< Psalms 49 >
1 To the chief Musician, A Psalm for the sons of Korah. Hear this, all [ye] people; give ear, all [ye] inhabitants of the world:
১হে সমুদায় জাতি, তোমালোকে এইকথা শুনা; হে জগত-নিবাসী, কাণ পাতা।
2 Both low and high, rich and poor together.
২উচ্চ-নীচ, ধনী-দুখীয়া সকলোৱে শুনা।
3 My mouth shall speak of wisdom; and the meditation of my heart [shall be] of understanding.
৩মোৰ মুখে জ্ঞানৰ কথা কব; মোৰ অন্তৰৰ গভীৰ চিন্তা সুবুদ্ধিদায়ক।
4 I will incline my ear to a parable: I will open my dark saying upon the harp.
৪মই শিক্ষাযুক্ত দৃষ্টান্তবোৰলৈ মনোযোগ দিম; বীণাৰে সৈতে গীত গাই তাৰ গভীৰ বিষয়ে ব্যাখ্যা কৰিম।
5 Why should I fear in the days of evil, [when] the iniquity of my heels shall encompass me?
৫মোৰ তাড়নাকাৰীবোৰৰ অপৰাধে যেতিয়া মোক বেৰি ধৰে, সেই সঙ্কটৰ কালত মই কিয় ভয় কৰি থাকিম?
6 They that trust in their wealth, and boast themselves in the multitude of their riches;
৬সেই সকল হৈছে দুষ্ট লোক, যিসকলে ধন-সম্পত্তিত ভাৰসা কৰে আৰু প্রচুৰ ধনৰ বাবে অহংকাৰ কৰে।
7 None [of them] can by any means redeem his brother, nor give to God a ransom for him:
৭কোনেও কাকো কোনো প্রকাৰে নিজক মৃত্যুৰ পৰা মুক্ত কৰিব নোৱাৰে। নাইবা কোনেও মুক্তিৰ কাৰণে ঈশ্বৰক অধিক একো দিব নোৱাৰে, যাতে মানুহ চিৰকাল জীয়াই থাকিব পাৰে।
8 (For the redemption of their soul [is] precious, and it ceaseth for ever: )
৮কাৰণ মানুহৰ জীৱনৰ প্রায়শ্চিত্তৰ মূল্য অধিক; মানুহে কেতিয়াও তাৰ পর্যাপ্ত মূল্য দিব নোৱাৰে,
9 That he should still live for ever, [and] not see corruption.
৯যাতে তেওঁ সদায় জীয়াই থাকিব পাৰিব আৰু কেতিয়াও মৈদামৰ গাতলৈ নাযাব।
10 For he seeth [that] wise men die, likewise the fool and the brutish person perish, and leave their wealth to others.
১০আমি দেখা পাওঁ যে জ্ঞানী লোকৰো মৃত্যু হয়; নির্বোধ আৰু বিবেকহীন লোকৰ দৰেই তেওঁলোক বিনষ্ট হয়। তেওঁলোকে নিজৰ ধন-সম্পদ আনৰ কাৰণে এৰি থৈ যায়।
11 Their inward thought [is], [that] their houses [shall continue] for ever, [and] their dwelling places to all generations; they call [their] lands after their own names.
১১তেওঁলোকৰ মৈদাম, তেওঁলোকৰ ঘৰ-বাৰী চিৰস্থায়ী, তেওঁলোকৰ আবাসবোৰ পুৰুষানুক্ৰমে থাকিব, সেয়ে নিজৰ নামেৰেই তেওঁলোকে মাটিৰ নাম দিয়ে।
12 Nevertheless man [being] in honor abideth not: he is like the beasts [that] perish.
১২কিন্তু মানুহ ঐশ্বর্যশালী হ’লেও, চিৰস্থায়ী নহয়; তেওঁলোক পশুবোৰৰ দৰেই বিনষ্ট হৈ যাব।
13 This their way [is] their folly: yet their posterity approve their sayings. (Selah)
১৩যিসকলে নিজৰ প্রাচুর্যতাত ভাৰসা কৰে, আৰু তেওঁলোকৰ পাছত যিসকল লোকে তেওঁলোকৰ কথাত হয়ভৰ দি চলে, সেই হঠকাৰীসকলৰ দশাও তেনেকুৱা হ’ব। (চেলা)
14 Like sheep they are laid in the grave; death shall feed on them; and the upright shall have dominion over them in the morning; and their beauty shall consume in the grave from their dwelling. (Sheol )
১৪তেওঁলোক চিয়োলৰ কাৰণে নিযুক্ত হোৱা মেৰ-ছাগৰ জাক স্বৰূপ; মৃত্যুয়েই তেওঁলোকৰ ৰখীয়া হ’ব; তেওঁলোক চিয়োললৈ নামি যাব। তেওঁলোকৰ ৰূপ চিয়োলত নষ্ট হ’ব; তেওঁলোকৰ বাসস্থান বুলি একো নাথাকিব। (Sheol )
15 But God will redeem my soul from the power of the grave: for he shall receive me. (Selah) (Sheol )
১৫কিন্তু চিয়োলৰ হাতৰ পৰা ঈশ্বৰে মুক্তিৰ মূল্য দি মোৰ প্ৰাণ মুক্ত কৰিব; মোক তেওঁৰ নিজৰ ওচৰত গ্ৰহণ কৰি ল’ব। (চেলা) (Sheol )
16 Be not thou afraid when one is made rich, when the glory of his house is increased;
১৬যেতিয়া কোনো মানুহ ধনী হয়, ভয় নাখাবা; তেওঁৰ পৰিয়ালৰ গৌৰৱ যেতিয়া বৃদ্ধি পায়, তুমি ভয় নকৰিবা।
17 For when he dieth he shall carry nothing away: his glory shall not descend after him.
১৭কিয়নো তেওঁলোকে মৰণৰ কালত একোকে লৈ নাযাব; তেওঁলোকৰ ধন-সম্পদ তেওঁলোকৰ লগত নামি নাযাব।
18 Though while he lived he blessed his soul: and [men] will praise thee, when thou doest well to thyself.
১৮যদিও জীৱন কালত তেওঁলোকে নিজক সুখী বুলি ভাৱে, কিয়নো তোমালোকৰ নিজৰ ভাল অৱস্থা হ’লে, মানুহে তোমালোকক সুখী বুলি প্ৰশংসা কৰে;
19 He shall go to the generation of his fathers; they shall never see light.
১৯তথাপিও নিজৰ পূর্বপুৰুষসকলৰ ওচৰলৈ তেওঁলোক যাবই লাগিব, যিসকলে পুনৰ কেতিয়াও পোহৰ দেখিবলৈ নাপাব।
20 Man [that is] in honor, and understandeth not, is like the beasts [that] perish.
২০কিন্তু মানুহ ঐশ্বর্যশালী হ’লেও চিৰস্থায়ী নহয়; তেওঁলোক পশুবোৰৰ দৰেই বিনষ্ট হৈ যাব।