< Jesaja 51 >
1 Aŭskultu Min, vi, kiuj postkuras la veron, kiuj serĉas la Eternulon: rigardu la rokon, el kiu vi estas elhakitaj, kaj en la profundon de la kavo, el kiu vi estas elfositaj.
১তোমালোক যি জনে ধাৰ্মিকতাত চলা, যি জনে যিহোৱাক বিচাৰা, মোৰ কথা শুনা: তোমালোকক যি শিলৰ পৰা কটা আৰু যি গাতৰ পৰা খন্দা হৈছিল, তালৈ দৃষ্টি কৰা।
2 Rigardu Abrahamon, vian patron, kaj Saran, vian naskintinon; ĉar Mi alvokis lin, kiam li estis sola, kaj Mi benis lin kaj multigis lin.
২তোমালোকৰ পূর্বপুৰুষ অব্ৰাহাম আৰু তোমালোকৰ প্ৰসৱকাৰিণী চাৰালৈ দৃষ্টি কৰা; কাৰণ তেওঁ যেতিয়া অকলশৰীয়া ব্যক্তি আছিল, তেতিয়া মই তেওঁক মাতি আশীৰ্ব্বাদ দি বহুবংশ কৰিলোঁ।
3 Ĉar la Eternulo konsolos Cionon, konsolos ĉiujn ĝiajn ruinojn, kaj ĝian dezerton Li faros kiel Eden, kaj ĝian stepon kiel la ĝardeno de la Eternulo; ĝojo kaj gajeco troviĝos en ĝi, dankado kaj laŭta kantado.
৩হ’য় যিহোৱাই চিয়োনক শান্ত্বনা দিব, তেওঁ সকলো উচ্ছন্ন ঠাইক শান্ত্বনা দিব; তাৰ জনবসতিহীন ঠাইবোৰ এদনৰ দৰে, আৰু জর্দন নদীৰ উপত্যকাৰ কাষৰ সমতল মৰুভূমি যিহোৱাৰ উদ্যানৰ দৰে কৰিলে; তাত আনন্দ আৰু উল্লাস, ঈশ্বৰক ধন্যবাদ জ্ঞাপন, আৰু স্তুতি-গীতৰ ধ্বনি পোৱা যাব।
4 Atentu Min, ho Mia popolo, kaj vi, Mia gento, aŭskultu Min; ĉar instruo eliros el Mi, kaj Mian leĝon Mi starigos kiel lumon por la popoloj.
৪“হে মোৰ লোকসকল, মোলৈ মনোযোগ দিয়া, আৰু মোৰ কথা শুনা! কাৰণ মই এক বিধান প্ৰকাশ কৰিম, আৰু জাতিবোৰৰ কাৰণে পোহৰ হবলৈ মোৰ ন্যায় বিচাৰ স্থাপন কৰিম।
5 Proksima estas Mia vero, eliris Mia helpo, kaj Miaj brakoj juĝos popolojn; al Mi esperas insuloj kaj atendas Mian brakon.
৫মোৰ ধাৰ্মিকতা ওচৰ হ’য়, মোৰ পৰিত্ৰাণ ওলায় যাব, আৰু মোৰ বাহুৱে জাতিবোৰৰ বিচাৰ কৰিব; উপকূলভূমিয়ে মোলৈ বাট চাব, আৰু মোৰ বাহুবলৰ কাৰণ আগ্রহেৰে বাট চাব।
6 Levu al la ĉielo viajn okulojn, kaj rigardu la teron malsupre; ĉar la ĉielo disneniiĝos kiel fumo, kaj la tero elfrotiĝos kiel vesto, kaj ĝiaj loĝantoj mortos kiel kuloj; sed Mia savo restos eterne, kaj Mia vero ne difektiĝos.
৬তোমালোকে আকাশলৈ চকু তুলি চোৱা, আৰু তলত থকা পৃথিবীলৈ দৃষ্টি কৰা; কাৰণ আকাশ-মণ্ডল ধোঁৱাৰ দৰে অদৃশ্য হ’ব, পৃথিৱী কাপোৰৰ দৰে ক্ষয় হ’ব, আৰু তাৰ নিবাসীসকল মাখিৰ দৰে মৰিব। কিন্তু মোৰ পৰিত্ৰাণ অনন্তকাললৈ অবিৰাম চলি থাকিব, আৰু মোৰ ধাৰ্মিকতাই কেতিয়াও কাম কৰা বন্ধ নকৰিব।
7 Aŭskultu Min, vi, kiuj konas la veron, popolo, havanta Mian instruon en sia koro: ne timu ofendon de homoj, kaj de iliaj insultoj ne senkuraĝiĝu.
৭তোমালোক যিসকলে সত্য কি জানা, মোৰ বিধান তোমালোকৰ হৃদয়ত ধৰি ৰখা লোকসকল, মোৰ কথা শুনা: মানুহৰ অপমানলৈ ভয় নকৰিবা, নাইবা তেওঁলোকৰ অপব্যৱহাৰত হতাশ নহবা।
8 Ĉar kiel veston tramanĝos ilin tineoj, kaj kiel lanaĵon tramanĝos ilin vermoj; sed Mia vero restos eterne, kaj Mia savo por ĉiuj generacioj.
৮কাৰণ কাপোৰ খোৱা পোকে কাপোৰ খোৱাৰ দৰে তেওঁলোকক খাব, আৰু পোকে ঊল খোৱাৰ দৰে তেওঁলোকক খাব; কিন্তু মোৰ ধাৰ্মিকতা অনন্তকালৰ বাবে হব, আৰু মোৰ পৰিত্ৰাণ পুৰুষানুক্ৰমে থাকিব।”
9 Leviĝu, leviĝu, vestu vin per forto, ho brako de la Eternulo; leviĝu, kiel en la tempo antikva, en la generacioj de antaŭlonge. Ĉu ne vi dishakis Rahabon, trapikis la drakon?
৯সজাগ হোৱা, সজাগ হোৱা, যিহোৱাৰ বাহু-বল আৰু শক্তিৰে তোমালোকে নিজকে আবৃত কৰা। প্ৰাচীন কালৰ প্রজন্মসকল, পুৰনি দিনৰ দৰে সজাগ হোৱা। সাগৰৰ ৰাক্ষসক গুৰি কৰা আৰু ৰাহাবক খোচা জন আপুনিয়ে নে?
10 Ĉu ne vi elsekigis la maron, la akvon de grandega abismo, faris la maran profundon vojo por transiro de la liberigitoj?
১০সাগৰক, মহাজল সমূহক আপুনিয়ে শুকুউৱাই, মুক্তসকলক পাৰ হৈ যাবৰ বাবে অগাধ সাগৰক পথ কৰা জন আপুনিয়ে নহয়নে?
11 Kaj la elaĉetitoj de la Eternulo revenos kaj iros sur Cionon kun kantado, kaj ĝojo eterna estos super ilia kapo; ĝojon kaj gajecon ili atingos, kaj forflugos afliktoj kaj ĝemado.
১১যিহোৱাই মুক্তিপণ দিয়াসকল ঘুৰি আহিব, আৰু আনন্দ-গানেৰে চিয়োনলৈ আহিব; তেওঁলোকৰ মূৰ সদাকালৰ বাবে আনন্দেৰে পৰিপূৰ্ণ হ’ব; উল্লাস আৰু আনন্দ হব, দু: খ আৰু শোক দূৰ হ’ব।
12 Mi, Mi mem estas via konsolanto. Kiu vi estas, ke vi timas homon morteman, kaj homidon, kiu estas egala al herbo;
১২মই, ময়েই যিজনে তোমালোকক শান্ত্বনা দিওঁ; তোমালোকে কিয় মানুহলৈ ভয় কৰা, কাৰ মৃত্যু হ’ব, মানুহৰ পুত্রৰ, কোনে তোমালোকক তৃণৰ দৰে সৃষ্টি কৰিলে?
13 kaj vi forgesis la Eternulon, vian Kreinton, kiu etendis la ĉielon kaj fondis la teron; kaj konstante, ĉiutage, vi timas la furiozon de la premanto, kiu celas ekstermi? Sed kie estas la furiozo de la premanto?
১৩যি জনাই আকাশ-মণ্ডল বিস্তাৰ কৰিলে, আৰু পৃথিবীৰ মূল স্থাপন কৰিলে, তোমালোকৰ সেই নিৰ্ম্মাণকৰ্ত্তা যিহোৱাক কিয় পাহৰিছা? কাৰণ যেতিয়া অতি ক্রোধত অত্যাচাৰীয়ে ধ্বংস কৰিবলৈ সিদ্ধান্ত লয়, তেতিয়া প্রতিদিনে তোমালোক অবিৰাম ভাবে আতঙ্কত থাকা। সেই অত্যাচাৰীবোৰৰ ক্ৰোধ ক’ত?
14 Baldaŭ la kaptito estos liberigita, ke li ne mortu en la kavo kaj ne manku al li pano.
১৪যিজন লোক নম্র হ’ব, যিহোৱাই তেওঁক মুকলি কৰিবলৈ খৰধৰ কৰিব; তেওঁৰ মৃত্যু নহব আৰু নৰকলৈ নাযাব; অথবা তেওঁৰ আহাৰৰ অভাৱ নহব।
15 Mi estas la Eternulo, via Dio, kiu kvietigas la maron, kiam bruas ĝiaj ondoj, kaj kies nomo estas Eternulo Cebaot.
১৫কাৰণ মই তোমালোকৰ ঈশ্বৰ যিহোৱা, যি জনাই ঢৌবোৰে গর্জ্জন কৰিবৰ বাবে, সাগৰক আন্দোলিত কৰে, তেওঁৰেই নাম বাহিনীসকলৰ যিহোৱা।
16 Mi metis Miajn vortojn en vian buŝon kaj kovris vin per la ombro de Mia mano, por aranĝi la ĉielon kaj doni fundamenton al la tero, kaj por diri al Cion: Vi estas Mia popolo.
১৬মই আকাশ-মণ্ডলক স্থাপন কৰিব পাৰোঁ, পৃথিবীৰ আধাৰশিলা স্হাপন কৰোঁ, আৰু চিয়োনক ক’ও ‘তোমালোকেই মোৰ লোকসকল,’ সেই বাবে মোৰ বাক্য তোমালোকৰ মুখত থলোঁ, আৰু মোৰ হাতৰ ছাঁত তোমালোকক ঢাকি ৰাখিলোঁ।”
17 Vekiĝu, vekiĝu, leviĝu, ho Jerusalem, vi, kiu trinkis el la mano de la Eternulo la kalikon de Lia kolero; la ŝaŭmantan ebriigantan kalikon vi eltrinkis ĝis la fundo.
১৭যিহোৱাৰ হাতৰ পৰা তেওঁৰ ক্ৰোধৰ পান-পাত্ৰ পান কৰা; হে যিৰূচালেম, সজাগ হোৱা, সজাগ হোৱা, ঠিয় হোৱা; তোমালোকে পান-পাত্র পান কৰিছা, ঢলংপলং কৰোঁতা পান-পাত্ৰ, আৰু তোমালোকে তাক উলিয়াইছা।
18 El ĉiuj filoj, kiujn ŝi naskis, neniu ŝin gvidis; el ĉiuj filoj, kiujn ŝi edukis, neniu tenis ŝin je la mano.
১৮তেওঁ জন্ম দিয়া সন্তান সকলৰ মাজৰ কোনো এজন নাই তেওঁক পথ দেখুৱাবলৈ; যিসকল সন্তান তেওঁ ডাঙৰ-দীঘল কৰিলে তেওঁলোকৰ মাজত কোনো এজন নাই তেওঁক হাতত ধৰি নিবলৈ।
19 Tio ambaŭ vin trafis; kiu kompatis vin? ruinado kaj malfeliĉo, malsato kaj glavo; per kiu mi povus konsoli vin?
১৯এই দুই ঘটনা তোমোলোকলৈ ঘটিল- কোনে তোমালোকৰ বাবে বিলাপ কৰিব?- জনশুণ্য ঠাই আৰু ধ্বংস, আকাল আৰু তৰোৱাল। কোনে তোমালোকক শান্ত্বনা দিব?
20 Viaj filoj senfortiĝis, kuŝis ĉe la komenco de ĉiuj stratoj kiel cervo en reto, plenaj de la kolero de la Eternulo, de la indigno de via Dio.
২০জালত পৰা হৰিণৰ দৰে তোমালোকৰ সন্তান সকল অচেতন হ’ল, তেওঁলোক প্ৰত্যেক আলিৰ চুকত পৰি ৰ’ল; তেওঁলোক যিহোৱাৰ ক্ৰোধ আৰু ঈশ্বৰৰ তিৰস্কাৰেৰে পৰিপূৰ্ণ।
21 Tial aŭskultu ĉi tion, vi, mizerulino kaj ebriulino, sed ne de vino:
২১নিপীড়িত আৰু মতলীয়া হোৱা জন, কিন্তু দ্ৰাক্ষাৰসেৰে নহয়, এতিয়া এই কথা শুনা:
22 tiele diras via Sinjoro, la Eternulo, kaj via Dio, kiu defendas Sian popolon: Jen Mi prenis el via mano la ebriigan kalikon, la ŝaŭmantan kalikon de Mia kolero; vi ne plu trinkos ĝin;
২২তোমালোকৰ ঈশ্বৰ, তোমালোকৰ প্ৰভু যিহোৱা, যিজনে তেওঁৰ লোকসকলৰ বাবে মিনতি কৰে, তেওঁ এই কথা কৈছে: “চোৱা মই ঢলংপলং কৰা পান-পাত্ৰৰ পৰা তোমালোকৰ হাত ললোঁ, এনে কি, মোৰ ক্ৰোধৰ পান-পাত্ৰৰ পৰাও ললোঁ, তোমালোকে পুনৰ তাক পান নকৰিবা।
23 kaj Mi transdonos ĝin en la manon de viaj turmentantoj, kiuj diris al via animo: Klinu vin, por ke ni transiru; kaj vi faris el via dorso kvazaŭ teron, kvazaŭ straton por pasantoj.
২৩মই তোমালোকৰ উৎপীড়ক জনৰ হাতত তাক দিম; যিসকলে তোমালোকক কৈছিল, ‘উবুৰি হৈ পৰা, যাতে আমি তোমালোকৰ ওপৰেৰে যাব পাৰোঁ,’ আৰু তেওঁলোকে খোজ কাঢ়িব পৰাকৈ তোমালোকৰ পিঠি মাটিৰ দৰে আৰু বাটৰ দৰে কৰা।” আলি স্বৰূপে তোমাৰ পিঠি পাতি দিলা।