< Acts 22 >
1 “Brothers and fathers, listen to the defense I now make to you.”
১হে ভাই আৰু পিতৃসকল, এতিয়া আপোনালোকৰ আগত মই নিজৰ পক্ষে যি উত্তৰ দিম, সেই বিষয়ে শুনকচোন৷
2 When they heard that he was addressing them in the Hebrew language, they became even more quiet. Then he said,
২যেতিয়া লোকসকলে ইব্ৰী ভাষাৰে কথা কোৱা শুনিলে, তেতিয়া তেওঁলোক নিমাত হ’ল৷ তেওঁ কলে,
3 “I am a Jewish man, born in Tarsus of Cilicia, but brought up in this city at the feet of Gamaliel and instructed according to the strict manner of the law of our fathers, being zealous for God, just as all of you are today.
৩“মই যিহুদী মানুহ, কিলিকিয়া দেশৰ তাৰ্চ নগৰ মোৰ ওপজা ঠাই, কিন্তু এই নগৰত প্ৰতিপালিত হৈ, গমলীয়েল অধ্যাপকৰ চৰণত ঠিকমতে আমাৰ পূৰ্ব-পুৰুষ সকলৰ পৰা প্ৰচলিত বিধানৰ শিক্ষা পালোঁ; আৰু আজি আপোনালোক যেনে হৈ আছে, ময়ো সেইদৰে ঈশ্বৰলৈ উৎসাহী হৈ আছিলোঁ;
4 I persecuted this Way to the death, binding both men and women and putting them in prison,
৪আৰু এই পথৰ পুৰুষ আৰু মহিলা সকলক বান্ধি বন্দীশালত শোধাই দি, আনকি মৰণলৈকে তেওঁলোকৰ ওপৰত তাড়না কৰিছিলোঁ৷
5 as the high priest can testify about me, along with the whole council of elders. From them I received letters to the brothers in Damascus and then made my way there to make arrests and bring the prisoners back to Jerusalem to be punished.
৫এই বিষয়ে মহা-পুৰোহিত আৰু পৰিচাৰক সকলৰ সমাজ খনো মোৰ সাক্ষী আছে৷ তেখেত সকলৰ পৰাই পত্ৰ লৈ, দম্মেচকত যি সকল এই পথৰ ভাই আছিল, সেই লোকসকলক দণ্ড দি বান্ধি যিৰূচালেমলৈ আনিবৰ কাৰণে তালৈ যাত্ৰাও কৰিছিলোঁ৷
6 “About noon, as I was going along and drawing near to Damascus, a great light from heaven suddenly flashed around me.
৬কিন্তু মই যাত্ৰা কৰি দম্মেচক নগৰৰ ওচৰ পাওঁতে, দুপৰীয়া সময়ত অকস্মাতে আকাশৰ পৰা উজ্বল পোহৰ আহি মোৰ চাৰিওফালে প্ৰকাশিত হ’ল৷
7 Then I fell to the ground and heard a voice saying to me, ‘Saul, Saul, why are yoʋ persecuting me?’
৭তাতে মই মাটিত বাগৰি পৰিলোঁ আৰু ‘হে চৌল, হে চৌল, মোক কিয় তাড়না কৰিছা?’ মোলৈ কোৱা এনে বাণী শুনিলোঁ৷
8 I answered, ‘Who are yoʋ, Lord?’ He said to me, ‘I am Jesus of Nazareth, whom yoʋ are persecuting.’
৮মই উত্তৰ দিলোঁ, “হে প্ৰভু, আপুনি কোন?” তেওঁ মোক ক’লে, ‘তুমি যি জনক তাড়না কৰিছা, মই সেই নাচৰতীয়া যীচু৷’”
9 Those who were with me saw the light and were afraid, but they did not understand the voice of the one who was speaking to me.
৯মোৰ সঙ্গীসকলেও সেই পোহৰ দেখিবলৈ পালে, কিন্তু মোক কথা কোৱা জনৰ মাত শুনা নাছিল৷
10 Then I said, ‘What should I do, Lord?’ The Lord said to me, ‘Rise and go to Damascus, and there yoʋ will be told about all that has been appointed for yoʋ to do.’
১০পাছত মই সুধিলোঁ, ‘প্ৰভু, মই কি কৰিব লাগিব’? প্ৰভুৱে মোক ক’লে, ‘উঠা আৰু দম্মেচকলৈ যোৱা; তাতে তুমি কৰিবলগীয়া যি যি আছে, সেই সকলোবোৰৰ বিষয়ে তোমাক তাতে কোৱা হ’ব৷’
11 But since I could not see because of the brightness of that light, I was led by the hand by those who were with me, and went into Damascus.
১১সেই পোহৰৰ প্ৰতাপৰ কাৰণে মই দেখা পোৱা নাছিলোঁ, সেয়েহে সঙ্গীসকলৰ হাতত ধৰি দম্মেচকলৈ গ’লো৷
12 “Now a certain Ananias, a devout man according to the law, who was well spoken of by all the Jews dwelling there,
১২পাছে সেই নগৰ নিবাসী ইহুদী সকলৰ মাজত সুখ্যাতি পোৱা অননিয় নামেৰে বিধানৰ ভক্ত এজনক লগ পালোঁ৷
13 came and stood beside me. He said to me, ‘Brother Saul, receive yoʋr sight,’ and in that very hour I received my sight and saw him.
১৩পাছত তেওঁ আহি মোৰ ওচৰত থিয় হৈ কলে, ‘হে ভাই চৌল, দৃষ্টি পোৱা৷’ সেই মুহুৰ্ততে মই তেওঁক দেখা পালোঁ৷
14 Then he said, ‘The God of our fathers has appointed yoʋ to know his will, to see the Righteous One, and to hear the voice coming from his mouth.
১৪পাছত তেওঁ মোক কলে, ‘আমাৰ ওপৰ-পুৰুষ সকলৰ ঈশ্বৰে তোমাক মনোনীত কৰিলে, যাতে তুমি ঈশ্বৰৰ ইচ্ছা জানা আৰু ধাৰ্মিক জনক দেখা পোৱা৷ এতিয়া তেওঁৰ মুখৰ বাক্য শুনা;
15 For yoʋ will be his witness to all people of what yoʋ have seen and heard.
১৫কাৰণ যি যি দেখিলা, শুনিলা, সকলো মানুহৰ আগত তেওঁলৈ তাৰ সাক্ষী হ’বা৷
16 And now why do yoʋ delay? Rise and be baptized, and wash away yoʋr sins, calling upon the name of the Lord.’
১৬এতিয়া কিয় পলম কৰিছা? উঠা, তেওঁৰ নামত প্ৰাৰ্থনা কৰি বাপ্তাইজিত হৈ, নিজৰ পাপ ধুই পেলোৱা৷’
17 “When I returned to Jerusalem and was praying at the temple, I fell into a trance
১৭তাৰ পাছত মই যিৰূচালেমলৈ উলটি আহি মন্দিৰত প্ৰাৰ্থনা কৰি থাকোতে মুৰ্চ্ছা গ’লো৷
18 and saw the Lord saying to me, ‘Make haste and get out of Jerusalem quickly, for they will not accept yoʋr testimony about me.’
১৮তাতে তেওঁ মোক কোৱা শুনিলো, ‘তুমি লৰালৰিকৈ যিৰূচালেমৰ পৰা বেগাই ওলাই যোৱা, কিয়নো এই মানুহবোৰে তুমি মোৰ বিষয়ে দিয়া সাক্ষ্য গ্ৰহণ নকৰিব৷’
19 So I said, ‘Lord, they know that in every synagogue I imprisoned and beat those who believe in yoʋ.
১৯মই ক’লো, ‘হে প্ৰভু, মই যে প্ৰত্যেক নাম-ঘৰত সোমাই তোমাক বিশ্বাস কৰা সকলক কোবাই কোবাই বন্দীশালত থৈছিলোঁ
20 And when the blood of yoʋr witness Stephen was being shed, I myself stood there approving of his execution as I watched over the cloaks of those who were killing him.’
২০আৰু তোমাৰ সাক্ষী স্তিফানৰ ৰক্তপাতৰ সময়ত, ময়ো নিজে ওচৰত থিয় হৈ সন্মতি দি, তেওঁক বধ কৰা সকলৰ কাপোৰ ৰাখিছিলোঁ৷’
21 Then the Lord said to me, ‘Go, for I will send yoʋ far away to the Gentiles.’”
২১কিন্তু তেওঁ মোক কলে, ‘যোৱা, কিয়নো মই তোমাক দুৰৈত থকা অনা-ইহুদী সকলৰ ওচৰলৈ পঠিয়াম৷’
22 The crowd listened to Paul until he made this statement, but then they lifted up their voices and said, “Away with this man from the earth! For he should not be allowed to live.”
২২এইখিনিলৈকে তেওঁৰ কথা শুনি, তেওঁলোকে চিঞৰি কলে, “এনে মানুহক পৃথিৱীৰ পৰা দূৰ কৰক: কিয়নো সি জীয়াই থকাৰ যোগ্য নহয়৷”
23 As they were crying out, throwing off their cloaks and flinging dust into the air,
২৩তেওঁলোকে ৰিঙিয়াই ৰিঙিয়াই, নিজৰ নিজৰ কাপোৰ পেলাই, ওপৰলৈ ধুলি উৰুৱাই থাকোঁতে,
24 the commander ordered Paul to be brought into the barracks, saying that he should be examined by flogging, to find out the reason why they were shouting at him in this way.
২৪হাজাৰৰ সেনাপতিয়ে পৌলক দুর্গৰ ভিতৰলৈ নিবলৈ আজ্ঞা দিলে আৰু তেওঁৰ অহিতে মানুহবোৰে কি কাৰণত এনেদৰে আটাহ পাৰিছে, সেই বিষয়ে জানিবলৈ তেওঁক চাবুকেৰে কোবাই সুধিবলৈ আজ্ঞা দিলে৷
25 But as one of the soldiers was stretching Paul out with the straps, Paul said to the centurion standing nearby, “Is it lawful for you to whip a Roman citizen without a proper trial?”
২৫পাছত তেওঁক চাবুকেৰে কোবাবলৈ চামৰাৰ ফিটাৰে বন্ধা হ’ল, তেতিয়া পৌলে ওচৰত থিয় হৈ থকা এশৰ সেনাপতিক কলে, “বিনা দণ্ডাজ্ঞাৰে ৰোমীয়া মানুহক চাবুকেৰে কোবাবলৈ আইন মতে আপোনালোকৰ ক্ষমতা আছে নে?”
26 When the centurion heard this, he went and reported it to the commander, saying, “Consider what yoʋ are about to do, for this man is a Roman citizen.”
২৬এশৰ সেনাপতিয়ে এই কথা শুনি হাজাৰৰ সেনাপতিৰ ওচৰলৈ গৈ কলে, “আপুনি কি কৰিবলৈ উদ্যত হৈছে? কিয়নো এই মানুহ জন এগৰাকী ৰোমীয়া নাগৰিক৷”
27 So the commander went over and said to Paul, “Tell me, are yoʋ a Roman citizen?” He said, “Yes.”
২৭তেতিয়া হাজাৰৰ সেনাপতিয়ে আহি তেওঁক কলে, “মোক কোৱাচোন, তুমি এগৰাকী ৰোমীয়া নাগৰিক নে?” পৌলে কলে, “হয়”৷
28 The commander responded, “I acquired this citizenship with a large sum of money.” Paul said, “But I am a citizen by birth.”
২৮হাজাৰৰ সেনাপতিয়ে উত্তৰ দিলে, “মই ভালেমান ধন ভৰিহে নাগৰিকত্ব লাভ কৰিছিলোঁ৷” কিন্তু পৌলে কলে, “মই জন্মতেই এজন ৰোমীয় নাগৰিক৷”
29 So those who were about to examine him immediately drew back, and the commander was afraid when he realized that Paul was a Roman citizen and that he had bound him.
২৯তেতিয়া যি সকলে তেওঁৰ সোধ-বিচাৰ কৰিবলৈ উদ্যত হৈছিল, তেওঁলোকে তেতিয়াই তেওঁৰ ওচৰৰ পৰা গুচি গ’ল আৰু হাজাৰৰ সেনাপতিয়ে পৌল এগৰাকী ৰোমীয়া নাগৰিক বুলি জানি ভয় খালে, কাৰণ তেওঁ নিজে তেওঁক বন্ধাইছিল৷
30 So the next day, wishing to know for certain why Paul was being accused by the Jews, the commander released him from his bonds and commanded the chief priests and their entire Sanhedrin to come. Then he brought Paul down and had him stand before them.
৩০পাছদিনা ইহুদী সকলে পৌলক কি অপবাদ দিছিল, হাজাৰৰ সেনাপতিয়ে তাৰ নিশ্চয়তা জানিব বিচাৰিলে৷ গতিকে তেওঁক বান্ধোনৰ পৰা মুকলি কৰি দিলে আৰু প্ৰধান পুৰোহিত সকল আৰু মহাসভাৰ সকলোকে গোট খাবলৈ আজ্ঞা দিলে৷ পাছত তেওঁ পৌলক নমাই আনি তেওঁলোকৰ মাজত উপস্থিত কৰালে৷