< Matthew 14 >
1 At that time, Herod the tetrarch heard the report concerning Jesus,
১সেই সময়ত গালীলৰ শাসনকর্তা হেৰোদে যীচুৰ সুখ্যাতিৰ বিষয়ে শুনিলে।
2 and said to his servants, “This is John the Baptizer. He is risen from the dead. That is why these powers work in him.”
২তেওঁ নিজৰ দাস সকলক ক’লে, “এই লোক জন নিশ্চয় যোহন বাপ্তাইজক; তেওঁ মৃত সকলৰ মাজৰ পৰা উঠিল আৰু সেই বাবে এই সকলো পৰাক্ৰম কাৰ্য সাধন কৰিছে।
3 For Herod had arrested John, bound him, and put him in prison for the sake of Herodias, his brother Philip’s wife.
৩কিয়নো হেৰোদে লোক সকলৰ দ্বাৰাই যোহনক বান্ধি কাৰাগাৰত বন্দী কৰি ৰাখিছিল। তেওঁ নিজৰ ভায়েক ফিলিপৰ ভার্যা হেৰোদিয়াক ভাৰ্যা ৰাখিছিল আৰু তেওঁৰ কাৰণে এইদৰে বন্দী কৰিছিল।
4 For John said to him, “It is not lawful for you to have her.”
৪কাৰণ যোহনে হেৰোদক কৈছিল, “হেৰোদিয়াক আপুনি ভার্যা হিচাপে ৰখা বিধান সন্মত নহয়।”
5 When he would have put him to death, he feared the multitude, because they counted him as a prophet.
৫সেয়ে হেৰোদে যোহনক বধ কৰিবলৈ চল বিচাৰি আছিল, কিন্তু তেওঁ লোক সকললৈ ভয় কৰিছিল, কাৰণ তেওঁলোকে যোহনক এজন ভাববাদীৰূপে মান্য কৰিছিল।
6 But when Herod’s birthday came, the daughter of Herodias danced among them and pleased Herod.
৬পাছত হেৰোদৰ জন্ম দিনৰ দিনা, হেৰোদিয়াৰ জীয়েকে সভাৰ মাজত নাচি হেৰোদক সন্তুষ্ট কৰিলে।
7 Therefore he promised with an oath to give her whatever she should ask.
৭সেয়েহে, হেৰোদে তাইক শপত খাই প্রতিজ্ঞা কৰিলে যে, তাই যিহকে বিচাৰিব তাকে তেওঁ তাইক দিব।
8 She, being prompted by her mother, said, “Give me here on a platter the head of John the Baptizer.”
৮ছোৱালী জনীয়ে মাকৰ পৰা পৰামর্শ পাই ক’লে, “এখন থালত বাপ্তাইজক যোহনৰ মূৰটো আনি মোক দিয়ক।”
9 The king was grieved, but for the sake of his oaths and of those who sat at the table with him, he commanded it to be given,
৯তাতে ৰজা অতিশয় দুঃখিত হ’ল; কিন্তু নিজৰ শপতৰ কাৰণে আৰু তেওঁৰে সৈতে একেলগে ভোজনত বহা সকলৰ কাৰণেও, তেওঁ সেই মতে কৰিবলৈ আজ্ঞা দিলে।
10 and he sent and beheaded John in the prison.
১০তেওঁ মানুহ পঠাই কাৰাগাৰত যোহনৰ শিৰচ্ছেদ কৰালে।
11 His head was brought on a platter and given to the young lady; and she brought it to her mother.
১১পাছত মূৰটো এখন থালত আনি ছোৱালী জনীক দিলে আৰু তাই সেইটো মাকৰ ওচৰলৈ লৈ গ’ল।
12 His disciples came, took the body, and buried it. Then they went and told Jesus.
১২তাৰ পাছত যোহনৰ শিষ্য সকলে আহি মৃতদেহটো লৈ গৈ মৈদাম দিলে আৰু পাছত তেওঁলোকে গৈ সেই সকলো কথা যীচুক জনালে।
13 Now when Jesus heard this, he withdrew from there in a boat to a deserted place apart. When the multitudes heard it, they followed him on foot from the cities.
১৩যোহনৰ মৃত্যুৰ কথা শুনি যীচু অকলে এখন নাৱত উঠি সেই ঠাইৰ পৰা কোনো এক নিৰ্জন ঠাইলৈ গ’ল। কিন্তু লোক সকলে ইয়াকে জানিব পাৰি বিভিন্ন নগৰৰ পৰা ওলাই বামেদি খোজকাঢ়ি তেওঁৰ পাছ ল’লে।
14 Jesus went out, and he saw a great multitude. He had compassion on them and healed their sick.
১৪তেওঁ নাৱৰ পৰা নামি মানুহৰ বৃহৎ দলটো দেখা পাই তেওঁলোকৰ আগলৈ আহিল। তাতে সেই লোক সকললৈ যীচুৰ মৰম লগাত তেওঁলোকৰ ৰোগবোৰ সুস্থ কৰিলে।
15 When evening had come, his disciples came to him, saying, “This place is deserted, and the hour is already late. Send the multitudes away, that they may go into the villages, and buy themselves food.”
১৫তেতিয়া গধূলি হবলৈ ধৰিছিল, শিষ্য সকলে তেওঁৰ ওচৰলৈ আহি ক’লে, “এই ঠাই নিৰ্জন আৰু দিনৰ সময়ো প্ৰায় শেষ হ’ল; লোক সকলক বিদায় দিয়ক, তেতিয়া তেওঁলোকে গাওঁবোৰলৈ গৈ নিজৰ কাৰণে খোৱা বস্তু কিনিব পাৰিব।”
16 But Jesus said to them, “They don’t need to go away. You give them something to eat.”
১৬যীচুৱে তেওঁলোকক ক’লে, “তেওঁলোক যোৱাৰ প্ৰয়োজন নাই। তোমালোকেই তেওঁলোকক খাবলৈ দিয়া।”
17 They told him, “We only have here five loaves and two fish.”
১৭শিষ্য সকলে তেওঁক ক’লে, “আমাৰ ইয়াত কেৱল পাঁচটা পিঠা আৰু দুটা মাছহে আছে।”
18 He said, “Bring them here to me.”
১৮যীচুৱে ক’লে, “সেইখিনিয়ে মোৰ ওচৰলৈ আনা।”
19 He commanded the multitudes to sit down on the grass; and he took the five loaves and the two fish, and looking up to heaven, he blessed, broke and gave the loaves to the disciples; and the disciples gave to the multitudes.
১৯পাছত তেওঁ লোক সকলক বনৰ ওপৰত বহিবলৈ আদেশ দিলে। তাৰ পাছত সেই পাঁচোটা পিঠা আৰু দুটা মাছ লৈ তেওঁ স্বৰ্গলৈ চাই আশীৰ্বাদ কৰিলে। তাৰ পাছত পিঠা খিনি ভাঙি শিষ্য সকলক দিলে আৰু শিষ্য সকলে সেইবোৰ লোক সকলক খাবলৈ দিলে।
20 They all ate and were filled. They took up twelve baskets full of that which remained left over from the broken pieces.
২০তাতে সকলোৱে খাই তৃপ্ত হ’ল; খোৱাৰ পাছত শিষ্য সকলে ৰৈ যোৱা সেই ভঙা টুকুৰাবোৰৰ বাৰটা পাচি তুলি ল’লে।
21 Those who ate were about five thousand men, in addition to women and children.
২১তাত ভোজন কৰা মানুহৰ মাজত মহিলা আৰু সৰু ল’ৰা-ছোৱালীক বাদ দি পুৰুষ মানুহ প্ৰায় পাঁচ হাজাৰ মান আছিল।
22 Immediately Jesus made the disciples get into the boat and go ahead of him to the other side, while he sent the multitudes away.
২২ইয়াৰ পাছতে, যীচুৱে শিষ্য সকলক আদেশ দিলে, তেওঁলোকে যেন নাৱত উঠি তেওঁৰ আগেয়ে সিপাৰলৈ যায় আৰু লোক সকলক তেওঁ নিজে বিদায় দিলে।
23 After he had sent the multitudes away, he went up into the mountain by himself to pray. When evening had come, he was there alone.
২৩লোক সকলক বিদায় দি তেওঁ প্ৰাৰ্থনা কৰিবৰ কাৰণে পাহাৰৰ ওপৰলৈ অকলে উঠি গ’ল; আৰু যদিও তেতিয়া অন্ধকাৰ হৈ আহিছিল, তথাপি তেওঁ অকলশৰে তাতে আছিল।
24 But the boat was now in the middle of the sea, distressed by the waves, for the wind was contrary.
২৪ইতিমধ্যে নাও খনে মাটি ভাগৰ পৰা আহি সাগৰৰ মাজ পালে আৰু বিপৰীত দিশৰ পৰা বতাহ বলাত নাও খনে প্রায় নিয়ন্ত্রণ হেৰুৱাই ঢৌৰ কোবত ঢলং-পলং হবলৈ ধৰিলে।
25 In the fourth watch of the night, Jesus came to them, walking on the sea.
২৫শেষ নিশা যীচু সাগৰৰ ওপৰত খোজকাঢ়ি শিষ্য সকলৰ ওচৰলৈ আহি আছিল।
26 When the disciples saw him walking on the sea, they were troubled, saying, “It’s a ghost!” and they cried out for fear.
২৬শিষ্য সকলে যীচুক সাগৰৰ ওপৰত খোজকাঢ়ি আহি থকা দেখি ভীষণভাৱে ভয় খাই “ভূত, ভূত” বুলি চিঞৰিবলৈ ধৰিলে।
27 But immediately Jesus spoke to them, saying, “Cheer up! It is I! Don’t be afraid.”
২৭যীচুৱে তেতিয়াই তেওঁলোকক ক’লে, “এয়া মইহে; ভয় নকৰিবা, সাহসী হোৱা।”
28 Peter answered him and said, “Lord, if it is you, command me to come to you on the waters.”
২৮পিতৰে তেওঁক উত্তৰ দি ক’লে, “হে প্ৰভু, যদি আপুনিয়ে হয়, তেনেহলে পানীৰ ওপৰেদি আপোনাৰ ওচৰলৈ যাবৰ বাবে মোক আজ্ঞা দিয়ক।”
29 He said, “Come!” Peter stepped down from the boat and walked on the waters to come to Jesus.
২৯যীচুৱে ক’লে, “আহা।” পিতৰে তেতিয়া নাৱৰ পৰা নামি পানীৰ ওপৰেদি খোজকাঢ়ি যীচুৰ কাষলৈ আগবাঢ়ি গ’ল।
30 But when he saw that the wind was strong, he was afraid, and beginning to sink, he cried out, saying, “Lord, save me!”
৩০কিন্তু বতাহ দেখা পাই তেওঁ ভয় খোৱাত ডুবিবলৈ ধৰিলে। তেতিয়া তেওঁ চিঞৰি মাতিলে, “প্ৰভু, মোক বচাওঁক।”
31 Immediately Jesus stretched out his hand, took hold of him, and said to him, “You of little faith, why did you doubt?”
৩১যীচুৱে তেতিয়াই নিজে হাত মেলি তেওঁক ধৰি ক’লে, “অল্পবিশ্বাসী, কিয় সন্দেহ কৰিলা?”
32 When they got up into the boat, the wind ceased.
৩২পাছত যেতিয়া যীচু আৰু পিতৰ নাৱত উঠিল, বতাহ নাইকিয়া হ’ল।
33 Those who were in the boat came and worshiped him, saying, “You are truly the Son of God!”
৩৩তেতিয়া নাৱত থকা শিষ্য সকলে যীচুক প্ৰণিপাত কৰি ক’লে, “আপুনি সঁচাকৈয়ে ঈশ্বৰৰ পুত্ৰ।”
34 When they had crossed over, they came to the land of Gennesaret.
৩৪তাৰ পাছত তেওঁলোক পাৰ হৈ, গিনেচৰৎ নামৰ প্ৰদেশ পালে।
35 When the people of that place recognized him, they sent into all that surrounding region and brought to him all who were sick;
৩৫তাতে সেই ঠাইৰ মানুহবোৰে যীচুক চিনি পোৱাত, সেই অঞ্চলৰ সকলো ঠাইতে তেওঁ অহাৰ বার্তা পঠিয়াই দিলে। তাতে লোক সকলে ৰোগী সকলক যীচুৰ ওচৰলৈ আনিলে।
36 and they begged him that they might just touch the fringe of his garment. As many as touched it were made whole.
৩৬তেওঁলোকে যীচুক মিনতি কৰিলে যেন সেই ৰোগী সকলে তেওঁৰ কাপোৰৰ দহি মাথোন চুবলৈ পায়। তাতে যিমান লোকে চুলে, তেওঁলোক সকলোৱে সুস্থ হ’ল।