< Job 3 >
1 At length Job opened his mouth, and cursed the day of his birth.
১পাছত ইয়োবে মুখ মেলি তেওঁৰ জন্ম-দিনক শাও দিলে।
2 And Job spake and said:
২ইয়োবে মাত লগাই ক’লে,
3 Perish the day in which I was born, and the night which said, “A man-child is conceived!”
৩যিদিনত মোৰ জন্ম হৈছিল, সেই দিন বিনষ্ট হওক, আৰু পুত্ৰ-সন্তান গৰ্ভত স্থিতি হ’ল বুলি কোৱা ৰাতি বিনষ্ট হওক।
4 Let that day be darkness; Let not God seek it from above; Yea, let not the light shine upon it!
৪সেইদিন অন্ধকাৰময় হওক; ঈশ্বৰে ওপৰৰ পৰা তললৈ দৃষ্টি নকৰক, আৰু তাৰ ওপৰত পোহৰ প্ৰকাশিত নহওক;
5 Let darkness and the shadow of death redeem it; Let a cloud dwell upon it; Let whatever darkeneth the day terrify it!
৫অন্ধকাৰ আৰু মৃত্যুচ্ছায়াই তাক নিজৰ বুলি গ্ৰহণ কৰক; মেঘে তাক ঢাকি ধৰক; দিনক আন্ধাৰকৰোঁতা সকলোৱে তাৰ ভয় জন্মাওক।
6 As for that night, let darkness seize upon it; Let it not rejoice among the days of the year; Let it not come into the number of the months!
৬সেই ৰাতিক ঘোৰ অন্ধকাৰে ধৰক। বছৰৰ দিনবোৰৰ মাজত সি আনন্দ নকৰক, আৰু মাহৰ লেখতো নপৰক।
7 O let that night be unfruitful! Let there be in it no voice of joy;
৭চোৱা, সেই ৰাতি অসাৰ্থক হওক, তাত কোনো আনন্দ-ধ্বনি নহওক।
8 Let them that curse the day curse it, Who are skilful to stir up the leviathan!
৮দিনক শাও দিওঁতাবোৰে তাক শাও দিয়ক; বাহুক উচটাবলৈ নিপুণ লোকসকলে তাক শাও দিয়ক।
9 Let the stars of its twilight be darkened; Let it long for light, and have none; Neither let it see the eyelashes of the morning!
৯সেইদিনৰ প্রভাতীয় তৰা যেন অন্ধকাৰ হৈ যায়। সেই ৰাতিয়ে যেন প্ৰভাতৰ কাৰণে অপেক্ষা কৰে, কিন্তু সেই প্ৰভাত যেন কোনো দিন নাহে। সেইদিনে যেন সূৰ্যৰ প্ৰথম ৰশ্মি কেতিয়াও নেদেখক।
10 Because it shut not up the doors of my mother's womb, And hid not trouble from mine eyes.
১০কিয়নো সি মোৰ মাতৃৰ গৰ্ভৰ দুৱাৰ বন্ধ নকৰিলে, আৰু মোৰ চকুৰ পৰা ক্লেশ ঢাকি নথলে।
11 Why died I not at my birth? Why did I not expire when I came forth from the womb?
১১মই কিয় গৰ্ভতে নমৰিলোঁ? উদৰৰ পৰা বাহিৰ হোৱামাত্ৰে মই কিয় প্ৰাণত্যাগ নকৰিলোঁ?
12 Why did the knees receive me, And why the breasts, that I might suck?
১২কোলাই মোক কিয় ল’লে? আৰু মই পিয়াহ খাবলৈ স্তনে বা মোক কিয় গ্ৰহণ কৰিলে?
13 For now should I lie down and be quiet; I should sleep; then should I be at rest,
১৩কিয়নো সেয়ে নোহোৱা হ’লে, মই শুই শান্তি পালোহেঁতেন, সেয়ে নোহোৱা হ’লে, মই নিদ্ৰিত হলোঁহেঁতেন আৰু শান্তি পালোহেঁতেন।
14 With kings and counsellors of the earth, Who built up for themselves—ruins!
১৪তেতিয়া যিসকলে নিজৰ কাৰণে ধ্বংস-স্থান নিৰ্ম্মাণ কৰিছিল, এনে ৰজাসকলৰ আৰু পৃথিৱীৰ মন্ত্ৰীসকলৰ লগত,
15 Or with princes that had gold, And filled their houses with silver;
১৫অথবা সোণ থকা সেই ৰাজপুত্ৰ সকলৰ সৈতে থাকিব পাৰিলেহেঁতেন, আৰু যিসকলে নিজ নিজ ঘৰ ৰূপেৰে পৰিপূৰ্ণ কৰিছিল, এনে লোকসকলৰ লগত থাকি মই বিশ্ৰাম পালোঁহেঁতেন,
16 Or, as a hidden untimely birth, I had perished; As infants which never saw the light.
১৬বা গুপ্ত গৰ্ভস্ৰাবৰ দৰে মই একো নহলোঁহেঁতেন, পোহৰ দেখিবলৈ নোপোৱা সন্তানৰ দৰে হলোঁহেঁতেন।
17 There the wicked cease from troubling; There the weary are at rest.
১৭সেই ঠাইত দুষ্টবোৰে আৰু উপদ্ৰৱ নকৰে; ভাগৰুৱাই তাত জিৰণি পায়।
18 There the prisoners rest together; They hear not the voice of the oppressor.
১৮তাত বন্দীয়াৰসকলেও একেলগে নিৰাপদে থাকে; ক্রীতদাস সকলে কাৰ্যাধ্যক্ষ সকলৰ ডাবি-হুমকি আৰু নুশুনে।
19 The small and the great are there, And the servant is free from his master.
১৯তাত সৰু কি বৰ সকলো একে; আৰু বন্দী তেওঁৰ গৰাকীৰ পৰা মুক্ত হয়।
20 Why giveth He light to him that is in misery, And life to the bitter in soul,
২০দুৰ্ভগীয়াক কিয় পোহৰ দিয়া যায়? মনত বিষাদ পোৱাসকলক কিয় জীয়াই থাকিবলৈ দিয়া হয়?
21 Who long for death, and it cometh not, And dig for it more than for hid treasures;
২১তেওঁলোকে মৃত্যুলৈ অপেক্ষা কৰে, কিন্তু সেয়ে নাহে, আৰু গুপ্ত ধনতকৈয়ো তাক বৰকৈ বিচাৰে।
22 Who rejoice exceedingly, Yea, exult, when they can find a grave?
২২কিয় পোহৰে তেওঁলোকক অধিক উল্লাস দিয়ে, কিয় মৈদাম বিচাৰি পালে তেওঁলোকে আনন্দ কৰে?
23 Why is light given to a man from whom the way is hid, And whom God hath hedged in?
২৩যাৰ পথ গুপ্ত থাকে, আৰু ঈশ্বৰে যাৰ চাৰিওফালে বেৰা দিয়ে, এনে মানুহক কিয় পোহৰ দিয়া হয়?
24 For my sighing cometh before I eat, And my groans are poured out like water.
২৪কিয়নো মই খাবলৈ নৌপাওঁতেই মোৰ হুমুনিয়াহ আহে, আৰু মোৰ কেঁকনি পানীৰ ধাৰৰ দৰে ওলাই থাকে।
25 For that which I dread overtaketh me; That at which I shudder cometh upon me.
২৫কিয়নো মই যিহকে ভয় কৰোঁ, সেয়ে মোলৈ ঘটে, আৰু যিহলৈ আশঙ্কা কৰোঁ, সেয়ে মোলৈ আহে।
26 I have no peace, nor quiet, nor respite: Misery cometh upon me continually.
২৬মোৰ সুখ নাই, শান্তি নাই, বিশ্ৰামো নাই, কিন্তু দুখহে আহি থাকে।”