< Colossians 4 >

1 the/this/who lord: master the/this/who just and the/this/who equality the/this/who slave to furnish occasion to know that/since: that and you to have/be lord: master in/on/among (heaven *N(k)O*)
হে প্ৰভু সকল, আপোনালোকে নিজ দাস সকলৰ প্ৰতি যি ন্যায় আৰু সাম্য, সেয়া তেওঁলোকক দিয়ক আৰু জানক যে স্বৰ্গত আপোনালোকৰো এজন প্ৰভু আছে৷
2 the/this/who prayer to continue in/with to keep watch in/on/among it/s/he in/on/among thankfulness
আপোনালোকে প্ৰাৰ্থনাত লাগি থাকক আৰু ধন্যবাদেৰে সচেতন থাকিব৷
3 to pray together and about me in order that/to the/this/who God to open me door the/this/who word to speak the/this/who mystery the/this/who Christ through/because of which and to bind
আমাৰ কাৰণেও প্ৰাৰ্থনা কৰিব, যাতে খ্ৰীষ্টৰ যি নিগূঢ়-তত্বৰ কাৰণে অামি বন্ধ হৈ আছোঁ; সেই নিগূঢ়-তত্ব ক’বলৈ ঈশ্বৰে যেন আমাৰ বাবে বাক্যৰ দুৱাৰ মেলি দিয়ে৷
4 in order that/to to reveal it/s/he as/when be necessary me to speak
আৰু প্ৰাৰ্থনা কৰক যাতে, মই যি দৰে কোৱা উচিত, সেইদৰে যেন স্পষ্টকৈ প্ৰকাশ কৰিব পাৰোঁ৷
5 in/on/among wisdom to walk to/with the/this/who out/outside(r) the/this/who time/right time to redeem
বাহিৰা লোকৰ প্ৰতি জ্ঞানেৰে আচৰণ কৰিব আৰু সময়ক জ্ঞানেৰে ব্যৱহাৰ কৰিব।
6 the/this/who word you always in/on/among grace salt to season to know how! be necessary you one each to answer
আপোনালোকৰ বাৰ্তালাপ যেন সদায় অনুগ্ৰহযুক্ত হৈ থাকক আৰু আস্বাদযুক্ত লোণৰদৰে, কোন জনক কেনেকৈ উত্তৰ দিব লাগে, সেই বিষয়ে যেন আপোনালোকে জানি লওঁক৷
7 the/this/who according to I/we all to make known you Tychicus the/this/who beloved brother and faithful servant and fellow slave in/on/among lord: God
তুখিকে আপোনালোকক মোৰ বিষয়ে সকলো কথা জনাব৷ তেওঁ প্ৰভুৰ এজন প্ৰিয় ভাই, বিশ্বাসী পৰিচাৰক আৰু এজন সহদাস৷
8 which to send to/with you toward it/s/he this/he/she/it in order that/to (to know *N(K)(O)*) the/this/who about (me *N(K)O*) and to plead/comfort the/this/who heart you
মই তেওঁক নির্দিষ্ট কৰি আপোনালোকৰ তালৈ পঠিয়ালোঁ, যাতে আপোনালোকে আমাৰ বিষয়ে জানিব পাৰে আৰু তেওঁ যেন আপোনালোকৰ হৃদয়ত আশ্বাস দিয়ে৷
9 with Onesimus the/this/who faithful and beloved brother which to be out from you all you to make known the/this/who here
আৰু তেওঁৰ লগত ওনীচিমক, যি জন আপোনালোকৰে বিশ্বাসী আৰু প্ৰিয় ভাই, তেওঁকো পঠিয়ালোঁ; তেওঁলোকে ইয়াৰ সকলো কথা আপোনালোকক জনাব।
10 to pay respects to you Aristarchus the/this/who fellow prisoner me and Mark the/this/who cousin Barnabas about which to take commandment if to come/go to/with you to receive it/s/he
১০মোৰ লগৰ বন্দিয়াৰ আৰিষ্টাৰ্খ, আৰু বাৰ্ণব্বাৰ কুটুম্ব মাৰ্ক, তেওঁৰ বিষয়ে আপোনালোকে যদি এইদৰে লিখা আদেশ পত্ৰ পায়, তেনেহলে গ্ৰহন কৰিব, “যদি তেওঁ আপোনালোকৰ তালৈ যায়, গ্ৰহন কৰিব৷”
11 and Jesus the/this/who to say: call Justus the/this/who to be out from circumcision this/he/she/it alone co-worker toward the/this/who kingdom the/this/who God who/which to be me comfort
১১আৰু যীচু, যাক যুষ্ট বোলে, এওঁলোকে আপোনালোকক মঙ্গলবাদ কৰিছে; এওঁলোক চুন্নৎ হোৱা লোক আৰু কেৱল এওঁলোকেই ঈশ্বৰৰ ৰাজ্যৰ কাৰণে মোৰ সহকাৰী; এওঁলোক মোৰ শান্তিজনক হ’ল।
12 to pay respects to you Epaphras the/this/who out from you slave Christ (Jesus *NO*) always to struggle above/for you in/on/among the/this/who prayer in order that/to (to stand *N(k)O*) perfect and (to fulfill *N(k)O*) in/on/among all will/desire the/this/who God
১২ইপাফ্ৰাই আপোনালোকক মঙ্গলবাদ জনাইছে৷ তেওঁ আপোনালোকৰ মাজৰ এজন আৰু খ্ৰীষ্ট যীচুৰ দাস৷ তেওঁ সদায় প্ৰাৰ্থনাৰে আপোনালোকৰ পক্ষে প্ৰাণপণ কৰিছে, যাতে আপোনালোকে ঈশ্বৰৰ সকলো ইচ্ছাত সিদ্ধ আৰু নিশ্চয়কৈ স্থিৰে থাকে৷
13 to testify for it/s/he that/since: that to have/be much (travail *N(K)O*) above/for you and the/this/who in/on/among Laodicea and the/this/who in/on/among Hierapolis
১৩কিয়নো মই তেওঁৰ সাক্ষ্য দিছোঁ যে, তেওঁ আপোনালোকৰ আৰু লায়দিকেয়া আৰু হিয়ৰাপলিত থকা সকলৰ কাৰণে বৰ পৰিশ্ৰম কৰিছে
14 to pay respects to you Luke the/this/who physician the/this/who beloved and Demas
১৪লূক নামৰ প্ৰিয় চিকিৎসক আৰু দীমায়ো আপোনালোকক মঙ্গলবাদ কৰিছে।
15 to pay respects to the/this/who in/on/among Laodicea brother and (Nympha *N(K)O*) and the/this/who according to house: home (it/s/he *N(K)(o)*) assembly
১৫লায়দিকেয়াত থকা ভাই সকলক, নুম্ফাক আৰু তেওঁলোকৰ ঘৰত গোট খোৱা মণ্ডলীক মঙ্গলবাদ দিব।
16 and when(-ever) to read from/with/beside you the/this/who epistle to do/make: do in order that/to and in/on/among the/this/who Laodicean assembly to read and the/this/who out from Laodicea in order that/to and you to read
১৬আপোনালোকৰ তাত এই পত্ৰ পাঠ কৰা হ’লে, লায়দিকেয়াত থকা মণ্ডলীতো যেন পাঠ কৰা হয়, এনে চেষ্টা কৰিব; আৰু লায়দিকেয়াৰ পৰা যি পত্ৰ পাব, সেই পত্ৰ আপোনালোকেও পাঠ কৰিব।
17 and to say Archippus to see the/this/who service which to take in/on/among lord: God in order that/to it/s/he to fulfill
১৭আৰ্খিপ্পক এই কথা ক’ব, “আপুনি প্ৰভুত যি পৰিচৰ্যা পদ পালে, সেয়া সিদ্ধ কৰিবৰ কাৰণে তালৈ সাৱধান হ’ব।”
18 the/this/who salutation the/this/who I/we hand Paul to remember me the/this/who chain the/this/who grace with/after you (amen *KO*) (to/with Colossae to write away from Rome through/because of Tychicus and Onesimus *K*)
১৮মোৰ এই মঙ্গলবাদ, মই পৌলে, নিজ হাতেৰে লিখিলোঁ। আপোনালোকে মোৰ শিকলিৰ বন্ধন সুঁৱৰিব। আপোনালোকৰ লগত অনুগ্ৰহ থাকক।

< Colossians 4 >