< Jeremiah 21 >
1 The word which came unto Jeremiah from Yahweh, —when King Zedekiah sent unto him Pashhur, son of Malchiah, and Zephaniah, son of Maaseiah, the priest, saying:
১চিদিকিয়া ৰজাই মল্কীয়াৰ পুত্ৰ পচহুৰক, আৰু মাচেয়া পুত্ৰ চফনিয়া পুৰোহিতক যিৰিমিয়াৰ ওচৰলৈ পঠোৱা সময়ত যিহোৱাৰ পৰা যিৰিমিয়াৰ গুৰিলৈ অহা বাক্য আহিল আৰু এইবুলি ক’লে,
2 Enquire for us I pray thee of Yahweh, in that, Nebuchadrezzar king of Babylon, maketh war against us, —Peradventure Yahweh will deal with us according to all his wonders, so that he go up from us.
২“মিনতি কৰোঁ, তুমি আমাৰ কাৰণে যিহোৱাৰ আগত সোধা; কিয়নো বাবিলৰ ৰজা নবূখদনেচৰে আমাৰ বিৰুদ্ধে যুদ্ধ কৰিছে; তেওঁ আমাৰ ওচৰৰ পৰা গুচি যাবৰ কাৰণে কিজানি যিহোৱাই নিজৰ সকলো আচৰিত কাৰ্য অনুসাৰে আমালৈ ব্যৱহাৰ কৰিব।”
3 Then said Jeremiah unto them, —Thus, shall ye say unto Zedekiah:
৩সেই সময়ত যিৰিমিয়াই তেওঁলোকক ক’লে, “তোমালোক চিদিকিয়াক এইদৰে ক’বাগৈ:
4 Thus, saith Yahweh, God of Israel—Behold me! turning back the weapons of war that are in your hand, wherewith, ye, are fighting the king of Babylon and the Chaldeans, who are besieging you outside the wall, —and I will gather them into the midst of this city.
৪‘ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে: “চোৱা, বাবিলৰ ৰজাৰ বিৰুদ্ধে, আৰু গড়ৰ বাহিৰে তোমালোকক অৱৰোধ কৰোঁতা কলদীয়াসকলৰ বিৰুদ্ধে যুদ্ধ কৰা তোমালোকৰ হাতৰ যুদ্ধাস্ত্ৰৰ মুখ ঘূৰাম আৰু তেওঁলোকক আনি এই নগৰৰ মাজ ঠাইত গোটাম।
5 And I myself, will fight against you, with a hand outstretched, and with an arm of strength, —and with anger and with wrath and with great indignation;
৫আৰু মই নিজেও, মেলি থকা হাত আৰু বলৱান বাহুৰে, এনে কি, খং-ৰাগ আৰু মহাকোপেৰে তোমালোকৰ বিৰুদ্ধে যুদ্ধ কৰিম।
6 and I will smite the inhabitants of this city, both man and beast, —of a great pestilence, shall they die.
৬মই এই নগৰ নিবাসী মানুহ, পশু, সকলোকে সংহাৰ কৰিম; সেই সকলোৱে ঘোৰ মহামাৰীত প্ৰাণত্যগ কৰিব।
7 And after that, Declareth Yahweh—Will I deliver Zedekiah king of Judah and his servants, and the people—even such as are left in this city from the pestilence from the sword and from the famine, —into the hand of Nebuchadrezzar king of Babylon, even into the hand of their enemies, and into the hand of them who are seeking their life, —and he will smite them with the edge of the sword, he will not have pity on them nor will he spare nor will he have compassion.
৭যিহোৱাই আৰু কৈছে, “তাৰ পাছত মই যিহূদাৰ ৰজা চিদিকিয়াক, তেওঁৰ পাত্ৰমন্ত্ৰীসকলক, আৰু প্ৰজাসকলক, এনে কি, মহামাৰী, তৰোৱাল আৰু আকালৰ পৰা এই নগৰত অৱশিষ্ট থকাসকলক বাবিলৰ ৰজা নবূখদনেচৰৰ, তেওঁলোকৰ শত্ৰূ, তেওঁলোকৰ প্ৰাণ বিচৰাবোৰৰ হাতত শোধাই দিম; তেওঁ তৰোৱালৰ ধাৰেৰে তাক বধ কৰিব, তেওঁলোকক কৃপা, ক্ষমা কি দয়া নকৰিব’।”
8 And unto this people, shalt thou say, Thus, saith Yahweh, —Behold me! setting before you the way, of life, and the way of death:
৮তেতিয়া তুমি এই লোকসকলক কোৱা, ‘যিহোৱাই এইদৰে কৈছে, “চোৱা, মই তোমালোকৰ আগত জীৱনৰ পথ আৰু মৃত্যুৰ পথ ৰাখিছোঁ।
9 He that remaineth in this city, shall die—by the sword or by the famine or by the pestilence, —Whereas, he that goeth forth and falleth unto the Chaldeans, who are besieging you, —then shall he live, and, his life, shall become to him, a spoil;
৯যি মানুহ এই নগৰত থাকিব, তেওঁ তৰোৱাল, আকাল, বা মহামাৰীত মৰা পৰিব; কিন্তু যি মানুহে বাহিৰলৈ গৈ, তোমালোকক অৱৰোধ কৰোঁতা কলদীয়াসকলৰ ফলিয়া হ’বলৈ ওলাই যাব, তেওঁ জীৱ, আৰু তেওঁৰ প্ৰাণ তেওঁলৈ লুটদ্ৰব্য যেন হ’ব।
10 For I have set my face against this city, for calamity and not for blessing, Declareth Yahweh, —Into the hand of the king of Babylon, shall it be given up, and he will burn it with fire.
১০কিয়নো যিহোৱাই কৈছে, মই মঙ্গলৰ বাবে নহয়, কিন্তু অমঙ্গলৰ বাবেহে এই নগৰৰ অহিতে মুখ কৰিছোঁ; ইয়াক বাবিলৰ ৰজাৰ হাতত দিয়া যাব, আৰু তেওঁ ইয়াক অগ্নিৰে দগ্ধ কৰিব’।”
11 Now, as to the house of the king of Judah, —hear ye the word of Yahweh: —
১১আৰু যিহূদাৰ ৰাজ-বংশৰ বিষয়ে তোমালোকে যিহোৱাৰ বাক্য শুনা।
12 O house of David! Thus, saith Yahweh, Administer justice betimes, And deliver the robbed out of the hand of the oppressor, —Lest mine indignation come forth like fire And burn and there be none to quench it, Because of the wickedness of your doings:
১২হে দায়ুদৰ বংশ, যিহোৱাই এইদৰে কৈছে: ‘তোমালোকে প্ৰতি ৰাতিপুৱা বিচাৰ নিস্পত্তি কৰা। আৰু অপহাৰিত জনাক উপদ্ৰৱকাৰীৰ হাতৰ পৰা উদ্ধাৰ কৰা। নতুবা তোমালোকৰ দুষ্টতাৰ কাৰণে মোৰ ক্ৰোধ অগ্নি দৰে ওলাই কোনেও নুমাব নোৱাৰাকৈ দগ্ধ কৰিব।
13 Behold me! against thee, O thou dweller in the vale on the level rock, Declareth Yahweh, —Ye who are saying, Who shall come down upon us? Who shall enter our habitations?
১৩যিহোৱাই কৈছে, চোৱা, হে উপত্যকাত থকা লোক! হে সমথলৰ পৰ্ব্বত-নিবাসীনী, চোৱা, মই তোমাৰ বিপক্ষ “আমাৰ বিৰুদ্ধে কোন নামি আহিব? ‘আমাৰ বাসস্থানবোৰত কোন সোমাব?” এই বুলি কোৱা যি তোমালোক, মই তোমালোকৰ বিপক্ষ?’
14 Yet will I bring punishment upon you according to the fruit of your doings, Declareth Yahweh, —and will kindle a fire in her forest, and it shall devour all things round about her.
১৪যিহোৱাই কৈছে, মই তোমালোকৰ কৰ্মফল অনুসাৰে তোমালোকক দণ্ড দিম। “মই যিৰূচালেমৰ কাঠনিত জুই লগাম, তেতিয়া সেয়ে তাৰ চাৰিওফালে থকা সকলোকে গ্ৰাস কৰিব।”