< 1 Samuel 30 >
1 And it came to pass, when David and his men were come to Ziklag on the third day, that the Amalekites had invaded the south, and Ziklag, and smitten Ziklag, and burned it with fire;
১তৃতীয় দিনা দায়ুদ আৰু তেওঁৰ লোকসকল চিক্লগ আহি পালে; তাতে তেওঁলোকে দেখিলে যে, অমালেকীয়াসকলে আহি চিক্লগ আৰু নেগেভত উপদ্ৰৱ কৰিছে, আৰু চিক্লগত সোমাই আক্ৰমণ কৰি, জুইৰে পুৰিছে;
2 And had taken the women captives that [were] in it, they slew not any, either great or small, but carried [them] away, and went on their way.
২আৰু তাৰ ভিতৰত থকা তিৰোতা আদি সৰু বৰ সকলোকে বন্দী কৰি লৈ গৈছে। সিহঁতে কাকো বধ নকৰিলে, কিন্তু সকলোকে লগত লৈ নিজৰ বাটেৰে তেওঁলোক গ’ল।
3 So David and his men came to the city, and behold, [it was] burned with fire; and their wives, and their sons, and their daughters, were taken captives.
৩যেতিয়া দায়ুদ আৰু তেওঁৰ লোকসকল সেই নগৰলৈ আহিল, তেতিয়া নগৰখন জুইৰে পুৰি পেলোৱা হৈছে আৰু তাত থকা মহিলা, সন্তান আৰু জীয়ৰীবোৰক বন্দী কৰি লৈ গৈছে।
4 Then David and the people that [were] with him, lifted up their voice and wept, until they had no more power to weep.
৪তেতিয়া দায়ুদ আৰু তেওঁৰ লগৰ লোকসকলে বৰ মাতেৰে এনেদৰে কান্দিলে যে, শেষত কান্দিবলৈকো তেওঁলোকৰ শক্তি নোহোৱা হ’ল।
5 And David's two wives were taken captives, Ahinoam the Jezreelitess, and Abigail the wife of Nabal the Carmelite.
৫তেওঁলোকে দায়ূদৰ দুই ভাৰ্যা, যিজ্ৰিয়েলীয়া অহীনোৱম আৰু কৰ্মিলীয়া মৃত নাবলৰ তিৰোতা অবিগলকো বন্দী কৰি নিছিল।
6 And David was greatly distressed: for the people spoke of stoning him, because the soul of all the people was grieved, every man for his sons, and for his daughters: but David encouraged himself in the LORD his God.
৬তেতিয়া দায়ুদ মহাসঙ্কটত পৰিল; কিয়নো প্ৰতিজনৰ লোকৰ মন নিজৰ নিজৰ পুতেক-জীয়েকসকলৰ কাৰণে বেজাৰত আছিল, সেয়ে লোকসকলে দায়ূদক শিল দলিয়াই মাৰিবৰ বাবে আলোচনা কৰিবলৈ ধৰিলে। কিন্তু দায়ূদে তেওঁৰ ঈশ্বৰ যিহোৱাত নিজক সবল কৰিলে।
7 And David said to Abiathar the priest, Ahimelech's son, I pray thee bring me hither the ephod. And Abiathar brought thither the ephod to David.
৭পাছত দায়ূদে অহীমেলকৰ পুত্ৰ অবিয়াথৰ পুৰোহিতক ক’লে, “এতিয়া অনুগ্ৰহ কৰি এতিয়া মোৰ ওচৰলৈ এফোদ বস্ত্রখন লৈ আহা।” তাতে অবিয়াথৰে দায়ূদৰ ওচৰলৈ এফোদ বস্ত্রখন লৈ আহিলে।
8 And David inquired of the LORD, saying, Shall I pursue this troop? shall I overtake them? And he answered him, Pursue; for thou shalt surely overtake [them], and without fail recover [all].
৮তেতিয়া যিহোৱাৰ পৰা নিৰ্দেশনা পাবৰ বাবে দায়ূদে প্ৰাৰ্থনা কৰি সুধিলে, “মই যদি তেওঁলোকক ধৰিবৰ বাবে খেদি যাওঁ, তেনেহলে তেওঁলোকক লগ পাম নে? তাতে যিহোৱাই তেওঁক ক’লে, “তেওঁলোকৰ পাছে পাছে খেদি যোৱা, তাতে অৱশ্যে তেওঁলোকক লগ পাবা, আৰু নিশ্চয়ে তেওঁলোকৰ পৰা সকলোকে উদ্ধাৰো কৰিব পাৰিবা।”
9 So David went, he and the six hundred men that [were] with him, and came to the brook Besor, where those that were left behind remained.
৯তেতিয়া দায়ুদ আৰু তেওঁৰ লগত ছশ লোক ওলাই গ’ল, তেওঁলোকে গৈ বিচোৰ জুৰি পালে; তাতে তেওঁলোকৰ কিছুমান লোক পাছ পৰি গ’ল।
10 But David pursued, he and four hundred men: for two hundred abode behind, who were so faint that they could not go over the brook Besor.
১০কিন্তু দায়ুদ আৰু তেওঁৰ সঙ্গী চাৰি শ লোকে শত্ৰুবোৰৰ পাছত খেদি গ’ল; তাতে পাছ পৰি যোৱা দুশ লোক থাকি গ’ল, তেওঁলোক অতি ক্লান্ত হোৱা বাবে বিচোৰ জুৰি পাৰ হ’ব পৰা নাছিল।
11 And they found an Egyptian in the field, and brought him to David, and gave him bread, and he ate; and they made him drink water;
১১তাতে তেওঁলোকে পথাৰত এজন মিচৰীয়া লোকক বিচাৰি পালে আৰু লোকজনক দায়ূদৰ ওচৰলৈ লৈ আহিল। তেওঁলোকে লোকজনক খাবলৈ খোৱা বস্তু আৰু পানী দিলে, তাতে লোকজনে সেইবোৰ খালে।
12 And they gave him a piece of a cake of figs, and two clusters of raisins: and when he had eaten, his spirit came again to him: for he had eaten no bread, nor drank [any] water, three days and three nights.
১২বিশেষকৈ তেওঁলোকে তেওঁক এটা ডিমৰুৰ পিঠা আৰু দুথোপা শুকান দ্ৰাক্ষাগুটি খাবলৈ দিলে, সেইবোৰ খোৱাৰ পাছত তেওঁ পুনৰ শক্তি পালে; কিয়নো তেওঁ তিনি দিন-ৰাতি একো খোৱা নাছিল।
13 And David said to him, To whom [belongest] thou? and whence [art] thou? And he said, I [am] a young man of Egypt, servant to an Amalekite; and my master left me, because three days ago I fell sick.
১৩পাছত দায়ূদে তাক সুধিলে, “তই কাৰ মানুহ? আৰু ক’ৰ পৰা আহিলি?” সি ক’লে, “মই অমালেকীয়াৰ এজন বন্দী মিচৰীয়া ডেকা মানুহ; আজি তিনি দিন হ’ল, মই নৰিয়াত পৰা বাবে মোৰ গৰাকীয়ে মোক এৰি গ’ল।
14 We made an invasion [upon] the south of the Cherethites, and upon [the coast] which [belongeth] to Judah, and upon the south of Caleb; and we burned Ziklag with fire.
১৪আমি কৰেথীয়াসকলৰ নেগেভ অঞ্চলত উপদ্ৰৱ চলাইছলোঁ; যিহূদাৰ অধিকাৰত থকা আৰু কালেবৰ অধিকাৰত নেভেগ অঞ্চলত আক্ৰমণ কৰিছিলোঁ। আমি চিক্লগ জ্ৱলাই দিছিলোঁ।”
15 And David said to him, Canst thou conduct me down to this company? And he said, Swear to me by God, that thou wilt neither kill me, nor deliver me into the hands of my master, and I will lead thee down to this company.
১৫পাছত দায়ূদে তাক সুধিলে, “তই সেই দলৰ ওচৰলৈ মোক নমাই লৈ যাব পাৰিবি নে?” তাতে সি ক’লে, “আপুনি মোক বধ নকৰোঁ বুলি আৰু মোৰ গৰাকীৰ হাততো শোধাই নিদিওঁ বুলি যদি ঈশ্বৰৰ নামেৰে শপত খাই, তেন্তে মই সেই দলৰ ওচৰলৈ আপোনাক নমাই লৈ যাম।”
16 And when he had conducted him down, behold, [they were] spread abroad upon all the earth, eating and drinking, and dancing, because of all the great spoil that they had taken from the land of the Philistines, and from the land of Judah.
১৬পাছত সেই মিচৰীয়াজনে দায়ূদক নমাই লৈ গ’ল; সেই সময়ত তেওঁলোকে গোটেই দেশত উৎসৱ পাতি ভোজন পান কৰি আছিল।
17 And David smote them from the twilight even to the evening of the next day: and there escaped not a man of them, save four hundred young men, who rode upon camels, and fled.
১৭তেতিয়া দায়ূদে তেওঁলোকক আক্ৰমণ কৰিলে; সন্ধিয়াৰ পৰা পাছদিনালৈকে তেওঁলোকৰ লগত যুদ্ধ কৰি তেওঁলোকক হত্যা কৰিলে। তাত চাৰি শ লোক উটত উঠি পলাই গ’ল, তেওঁলোকৰ বাহিৰে সকলো লোক নিহত হ’ল।
18 And David recovered all that the Amalekites had carried away: and David rescued his two wives.
১৮অমালেকীয়াসকলে যিবোৰ লৈ গৈছিল, সেই সকলো দায়ূদে উভতাই পালে আৰু নিজৰ দুজনী ভাৰ্যাকো তেওঁ উভতাই পালে।
19 And there was nothing lacking to them, neither small nor great, neither sons nor daughters, neither spoil, nor any [thing] that they had taken to them: David recovered all.
১৯তেওঁ সৰু বা ডাঙৰ, একোৱেই নেহেৰুৱালে, পুতেক-জীয়েক আদি কৰি লুটদ্ৰব্যৰ সকলোখিনি উভতাই পালে। তেওঁলোকে যিবোৰ লুট কৰি নিছিল, সেই সকলোখিনিয়ে দায়ূদে উভতাই আনিলে।
20 And David took all the flocks and the herds, [which] they drove before those [other] cattle, and said, This [is] David's spoil.
২০আৰু দায়ূদে সিহঁতৰ সকলো গৰু আৰু মেৰ-ছাগৰ জাকবোৰ নিজৰ কাৰণে ল’লে, আৰু লোকসকলে সেই পশুবোৰ উদ্ধাৰ কৰি অনা আন পশুৰ জাকৰ আগে আগে খেদি নি ক’লে, “এইবোৰ দায়ূদে লুট কৰি অনা বস্তু।”
21 And David came to the two hundred men, who were so faint that they could not follow David, whom they had made also to abide at the brook Besor: and they went forth to meet David, and to meet the people that [were] with him: and when David came near to the people, he saluted them.
২১পাছত তেওঁলোক ক্লান্ত হৈ পৰা বাবে দায়ূদৰ লগত যাব নোৱৰা যি দুশ লোকক তেওঁলোকে বিচোৰ জুৰিৰ পাৰত এৰি থৈ গৈছিল, সেই লোকসকলৰ ওচৰ আহি পালে। তাতে সেই লোকসকলে দায়ুদ আৰু লগতে তেওঁৰ লগত অহা আটাই লোকক আগবঢ়াই নিবলৈ ওলাল; তেতিয়া দায়ূদে তেওঁলোকক মঙ্গলবাদ কৰিলে।
22 Then answered all the wicked men, and [men] of Belial, of those that went with David, and said, Because they went not with us, we will not give them [aught] of the spoil that we have recovered, save to every man his wife and his children, that they may lead [them] away, and depart.
২২কিন্তু দায়ূদৰ লগত যোৱা লোকসকলৰ মাজৰ দুৰ্জন আৰু অধম প্রকৃতিৰ কিছুমানে লোকে ক’লে, “সিহঁত আমাৰ লগত যোৱা নাই; গতিকে উভতাই অনা লুটদ্ৰব্যৰ একোকে সিহঁতক নিদিওঁ; কেৱল আমি সিহঁতৰ প্ৰতিজনক নিজ নিজ তিৰোতা আৰু ল’ৰা-ছোৱালীহে দিম, সিহঁত ইয়াকে লৈ আতৰি যাওক।”
23 Then said David, Ye shall not do so, my brethren, with that which the LORD hath given us, who hath preserved us, and delivered the company that came against us into our hand.
২৩তেতিয়া দায়ূদে ক’লে, “হে ভাইসকল, এনে ধৰণৰ কাৰ্য কৰা উচিত নহয়। যিহোৱাই আমাক যি দিলে, সেয়া এবাৰ ভাবি চোৱা। তেওঁ আমাৰ বিৰুদ্ধে অহা সৈন্যসকল আমাৰ হাতত শোধাই দিলে।
24 For who will hearken to you in this matter? but as his part [is] that goeth down to the battle, so [shall] his part [be] that tarrieth by the goods: they shall part alike.
২৪কোনে নো এই বিষয়ে তোমালোকৰ কথা শুনিব? কিয়নো যুদ্ধলৈ যোৱা লোকে যেনে ভাগ পাব, বস্তুৰ ওচৰত থকা লোকেও তেনে ভাগ পাব; দুয়ো সমান ভাগ পাব।”
25 And it was [so] from that day forward, that he made it a statute and an ordinance for Israel to this day.
২৫সেইদিনৰে পৰা এই কথা ইস্ৰায়েলৰ কাৰণে বিধি আৰু শাসন-প্ৰণালী হ’ল; এয়ে আজিলৈকে চলি আছে।
26 And when David came to Ziklag, he sent of the spoil to the elders of Judah, [even] to his friends, saying, Behold a present for you, of the spoil of the enemies of the LORD;
২৬পাছত দায়ুদ যেতিয়া চিক্লগলৈ আহিল, তেতিয়া তেওঁ নিজ বন্ধু যিহূদাৰ বৃদ্ধ লোকসকলৰ ওচৰলৈ গ’ল। তাতে তেওঁ লুটি অনা বস্তুৰ কিছু অংশ তেওঁলোকলৈ পঠিয়াই দি ক’লে, “চোৱা, যিহোৱাৰ শত্ৰুবোৰৰ পৰা লুটি অনা বস্তুৰ মাজৰ পৰা এয়ে তোমালোকৰ কাৰণে পঠোৱা উপহাৰ।”
27 To [them] who [were] in Beth-el, and to [them] who [were] in south Ramoth, and to [them] who [were] in Jattir,
২৭বৈৎএল, দক্ষিণ অঞ্চলৰ ৰামোৎ, যত্তীৰ,
28 And to [them] who [were] in Aroer, and to [them] who [were] in Siphmoth, and to [them] who [were] in Eshtemoa,
২৮অৰোয়েৰ, চিফমোৎ, ইষ্টমোৱা,
29 And to [them] who [were] in Rachal, and to [them] who [were] in the cities of the Jerahmeelites, and to [them] who [were] in the cities of the Kenites,
২৯ৰাখল, যিৰহমেলীয়া, কেনীয়াসকলৰ নগৰবোৰ,
30 And to [them] who [were] in Hormah, and to [them] who [were] in Chor-ashan, and to [them] who [were] in Athach,
৩০হৰ্মা, কোৰ-আচন, অথাক,
31 And to [them] who [were] in Hebron, and to all the places where David himself and his men were accustomed to resort.
৩১আৰু হিব্ৰোণ আদি যি যি ঠাইত দায়ুদ আৰু তেওঁৰ লোকসকল থকিছিল, সেই সকলো ঠাইৰ যুদ্ধাৰুসকলৰ ওচৰলৈ তেওঁ এইবোৰ পঠিয়াই দিলে।