< Ijob 41 >

1 Ĉu vi povas eltiri levjatanon per fiŝhoko, Aŭ ligi per ŝnuro ĝian langon?
তুমি জানো বৰশীৰে লিবিয়াথন জন্তুক তুলিব পাৰা? বা ৰচিৰে তাৰ জিভা বান্ধিব পাৰা?
2 Ĉu vi povas trameti kanon tra ĝia nazo Kaj trapiki ĝian vangon per pikilo?
তুমি তাৰ নাকত নাকী লগাব পাৰা নে? বা বৰশীৰে তাৰ কেৱাৰি বিন্ধাব পাৰা নে?
3 Ĉu ĝi multe petegos vin, Aŭ parolos al vi flataĵojn?
সি জানো তোমাৰ আগত বৰকৈ কাবৌ কাকুতি কৰিব? বা তোমাক জানো কোমল কথা ক’ব?
4 Ĉu ĝi faros interligon kun vi? Ĉu vi povas preni ĝin kiel porĉiaman sklavon?
তুমি তাক চিৰকাললৈকে তোমাৰ দাস কৰি ল’বৰ কাৰণে, সি তোমাৰ লগত কোনো চুক্তি কৰিব নে?
5 Ĉu vi amuziĝos kun ĝi kiel kun birdo? Aŭ ĉu vi ligos ĝin por viaj knabinoj?
চৰাই এটিৰ লগত ওমলাৰ দৰে তুমি তাৰ লগতো উমলিবা নে? বা তোমাৰ দাসীবোৰৰ বাবে তুমি তাক বান্ধি ৰাখিবা নে?
6 Ĉu kamaradoj ĝin dishakos, Kaj dividos inter komercistoj?
মাছমৰীয়াহঁতে তাক বেচা-কিনা কৰিব নে? সিহঁতে মুদৈবিলাকৰ মাজত তাক জানো ভাগ বাঁটি দিব?
7 Ĉu vi povas plenigi per pikiloj ĝian haŭton Kaj per fiŝistaj hokoj ĝian kapon?
তুমি জানো তাৰ ছাল শেলেৰে, বা তাৰ মূৰ মাছ খোচা কোলেৰে জানো পুৰ কৰিব পাৰিবা?
8 Metu sur ĝin vian manon; Tiam vi bone memoros la batalon, kaj ĝin ne plu entreprenos.
তাৰ গাত হাত দি চাবাচোন; হাত দিলে, সেই যুঁজক সুঁৱৰি আকৌ তেনে নকৰিবা।
9 Vidu, la espero ĉiun trompos; Jam ekvidinte ĝin, li falos.
চোৱা, তাক ধৰিবলৈ আশা কৰা বৃথা? তাক দেখিলেই মানুহ পৰি নাযাব নে?
10 Neniu estas tiel kuraĝa, por inciti ĝin; Kiu do povas stari antaŭ Mi?
১০এনে হিংস্র লিবিয়াথনক জোকাব পৰা সাহিয়াল কোনো নাই; তেনেহলে মোৰ আগত থিয় হ’ব পৰা কোন আছে?
11 Kiu antaŭe ion donis al Mi, ke Mi redonu al li? Sub la tuta ĉielo ĉio estas Mia.
১১আগেয়ে কোনে মোক কিবা দিছিল, যাৰবাবে মই যে কিবা ওভতাই দিম? আকাশ-মণ্ডলৰ তলত থকা সকলো মোৰেই।
12 Mi ne silentos pri ĝiaj membroj, Pri ĝia forto kaj bela staturo.
১২মই লিবিথিয়ানৰ ভৰিৰ বিষয়ে নকোৱাকৈ মনে মনে নাথাকোঁ, নাইবা তাৰ মহাবল আৰু গাৰ সুন্দৰ গঠনৰ বিষয়ে মই নোকোৱাকৈ নাথাকোঁ।
13 Kiu povas levi ĝian veston? Kiu aliros al ĝia paro da makzeloj?
১৩তাৰ ওপৰৰ আচ্ছাদন কোনে গুচাব পাৰে? কোনে তাৰ শক্তিশালী বৰ্মৰ মাজলৈ কোনে সোমাব পাৰে?
14 Kiu povas malfermi la pordon de ĝia vizaĝo? Teruro ĉirkaŭas ĝiajn dentojn.
১৪তাৰ মুখৰ দুৱাৰ দুখলপা কোনে মেলিব পাৰে? তাৰ দাঁতৰ চাৰিওফালে ভয় থাকে।
15 Ĝiaj fieraj skvamoj estas kiel ŝildoj, Interligitaj per fortika sigelo;
১৫তাৰ পিঠিভাগ ঢালৰ শাৰীৰে গঢ়া; সেইবোৰ মোহৰ মৰাৰ দৰে দৃঢ়ৰূপে লগোৱা আছে।
16 Unu kuntuŝiĝas kun la alia tiel, Ke aero ne povas trairi tra ili;
১৬সেইবোৰ এটাৰ লগত আনটো এনেদৰে লগলাগি আছে, তাৰ ভিতৰলৈ বায়ুও সোমাব নোৱাৰে।
17 Unu alfortikiĝis al la alia, Interkuniĝis kaj ne disiĝas.
১৭সেইবোৰ ইটোৱে সিটোৰ লগত সংযুক্ত; একেলগে সংলগ্ন, সেইবোৰক পৃথক কৰিব নোৱাৰি।
18 Ĝia terno briligas lumon, Kaj ĝiaj okuloj estas kiel la palpebroj de la ĉielruĝo.
১৮তাৰ হাঁচিয়ে দীপ্তি প্ৰকাশ কৰে; তাৰ চকু অৰুণৰ পিৰঠিৰ নিচিনা।
19 El ĝia buŝo eliras torĉoj, Elkuras flamaj fajreroj.
১৯তাৰ মুখৰ পৰা জ্বলি থকা জোঁৰ বাহিৰ হয়; জুইৰ ফিৰিঙটি ওলায়।
20 El ĝiaj nazotruoj eliras fumo, Kiel el bolanta poto aŭ kaldrono.
২০উতলি থকা কেটলিৰ পৰা গৰম ভাপ ওলোৱাৰ দৰে, তাৰ নাকৰ পৰা ধোঁৱা ওলাই।
21 Ĝia spiro ekbruligas karbojn, Kaj flamo eliras el ĝia buŝo.
২১তাৰ নিশ্বাসে এঙাৰ জ্বলায়, তাৰ মুখৰ পৰা অগ্নি শিখা বাহিৰ হয়।
22 Sur ĝia kolo loĝas forto, Kaj antaŭ ĝi kuras teruro.
২২তাৰ ডিঙিত বল থাকে, আৰু ত্ৰাসে তাৰ আগত নাচি থাকে।
23 La partoj de ĝia karno estas firme kunligitaj inter si, Tenas sin fortike sur ĝi, kaj ne ŝanceliĝas.
২৩তাৰ গাৰ ওলমি থকা ভাগ ডাঠকৈ লগা, সেয়ে তাৰ গাত আট খাই ধৰা, লৰাব নোৱাৰি।
24 Ĝia koro estas malmola kiel ŝtono, Kaj fortika kiel suba muelŝtono.
২৪তাৰ কলিজা শিলৰ নিচিনা টান, (সি ভয়হীন); এনে কি, জাত শিলৰ তল চলাৰ নিচিনা টান।
25 Kiam ĝi sin levas, ektremas fortuloj, Konsterniĝas de teruro.
২৫যেতিয়া সি নিজে থিয় হয়, তেতিয়া বলৱানসকলেও ভয় পায়, আৰু ত্ৰাসৰ কাৰণে বিতত হয়।
26 Glavo, kiu alproksimiĝas al ĝi, ne povas sin teni, Nek lanco, sago, aŭ kiraso.
২৬যদি কোনোবাই তৰোৱালেৰে তাক আঘাত কৰে, তেতিয়াও তাৰ একো নহব, বা তালৈ যাঠী, কাঁড়, বা শেল মাৰিলে সকলো মিছা হব।
27 Feron ĝi rigardas kiel pajlon, Kupron kiel putran lignon.
২৭সি লোহাক খেৰৰ নিচিনা দেখে, আৰু পিতলক পচা কাঠ যেন জ্ঞান কৰে।
28 Ne forpelos ĝin sago; Ŝtonoj el ŝtonĵetilo fariĝas pajleroj antaŭ ĝi.
২৮ধনুৰ কাঁড়ে তাক খেদাব নোৱাৰে; ফিঙ্গাৰ শিলবোৰো তাৰ আগত তুঁহৰ দৰেহে হয়।
29 Bastonegon ĝi rigardas kiel pajlon, Kaj ĝi mokas la sonon de lanco.
২৯সি গদাক ঘুলা যেন মানে, আৰু সশব্দে ঘূৰি ঘূৰি অহা বৰছাৰ শব্দত সি হাঁহে,
30 Sube ĝi havas akrajn pecetojn; Kiel draŝrulo ĝi kuŝas sur la ŝlimo.
৩০তাৰ তল ভাগ ঘেৰ থকা খোলাৰ নিচিনা; সি বোকাৰ ওপৰেদি যাওঁতে মৰণা মৰা যন্ত্ৰ যেন হয়।
31 Kiel kaldronon ĝi ondigas la profundon; La maron ĝi kirlas kiel ŝmiraĵon.
৩১সি অগাধ জলক, উতলোৱা কেৰাহিৰ পানী যেন কৰে, আৰু সমুদ্ৰক সুগন্ধি তেল যেন কৰে।
32 La vojo post ĝi lumas; La abismo aperas kiel grizaĵo.
৩২সি নিজৰ পাছফালে থকা বাট চিকমিকীয়া কৰে, আৰু অগাধ জলক তাৰ পকাচুলীয়া যেন বোধ হয়।
33 Ne ekzistas sur la tero io simila al ĝi; Ĝi estas kreita sentima.
৩৩ভয়হীন ৰূপে স্ৰজন কৰা, তাৰ তুল্য কোনো জন্তুৱেই পৃথিবীত নাই।
34 Ĝi rigardas malestime ĉion altan; Ĝi estas reĝo super ĉiuj sovaĝaj bestoj.
৩৪সি সকলো উচ্চ পদাৰ্থলৈ চাই থাকে; সি সকলো অহংকাৰী প্ৰাণীৰ ওপৰত ৰজা।

< Ijob 41 >