< Psalms 58 >

1 To the Overseer. — 'Destroy not.' — A secret treasure, by David. Is it true, O dumb one, righteously ye speak? Uprightly ye judge, O sons of men?
তোমালোকে বাস্তৱিকতে ধৰ্মৰ কথা কবলগীয়া সময়ত নীৰৱ হৈ থকা নাই নে? হে শাসকসকল, তোমালোকে জানো ন্যায় ভাৱে ন্যায় বিচাৰ কৰা?
2 Even in heart ye work iniquities, In the land the violence of your hands ye ponder.
বৰং তোমালোকৰ মনত অন্যায় আৰু দুষ্টতাৰ কার্য আছে; তোমালোকে পৃথিবীত নিজ হাতৰ উপদ্ৰৱেৰে অপৰাধ কৰিছা।
3 The wicked have been estranged from the womb, They have erred from the belly, speaking lies.
দুষ্টবোৰ গৰ্ভত থকাৰে পৰা বিপথগামী; তেওঁলোকে জন্ম হোৱা মাত্ৰে মিছা কথা কৈ বিপথগামী হয়।
4 Their poison [is] as poison of a serpent, As a deaf asp shutting its ear,
সাপৰ বিষৰ নিচিনা তেওঁলোকৰ বিষ; তেওঁলোক কলা কালসৰ্পৰ নিচিনাকৈ নিজ কাণ বন্ধ কৰি ৰাখিছে,
5 Which hearkeneth not to the voice of whisperers, A charmer of charms most skilful.
সেই সাপে যাদুকৰৰ মন্ত্ৰৰ স্বৰ নুশুনে, কোনো অসুবিধা নহয় যিমানেই দক্ষতাপূর্ণ হলেও তেওঁলোক সেই সৰ্পৰ নিচিনা।
6 O God, break their teeth in their mouth, The jaw-teeth of young lions break down, O Jehovah.
হে ঈশ্বৰ, তেওঁলোকৰ মুখৰ ভিতৰতেই দাঁত ভাঙিপেলোৱা; হে যিহোৱা, ডেকা সিংহবোৰৰ প্রধান দাঁত ভাঙি বাহিৰ কৰা।
7 They are melted as waters, They go up and down for themselves, His arrow proceedeth as they cut themselves off.
বেগাই বৈ যোৱা পানীৰ দৰে তেওঁলোক অদৃশ্য হওঁক; যেতিয়া তেওঁলোকে ধনুৰ কাঁড় পোনাই, তেতিয়া সেই কাঁড়বোৰ আগ ছিগা যেন হওক।
8 As a snail that melteth he goeth on, [As] an untimely birth of a woman, They have not seen the sun.
শামুকৰ গতিৰ নিচিনাকৈ তেওঁলোক অদৃশ্য হওক, সুৰ্য্য দেখিবলৈ নোপোৱা, মহিলাৰ অসময়ত ওপজা সন্তানৰ নিচিনা হওক।
9 Before your pots discern the bramble, As well the raw as the heated He whirleth away.
তোমালোকৰ পাত্রবোৰত কাঁইট খৰিৰ জুইৰ তাপ নাপাওঁতেই, তেওঁ সেইবোৰক ঘূর্ণি বতাহেৰে উড়াই নিব।
10 The righteous rejoiceth that he hath seen vengeance, His steps he washeth in the blood of the wicked.
১০ঈশ্বৰে যেতিয়া তেওঁলোকৰ ওপৰত প্রতিশোধ লোৱা ধাৰ্মিক লোকে দেখিব, তেতিয়া তাকে দেখি তেওঁলোকে আনন্দ কৰিব। তেওঁ নিজৰ ভৰি দুষ্টৰ তেজেৰে ধুব।
11 And man saith: 'Surely fruit [is] for the righteous: Surely there is a God judging in the earth!'
১১তাকে দেখি লোকসকলে ক’ব, “সচাঁকৈয়ে ধাৰ্মিক জনে পুৰস্কাৰ পাব; বাস্তৱিক পৃথিবীত বিচাৰ কৰিবলৈ ঈশ্বৰ আছে।”

< Psalms 58 >