< 2 Petro 3 >
1 Jam ĉi tiun duan epistolon, amataj, mi skribas al vi; en ambaŭ mi instigas vian sinceran menson per rememorigo;
১হে প্ৰিয় সকল, মই আপোনালোকলৈ লিখা এইখন দ্বিতীয় পত্ৰ; এই উভয়ৰ দ্বাৰাই সোঁৱৰণ কৰাই আপোনালোকৰ নিৰ্মল মনক চেতনা দিছোঁ;
2 por ke vi memoru la antaŭdirojn de la sanktaj profetoj, kaj la ordonon de la Sinjoro kaj Savanto per viaj apostoloj;
২পবিত্ৰ ভাৱবাদী সকলে পূৰ্বতে কোৱা কথাবোৰ আৰু আপোনালোকৰ পাঁচনি সকলে পোৱা ত্ৰাণকৰ্তা প্ৰভুৰ আজ্ঞা আপোনালোকে যেন সোঁৱৰণ কৰে, তাৰ বাবে এই পত্ৰ লিখিছোঁ।
3 unue sciante, ke en la lastaj tagoj mokemuloj venos kun mokado, irante laŭ siaj propraj voluptoj,
৩প্ৰথমে ইয়াকে জানিব যে, শেষ-কালত বিদ্ৰূপত আসক্ত বিদ্ৰূপকাৰী লোকবোৰ উপস্থিত হ’ব; তেওঁলোকে নিজ নিজ কু-অভিলাষ অনুসাৰে চলিব৷
4 kaj dirante: Kie estas la anonco de lia alveno? ĉar de kiam la patroj endormiĝis, ĉio restas kiel de post la komenco de la kreo.
৪তেওঁলোকে ক’ব, “আমাৰ পিতৃৰ আগমণৰ প্ৰতিজ্ঞা কি হ’ল? কাৰণ আমি জানো আমাৰ পিতৃপুৰুষ মৰাৰ সময়ৰ পৰা, এনে কি সৃষ্টিৰ অাদিৰে পৰা একেদৰেই ঘটি আছে৷”
5 Ĉar ili volonte forgesas, ke ĉielo ekzistis de antikve, kaj tero kunmetita el akvo kaj meze de akvo, laŭ la vorto de Dio;
৫কাৰণ তেওঁলোকে পুর্বে কি ঘটিছিল তাক স্মৰণ নকৰি পাহৰি গ’ল৷ প্ৰথমে যে আকাশমণ্ডল জলৰ পৰা আৰু জলৰ দ্বাৰাই পৃথিৱী আৰু ঈশ্বৰৰ মুখৰ বাক্যৰ দ্বাৰাই সকলো সৃষ্টি হ’ল৷
6 per kio la tiama mondo, diluvite, pereis;
৬আৰু এই সময়তেই ঈশ্বৰৰ বাক্যৰ দ্বাৰাই জগত জলপ্লাবিত হৈ বিনষ্ট হৈছিল;
7 sed la nuna ĉielo kaj la tero per la sama vorto estas destinitaj por fajro, rezervate ĝis la tago de juĝo kaj pereo de malpiuloj.
৭একে বাক্যৰ গুণে বৰ্তমান এই কালৰ আকাশমণ্ডল আৰু পৃথিৱী জুইৰ দ্বাৰাই ধ্বংস হবলৈ সংৰক্ষণ হৈছে, এইদৰে ভক্তিহীন মানুহবোৰো বিচাৰ আৰু বিনাশ হোৱাৰ দিনলৈকে ৰক্ষিত হৈ অাছে৷
8 Sed ne forgesu ĉi tiun unu aferon, amataj, ke ĉe la Sinjoro unu tago estas kiel mil jaroj, kaj mil jaroj kiel unu tago.
৮কিন্তু, প্ৰিয় সকল, আপোনালোকে এই কথা নাপাহৰিব যে ঈশ্বৰৰ আগত এদিনেই হাজাৰ বছৰৰ নিচিনা আৰু হাজাৰ বছৰেই এদিনৰ নিচিনা।
9 La Sinjoro ne malrapidas pri la promeso, kiel iuj malrapidecon kalkulas; sed paciencas al vi, volante, ne ke iuj pereu, sed ke ĉiuj venu al pento.
৯প্ৰভুৱে নিজ প্ৰতিজ্ঞাৰ কথাত তেনে পলম নকৰে; কোনোৱে যদি পলম কৰা বুলি ভাবে, এনে নহয় ঈশ্বৰে কোনো এজনো যাতে বিনষ্ট নহয়, কিন্তু সকলোৱে যেন মন-পালটন কৰে সেয়ে তেওঁ আমাৰ কাৰণে ধৈর্য ধৰি আছে৷
10 Sed la tago de la Sinjoro venos, kvazaŭ ŝtelisto; en tiu tago la ĉielo forpasos kun muĝa bruego, kaj la elementoj brulante solviĝos, kaj la tero kaj la faritaĵoj en ĝi forbrulos.
১০কিন্তু চোৰৰ অহাৰ দৰে প্ৰভুৰ দিন আহিব, সেইদিনা আকাশমণ্ডল ডাঙৰ শব্দ কৰি গুচি যাব৷ আকাশৰ সকলো বস্তু জুইত জ্বলি ধ্বংস হব; পৃথিৱী আৰু তাৰ সকলো বস্তু পোৰা যাব।
11 Ĉar tiamaniere ĉio tio solviĝos, kiaj homoj vi do devus esti en sankta konduto kaj pieco,
১১এইদৰে আটাইবোৰ ধ্বংস হবলৈ যোৱা দেখি, আপোনালোকে চিন্তা কৰকচোন, পবিত্ৰ ভক্তি আৰু আচাৰ-ব্যৱহাৰৰ যোগেদি আপোনালোক কেনেকুৱা লোক হোৱা উচিত?
12 atendante kaj akcelante la alvenon de la tago de Dio, pro kio la ĉielo flamanta solviĝos, kaj la elementoj per fajra brulado fluidiĝos?
১২পৰম আগ্ৰহেৰে ঈশ্বৰৰ সেই দিনৰ অপেক্ষাত থকা কাৰণে আকাশমণ্ডল পুৰি লয়প্ৰাপ্ত হ’ব আৰু মূলবস্তুবোৰ দগ্ধ হৈ গলি যাব।
13 Sed laŭ Lia promeso ni atendas novan ĉielon kaj novan teron, en kiuj loĝas justeco.
১৩কিন্তু তেওঁৰ প্ৰতিজ্ঞাৰ দৰে, আমি নতুন আকাশমণ্ডল আৰু নতুন পৃথিৱীলৈ অপেক্ষা কৰি আছোঁ; সেইবোৰত ধাৰ্মিকতা নিবাস কৰে।
14 Tial, amataj, tion atendante, klopodu troviĝi en paco, senmakulaj kaj neriproĉindaj antaŭ Li.
১৪এতেকে, হে প্ৰিয় সকল, আপোনালোকে এই সকলো ঘটনা ঘটিব বুলি অপেক্ষা কৰি আছে, সেয়েহে আপোনালোকে যেন ঈশ্বৰৰ লগত নিষ্কলঙ্ক আৰু নিৰ্দোষী হৈ শান্তিৰে থাকিব পাৰে, তাৰ কাৰণে যত্ন কৰক।
15 Kaj rigardu la paciencon de nia Sinjoro kiel savon; kiel ankaŭ nia amata frato Paŭlo, laŭ la saĝeco donita al li, jam skribis al vi,
১৫মনত ৰাখিব, আমাৰ ঈশ্বৰৰ দীৰ্ঘ-সহিষ্ণুতাই আপোনালোকক পৰিত্রাণৰ সময় দিছে; এইদৰে আমাৰ প্ৰিয় ভাই পৌলেও ঈশ্বৰে দিয়া জ্ঞান অনুসাৰে আপোনালোকলৈ লিখিলে;
16 kiel ankaŭ en ĉiuj siaj epistoloj, parolante en ili pri ĉi tio; en kiuj estas iuj aferoj malfacile kompreneblaj, kiujn la malkleruloj kaj malkonstantuloj tordas, kiel ankaŭ la ceterajn skribaĵojn, al sia propra pereo.
১৬আৰু এইবোৰ বিষয়ৰ প্ৰসঙ্গ কৰি সকলো পত্ৰত লিখিলে; কোনো কোনো ঠাইত বুজিবলৈ টান কথা আছে; অজ্ঞ আৰু বিশ্বাসত দুর্ব্বল মানুহবোৰে শাস্ত্ৰৰ অন্যান্য কথাৰ যেনেকৈ বিকৃত অর্থ কৰে, তেনেকৈ পৌলৰ কথাৰ বিকৃত অর্থ কৰি নিজকেই বিনাশৰ পথত লৈ যায়।
17 Vi do, amataj, ĉi tion antaŭsciante, gardu vin, por ke vi ne forlogiĝu per la eraro de la pekuloj, kaj ne defalu de via propra konstanteco.
১৭এতেকে, হে প্ৰিয় সকল, আপোনালোকে এই সকলো বিষয় আগেয়ে জানি সাৱধানে থাকক, আপোনালোক অনৈতিক কাৰ্য কৰা লোকৰ ভ্ৰান্তি পথত নাযাব, নিজ বিশ্বাসৰ স্থিৰতাৰ পৰা যেন পতিত নহয়, এই কাৰণে সাৱধানে থাকক।
18 Sed kresku en graco kaj scio de nia Sinjoro kaj Savanto Jesuo Kristo. Al li estu la gloro nun kaj ĝis la tago de eterneco. Amen. (aiōn )
১৮আমাৰ প্ৰভু আৰু ত্ৰাণকৰ্তা যীচু খ্ৰীষ্টৰ অনুগ্ৰহত আৰু জ্ঞানত বাঢ়ি বাঢ়ি যাওঁক। এতিয়া আৰু চিৰকাললৈকে তেওঁৰ মহিমা হওক। আমেন। (aiōn )