< Josuo 16 >

1 Kaj la loto por la Jozefidoj donis: de Jordan kontraŭ Jeriĥo, ĉe la akvo de Jeriĥo, orienten, la dezerton, kiu etendiĝas de Jeriĥo ĝis la monto Bet-El.
যোচেফৰ ফৈদক নিৰূপিত কৰা অঞ্চলৰ সীমা, যিৰীহোৰ সন্মুখত থকা যৰ্দ্দনৰ পৰা পূব দিশে থকা যিৰীহোৰ জুৰিৰে, মৰুপ্ৰান্ত হৈ, যিৰীহোৰ ওপৰ ভাগেৰে বৈৎএল পৰ্ব্বতীয়া দেশৰ মাজেৰে গ’ল।
2 Kaj la limo iras de Bet-El ĝis Luz, kaj transiras ĝis la limo de la Arkanoj al Atarot;
পাছত এই সীমা বৈৎএলৰ পৰা ওলাই লুজলৈ গ’ল আৰু সেই ঠাই পাৰ কৰি অৰ্কীয়াসকলৰ অঞ্চল অটাৰোতলৈ গ’ল।
3 kaj ĝi malleviĝas okcidenten al la limo de la Jafletidoj, ĝis la limo de la malsupra Bet-Ĥoron kaj ĝis Gezer; kaj ĝi finiĝas ĉe la maro.
তাৰ পৰা এই সীমা তললৈ নামি যফ্‌লেটীয়াসকলৰ অঞ্চলৰ পশ্চিমফালে থকা তলৰ বৈৎ-হোৰোণৰ সীমাৰ পৰা গেজৰলৈ নামি গ’ল; সমুদ্ৰত ইয়াৰ সীমা শেষ হ’ল।
4 Tion ricevis kiel posedaĵon Manase kaj Efraim, filoj de Jozef.
এইদৰে যোচেফৰ ফৈদ, মনচি আৰু ইফ্ৰয়িমে নিজ নিজ উত্তৰাধিকাৰ ল’লে।
5 Kaj la regiono de la Efraimidoj estis laŭ iliaj familioj: la limo de ilia posedaĵo oriente estis de Atrot-Adar ĝis la supra Bet-Ĥoron.
নিজ নিজ বংশৰ অনুসাৰে ইফ্ৰয়িমৰ ফৈদৰ সীমা এনে ধৰণৰ আছিল: তেওঁলোকৰ উত্তৰাধিকাৰৰ সীমা পূবফালে থকা অটৰোৎ-অদ্দৰ পৰা ওপৰ বৈৎ-হোৰোণলৈকে,
6 Kaj la limo iras al la maro ĉe Miĥmetat norde; kaj la limo turniĝas orienten ĉe Taanat-Ŝilo, kaj trapasas ĝin orienten al Janoaĥ.
আৰু তাৰ পৰা সাগৰলৈ৷ পাছত সেই সীমা উত্তৰ ফালে থকা মিকমথতৰ পৰা পূব ফালে ঘূৰি তনাৎ-চীল পাৰ কৰি জানোহৰ পূবফাললৈ গ’ল৷
7 Kaj ĝi malleviĝas de Janoaĥ al Atarot kaj Naara, kaj tuŝas Jeriĥon, kaj finiĝas ĉe Jordan.
পাছত জানোহৰ পৰা নামি গৈ অটাৰোৎ আৰু নাৰতেদি হৈ, যিৰীহোত পাই, যৰ্দ্দনত শেষ হ’ল৷
8 De Tapuaĥ la limo iras okcidenten al la torento Kana, kaj finiĝas ĉe la maro. Tio estas la posedaĵo de la tribo de la Efraimidoj laŭ iliaj familioj;
আৰু সেই সীমা তপ্পুহৰ পৰা পশ্চিমফালে কান্না জুৰিলৈ গৈ সমুদ্ৰত তাৰ সীমা শেষ হ’ল। নিজ নিজ বংশ অনুসাৰে ইফ্ৰয়িম ফৈদৰ সন্তান সকল ইয়াৰ উত্তৰাধিকাৰী হ’ল।
9 kaj la urboj, kiuj estas apartigitaj por la Efraimidoj meze de la posedaĵo de la Manaseidoj, ĉiuj urboj kun iliaj vilaĝoj.
ইয়াৰ বাহিৰে মনচি ফৈদৰ উত্তৰাধিকাৰৰ সৈতে ইফ্ৰয়িম ফৈদৰ বাবে নিৰূপিত কৰা গাওঁবোৰৰ উপৰিও তেওঁলোকৰ নগৰবোৰো একেলগে আছিল।
10 Kaj ili ne forpelis la Kanaanidojn, kiuj loĝis en Gezer; kaj la Kanaanidoj restis meze de la Efraimidoj ĝis la nuna tago, servante kiel tributuloj.
১০তেওঁলোকে গেজৰত থকা কনানীয়াসকলক খেদি নপঠিয়ালে; সেয়েহে তেওঁলোক আজিলৈকে ইফ্ৰয়িমৰ সন্তান সকলৰ মাজত বাস কৰি আছে৷ কিন্তু কনানীয়াসকলে তেওঁলোকক সযত্নে কাম কৰি দিবলগীয়া হৈছিল।

< Josuo 16 >