত আপোনালোকে একো দোষ কৰা নাই; কাৰণ আপোনালোকেতো আপোনালোকৰ ছোৱালীবোৰক নিজে তেওঁলোকলৈ বিয়া দিয়া নাই’।”
23 Kaj tiel agis la Benjamenidoj, kaj prenis edzinojn laŭ sia nombro el la dancrondoj, rabinte ilin; kaj ili iris kaj revenis al sia posedaĵo kaj konstruis urbojn kaj ekloĝis en ili.
২৩তাতে বিন্যামীনীয়াসকলে তেনেকৈয়ে কৰিলে। ছোৱালীবোৰে যেতিয়া নাচি আছিল তেতিয়া তেওঁলোক প্রত্যেকেই বিয়া কৰিবৰ কাৰণে এগৰাকিকৈ ছোৱালী ধৰি লৈ গ’ল। তাৰ পাছত তেওঁলোকে তেওঁলোকৰ নিজৰ ঠাইলৈ উলটি গৈ নগৰ সাজি তাতে বাস কৰিবলৈ ধৰিলে।
24 Kaj en la sama tempo disiris de tie la Izraelidoj, ĉiu al sia tribo kaj al sia familio, kaj ĉiu foriris de tie al sia posedaĵo.
২৪সেই সময়ত ইস্ৰায়েলীয়াসকলে সেই ঠাই এৰি নিজ নিজ ফৈদ আৰু বংশৰ ঠাইলৈ প্ৰস্থান কৰিলে।
25 En tiu tempo ne ekzistis reĝo ĉe Izrael; ĉiu faradis tion, kio plaĉis al li.
২৫এই সময়ত ইস্ৰায়েলৰ মাজত কোনো ৰজা নাছিল; সেয়ে যিহকে ভাল দেখিছিল তেওঁলোকে তাকেই কৰিছিল।