< 2 Kroniko 11 >
1 Kiam Reĥabeam venis en Jerusalemon, li kolektis el la domo de Jehuda kaj de Benjamen cent okdek mil elektitajn militistojn, por militi kontraŭ Izrael, por revenigi la regnon al Reĥabeam.
১ৰহবিয়ামে যেতিয়া যিৰূচালেমলৈ আহিল, তেতিয়া ৰহবিয়ামে ৰাজ্য পুনৰাই নিজৰ অধীনলৈ আনিবৰ বাবে ইস্ৰায়েলৰ বিৰুদ্ধে যুদ্ধ কৰিবৰ বাবে যিহূদা আৰু বিন্যামীন গোষ্ঠীৰ পৰা এক লাখ আশী হাজাৰ মনোনীত সৈনিক গোটালে।
2 Sed aperis vorto de la Eternulo al Ŝemaja, homo de Dio, dirante:
২কিন্তু ঈশ্বৰৰ লোক চময়িয়াৰ ওচৰলৈ যিহোৱাৰ বাক্য আহিল, বোলে,
3 Diru al Reĥabeam, filo de Salomono, reĝo de Judujo, kaj al ĉiuj Izraelidoj en la lando de Jehuda kaj de Benjamen jene:
৩“তুমি যিহূদাৰ ৰজা চলোমনৰ পুত্ৰ ৰহবিয়ামক আৰু যিহূদা ও বিন্যামীনত থকা গোটেই ইস্ৰায়েলক কোৱা,
4 Tiele diras la Eternulo: Ne iru kaj ne militu kontraŭ viaj fratoj; reiru ĉiu al sia domo, ĉar de Mi estas farita ĉi tiu afero. Kaj ili obeis la vortojn de la Eternulo, kaj rifuzis iri kontraŭ Jerobeamon.
৪‘যিহোৱাই এই কথা কৈছে: তোমালোকে নিজ ভাইসকলৰ বিৰুদ্ধে যুদ্ধ নকৰিবা৷ প্ৰতিজনে নিজ নিজ ঘৰলৈ ঘূৰি যাব লাগিব কিয়নো মোৰ দ্বাৰাইহে এই কথা হৈছে’৷” তেতিয়া তেওঁলোকে যিহোৱাৰ বাক্যলৈ কাণ দিলে আৰু যাৰবিয়ামৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ যোৱাৰ পৰা উভতি গ’ল।
5 Reĥabeam loĝis en Jerusalem, kaj li konstruis fortikaĵojn en la urboj de Judujo.
৫ৰহবিয়ামে যিৰূচালেমত বাস কৰি দেশ ৰক্ষাৰ অৰ্থে যিহূদাত নানা নগৰ সাজিলে।
6 Li prikonstruis Bet-Leĥemon, Etamon, Tekoan,
৬তেওঁ বৈৎলেহেম, এটম, তকোৱা,
7 Bet-Curon, Soĥon, Adulamon,
৭বৈৎ-চুৰ, চোকো, অদুল্লম,
9 Adoraimon, Laĥiŝon, Azekan,
৯অদোৰয়িম, লাখীচ, অজেকা,
10 Corean, Ajalonon, kaj Ĥebronon, kiuj estis urboj fortikigitaj en la lando de Jehuda kaj de Benjamen.
১০চৰা, অয়ালোন, হিব্ৰোণ আদি যিহূদাত আৰু বিন্যামীনত থকা এইবোৰ নগৰ গড়েৰে আবৃত কৰি সুসজ্জিত কৰিলে।
11 Li fortigis tiujn fortikaĵojn kaj starigis tie estrojn, aranĝis provizejojn de manĝaĵoj, oleo, kaj vino.
১১তেওঁ এই আটাইবোৰ দুৰ্গ সুসজ্জিত কৰি, সেই বোৰৰ মাজত সেনাপতিসকলক ৰাখিলে আৰু খোৱা বস্তু, তেল আৰু দ্ৰাক্ষাৰসৰ ভঁৰাল পাতিলে।
12 Kaj en ĉiu urbo li kolektis ŝildojn kaj lancojn, kaj tre fortigis ilin. Kaj Jehuda kaj Benjamen restis liaj.
১২তেওঁ প্ৰত্যেক নগৰত ঢাল আৰু বৰচা ৰাখিলে আৰু নগৰবোৰ অতি সুসজ্জিত কৰিলে। যিহূদা আৰু বিন্যামীন তেওঁৰ অধীনত আছিল।
13 La pastroj kaj Levidoj, kiuj estis en la tuta lando de Izrael, kolektiĝis al li el ĉiuj siaj regionoj;
১৩গোটেই ইস্ৰায়েলৰ মাজত যি যি পুৰোহিত আৰু লেবীয়াসকল আছিল, তেওঁলোকে তেওঁলোকৰ সকলো অঞ্চলৰ পৰা তেওঁৰ ওচৰলৈ আহিল।
14 la Levidoj forlasis siajn antaŭurbojn kaj sian posedaĵon kaj iris en Judujon kaj Jerusalemon, ĉar Jerobeam kaj liaj filoj forpuŝis ilin de la pastrado al la Eternulo.
১৪কিয়নো লেবীয়াসকলে নিজ নিজ চৰণীয়া ঠাই আৰু নিজ নিজ উত্তৰাধীকাৰ এৰি যিহূদা আৰু যিৰূচালেমলৈ আহিল কিয়নো যাৰবিয়াম আৰু তেওঁৰ পুত্ৰসকলে তেওঁলোকক যিহোৱাৰ উদ্দেশ্যে পুৰোহিতৰ কৰ্ম কৰিবলৈ নিদি তেওঁলোকক খেদি দিছিল৷
15 Li starigis ĉe si pastrojn por la altaĵoj, por la kaproj kaj bovidoj, kiujn li faris.
১৫যাৰবিয়ামে তেওঁৰ নিজৰ কাৰণে নিজে সজা দামুৰি আৰু ছাগলীৰ প্ৰতিমা আৰু তাৰ বাবে পুৰোহিতসকলক পবিত্ৰ ঠাইবোৰৰ কাৰণে নিযুক্ত কৰিছিল।
16 Post ili el ĉiuj triboj de Izrael tiuj homoj, kiuj havis la inklinon turnadi sin al la Eternulo, Dio de Izrael, venadis en Jerusalemon, por fari oferojn al la Eternulo, Dio de iliaj patroj.
১৬ইস্ৰায়েলৰ সকলো ফৈদৰ লোকসকলৰ মাজত, যিসকলৰ ঈশ্বৰ যিহোৱাক বিচাৰিবৰ মন আছিল, তেওঁলোকে লেবীয়াসকলৰ অনুগামী হৈ তেওঁলোকৰ ওপৰ পিতৃসকলৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে বলিদান কৰিবলৈ যিৰূচালেমলৈ আহিল।
17 Kaj ili fortigadis la regnon de Judujo, kaj subtenadis Reĥabeamon, filon de Salomono, dum tri jaroj; ĉar ili iradis laŭ la vojo de David kaj Salomono dum tri jaroj.
১৭এইদৰে তেওঁলোকে তিনি বছৰলৈকে যিহূদাৰ ৰাজ্য শক্তিশালী কৰিলে আৰু চলোমনৰ পুত্ৰ ৰহবিয়ামক সবল কৰিলে - কিয়নো তিনি বছৰলৈকে তেওঁলোকে দায়ুদ আৰু চলোমনৰ পথত চলিছিল।
18 Reĥabeam prenis al si kiel edzinon Maĥalaton, filinon de Jerimot, filo de David, kaj de Abiĥail, filino de Eliab, filo de Jiŝaj.
১৮ৰহবিয়ামে দায়ূদৰ পুত্ৰ যিৰিমোতৰ জীয়েক মহলতক বিয়া কৰিলে। যিচয়ৰ পুত্ৰ ইলীয়াবৰ জীয়েক অবিহয়িল তাইৰ মাক আছিল।
19 Ŝi naskis al li filojn: Jeuŝ, Ŝemarja, kaj Zaham.
১৯সেই মহিলা মহলতে যিয়ুচ, চমৰিয়া আৰু জহম, এইকেইজন পুত্ৰ তেওঁলৈ প্ৰসৱ কৰিলে।
20 Post ŝi li prenis Maaĥan, filinon de Abŝalom; kaj ŝi naskis al li Abijan, Atajon, Zizan, kaj Ŝelomiton.
২০মহলতৰ পাছত তেওঁ অবচালোমৰ জীয়েক মাখাক বিয়া কৰিলে; এই মহিলা মাথাই তেওঁলৈ অবিয়া, অত্তয়, জীজা আৰু চলোমীতক প্ৰসৱ কৰিলে।
21 Reĥabeam amis Maaĥan, filinon de Abŝalom, pli ol ĉiujn siajn edzinojn kaj kromvirinojn; ĉar li havis dek ok edzinojn kaj sesdek kromvirinojn, kaj li naskigis dudek ok filojn kaj sesdek filinojn.
২১ৰহবিয়ামে তেওঁৰ সকলো পত্নী আৰু উপপত্নীৰ মাজত অবচালোমৰ জীয়েক মাখাক সকলোতকৈ ভাল পাইছিল কিয়নো তেওঁৰ ওঠৰ গৰাকী পত্নী আৰু ষাঠী গৰাকী উপপত্নী গ্ৰহণ কৰিছিল; আৰু আঠাইশজন পুতেক আৰু ষাঠিজন জীয়েকৰ পিতৃ হৈছিল৷
22 Reĥabeam starigis Abijan, filon de Maaĥa, kiel ĉefon, kiel princon inter liaj fratoj, intencante fari lin reĝo.
২২পাছত ৰহবিয়ামে মাখাৰ পুত্ৰ অবিয়াক প্ৰধান অৰ্থাৎ নিজৰ ভাইসকলৰ মাজত অধ্যক্ষ পাতিলে; কিয়নো তেওঁক ৰজা পাতিবলৈ তেওঁ মন কৰিছিল।
23 Li agadis prudente; li dissendis ĉiujn siajn filojn en ĉiujn regionojn de Jehuda kaj de Benjamen, en ĉiujn fortikigitajn urbojn; li donis al ili grandajn vivrimedojn kaj prenis por ili multe da edzinoj.
২৩ৰহবিয়ামে জ্ঞানেৰে ৰাজত্ৱ কৰিলে; যিহূদা আৰু বিন্যামীন দেশৰ সকলোফালে, তেওঁৰ সকলো পুত্ৰসকলক, গড়েৰে আবৃত থকা প্ৰত্যেক নগৰত বেলেগ বেলেগকৈ নিযুক্ত কৰিলে; আৰু তেওঁলোকক অধিক খোৱা বস্তু দিলে আৰু তেওঁলোকৰ বাবে অনেক পত্নী বিচাৰি দিলে৷