< John 16 >

1 These thingis Y haue spokun to you, that ye be not sclaundrid.
“মই তোমালোকক এই সকলোবোৰ কথা এই কাৰণে কলোঁ, যাতে তোমালোকৰ নিজৰ বিশ্বাসত বিঘিনি নজন্মে৷
2 Thei schulen make you with outen the synagogis, but the our cometh, that ech man that sleeth you, deme that he doith seruyce to God.
মানুহবোৰে নাম-ঘৰৰ পৰা তোমালোকক বাহিৰ কৰিব, সেই কালত তোমালোকক বধ কৰোঁতা প্ৰতিজনে ঈশ্বৰৰ সেৱা কৰিছোঁ বুলি ভাবিব, এনে কাল আহি আছে।
3 And thei schulen do to you these thingis, for thei han not knowun the fadir, nether me.
তেওঁলোকে মোৰ পিতৃক আৰু মোক নজনাৰ কাৰণে এনে কর্মবোৰ কৰিব।
4 But these thingis Y spak to you, that whanne the our `of hem schal come, ye haue mynde, that Y seide to you.
কিন্তু যেতিয়া সেই সময় আহিব, তেতিয়া মই কোৱা কথাবোৰ তোমালোকে যেন সোঁৱৰিবা, এই কাৰণে মই এইবোৰ কথা এতিয়া তোমালোকক ক’লোঁ। মই তোমালোকৰ লগত থকাৰ কাৰণে, এইবোৰ কথা আৰম্ভণিৰে পৰা কোৱা নাছিলোঁ।
5 Y seide not to you these thingis fro the bigynnyng, for Y was with you. And now Y go to hym that sente me, and no man of you axith me, Whidur `thou goist?
কিন্তু যি জনে মোক পঠিয়াইছে, এতিয়া মই তেওঁৰ ওচৰলৈ ঘুৰি যাওঁ; তথাপি তোমালোকৰ কোনেও মোক এইদৰে সুধিব নিবিচৰা, ‘তুমি নো কলৈ গৈ আছা’?
6 but for Y haue spokun to you these thingis, heuynesse hath fulfillid youre herte.
কিন্তু মই তোমালোকক এইবোৰ কথা কোৱা কাৰণে, তোমালোকৰ হৃদয় বেজাৰৰে ভৰি পৰিছে।
7 But Y seie to you treuthe, it spedith to you, that Y go; for if Y go not forth, the coumfortour schal not come to you; but if Y go forth, Y schal sende hym to you.
তথাপি, মই তোমালোকক সঁচাকৈ কৈছোঁ; মই যোৱাই তোমালোকৰ পক্ষে ভাল, কিয়নো মই নগ’লে, তোমালোকৰ ওচৰলৈ সেই সহায়কর্তা নাহিব; কিন্তু মই গ’লে তোমালোকৰ ওচৰলৈ তেওঁক পঠিয়াই দিম।
8 And whanne he cometh, he schal repreue the world of synne, and of riytwisnesse, and of doom.
তেওঁ যেতিয়া আহিব, তেওঁ পাপৰ বিষয়ে, ধাৰ্মিকতাৰ বিষয়ে আৰু সোধ-বিচাৰৰ বিষয়ে, জগতক দোষৰ প্ৰমাণ দিব।
9 Of synne, for thei han not bileued in me;
তেওঁ পাপৰ সম্পর্কত চেতনা দিব, কিয়নো তেওঁলোকে মোক বিশ্বাস নকৰে;
10 and of riytwisnesse, for Y go to the fadir, and now ye schulen not se me;
১০ধাৰ্মিকতাৰ বিষয়ে বুজাব, কিয়নো মই এতিয়া পিতৃৰ ওচৰলৈ যাওঁ, তোমালোকে মোক এতিয়া দেখিবলৈ নাপাবা;
11 but of doom, for the prince of this world is now demed.
১১আৰু সোধ-বিচাৰৰ বিষয়ে চেতনা দিব, কিয়নো এই জগতৰ অধিকাৰীৰ সোধ-বিচাৰ কৰা হ’ল।
12 Yit Y haue many thingis for to seie to you, but ye moun not bere hem now.
১২তোমালোকক ক’বলৈ মোৰ অনেক কথা আছে, কিন্তু সেই কথা এতিয়া গ্ৰহণ কৰিবলৈ অতিৰিক্ত হব।
13 But whanne thilke spirit of treuthe cometh, he schal teche you al trewthe; for he schal not speke of hym silf, but what euer thinges he schal here, he schal speke; and he schal telle to you tho thingis that ben to come.
১৩কিন্তু সেই সত্যৰ আত্মা যেতিয়া আহিব, তেতিয়া তেওঁ আটাই সত্যলৈ তোমালোকক পথ দেখুৱাই নিব; কিয়নো তেওঁ নিজৰ পৰা একো কথা নক’ব; কিন্তু যি কথা শুনিব, সেই বিষয়েহে ক’ব আৰু তোমালোকক ভবিষ্যতৰ কথা জনাব।
14 He schal clarifie me, for of myne he schal take, and schal telle to you.
১৪তেওঁ মোক মহিমান্বিত কৰিব; কিয়নো মোৰ যি আছে, তেওঁ তাৰ পৰা লৈ, তোমালোকক জনাব।
15 Alle thingis `whiche euer the fadir hath, ben myne; therfor Y seide to you, for of myne he schal take, and schal telle to you.
১৫পিতৃৰ যি যি আছে, সেই সকলো মোৰ; এই হেতুকে মই ক’লোঁ, সত্যৰ আত্মাই মোৰ পৰা সকলো গ্ৰহণ কৰি তোমালোকৰ আগত ঘোষণা কৰিব।
16 A litil, and thanne ye schulen not se me; and eftsoone a litil, and ye schulen se me, for Y go to the fadir.
১৬কিছু সময়ৰ পাছত তোমালোকে মোক দেখিবলৈ নোপোৱা; কিন্তু আকৌ অলপ সময়ৰ পাছত, মোক দেখিবলৈ পাবা।”
17 Therfor summe of hise disciplis seiden togidere, What is this thing that he seith to vs, A litil, and ye schulen not se me; and eftsoone a litil, and ye schulen se me, for Y go to the fadir?
১৭তেতিয়া তেওঁৰ শিষ্য সকলৰ মাজৰ কোনো কোনোৱে পৰস্পৰৰ মাজত আলোচনা কৰি ক’লে, “তেওঁ আমাক কি কবলৈ বিচাৰিছে, কিছু সময়ৰ পাছত মোক দেখিবলৈ নোপোৱা; কিন্তু আকৌ অলপ সময়ৰ পাছত মোক দেখিবলৈ পাবা; ‘কাৰণ মই পিতৃৰ ওচৰলৈ যাওঁ’? তেওঁ এই কথা কিয় কলে আমি বুজি পোৱা নাই৷”
18 Therfor thei seiden, What is this that he seith to vs, A litil? we witen not what he spekith.
১৮এতেকে তেওঁলোকে ক’লে, “তেওঁনো এইটো কি কৈছে, ‘অলপ সময়’? তেওঁ কি কথা কৈ আছে আমি নাজানো।”
19 And Jhesus knew, that thei wolden axe hym, and he seide to hem, Of this thing ye seken among you, for Y seide, A litil, and ye schulen not se me; and eftsoone a litil, and ye schulen se me.
১৯যীচুৱে দেখিলে যে তেওঁলোকে তেওঁক সুধিবৰ বাবে আগ্ৰহী, সেয়েহে মনৰ ভাব বুজি পাই তেওঁলোকক ক’লে, “মই যে তোমালোকক কলোঁ, ‘কিছু সময়ৰ পাছত তোমালোকে মোক দেখিবলৈ নোপোৱা, কিন্তু আকৌ অলপ সময়ৰ পাছত মোক দেখিবলৈ পাবা’, এই কথাৰ ওপৰতে তোমালোকে আলোচনা কৰি আছা নে?”
20 Treuli, treuli, Y seie to you, that ye schulen mourne and wepe, but the world schal haue ioye; and ye schulen be soreuful, but youre sorewe schal turne in to ioye.
২০মই তোমালোকক সঁচাকৈ কওঁ, তোমালোকে ক্ৰন্দন আৰু বিলাপ কৰিবা, কিন্তু জগতে আনন্দ কৰিব; তেতিয়া তোমালোকে শোক কৰিবা; কিন্তু পাছত তোমালোকৰ সেই শোক আনন্দ হৈ যাব।
21 A womman whanne sche berith child, hath heuynesse, for hir tyme is comun; but whanne sche hath borun a sone, now sche thenkith not on the peyne, for ioye, for a man is borun in to the world.
২১প্ৰসৱৰ সময়ত উপস্থিত হোৱাত মহিলাই প্ৰসৱৰ বেদনাত দুখ পায়; কিন্তু সন্তান ওপজিলেই, জগতলৈ এটি শিশু জন্ম হোৱাৰ আনন্দত, বেছি সময়লৈ সেই বেদনা তেওঁৰ মনত নাথাকে।
22 And therfor ye han now sorew, but eftsoone Y schal se you, and youre herte schal haue ioie, and no man schal take fro you youre ioie.
২২ঠিক সেইদৰে তোমালোকেও এতিয়া দুখত আছা; কিন্তু মই আকৌ তোমালোকক দেখা দিম; তেতিয়া তোমালোকৰ হৃদয় আনন্দিত হ’ব আৰু তোমালোকৰ সেই আনন্দ কোনেও তোমালোকৰ পৰা কাঢ়ি নিব নোৱাৰিব।
23 And in that day ye schulen not axe me ony thing; treuli, treuli, `Y seie to you, if ye axen the fadir ony thing in my name, he schal yyue to you.
২৩সেইদিনা মোক একো প্ৰশ্ন নুসুধিবা৷ মই তোমালোকক সঁচাকৈ কওঁ, তোমালোকে মোৰ নামেৰে পিতৃৰ আগত যদি কিবা খোজা, তেনেহলে তেওঁ তোমালোকক দিব।
24 `Til now ye axiden no thing in my name; `axe ye, `and ye schulen take, that youre ioie be ful.
২৪এতিয়ালৈকে মোৰ নামেৰে তোমালোকে একো খোজা নাই; খোজা, তেতিয়াহে পাবা, তেতিয়া তোমালোকৰ আনন্দ পৰিপূর্ণ হব।
25 Y haue spokun to you these thingis in prouerbis; the our cometh, whanne now Y schal not speke to you in prouerbis, but opynli of my fadir Y schal telle to you.
২৫এইবোৰ কথা উপমাৰে মই তোমালোকক ক’লো, যি সময়ত মই তোমালোকক উপমা দিব নোৱাৰিম, প্ৰকাশকৈ পিতৃৰ কথা জনাম, এনে সময় আহিছে।
26 In that dai ye schulen axe in my name; and Y seie not to you, that Y schal preye the fadir of you;
২৬সেইদিনা যি খোজা, মোৰ নামেৰে খুজিবা; আৰু মই তোমালোকক কোৱা নাই যে, মই তোমালোকৰ হৈ পিতৃ ওচৰত প্ৰাৰ্থনা কৰিম;
27 for the fadir hym silf loueth you, for ye han loued me, and han bileued, that Y wente out fro God.
২৭কিয়নো পিতৃয়ে নিজেই তোমালোকক প্রেম কৰে; কাৰণ তোমালোকে মোক প্ৰেম কৰিলা আৰু মই যে পিতৃৰ পৰা আহিছোঁ, ইয়াকো বিশ্বাস কৰিলা।
28 Y wente out fro the fadir, and Y cam in to the world; eftsoone Y leeue the world, and Y go to the fadir.
২৮মই পিতৃৰ ওচৰৰ পৰা জগতলৈ আহিলোঁ; আকৌ জগতক এৰি এতিয়া মই পিতৃৰ ওচৰলৈ যাওঁ।”
29 Hise disciplis seiden to hym, Lo! now thou spekist opynli, and thou seist no prouerbe.
২৯তেতিয়া তেওঁৰ শিষ্য সকলে ক’লে, “চাওক, আপুনি এতিয়া স্পষ্টকৈ কব ধৰিছে; আপুনি কোনো কথা অস্পষ্টকৈ কৈ থকা নাই।
30 Now we witen, that thou wost alle thingis; and it is not nede to thee, that ony man axe thee. In this thing we bileuen, that thou wentist out fro God.
৩০এতিয়া আমি বুজি পালোঁ যে আপুনি সকলো জানে, কোনো ব্যক্তিয়ে আপোনাক সুধাৰ আগতেই আপুনি তাৰ উত্তৰ দিব পাৰে, আপুনি যে ঈশ্বৰৰ পৰা আহিছে, ইয়াকে আমি বিশ্বাস কৰিছোঁ।
31 Jhesus answeride to hem, Now ye bileuen.
৩১যীচুৱে তেওঁলোকক ক’লে, “এতিয়া বিশ্বাস কৰিছা নে?”
32 Lo! the our cometh, and now it cometh, that ye be disparplid, ech in to hise owne thingis, and that ye leeue me aloone; and Y am not aloone, for the fadir is with me.
৩২চোৱা, এনে সময় আহিছে, আৰু প্রকৃতে এনে সময় আহিব, যেতিয়া তোমালোকে নিজ নিজ সা-সম্পত্তিত গোট গোট হৈ থাকিবা আৰু মোক অকলশৰীয়াকৈ এৰি যাবা, তথাপি মই অকলশৰীয়া নহওঁ, কিয়নো পিতৃ মোৰ লগত আছে।
33 These thingis Y haue spokun to you, that ye haue pees in me; in the world ye schulen haue disese, but trust ye, Y haue ouercomun the world.
৩৩এই কাৰণে মই তোমালোকক এইবোৰ কথা ক’লোঁ, যাতে তোমালোকে মোৰ শান্তি পোৱা৷ জগতত তোমালোকে কষ্ট পাবা; কিন্তু নিৰ্ভয় হোৱা; মই জগতৰ ওপৰত জয় কৰিলোঁ।”

< John 16 >