< Lamentations 1 >
1 Jerusalem was [once] full of people, but now it is deserted. [Once] it was honored by people all over the world, but now it is [grieving/abandoned] like [SIM] a widow. [Once] it was [honored like] [MET] a princess [is honored] among the nations, but now [we who live here] have become slaves.
১যি যিৰূচালেম নগৰ এসময়ত প্ৰজাৰে পৰিপূৰ্ণ আছিল, সেই নগৰ এতিয়া কেনে অকলশৰীয়া হৈ ৰৈ আছে! যদিও তাই জাতি সমূহৰ মাজত ক্ষমতাশালী আছিল, তথাপি তাই বিধৱাৰ দৰে হ’ল! প্ৰদেশবোৰৰ মাজত তাই ৰাণী আছিল, কিন্তু এতিয়া দাসত্বৰ অধীন হ’ল!
2 We [PRS] weep bitterly [all] night long, with tears flowing down our cheeks. Among [the people in] all [the nations] that loved Jerusalem there are none that comfort us [now]. All [the rulers of those nations that were previously] our allies have betrayed us, and they are all now enemies [of the people of Jerusalem].
২তাই ৰাতি উচুপি বিলাপ কৰে আৰু তাইৰ চকুৰ পানী গালেৰে বৈ যায়। তাইৰ প্ৰেমিক সকলৰ মাজত তাইক শান্ত্বনা দিবলৈ কোনো নাই। তাইৰ সকলো বন্ধুৱে তাইক বিশ্বাস-ঘাতকতা কৰিলে। তেওঁলোক তাইৰ শত্ৰু হ’ল।
3 [The people of] Judah have been (exiled/forced to go to other countries) and caused to suffer greatly as slaves. They live in [other] nations where they do not have peace/safety. Their enemies seized them, and there was no way for them to escape.
৩দৰিদ্রতা আৰু ক্লেশ-ভোগ কৰাৰ পাছত যিহূদা বন্দীত্বত গ’ল। তাই কোনো বিশ্ৰাম নোপোৱাকৈ সকলো জাতিৰ মাজত বাস কৰি আছে। তাই হতাশ হোৱাত তাইৰ শত্রু সকলে তাইক আক্রান্ত কৰিলে।
4 The roads to Zion [Hill] are empty [PRS] because no one comes [here] to [celebrate] the sacred festivals. The city gates are deserted, and the priests groan. The young women [of Jerusalem] cry [because] they are suffering greatly.
৪নিৰ্ধাৰিত পৰ্ব্বলৈ কোনো নোযোৱাত, চিয়োনৰ পথবোৰে শোক কৰিছে। তাইৰ আটাই দুৱাৰ অৱহেলিত হ’ল। তাইৰ পুৰোহিতসকলে দুখত কেঁকাই আছে। তাইৰ কুমাৰীসকল শোকত আছে আৰু নিজেও অতি বেজাৰত আছে।
5 Our enemies have conquered the city, and [now] they prosper. Yahweh has punished [the people of] Jerusalem because of all the sins that they have committed. The children [of Jerusalem] have been captured and taken [to other countries].
৫তাইৰ শত্ৰুবোৰ, তাইৰ প্রভু হ’ল; আৰু তেওঁলোকৰ উন্নতি হ’ল। কিয়নো তাইৰ অপৰাধ অধিক হোৱা কাৰণে যিহোৱাই তাইক ক্লেশ দিলে। তাইৰ শিশুসকল শত্ৰুৰ হাতত বন্দী-অৱস্থালৈ গ’ল।
6 Jerusalem was a beautiful city, but it is not beautiful now. The leaders [of the city] are like [SIM] deer that are starving because of being unable to find any grass [to eat]. They are very weak, with the result that they are unable to run from their enemies.
৬আৰু চিয়োন-জীয়াৰীৰ সৌন্দৰ্য্যই তাইক ত্যাগ কৰিলে। তাইৰ ৰাজকুমাৰসকল চৰণীয়া ঠাই নোপোৱা হৰিণৰ দৰে হ’ল, আৰু শক্তিহীন হৈ খেদি নিয়া শত্রুৰ আগে আগে গ’ল।
7 [The people of] Jerusalem are sad and scattered, and they think about the previous greatness of the city. [But now] our enemies have captured the city, and there is no one to help the people. Our enemies destroyed the city and laughed while they were doing that.
৭যিৰূচালেমে নিজৰ দুখ আৰু কষ্টৰ দিনত, পূৰ্বকালৰ নিজৰ সকলো মনোহৰ বস্তুবোৰৰ বিষয়ে সোঁৱৰণ কৰিছে। যেতিয়া তাইৰ প্ৰজাসকল শত্ৰুৰ হাতত পৰিল, তেতিয়া কোনেও তাইক সহায় নকৰিলে। শত্ৰুবোৰে তাইৰ ধ্বংস হোৱা অৱস্থা দেখি উপহাস কৰিলে।
8 [The people of] [PRS] Jerusalem have sinned very much; [it is as though] [MET] the city has become [like] a filthy [rag]. All those who [previously] honored the city [now] despise it, because they see that it has become very disgraced [MET]. Now [the people of] the city groan, and they cover their faces [because they are very ashamed].
৮যিৰূচালেমে অতিশয় পাপ কৰিলে; এই কাৰণে তাই অশুচি বস্তু যেন হ’ল। তাইৰ সন্মানকাৰীসকলে তাইৰ উলঙ্গতা দেখি তাইক তুচ্ছ জ্ঞান কৰিলে। তাই দুখেৰে কেঁকাই পাছফালে মুখ ঘূৰায়।
9 The city has become filthy because of [PRS] the sins that the people have committed; they did not think about what could happen to the city. [Now] the city has been destroyed, and there is no one to comfort [the people]. [The people cry out saying], “Yahweh, look at how we are suffering because our enemies have defeated us!”
৯তাইৰ চুৱা, তাইৰ কাপোৰৰ আঁচলত লাগি আছে। তাই নিজৰ শেষ গতিলৈ মন নকৰিলে। এই কাৰণে আচৰিতৰূপে তাইৰ অধোগতি হ’ল। তাইক শান্ত্বনা দিওঁতা কোনো নাই। হে যিহোৱা, মোৰ ক্লেশলৈ দৃষ্টি কৰক, কাৰণ শত্ৰু অতি মহান হ’ল!
10 Our enemies have taken away all our treasures, all the valuable things that we owned. We have seen [soldiers from other] nations, [men who do not worship Yahweh], enter our sacred temple, [the place] where foreigners/non-Israelis were (forbidden/not allowed) to enter.
১০শত্ৰুৱে তাইৰ আটাই মনোহৰ বস্তুবোৰৰ ওপৰত হাত দিলে। যি জাতিবোৰক আপোনাৰ সমাজত সোমাবলৈ আপুনি নিষেধ কৰিছিল, তাই সেই জাতিবোৰক তাইৰ পবিত্ৰ স্থানত প্ৰৱেশ কৰা দেখিলে।
11 The people of the city groan while they search for food; they have given their treasures to get food [to eat] to remain alive. [They say], “Yahweh, look [at us], and see that we are despised!”
১১তাইৰ সকলো প্ৰজাই অন্ন বিচাৰি দুখত কেঁকাই আছে। তেওঁলোকে আহাৰ খাই পুনৰ জীৱন প্রতিষ্ঠা কৰিবলৈ নিজ নিজ মনোহৰ বস্তুবোৰ দিলে। হে যিহোৱা, চাওঁক আৰু মোৰ বিষয়ে বিবেচনা কৰক, কিয়নো মই অযোগ্য হ’লো।
12 You people who pass by, you do not [RHQ] seem to care at all [about what has happened to us]. Look around and see that there are no other [RHQ] people who are suffering like we are. Yahweh has caused us to suffer because he was extremely angry [with us].
১২হে বাটৰুৱাসকল, এয়ে তোমালোকৰ দৃষ্টিত একোকে নহয় নে? বিচাৰ কৰা আৰু চোৱা, মোলৈ কৰা মোৰ এই দুখৰ নিচিনা আৰু দুখ হ’ব পাৰেনে? কিয়নো যিহোৱাই নিজৰ প্ৰচণ্ড ক্ৰোধৰ দিনা মোক যন্ত্ৰণা দিলে।
13 [It is as though] he sent a fire from heaven [MTY] that burned in our bones; [it is as though] [MET] he has placed a trap for our feet, and has prevented us from walking any further. He has abandoned us; we are weak/miserable [every day], all day long.
১৩তেওঁ ওপৰৰ পৰা মোৰ হাড়বোৰৰ মাজলৈ অগ্নি পঠিয়ালে আৰু সেয়ে হাড়বোৰক জ্ৱলাই পেলালে। তেওঁ মোৰ ভৰিত জাল পাতিলে আৰু মোক ঘূৰাই আনিলে। তেওঁ মোক সঘনাই পৰিত্যক্ত আৰু শক্তিহীন কৰিলে।
14 He caused the sins that we have committed to be [like] a heavy load for us to carry; [it is as though] [MET] he tied them around our necks. Previously we were strong, but he has caused us to become weak. He has allowed our enemies to capture us, and we were not able to do anything to resist them.
১৪মোৰ অপৰাধৰূপ যুৱলি, তেওঁৰ হাতেৰে বন্ধা হ’ল। সেইবোৰক একেলগে গোঁঠি মোৰ ডিঙিত পিন্ধাই দিয়া হ’ল। তেওঁ মোক শক্তিহীন কৰিলে। যি সকলৰ বিৰুদ্ধে মই থিয় হ’ব নোৱাৰোঁ, তেওঁলোকৰ হাতত যিহোৱাই মোক সমৰ্পণ কৰিলে।
15 Yahweh looked at our mighty soldiers and laughed at them. He has summoned a great army to [come and] crush our young soldiers. [It is as though] [MET] Yahweh has trampled on [us] people of Judah like [SIM] [people trample] on grapes in a pit [to make wine].
১৫মোক ৰক্ষা কৰা মোৰ আটাই বীৰকে প্ৰভুৱে তুচ্ছ কৰিলে। তেওঁ মোৰ বলৱান লোকসকলক গুৰি কৰিবলৈ মোৰ অহিতে এখন সভা আহ্বান কৰিলে। প্ৰভুৱে মোৰ যিহূদা-জীয়াৰীক দ্ৰাক্ষাকুণ্ডত গচকা দি গচকিলে।
16 I weep because of [all] those things; my eyes are filled with tears. There is no one to comfort me; those who could encourage me are far away. Our enemies have conquered [us], so our children have nothing good to (hope for/expect to happen).
১৬এইবোৰ কথাৰ কাৰণে মই কান্দিছোঁ। মোৰ চকুৰ পৰা পানী বৈ গৈছে; কিয়নো মোৰ প্ৰাণ জুৰাব পৰা শান্ত্বনাকাৰীজন মোৰ পৰা আঁতৰত আছে। শত্ৰু জয়ী হোৱাত মোৰ সন্তান সকল অৱহেলিত হ’ল।
17 [We people of] [PRS] Jerusalem reach out our hands [to get help], but there is no one to comfort us. Yahweh has decided concerning [us descendants of] Jacob that the people in nearby nations will become our enemies; so they consider that Jerusalem has become [like] [MET] a filthy rag.
১৭চিয়োনে সহায়ৰ বাবে বহলকৈ হাত মেলিছে; তাইক শান্তনা দিবলৈ কোনো নাই। যাকোবৰ চাৰিওফালে থকা লোকসকলক, তাইৰ শত্ৰু হ’বলৈ যিহোৱাই আজ্ঞা দিছে। তেওঁলোকৰ মাজত যিৰূচালেম অশুচি বস্তু যেন হ’ল।
18 But what Yahweh has done [to us] is fair, because we have rebelled against obeying the commands that he gave [us]. You people everywhere, listen [to us]; [look and] see that we are suffering [greatly]. We had [many] sons and daughters, but they have been captured and forced to go to distant countries.
১৮যিহোৱা ধাৰ্মিক, কিয়নো মই তেওঁৰ আজ্ঞাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলোঁ। হে জাতি সমূহ শুনা, মই তোমালোকক বিনয় কৰোঁ আৰু মোৰ দুখলৈ মন কৰা। মোৰ যুৱতী আৰু বীৰসকল বন্দী অৱস্থালৈ গ’ল।
19 We pleaded with our allies [to help us], but they [all] refused. Our priests and our leaders have died [from hunger] in the city while they were searching for food [to eat] to remain alive.
১৯মই মোৰ প্ৰেমকাৰীসকলক মাতিলোঁ, কিন্তু তেওঁলোক মোৰ প্রতি বিশ্বাসঘাতক হ’ল। যেতিয়া নিজ প্ৰাণ ৰক্ষা কৰিবৰ বাবে তেওঁলোকে আহাৰ বিচাৰিছিল; তেতিয়া মোৰ পুৰোহিত আৰু পৰিচাৰক সমূহে নগৰত প্ৰাণ ত্যাগ কৰিলে।
20 Yahweh, see that we are suffering very much. [It is as though] our inner beings are tormented. We are sad [SYN] because we have rebelled [against you]. Our enemies kill people in the streets with their swords; people are dying [because they have no food to eat].
২০হে যিহোৱা, চাওঁক, মই সঙ্কটত পৰিলোঁ; মোৰ হৃদয় অত্যন্ত দুখিত হৈছে। মোৰ অন্তৰত মোৰ হৃদয় বিকৃত হ’ল, কাৰণ মই অত্যন্ত বিদ্ৰোহ কৰিলোঁ। বাহিৰত আমাক তৰোৱালেৰে নিঃসন্তান কৰিছে; আৰু ঘৰত যেন মৃত্যুহে উপস্থিত হৈছে।
21 People have heard us while we groaned, but no one [came to] comfort us. [Yahweh, ] you caused us to experience this [disaster], and our enemies are happy to see what you have done [to us]. But cause it soon to be the time that you have promised, when our enemies will suffer like we have suffered!
২১মোৰ কেঁকনি শুনক। মোক শান্ত্বনা দিবলৈ কোনো নাই। মোৰ আটাই শত্রুৱে মোৰ দুৰৱস্থাৰ বিষয়ে শুনিলে, আৰু আপুনি যে এনে অৱস্থা কৰিলে, সেই কাৰণে তেওঁলোক আনন্দিত হৈছে। আপুনি যি দিনৰ বিষয়ে ঘোষণা কৰিলে, সেই দিন উপস্থিত কৰক, তেতিয়া তেওঁলোকো মোৰ দৰে হ’ব।
22 [Yahweh, ] see all the evil things that they have done and punish them! [Punish them] like you have punished us for all the sins that we committed! [We say this to you] because we suffer and groan very much, and we (faint/are very sad).
২২তেওঁলোকৰ সকলো দুষ্টতা আপোনাৰ আগত উপস্থিত হওঁক, মোৰ সকলো অপৰাধৰ কাৰণে আপুনি মোলৈ কৰা নিচিনাকৈ তেওঁলোকলৈকো কৰক; কিয়নো মোৰ দুখৰ কেঁকনি অনেক আৰু মোৰ অন্তৰ দু্ৰ্বল।