< 1 Chronicles 6 >

1 Sons of Levi: Gershon, Kohath, and Merari.
লেবীৰ পুত্র গেৰ্চোন, কহাৎ, আৰু মৰাৰী।
2 And the sons of Kohath; Amram, Izhar, and Hebron, and Uzziel.
কহাতৰ পুত্র অম্ৰম, যিচহৰ, হিব্ৰোণ আৰু উজ্জীয়েল।
3 And sons of Amram: Aaron, and Moses, and Miriam. And sons of Aaron: Nadab, and Abihu, Eleazar, and Ithamar.
অম্ৰমৰ পুত্র হাৰোণ, মোচি, আৰু তেওঁৰ ছোৱালী মিৰিয়ম। হাৰোণৰ পুত্র নাদব, অবীহূ, ইলিয়াজৰ, আৰু ঈথামৰ।
4 Eleazar begat Phinehas, Phinehas begat Abishua,
ইলিয়াজৰৰ পুত্র পীনহচ, পীনহচৰ পুত্র অবীচুৱা।
5 and Abishua begat Bukki, and Bukki begat Uzzi,
অবীচুৱাৰ পুত্র বুক্কী, বুক্কীৰ পুতেক উজ্জী।
6 and Uzzi begat Zerahiah, and Zerahiah begat Meraioth,
উজ্জীৰ পুত্র জৰহীয়া, জৰহীয়াৰ পুত্র মৰায়োৎ।
7 Meraioth begat Amariah, and Amariah begat Ahitub,
মৰায়োতৰ পুত্র অমৰিয়া, অমৰিয়াৰ পুত্র অহীটুব।
8 and Ahitub begat Zadok, and Zadok begat Ahimaaz,
অহীটুবৰ পুত্র চাদোক, চাদোকৰ পুত্র অহীমাচ।
9 and Ahimaaz begat Azariah, and Azariah begat Johanan,
অহীমাচৰ পুত্র অজৰিয়া, অজৰিয়াৰ পুত্র যোহানন।
10 and Johanan begat Azariah, him who acted as priest in the house that Solomon built in Jerusalem.
১০যোহাননৰ পুত্র অজৰিয়া, অজৰিয়াই যিৰূচালেমত চলোমনে নিৰ্মাণ কৰা মন্দিৰত কাম কৰিছিল।
11 And Azariah begetteth Amariah, and Amariah begat Ahitub,
১১অজৰিয়াৰ পুত্র অমৰিয়া, অমৰিয়াৰ পুত্র অহীটুব।
12 and Ahitub begat Zadok, and Zadok begat Shallum,
১২অহীটুবৰ পুত্র চাদোক, চাদোকৰ পুত্র চল্লুম।
13 and Shallum begat Hilkiah, and Hilkiah begat Azariah,
১৩চল্লুমৰ পুত্র হিল্কিয়া, হিল্কিয়াৰ পুত্র অজৰিয়া;
14 and Azariah begat Seraiah, and Seraiah begat Jehozadak;
১৪অজৰিয়াৰ পুত্র চৰায়া, চৰায়াৰ পুত্র যিহোচাদক।
15 and Jehozadak hath gone in Jehovah's removing Judah and Jerusalem by the hand of Nebuchadnezzar.
১৫যি সময়ত যিহোৱাই নবূখদনেচৰৰ দ্বাৰাই যিহূদা আৰু যিৰূচালেমক বন্দী কৰিছিল, সেই সময়ত যিহোচাদককো বন্দী কৰি নিয়া হৈছিল।
16 Sons of Levi: Gershom, Kohath, and Merari.
১৬লেবীৰ পুত্র গেৰ্চোম, কহাৎ, আৰু মৰাৰী।
17 And these [are] names of sons of Gershom: Libni and Shimei.
১৭গেৰ্চোমৰ পুত্রসকলৰ নাম লিবনী আৰু চিমিয়ী।
18 And sons of Kohath: Amram, and Izhar, and Hebron, and Uzziel.
১৮কহাতৰ পুত্র অম্ৰম, যিচহৰ, হিব্ৰোণ, আৰু উজ্জীয়েল।
19 Sons of Merari; Mahli and Mushi. And these [are] families of the Levite according to their fathers;
১৯মৰাৰীৰ পুত্র মহলী আৰু মুচী। এওঁলোক পিতৃ-বংশ অনুসাৰে লেবীয়া গোষ্ঠীৰ লোক আছিল।
20 of Gershom: Libni his son, Jahath his son, Zimmah his son,
২০গেৰ্চোমৰ বংশধৰ লিবনী। লিবনীৰ পুত্ৰ যহৎ। যহতৰ পুত্র জিম্মা।
21 Joah his son, Iddo his son, Zerah his son, Jeaterai his son.
২১জিম্মাৰ পুত্র যোৱাহ। যোৱাহৰ পুত্র ইদ্দো। ইদ্দোৰ পুত্র জেৰহ। জেৰহৰ পুত্র যিয়থৰয়।
22 Sons of Kohath: Amminadab his son, Korah his son, Assir his son,
২২কহাতৰ বংশধৰ তেওঁৰ পুত্র অম্মীনাদব। অম্মীনাদবৰ পুত্র কোৰহ। কোৰহৰ পুত্র অচীৰ।
23 Elkanah his son, and Ebiasaph his son, and Assir his son,
২৩অচীৰৰ পুত্র ইলকানা। ইলকানাৰ পুত্র অবিয়াচফ। অবিয়াচফৰ পুত্র অচীৰ।
24 Tahath his son, Uriel his son, Uzziah his son, and Shaul his son.
২৪অচীৰৰ পুত্র তহৎ। তহতৰ পুত্র উৰীয়েল। উৰীয়েলৰ পুত্র উজ্জীয়া। উজ্জীয়াৰ পুত্র চৌল।
25 And sons of Elkanah; Amasai and Ahimoth.
২৫ইলকানাৰ পুত্র অমাচয়, অহীমোৎ আৰু ইলকানা।
26 Elkanah; sons of Elkanah: Zophai his son, and Nahath his son,
২৬দ্ৱিতীয় ইলকানাৰ পুত্র চফয়। চফয়ৰ পুত্র নহৎ।
27 Eliab his son, Jeroham his son, Elkanah his son.
২৭নহতৰ পুত্র ইলীয়াব। ইলীয়াবৰ পুত্র যিৰোহম। যিৰোহমৰ পুত্র ইলকানা।
28 And sons of Samuel: the first-born Vashni, and the second Abijah.
২৮চমূৱেলৰ প্ৰথম পুত্র যোৱেল, দ্বিতীয় পুত্র অবিয়া।
29 Sons of Merari: Mahli, Libni his son, Shimei his son, Uzzah his son,
২৯মৰাৰীৰ পুত্র মহলী। মহলীৰ পুত্র লিবনী। লিবনীৰ পুত্র চিমিয়ী।
30 Shimea his son, Haggiah his son, Asaiah his son.
৩০চিমিয়ীৰ পুত্র উজ্জা। উজ্জাৰ পুত্র চিমিয়া। চিমিয়াৰ পুত্র হগিয়া। হগিয়াৰ পুত্র অচায়া।
31 And these [are] they whom David stationed over the parts of the song of the house of Jehovah, from the resting of the ark,
৩১নিয়ম-চন্দুক জিৰণিৰ ঠাইলৈ অহাৰ পাছত, দায়ূদে যি লোকসকলক যিহোৱাৰ গৃহত সঙ্গীতৰ দ্বায়ীত্ব দিছিল, তেওঁলোকৰ নাম তলত উল্লেখ কৰা হ’ল।
32 and they are ministering before the tabernacle of the tent of meeting, in song, till the building by Solomon of the house of Jehovah in Jerusalem; and they stand according to their ordinance over their service.
৩২চলোমনে যিৰূচালেমত যিহোৱাৰ গৃহ নিৰ্ম্মাণ নকৰালৈকে তেওঁলোকে উপাসনা গৃহৰ সন্মুখত, সভা বহা তম্বুৰ সন্মুখত গানৰ দ্বাৰাই যিহোৱাৰ সেৱা কৰিছিল। তেওঁলোকলৈ দিয়া নিৰ্দেশ অনুযায়ী তেওঁলোকে নিজৰ কাৰ্য সম্পন্ন কৰিছিল।
33 And these [are] those standing, and their sons: of the sons of the Kohathite: Heman the singer, son of Joel, son of Shemuel,
৩৩এওঁলোকেই সেই সকল যি নিজৰ সন্তান সকলৰ সৈতে পৰিচৰ্যা কৰিছিল। কহাতৰ গোষ্ঠীৰ পৰা সংগীতজ্ঞ হেমন আহিছিল। ইয়াত তেওঁৰ পূৰ্বপূৰুষৰ নাম উল্লেখ কৰা হ’ল: হেমন আছিল যোৱেলৰ পুত্ৰ। যোৱেল আছিল চমূৱেলৰ পুত্র।
34 son of Elkanah, son of Jeroham, son of Eliel, son of Toah,
৩৪চমূৱেল আছিল ইলকানাৰ পুত্ৰ। ইলকানা আছিল যিৰোহমৰ পুত্র। যিৰিহম আছিল ইলীয়েলৰ পুত্র। ইলীয়েল আছিল তোহৰ পুত্র।
35 son of Zuph, son of Elkanah, son of Mahath, son of Amasai,
৩৫তোহ আছিল চুফৰ পুত্র। চুফ আছিল ইলকানাৰ পুত্র। মহতৰ পুত্র ইলকানা। ইলকানা আছিল মহৎ অমাচয়ৰ পুত্র। অমাচয় আছিল ইলকানাৰ পুত্র।
36 son of Elkanah, son of Joel, son of Azariah, son of Zephaniah,
৩৬ইলকানা আছিল যোৱেলৰ পুত্র। যোৱেল আছিল অজৰিয়াৰ পুত্র। অজৰিয়া আছিল চফনিয়াৰ পুত্র।
37 son of Tahath, son of Assir, son of Ebiasaph, son of Korah,
৩৭চফনিয়া আছিল তহতৰ পুত্র। তহৎ আছিল অচীৰৰ পুত্র। অচীৰ আছিল অবিয়াচফৰ পুত্র। অবিয়াচফ আছিল কোৰহৰ পুত্র।
38 son of Izhar, son of Kohath, son of Levi, son of Israel.
৩৮কোৰহ আছিল যিচহৰৰ পুত্র। যিচহ আছিল কহাতৰ পুত্র। কহাৎ আছিল লেবীৰ পুত্র। লেবী আছিল ইস্ৰায়েলৰ পুত্র।
39 And his brother Asaph, who is standing on his right — Asaph, son of Berachiah, son of Shimea,
৩৯হেমনৰ লগৰীয়া আচফ। তেওঁ হেমনৰ সোঁহাতে থিয় হৈছিল। আচফ আছিল বেৰেখিয়াৰ পুত্র। বেৰেখিয়া আছিল চিমিয়াৰ পুত্র।
40 son of Michael, son of Baaseiah, son of Malchiah,
৪০চিমিয়া আছিল মীখায়েলৰ পুত্র। মীখায়েল আছিল বাচেয়াৰ পুত্র। বাচেয়া আছিল মল্কিয়াৰ পুত্র।
41 son of Ethni, son of Zerah, son of Adaiah,
৪১মল্কিয়া আছিল ইৎনীৰ পুত্র। ইৎনি আছিল জেৰহৰ পুত্র। জেৰহ আছিল অদায়াৰ পুত্র।
42 son of Ethan, son of Zimmah, son of Shimei,
৪২অদায়া আছিল এথনৰ পুত্র। এথন আছিল জিম্মাৰ পুত্র। জিম্ম আছিল চিমিয়ীৰ পুত্র।
43 son of Jahath, son of Gershom, son of Levi.
৪৩চিমিয়া আছিল যহতৰ পুত্র। জহৎ আছিল গেৰ্চোমৰ পুত্র। গের্চোম আছিল লেবীৰ পুত্র।
44 And sons of Merari, their brethren, [are] on the left. Ethan son of Kishi, son of Abdi, son of Malluch,
৪৪মৰাৰীৰ সন্তান সকল হেমনৰ সহকৰ্মী আছিল, আৰু তেওঁলোক তেওঁৰ বাওঁহাতে থিয় হৈছিল। তেওঁলোক কীচীৰ পুত্ৰ এথনকো অন্তৰ্ভুক্ত কৰিছিল। কীচী আছিল অব্দীৰ পুত্ৰ। অব্দী আছিল মল্লূকৰ পুত্র।
45 son of Hashabiah, son of Amaziah, son of Hilkiah,
৪৫মল্লূক আছিল হচবিয়াৰ পুত্র। হচবিয়া আছিল অমচিয়াৰ পুত্র। অমচিয়া আছিল হিল্কিয়াৰ পুত্র।
46 son of Amzi, son of Bani, son of Shamer,
৪৬হিল্কিয়া আছিল অমচীৰ পুত্র। অমচী আছিল বানীৰ পুত্র। বানী আছিল চেমৰৰ পুত্র।
47 son of Mahli, son of Mushi, son of Merari, son of Levi.
৪৭চেমৰ আছিল মহলীৰ পুত্র। মহলী আছিল মুচিৰ পুত্র। মুচী আছিল মৰাৰীৰ পুত্র। মৰাৰী আছিল লেবীৰ পুত্র।
48 And their brethren the Levites are put to all the service of the tabernacle of the house of God.
৪৮তেওঁলোকৰ সহকৰ্মী লেবীয়া লোকসকলক ঈশ্বৰৰ গৃহৰ পবিত্র স্থানৰ সকলো কাৰ্যৰ বাবে নিযুক্ত কৰা হৈছিল।
49 And Aaron and his sons are making perfume on the altar of the burnt-offering, and on the altar of the perfume, for all the work of the holy of holies, and to make atonement for Israel, according to all that Moses servant of God commanded.
৪৯হাৰোণ আৰু তেওঁৰ পুত্রসকলে একেলগে মহা-পবিত্ৰ স্থানৰ সকলো কাৰ্য কৰিছিল। ইস্ৰায়েলক প্ৰায়শ্চিত কৰিবলৈ যজ্ঞবেদিৰ ওপৰত হোম-বলি দিছিল, আৰু ধূপ-বেদিৰ ওপৰত ধূপ জ্বলাইছিল। এই সকলো ঈশ্বৰৰ দাস মোচিৰ আজ্ঞা অনুসাৰে তেওঁলোকে কৰিছিল।।
50 And these [are] sons of Aaron: Eleazar his son, Phinehas his son, Abishua his son,
৫০হাৰোণৰ বংশধৰ সকলক তলত দিয়াৰ দৰে বিবেচনা কৰা হৈছিল: হাৰোণৰ পুত্র আছিল ইলিয়েজৰ। ইলিয়াজৰৰ পুত্র আছিল পীনহচ। পীনহচৰ পুত্র আছিল অবীচুৱা
51 Bukki his son, Uzzi his son, Zerahiah his son,
৫১অবীচূৱাৰ পুত্র আছিল বুক্কী। বুক্কীৰ পুত্র আছিল উজ্জী। উজ্জীৰ পুত্র আছিল জৰহীয়া।
52 Meraioth his son, Amariah his son, Ahitub his son,
৫২জৰহীয়াৰ পুত্র আছিল মৰায়োৎ। মৰায়োতৰ পুত্র আছিল অমৰিয়া। অমৰিয়াৰ পুত্র আছিল অহীটুব।
53 Zadok his son, Ahimaaz his son.
৫৩অহীচুবৰ পুত্র আছিল চদোক। চাদোকৰ পুত্র আছিল অহীমাচ।
54 And these [are] their dwellings, throughout their towers, in their borders, of the sons of Aaron, of the family of the Kohathite, for theirs was the lot;
৫৪তলত উল্লেখিত ঠাইসমূহ হাৰোণৰ বংশধৰ সকললৈ নিৰ্ধাৰণ কৰা হৈছিল। কহাতীয়া গোষ্ঠীসকলৰ বাবে। চিঠি খেলৰ যোগেদি তেওঁলোকৰ বাবে প্ৰথম ঠাই নিৰ্ধাৰণ কৰা:
55 and they give to them Hebron in the land of Judah and its suburbs round about it;
৫৫তেওঁলোকক যিহূদা দেশৰ হিব্ৰোণ আৰু তাৰ চাৰিওফালৰ চৰণীয়া ঠাই দিয়া হ’ল।
56 and the field of the city and its villages they gave to Caleb son of Jephunneh.
৫৬কিন্তু সেই নগৰৰ পথাৰ আৰু চাৰিওফালৰ গাওঁবোৰ যিফুন্নিৰ পুত্ৰ কালেবক দিয়া হ’ল।
57 And to the sons of Aaron they gave the cities of refuge: Hebron, and Libnah and its suburbs, and Jattir, and Eshtemoa and its suburbs,
৫৭হাৰোণৰ বংশধৰসকলক হিব্ৰোণ দিয়া হৈছিল- যিখন এখন আশ্ৰয়-নগৰ আছিল, চৰণীয়া ঠায়ে সৈতে লিব্‌না, যত্তীৰ, আৰু ইষ্টমোৱা,
58 and Hilen and its suburbs, Debir and its suburbs,
৫৮চৰণীয়া ঠায়ে সৈতে হীলেন, আৰু চৰণীয়া ঠায়ে সৈতে দবীৰ দিয়া হ’ল।
59 and Ashan and its suburbs, and Beth-Shemesh and its suburbs.
৫৯হাৰোণৰ বংশধৰ সকলক চৰণীয়া ঠায়ে সৈতে আচন আৰু চৰণীয়া ঠায়ে সৈতে বৈৎচেমচো দিয়া হ’ল।
60 And from the tribe of Benjamin, Geba and its suburbs, and Allemeth and its suburbs, and Anathoth and its suburbs. All their cities [are] thirteen cities, for their families.
৬০বিন্যামীন জাতিৰ পৰা তেওঁলোকক চৰণীয়া ঠায়ে সৈতে গেবা, চৰণীয়া ঠায়ে সৈতে অল্লেমৎ, আৰু চৰণীয়া ঠায়ে সৈতে অনাথোৎ দিয়া হ’ল। কহাতীয়া গোষ্ঠীৰ লোকসকলে সৰ্ব্বমুঠ তেৰখন নগৰ পাইছিল।
61 And to the sons of Kohath, those left of the family of the tribe, from the half of the tribe, the half of Manasseh, by lot, [are] ten cities.
৬১কহাতৰ অৱশিষ্ট বংশধৰ সকলক মনচিৰ আধা জাতিৰ পৰা চিঠি খেলাই দহখন নগৰ দিয়া হ’ল।
62 And to the sons of Gershom, for their families, from the tribe of Issachar, and from the tribe of Asher, and from the tribe of Naphtali, and from the tribe of Manasseh in Bashan, thirteen cities.
৬২গেৰ্চোমৰ বংশধৰসকলক তেওঁলোকৰ বিভিন্ন গোষ্ঠী অনুসাৰে ইচাখৰ গোষ্ঠীৰ, আচেৰ গোষ্ঠীৰ, নপ্তালী গোষ্ঠীৰ, আৰু বাচানত থকা মনচিৰ গোষ্ঠীৰ পৰা তেৰখন নগৰ দিয়া হ’ল।
63 To the sons of Merari, for their families, from the tribe of Reuben, and from the tribe of Gad, and from the tribe of Zebulun, by lot, twelve cities.
৬৩মৰাৰীৰ বংশধৰ সকলক বিভিন্ন গোষ্ঠী অনুসাৰে ৰূবেণ জাতিৰ, গাদ জাতিৰ, আৰু জবূলূন জাতিৰ পৰা, চিঠি খেলাই বাৰখন নগৰ দিয়া হ’ল।
64 And the sons of Israel give to the Levites the cities and their suburbs.
৬৪এইদৰে ইস্ৰায়েলৰ লোকসকলে লেবীয়াসকলক চৰণীয়া ঠায়ে সৈতে এইবোৰ নগৰ দিলে।
65 And they give by lot from the tribe of the sons of Judah, and from the tribe of the sons of Simeon, and from the tribe of the sons of Benjamin, these cities which they call by name;
৬৫তেওঁলোকে যিহূদা, চিমিয়োন, বিন্যামীনৰ লোকসকলৰ জাতিৰ পৰা, চিঠি খেলাই ওপৰত লিখা নগৰবোৰ তেওঁলোকক দিলে।
66 and some of the families of the sons of Kohath have cities of their border from the tribe of Ephraim;
৬৬কিছুমান কহাত গোষ্ঠীৰ লোকসকলক ইফ্ৰয়িম জাতিৰ পৰা নগৰবোৰ দিয়া হ’ল।
67 and they give to them the cities of refuge, Shechem and its suburbs in the hill-country of Ephraim, and Gezer and its suburbs,
৬৭তেওঁলোকক চিখিম, চৰণীয়া ঠায়ে সৈতে ইফ্ৰয়িমৰ পৰ্বতীয়া দেশ, চৰণীয়া ঠায়ে সৈতে গেজৰ,
68 and Jokmeam and its suburbs, and Beth-Horan and its suburbs,
৬৮চৰণীয়া ঠায়ে সৈতে যকমিয়াম, চৰণীয়া ঠায়ে সৈতে বৈৎ-হোৰোণ,
69 and Aijalon and its suburbs, and Gath-Rimmon and its suburbs;
৬৯চৰণীয়া ঠায়ে সৈতে অয়ালোন, আৰু চৰণীয়া ঠায়ে সৈতে গৎ-ৰিম্মোণ দিয়া হ’ল।
70 and from the half tribe of Manasseh, Aner and its suburbs, and Bileam and its suburbs, for the family of the sons of Kohath who are left.
৭০কহাতৰ অৱশিষ্ট গোষ্ঠীৰ লোকসকলৰ বাবে মনচিৰ আধা জাতিৰ পৰা চৰণীয়া ঠায়ে সৈতে অনেৰ, আৰু চৰণীয়া ঠায়ে সৈতে বিলিয়ম দিয়া হ’ল।
71 To the sons of Gershom from the family of the half of the tribe of Manasseh [are] Golan in Bashan and its suburbs, and Ashtaroth and its suburbs;
৭১গেৰ্চোমৰ বংশধৰ সকলক মনচিৰ গোষ্ঠীৰ আধা জাতিৰ পৰা, চৰণীয়া ঠায়ে সৈতে বাচানত থকা গোলন, আৰু চৰণীয়া ঠায়ে সৈতে অষ্টাৰোৎ দিয়া হ’ল।
72 and from the tribe of Issachar; Kedesh and its suburbs, Daberath and its suburbs,
৭২ইচাখৰ জাতিৰ পৰা গেৰ্চোম বংশধৰ লোকসকলে চৰণীয়া ঠায়ে সৈতে কেদচ, চৰণীয়া ঠায়ে সৈতে দাবৰৎ,
73 and Ramoth and its suburbs, and Anem and its suburbs;
৭৩চৰণীয়া ঠায়ে সৈতে ৰমোৎ, আৰু চৰণীয়া ঠায়ে সৈতে আনেম পাইছিল।
74 and from the tribe of Asher; Mashal and its suburbs, and Abdon and its suburbs,
৭৪আচেৰ জাতিৰ পৰা তেওঁলোক চৰণীয়া ঠায়ে সৈতে মিচাল, চৰণীয়া ঠায়ে সৈতে অব্দোন
75 and Hukok and its suburbs, and Rehob and its suburbs;
৭৫চৰণীয়া ঠায়ে সৈতে হূকোক, আৰু চৰণীয়া ঠায়ে সৈতে ৰহোব পাইছিল।
76 and from the tribe of Naphtali: Kedesh in Galilee and its suburbs, and Hammon and its suburbs, and Kirjathaim and its suburbs.
৭৬নপ্তালী জাতিৰ পৰা তেওঁলোকে চৰণীয়া ঠায়ে সৈতে গালীলত থকা কেদচ, চৰণীয়া ঠায়ে সৈতে হম্মোন, আৰু চৰণীয়া ঠায়ে সৈতে কিৰিয়াথয়িম পাইছিল।।
77 To the sons of Merari who are left, from the tribe of Zebulun, [are] Rimmon and its suburbs, Tabor and its suburbs;
৭৭লেবীয়াসকলৰ অৱশিষ্ট, মৰাৰীৰ বংশধৰ সকলক জবূলূন জাতিৰ পৰা চৰণীয়া ঠায়ে সৈতে ৰিম্মোন, আৰু চৰণীয়া ঠায়ে সৈতে তাবোৰ দিয়া হ’ল।
78 and from beyond the Jordan by Jericho, at the east of the Jordan, from the tribe of Reuben, Bezer in the wilderness and its suburbs, and Jahzah and its suburbs,
৭৮তেওঁলোকক ৰূবেণ জাতিৰ পৰা যিৰীহোত থকা যৰ্দ্দন নদীৰ আন দিশৰ পূব পাৰত থকা চৰণীয়া ঠায়েৰে সৈতে মৰুভূমিত থকা বেচৰ, চৰণীয়া ঠায়ে সৈতে যহচা, চৰণীয়া ঠায়ে সৈতে কদেমোৎ, আৰু চৰণীয়া ঠায়ে সৈতে মেফাৎ দিয়া হ’ল।
79 and Kedemoth and its suburbs, and Mephaath and its suburbs;
৭৯
80 and from the tribe of Gad: Ramoth in Gilead and its suburbs, and Mahanaim and its suburbs,
৮০গাদ জাতিৰ পৰা চৰণীয়া ঠায়ে সৈতে গিলিয়দত থকা ৰমোৎ, চৰণীয়া ঠায়ে সৈতে মহনয়িম,
81 and Heshbon and its suburbs, and Jazer and its suburbs.
৮১চৰণীয়া ঠায়ে সৈতে হিচবোন, আৰু চৰণীয়া ঠায়ে সৈতে যাজেৰ দিয়া হ’ল।

< 1 Chronicles 6 >