< Ezekiel 12 >
1 The word of the LORD also came to me, saying,
১পাছত যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
2 Son of man, thou dwellest in the midst of a rebellious house, who have eyes to see, and see not; they have ears to hear, and hear not: for they [are] a rebellious house.
২“হে মনুষ্য সন্তান, তুমি বিদ্ৰোহী বংশৰ মাজত বাস কৰিছা; দেখিবলৈ চকু থকাতো তেওঁলোকে নেদেখে, শুনিবলৈ কাণ থকাতো তেওঁলোকে নুশুনে, কিয়নো তেওঁলোক বিদ্ৰোহী বংশ।
3 Therefore, thou son of man, prepare thee stuff for removing, and remove by day in their sight; and thou shalt remove from thy place to another place in their sight; it may be they will consider, though they [are] a rebellious house.
৩এই হেতুকে হে মনুষ্য সন্তান, তুমি নিজৰ বাবে দেশান্তৰৰ সামগ্ৰী যুগুত কৰা আৰু দিনতে তেওঁলোকৰ চকুৰ আগতে নিজ দেশান্তৰলৈ প্ৰস্থান কৰা। তুমি তেওঁলোকৰ চকুৰ আগতে নিজ ঠাইৰ পৰা আন ঠাইলৈ যোৱা। তেওঁলোক বিদ্ৰোহী বংশ হ’লেও কিজানি বিবেচনা কৰিব।
4 Then shalt thou bring forth thy stuff by day in their sight, as stuff for removing: and thou shalt go forth at evening in their sight, as they that go forth into captivity.
৪তুমি দিনতে তেওঁলোকৰ চকুৰ আগতে দেশান্তৰৰ সামগ্ৰীৰ দৰে তোমাৰ সামগ্ৰী বাহিৰ কৰি নিবা আৰু দেশান্তৰলৈ ওলোৱা লোকৰ নিচিনাকৈ তুমি তেওঁলোকৰ চকুৰ আগতে গধূলি নিজে ওলাবা।
5 Dig thou through the wall in their sight, and carry out thereby.
৫তুমি তেওঁলোকৰ চকুৰ আগত নগৰৰ দেৱালখন বিন্ধা কৰি তাৰ মাজেদি সামগ্ৰী উলিয়াবা।
6 In their sight shalt thou bear [it] upon [thy] shoulders, [and] carry [it] forth in the twilight: thou shalt cover thy face, that thou mayest not see the ground: for I have set thee [for] a sign to the house of Israel.
৬তেওঁলোকৰ চকুৰ আগত তুমি তাক কান্ধত তুলি আন্ধাৰত বাহিৰলৈ লৈ যাবা; তুমি দেশখন নেদেখিবলৈ তোমাৰ মুখ ঢাকিবা, কিয়নো মই ইস্ৰায়েল বংশৰ কাৰণে এক চিনস্বৰূপে তোমাক প্ৰস্থান কৰিলোঁ।”
7 And I did so as I was commanded: I brought forth my stuff by day, as stuff for captivity, and in the evening I digged through the wall with my hand; I brought [it] forth in the twilight, [and] I bore [it] upon [my] shoulder in their sight.
৭গতিকে মই আজ্ঞামতে কাম কৰিলোঁ; মই দিনতে দেশান্তৰৰ সামগ্ৰীৰ নিচিনাকৈ মোৰ সামগ্ৰী উলিয়াই নিলোঁ আৰু গধূলি মোৰ হাতেৰেই দেৱালখন খানিলোঁ; মই আন্ধাৰত তাক উলিয়াই তেওঁলোকৰ চকুৰ আগত কান্ধত তুলি লৈ গ’লো।
8 And in the morning came the word of the LORD to me, saying,
৮পাছত ৰাতিপুৱাতে যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
9 Son of man, hath not the house of Israel, the rebellious house, said to thee, What doest thou?
৯“হে মনুষ্য সন্তান, ‘তুমি কি কৰিছা?’ এই বুলি বিদ্ৰোহী বংশই ইস্ৰায়েল বংশই তোমাক জানো কোৱা নাই?
10 Say thou to them, Thus saith the Lord GOD, This burden [concerneth] the prince in Jerusalem, and all the house of Israel that [are] among them.
১০তুমি তেওঁলোকক কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: এই ভাৱে যিৰূচালেমত থকা অধিপতিজনক আৰু তাৰ মাজত থকা ইস্ৰায়েলৰ আটাই বংশক বুজায়।
11 Say, I [am] your sign: as I have done, so shall it be done to them: they shall remove [and] go into captivity.
১১তুমি কোৱা, মই তোমালোকৰ পক্ষে চিনস্বৰূপ; মই কৰা নিচিনাকৈ তেওঁলোকলৈ কৰা হ’ব; তেওঁলোক দেশান্তৰলৈ বন্দী-অৱস্থালৈ যাব।
12 And the prince that [is] among them shall bear upon [his] shoulder in the twilight, and shall go forth: they shall dig through the wall to carry out thereby: he shall cover his face, that he may not see the ground with [his] eyes.
১২আৰু তেওঁলোকৰ মাজত থকা অধিপতিজনে নিজ কান্ধত বোজা লৈ আন্ধাৰত ওলাই যাব; তেওঁলোকে সামগ্ৰী উলিয়াবৰ কাৰণে দেৱাল খানিব। তেওঁ নিজৰ মুখ ঢাকিব, কাৰণ তেওঁ চকুৰে দেশখন নেদেখিব।’
13 My net also will I spread upon him, and he shall be taken in my snare: and I will bring him to Babylon [to] the land of the Chaldeans, yet shall he not see it, though he shall die there.
১৩মোৰ জালখন মই তেওঁৰ ওপৰত মেলিম দিম আৰু তেওঁ মোৰ ফান্দত পৰিব; আৰু মই তেওঁক কলদীয়াসকলৰ দেশলৈ অৰ্থাৎ বাবিললৈ লৈ যাম, তথাপি তেওঁ তাক নেদেখিব। অথচ তেওঁ তাতেই মৰিব।
14 And I will scatter towards every wind all that [are] about him to help him, and all his bands; and I will draw out the sword after them.
১৪আৰু তেওঁৰ চাৰিওফালে থকা তেওঁৰ আটাই সহায়কাৰীক আৰু তেওঁৰ সকলো সৈন্যক মই আটাই বায়ুত উড়ুৱাই দিম; আৰু মই ফাকৰ পৰা তৰোৱাল উলিয়াই তেওঁলোকৰ পাছে পাছে খেদি যাম।
15 And they shall know that I [am] the LORD, when I shall scatter them among the nations, and disperse them in the countries.
১৫যেতিয়া মই তেওঁলোকক জাতিবোৰৰ মাজত ছিন্ন-ভিন্ন কৰিম আৰু দেশবোৰৰ মাজত তেওঁলোকক গোট গোট কৰিম, তেতিয়া মই যে যিহোৱা তাক তেওঁলোকে জানিব।
16 But I will leave a few men of them from the sword, from the famine, and from the pestilence; that they may declare all their abominations among the heathen whither they come; and they shall know that I [am] the LORD.
১৬কিন্তু তেওঁলোক যি জাতিবোৰৰ মাজলৈ যাব, সেই জাতিবোৰৰ মাজত তেওঁলোকে নিজৰ ঘিণলগীয়া কাৰ্য প্ৰকাশ কৰিবৰ কাৰণে, তৰোৱালৰ পৰা, আকালৰ পৰা আৰু মহামাৰীৰ পৰা তেওঁলোকৰ কেতবোৰ লোকক মই অৱশিষ্ট ৰাখিম, তাতে, মইযে যিহোৱা তাক তেওঁলোকে জানিব!”
17 Moreover the word of the LORD came to me, saying,
১৭পাছে যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
18 Son of man, eat thy bread with quaking, and drink thy water with trembling and with solicitude.
১৮“হে মনুষ্য সন্তান, তুমি কঁপি কঁপি নিজৰ আহাৰ ভোজন কৰা, কম্পন আৰু সাৱধানেৰে নিজৰ জল পান কৰা।
19 And say to the people of the land, Thus saith the Lord GOD of the inhabitants of Jerusalem, [and] of the land of Israel; They shall eat their bread with solicitude, and drink their water with astonishment, that her land may be desolate from all that is therein, because of the violence of all them that dwell therein.
১৯আৰু তুমি দেশৰ লোকসকলক কোৱা, ‘ইস্ৰায়েল দেশত থকা যিৰূচালেম-নিবাসীসকলৰ বিষয়ে প্ৰভু যিহোৱাই এই কথা কৈছে: তাৰ নিবাসী আটাইবোৰৰ অত্যাচাৰৰ কাৰণে তাত থকা সকলো নষ্ট হৈ তেওঁলোকৰ দেশ উচ্ছন্ন হ’বৰ কাৰণে, তেওঁলোকে সাৱধানেৰে তেওঁলোকৰ আহাৰ ভোজন কৰিব আৰু বিস্ময়েৰে তেওঁলোকৰ জল পান কৰিব।
20 And the cities that are inhabited shall be laid waste, and the land shall be desolate; and ye shall know that I [am] the LORD.
২০আৰু বাস কৰা নগৰবোৰ উচ্ছন্ন কৰা হ’ব আৰু দেশ ধ্বংসস্থান হ’ব; তাতে, মই যে, যিহোৱা তাক তোমালোকে জানিবা!”
21 And the word of the LORD came to me, saying,
২১আকৌ যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
22 Son of man, what [is] that proverb [that] ye have in the land of Israel, saying, The days are prolonged, and every vision faileth?
২২“হে মনুষ্য সন্তান, দিন পলম হৈছে, প্ৰত্যেক দৰ্শন বিফল হৈছে”, ‘ইস্ৰায়েল দেশত প্ৰচলিত হোৱা তোমালোকৰ এইটো কি কথা?’
23 Tell them therefore, Thus saith the Lord GOD: I will make this proverb to cease, and they shall no more use it as a proverb in Israel; but say to them, The days are at hand, and the effect of every vision.
২৩এই হেতুকে তেওঁলোকক কোৱা, প্ৰভু যিহোৱাই এই কথা কৈছে: ‘মই এই প্ৰচলিত কথা লুপ্ত কৰিম আৰু এইটো ইস্ৰায়েলৰ মাজত আৰু নচলিব’।” কিন্তু তেওঁলোকক কোৱা, “দিন আৰু প্ৰত্যেক দৰ্শনৰ সফলতা ওচৰ!”
24 For there shall no more be any vain vision nor flattering divination within the house of Israel.
২৪কিয়নো ইস্ৰায়েল বংশৰ ভিতৰত অনৰ্থক দৰ্শন বা মানুহে ভাল পোৱা মঙ্গল চোৱা কথা আৰু নহ’ব।
25 For I [am] the LORD: I will speak, and the word that I shall speak shall come to pass; it shall no more be prolonged: for in your days, O rebellious house, will I say the word, and will perform it, saith the Lord GOD.
২৫কাৰণ ময়েই যিহোৱা! মই ক’ম আৰু মই কোৱা বাক্য সিদ্ধ হ’ব। তাক আৰু আগলৈ থোৱা নহ’ব। কিয়নো হে বিদ্ৰোহী বংশ, প্ৰভু যিহোৱাই কৈছে, তোমালোকৰ দিনতেই মই বাক্য ক’ম আৰু তাক সিদ্ধও কৰিম।
26 Again the word of the LORD came to me, saying,
২৬আকৌ যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
27 Son of man, behold, [they of] the house of Israel say, The vision that he seeth [is] for many days [to come], and he prophesieth of the times [that are] distant.
২৭“হে মনুষ্য সন্তান, চোৱা! ইস্ৰায়েল-বংশই কয়, ‘তেওঁ পোৱা দৰ্শনৰ কথা ঘটিবলৈ বহুদিন আছে, তেওঁ অতি দীৰ্ঘকালৰ বিষয়ে ভাববাণী প্ৰচাৰ কৰে।’
28 Therefore say to them, Thus saith the Lord GOD; There shall none of my words be further deferred, but the word which I have spoken shall be done, saith the Lord GOD.
২৮এই হেতুকে তুমি তেওঁলোকক কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: মোৰ বাক্য কোনোটোৱেই ফলিয়াবলৈ পলম নহ’ব; কিন্তু মই যি বাক্য ক’ম, সেয়ে সিদ্ধ হ’ব।’ এয়ে প্ৰভু যিহোৱাৰ বচন!”