< Isaiah 27 >
1 in/on/with day [the] he/she/it to reckon: punish LORD in/on/with sword his [the] severe and [the] great: large and [the] strong upon Leviathan serpent fleeing and upon Leviathan serpent crooked and to kill [obj] [the] serpent: monster which in/on/with sea
১সেই দিনা যিহোৱাই তেওঁৰ চোকা, ডাঙৰ, আৰু শকত তৰোৱালৰ সৈতে, দ্ৰুতগামী লিবিয়াথন নাগক, আৰু বেকাঁবেঁকিকৈ যোৱা লিবিয়াথন নাগক দণ্ড দিব, আৰু সমুদ্ৰত থকা বৃহৎ জন্তুটোক বধ কৰিব।
2 in/on/with day [the] he/she/it vineyard (delight *LB(AH)*) to sing to/for her
২সেইদিনা- “এখন মনোৰম দ্ৰাক্ষাবাৰীত, সেই বিষয়ে গান কৰিবা।
3 I LORD to watch her to/for moment to water: watering her lest to reckon: punish upon her night and day to watch her
৩“মই যিহোৱাই তাৰ প্রতিপালক, মই প্ৰতি নিমিষতে তাত পানী দিওঁ; মই দিনে ৰাতিয়ে তাক পহৰা দিওঁ যাতে কোনোৱে তাক হানি নকৰে।
4 rage nothing to/for me who? to give: if only! me thorn thornbush in/on/with battle to step in/on/with her to burn her unitedness
৪মই ক্ৰোধ কৰা নাই; অহ, কাঁইটীয়া বন আৰু কাঁইট গছৰ হাবি, যুদ্ধত মই তেওঁলোকৰ বিৰুদ্ধে গলে! মই সেইবোৰক একেলগে দগ্ধ কৰিম।
5 or to strengthen: hold in/on/with security my to make peace to/for me peace to make to/for me
৫নতুবা সি মোৰ পৰাক্ৰমৰ আশ্ৰয় লওক, আৰু মোৰে সৈতে সন্ধি কৰক, মোৰে সৈতে সন্ধি কৰিবলৈ দিয়া হওক।
6 [the] to come (in): come to uproot Jacob to blossom and to sprout Israel and to fill face: surface world fruit
৬ভবিষ্যত দিনত যাকোবে শিপা ধৰিব; ইস্ৰায়েলে কলি ধৰিব আৰু ফুলিব, আৰু তেওঁলোকে ভূ-মণ্ডলক ফলেৰে পৰিপূৰ্ণ কৰিব।”
7 like/as wound to smite him to smite him if: surely no like/as slaughter to kill his to kill
৭তেওঁ ইস্ৰায়েলৰ প্ৰহাৰকক যেনেকৈ প্ৰহাৰ কৰিছিল, তেনেকৈ তেওঁ ইস্ৰায়েলক প্ৰহাৰ কৰিলে নে? তাৰ দ্বাৰাই হ’ত হোৱাসকলৰ হত্যাৰ দৰে জানো তেওঁৰ হত্যা হ’ল নে?
8 (in/on/with to drive away *L(abh)*) in/on/with to send: exile her to contend her to remove in/on/with spirit: breath his [the] severe in/on/with day east
৮তেওঁ যাকোব আৰু ইস্ৰায়েলক যুদ্ধলৈ পঠাই দিয়াৰ দ্বাৰাই দণ্ড দিছা; তেওঁৰ পূব দিশৰ বতাহৰ দিনা নিজৰ প্ৰবল বায়ুৰ দ্বাৰাই তেওঁক স্থানান্তৰিত কৰিলে।
9 to/for so in/on/with this to atone iniquity: guilt Jacob and this all fruit to turn aside: remove sin his in/on/with to set: make he all stone altar like/as stone chalk to shatter not to arise: rise Asherah and pillar
৯এই হেতুকে ইয়াৰ দ্বাৰাই, যাকোবৰ অপৰাধ মোচন কৰা হ’ব, ইয়াৰ বাবে তেওঁৰ পাপ মোচন কৰাৰ এইয়ে সকলো ফল, আচেৰাৰ স্তম্ভবোৰ, প্ৰতিমাবোৰ পুনৰাই তুলিব নোৱাৰাকৈ, আৰু যজ্ঞবেদীবোৰ তেওঁ শিলবোৰৰ দৰে কৰিব।
10 for city to gather/restrain/fortify isolation pasture to send: depart and to leave: forsake like/as wilderness there to pasture calf and there to stretch and to end: destroy cleft her
১০কিয়নো গড়েৰে আবৃত নগৰ পৰিত্যক্ত হ’ব, আৰু মানুহ নথকা বাসস্থান হৈ অৰণ্যৰ দৰে নিৰ্জন হ’ব; তাত দামুৰি চৰিব, তাত শুব আৰু ডালবোৰ খাব।
11 in/on/with to wither foliage her to break woman to come (in): come to light [obj] her for not people understanding he/she/it upon so not to have compassion him to make him and to form: formed him not be gracious him
১১তাৰ ডাল যেতিয়া শুকাই যায়, তেতিয়া সেইবোৰ ভাঙি যাব; আৰু মহিলাসকলে আহি সেইবোৰ লৈ জুই ধৰিব; কিয়নো এই লোকসকল বিবেচনা শক্তি থকা লোক নহয়; এই হেতুকে তাৰ সৃষ্টিৰ্কতাই তাক দয়া নকৰিব, আৰু তেওঁৰ নিৰ্ম্মাণকৰ্ত্তাই তাক কৃপা নকৰিব।
12 and to be in/on/with day [the] he/she/it to beat LORD from Euphrates [the] river till Brook (Brook of) Egypt and you(m. p.) to gather to/for one one son: descendant/people Israel
১২সেই দিনা এই সকলো ঘটিব, যিহোৱাই ফৰাৎ নদীৰ বৈ যোৱা সোঁতৰ পৰা মিচৰৰ জুৰিলৈকে সম্পূৰ্ণ পৰাস্ত কৰিব; আৰু হে ইস্ৰায়েলৰ লোকসকল তোমালোকক এটা এটা কৈ গোট খোৱা হ’ব।
13 and to be in/on/with day [the] he/she/it to blow in/on/with trumpet great: large and to come (in): come [the] to perish in/on/with land: country/planet Assyria and [the] to banish in/on/with land: country/planet Egypt and to bow to/for LORD in/on/with mountain: mount [the] holiness in/on/with Jerusalem
১৩সেই দিনা এটা ডাঙৰ শিঙা বজোৱা হ’ব; আৰু অচূৰ দেশত নষ্ট হ’ব লগাসকল আৰু মিচৰ দেশলৈ বন্দী কৰি নিয়া লোকসকল আহিব; তেওঁলোকে যিৰূচালেমত থকা পবিত্ৰ পৰ্ব্বতত যিহোৱাৰ আৰাধনা কৰিব।