< 1 Kroniko 15 >
1 Li konstruis al si domojn en la urbo de David, kaj pretigis lokon por la kesto de Dio, kaj etendis tendon super ĝi.
১তাৰ পাছত দায়ূদে নিজৰ বাবে দায়ূদৰ নগৰত ঘৰবোৰ নিৰ্ম্মাণ কৰিলে। তেওঁ ঈশ্বৰৰ নিয়ম-চন্দুকৰ বাবে ঠাই যুগুত কৰিলে আৰু তাৰ বাবে এটা তম্বু তৰিলে।
2 Tiam David diris: Neniu portu la keston de Dio krom la Levidoj; ĉar ilin la Eternulo elektis, por ke ili portu la keston de Dio kaj servu al Li eterne.
২তেতিয়া দায়ূদে ক’লে, “ঈশ্বৰৰ নিয়ম-চন্দুক কেৱল লেবীয়াসকলে বব পাৰিব, কাৰণ যিহোৱাই নিয়ম-চন্দুক ববলৈ আৰু সদা-সৰ্ব্বদাই তেওঁৰ পৰিচৰ্যা কৰিবলৈ তেওঁলোকক মনোনীত কৰিছে।”
3 Kaj David kunvenigis ĉiujn Izraelidojn en Jerusalemon, por porti la keston de la Eternulo sur ĝian lokon, kiun li pretigis por ĝi.
৩দায়ূদে যি ঠাই যুগুত কৰিছিল, সেই ঠাইলৈ যিহোৱাৰ নিয়ম-চন্দুক আনিবৰ বাবে তেওঁ ইস্ৰায়েলৰ সকলো লোকক যিৰূচালেমত গোট খোৱালে।
4 Kaj David kunvenigis la idojn de Aaron kaj la Levidojn:
৪দায়ূদে হাৰোণৰ বংশধৰসকলক আৰু লেবীয়াসকলক এক গোট কৰিলে।
5 el la idoj de Kehat estis: la estro Uriel kaj liaj fratoj, cent dudek;
৫কহাতৰ বংশধৰসকলৰ মাজৰ মুখ্য লোক উৰীয়েল, আৰু তেওঁৰ সম্বন্ধীয়সকল এশ বিশ জন আছিল।
6 el la idoj de Merari: la estro Asaja kaj liaj fratoj, ducent dudek;
৬মৰাৰীৰ বংশধৰসকলৰ মাজৰ মুখ্য লোক অচায়া, আৰু তেওঁৰ সম্বন্ধীয়সকল দুশ বিশ জন আছিল।
7 el la idoj de Gerŝon: la estro Joel kaj liaj fratoj, cent tridek;
৭গেৰ্চোমৰ বংশধৰসকলৰ মাজৰ মুখ্য লোক যোৱেল, আৰু তেওঁৰ সম্বন্ধীয়সকল এশ ত্ৰিশ জন আছিল।
8 el la idoj de Elicafan: la estro Ŝemaja kaj liaj fratoj, ducent;
৮ইলিচাফনৰ বংশধৰসকলৰ মাজৰ মুখ্য লোক চময়িয়া, আৰু তেওঁৰ সম্বন্ধীয়সকল দুশ জন আছিল।
9 el la idoj de Ĥebron: la estro Eliel kaj liaj fratoj, okdek;
৯হিব্ৰোণৰ বংশধৰসকলৰ মাজৰ মুখ্য লোক ইলীয়েল, আৰু তেওঁৰ সম্বন্ধীয়সকল আশী জন আছিল।
10 el la idoj de Uziel: la estro Aminadab kaj liaj fratoj, cent dek du.
১০উজ্জীয়েলৰ বংশধৰসকলৰ মাজৰ মুখ্য লোক অম্মীনাদব, আৰু তেওঁৰ সম্বন্ধীয়সকল এশ বাৰ জন আছিল।
11 Kaj David alvokis la pastrojn Cadok kaj Ebjatar, kaj la Levidojn Uriel, Asaja, Joel, Ŝemaja, Eliel, kaj Aminadab;
১১দায়ূদে চাদোক আৰু অবিয়াথৰ পুৰোহিতক, আৰু লেবীয়া উৰীয়েল, অচায়া, যোৱেল, চময়িয়া, ইলীয়েল, আৰু অম্মীনাদবক মাতিলে।
12 kaj li diris al ili: Vi, ĉefoj de patrodomoj de la Levidoj, sanktigu vin kaj viajn fratojn, kaj alportu la keston de la Eternulo, Dio de Izrael, sur la lokon, kiun mi pretigis por ĝi;
১২তেওঁ তেওঁলোকক ক’লে, “তোমালোক লেবীয়াসকলৰ বংশৰ মূল মানুহ। মই ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ নিয়ম-চন্দুকৰ বাবে যি ঠাই যুগুত কৰিছোঁ, সেই ঠাইলৈ যাতে এই নিয়ম-চন্দুক আনিব পাৰোঁ, তাৰ বাবে তুমি আৰু তোমাৰ ভাইসকলে নিজকে পবিত্ৰ কৰা।
13 ĉar antaŭe, kiam ne vi tion faris, la Eternulo, nia Dio, frapis nin pro tio, ke ni serĉis Lin ne tiel, kiel oni devas.
১৩প্রথম বাৰ তোমালোকে তাক বৈ অনা নাই। এই কাৰণে আমাৰ ঈশ্বৰ যিহোৱাই আমাক আঘাত কৰিলে। কাৰণ আমি তেওঁৰ আজ্ঞা অনুসাৰে তেওঁক বিচাৰা নাছিলোঁ বা বাধ্য হোৱা নাছিলোঁ।”
14 Kaj sanktigis sin la pastroj kaj la Levidoj, por porti la keston de la Eternulo, Dio de Izrael.
১৪সেয়ে পুৰোহিত আৰু লেবীয়াসকলে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ নিয়ম-চন্দুক আনিবৰ বাবে নিজকে পবিত্ৰ কৰিলে।
15 Kaj la idoj de Levi ekportis la keston de Dio, kiel ordonis Moseo laŭ la vorto de la Eternulo, sur siaj ŝultroj, per stangoj sur ili.
১৫যিহোৱাৰ বাক্য অনুসাৰে মোচিয়ে যেনেকৈ আজ্ঞা কৰিছিল, তেনেকৈ লেবীয়াসকলে কাঠৰ দীঘল মাৰিৰে নিজৰ কান্ধত যিহোৱাৰ নিয়ম-চন্দুক বৈ ল’লে।
16 Kaj David diris al la estroj de la Levidoj, ke ili starigu siajn fratojn la kantistojn kun muzikaj instrumentoj, psalteroj, harpoj, kaj laŭtaj cimbaloj, por ke alte aŭdiĝu la sonoj de ĝojo.
১৬দায়ূদে লেবীয়াসকলৰ মুখ্য লোকসকলক ক’লে, যে, তেওঁলোকৰ বাদ্যকৰ ভাইসকলক বাদ্যযন্ত্রৰ সৈতে নেবল, বীণা, আৰু তাল বজাই মহা-ধ্বনি কৰি আৰু আনন্দেৰে উচ্চ-স্ৱৰে গীত-গান কৰিবলৈ নিযুক্ত কৰক।
17 Kaj la Levidoj starigis Hemanon, filon de Joel, kaj el liaj fratoj Asafon, filon de Bereĥja, kaj el la idoj de Merari, siaj fratoj, Etanon, filon de Kuŝaja;
১৭সেয়ে লেবীয়াসকলে যোৱেলৰ পুত্ৰ হেমনক আৰু তেওঁৰ ভায়েকৰ মাজৰ এজন, বেৰেখিয়াৰ পুত্ৰ আচফক, তেওঁলোক মৰাৰীৰ বংশধৰৰ সম্বন্ধীয় আৰু কুচায়াৰ পুত্ৰ এথনকো নিযুক্ত কৰিছিল।
18 kaj kun ili iliajn duagradajn fratojn: Zeĥarja, Ben, Jaaziel, Ŝemiramot, Jeĥiel, Uni, Eliab, Benaja, Maaseja, Matitja, Eliflehu, Mikneja, Obed-Edom, kaj Jeiel, kiel pordegistojn.
১৮তেওঁলোকৰ লগত তেওঁলোকৰ দ্বিতীয় শ্ৰেণীৰ সম্বন্ধীয়: জখৰিয়া, বেন, যাজীয়েল, চমীৰামোৎ, যিহীয়েল, উন্নী, ইলীয়াব, বনায়া, মাচেয়া, মত্তিথিয়া, ইলীফলেহু, মিক্নেয়া, ওবেদ-ইদোম আৰু দুৱৰী যিয়ীয়েলক নিযুক্ত কৰিলে।
19 La kantistoj Heman, Asaf, kaj Etan estis por ludado sur kupraj cimbaloj;
১৯বাদ্যকৰ হেমন, আচফ, আৰু এথনক পিতলৰ তালেৰে মহা-ধ্বনি কৰিবলৈ নিযুক্ত কৰিছিল,
20 Zeĥarja, Aziel, Ŝemiramot, Jeĥiel, Uni, Eliab, Maaseja, kaj Benaja — sur psalteroj, por sopranuloj;
২০জখৰিয়া, অজীয়েল, চমীৰামোৎ, যিহীয়েল, উন্নী, ইলীয়াব, মাচেয়া, আৰু বনায়া, এওঁলোকক অলামোৎ সুৰত বেহেলা বজাবলৈ,
21 Matitja, Eliflehu, Mikneja, Obed-Edom, Jeiel, kaj Azazja — sur harpoj, por basuloj, por antaŭkanti;
২১মত্তিথিয়া, ইলীফলেহু, মিক্নেয়া, ওবেদ-ইদোম, যিয়ীয়েল, আৰু অজজীয়াক চিমিনীৎ সুৰত বীণা বজাবলৈ প্ৰধান বাদ্যকৰ হ’বলৈ নিযুক্ত কৰা হ’ল।
22 Kenanja, la estro de la Levidoj — por aranĝado; li aranĝadis la muzikon, ĉar li estis kompetentulo.
২২লেবীয়াসকলৰ মাজত কননিয়া মুখ্য গায়ক আছিল, তেওঁ গীত পৰিচালনা কৰিছিল, কাৰণ তেওঁ নিপুণ আছিল।
23 Bereĥja kaj Elkana estis pordogardistoj ĉe la kesto;
২৩বেৰেখিয়া আৰু ইলকানা নিয়ম-চন্দুকৰ ৰখীয়া আছিল।
24 Ŝebanja, Joŝafat, Netanel, Amasaj, Zeĥarja, Benaja, kaj Eliezer, la pastroj, trumpetadis per trumpetoj antaŭ la kesto de Dio; Obed-Edom kaj Jeĥija estis pordogardistoj ĉe la kesto.
২৪চবনিয়া, যোচাফট, নথনেল, অমাচয়, জখৰিয়া, বনায়া, আৰু ইলীয়েজৰ, পুৰোহিতসকলে ঈশ্বৰৰ নিয়ম-চন্দুকৰ সন্মুখত তূৰী বজাইছিল। ওবেদ-ইদোম আৰু যিহিয়া নিয়ম-চন্দুকৰ ৰখীয়া আছিল।
25 Tiamaniere iris David kaj la plejaĝuloj de Izrael kaj la milestroj, por transporti kun ĝojo la keston de interligo de la Eternulo el la domo de Obed-Edom.
২৫সেয়ে দায়ুদ, ইস্ৰায়েলৰ বৃদ্ধসকল, আৰু সহস্ৰপতিসকলে আনন্দ কৰি কৰি, ওবেদ-ইদোমৰ ঘৰৰ পৰা যিহোৱাৰ নিয়ম-চন্দুক আনিবলৈ গ’ল।
26 Kaj kiam Dio helpis al la Levidoj, kiuj portis la keston de interligo de la Eternulo, oni oferbuĉis sep bovojn kaj sep ŝafojn.
২৬যিহোৱাৰ নিয়ম-চন্দুক বৈ আনিবলৈ লেবীয়াসকলক ঈশ্বৰে সহায় কৰিছিল, আৰু তেওঁলোকে সতোটা ষাঁড়-গৰু আৰু সাতোটা মেৰ উৎসৰ্গ কৰিছিল।
27 David estis vestita per tuniko el delikata tolo, ankaŭ ĉiuj Levidoj, kiuj portis la keston, la kantistoj, kaj Kenanja, la estro de aranĝado de la ĥoroj; David ankaŭ havis sur si linan efodon.
২৭দায়ুদ, নিয়ম-চন্দুক বৈ অনা লেবীয়াসকল, গায়কসকল, আৰু গায়কসকলৰ লগত গীতৰ পৰিচালক কননিয়া, এওঁলোক সকলোৱে মিহি শণ সুতাৰ চোলা পিন্ধিছিল। দায়ূদে শণ সূতাৰ এফোদ কাপোৰ পিন্ধিছিল।
28 Kaj ĉiuj Izraelidoj akompanis la keston de interligo de la Eternulo, kun ĝojkrioj, kun sonado de korno, kun trumpetoj, laŭtaj cimbaloj, psalteroj, kaj harpoj.
২৮এইদৰে ইস্ৰায়েলৰ সকলোৱে মহা জয়-ধ্বনিৰে, শিঙাৰ শব্দেৰে, তালেৰে, বেহেলাৰে আৰু বীণাৰ মহা-ধ্বনিৰে যিহোৱাৰ নিয়ম-চন্দুক লৈ আহিছিল।
29 Kiam la kesto de interligo de la Eternulo venis al la urbo de David, Miĥal, filino de Saul, rigardis tra la fenestro; kaj kiam ŝi vidis, ke la reĝo David saltas kaj ludas, ŝi ekmalestimis lin en sia koro.
২৯কিন্তু যিহোৱাৰ নিয়ম-চন্দুক দায়ূদৰ নগৰত সোমাওঁতে, চৌলৰ জীয়েক মীখলে, খিড়িকিয়েদি চাই দেখিলে যে, দায়ুদ ৰজাই নাচি নাচি আনন্দ কৰি আছিল। তেতিয়া তেওঁ নিজৰ অন্তৰতে দায়ূদক হেয়জ্ঞান কৰিলে।