< James 1 >

1 James, a servant of God and of the Lord Jesus Christ, to the twelve tribes which are scattered abroad, greeting.
মই যাকোব, ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টৰ এজন দাস, সিঁচৰিত হৈ থকা বাৰ ফৈদৰ লোক সকলৰ ওচৰলৈ এই সম্ভাষণ।
2 Count it all joy, my brethren, when ye fall into various temptations;
হে মোৰ ভাইসকল, আপোনালোকে যেতিয়া নানা বিধ পৰীক্ষাত পৰে, তেতিয়া সেই বিষয়ক অতি আনন্দৰ বিষয় বুলি মানিব;
3 knowing that the trying of your faith worketh endurance.
কিয়নো আপোনালোকৰ বিশ্বাসৰ পৰীক্ষাই যে সহন ক্ষমতা জন্মায়, সেই বিষয়ে আপোনালোকে জানে।
4 But let endurance have a perfect work, that ye may be perfect and entire, wanting in nothing.
এই কাৰণে সহনশীলতাক সিদ্ধ কাৰ্য-বিশিষ্ট কৰা হওক, যাতে আপোনালোকে একোতে অসম্পূৰ্ণ নহৈ সিদ্ধ আৰু সম্পূৰ্ণ হয়৷
5 But if any one of you is wanting in wisdom, let him ask of God, who giveth to all liberally, and upbraideth not; and it will be given him.
কিন্তু আপোনালোকৰ কাৰোবাৰ যদি জ্ঞানৰ অভাৱ হয় তেনেহলে যি জন দিওঁতা ঈশ্ৱৰ, যি জনে গৰিহণা নকৰাকৈ মুক্তহস্তে সকলোকে দান কৰে, তেওঁক যাচনা কৰক আৰু তাতে আপোনালোকক দিয়া হ’ব।
6 But let him ask in faith, nothing doubting; for he that doubteth is like a wave of the sea driven by the wind and tossed.
কিন্তু বিশ্বাসেৰে নিঃসংশয় হৈ যাচনা কৰক; কিয়নো যি জনে সংশয় কৰে, তেওঁ বতাহে বলোৱা আৰু ওপৰলৈ উধুৱা সাগৰৰ ঢৌৰ নিচিনা হয়।
7 For let not that man think that he shall receive anything from the Lord,
এনে ধৰণৰ মানুহে যে প্ৰভুৰ পৰা কিবা পাব, ইয়াক তেওঁ নাভাবক;
8 a double-minded man as he is, unstable in all his ways.
কিয়নো সেই মানুহ, দুই মনৰ; তেওঁ নিজৰ সকলো গতিতে অস্থিৰ।
9 Let the brother of low degree glory in that he is exalted;
যি ভাই আৰ্থিকভাবে দূৰ্বল বা নম্ৰ; তেওঁ নিজৰ উচ্চপদৰ বাবে গৌৰৱ কৰক;
10 but the rich, in that he is made low; because as the flower of the grass he will pass away.
১০যি জন ধনৱান, তেৱোঁ ঈশ্বৰে শিকোৱা নম্ৰতাত গৌৰৱ কৰক; কিয়নো বনৰীয়া ফুল এটাৰ নিচিনা তেৱোঁ লুপ্ত হৈ যাব।
11 For the sun rose with its burning heat, and withered the grass, and its flower fell off, and the beauty of its appearance perished; so also will the rich man fade away in his ways.
১১কাৰণ সূৰ্য অতি তাপৰ সৈতে উদয় হয় আৰু তৃণ শুকুৱায়, তাতে তাৰ ফুল সৰি পৰে আৰু তাৰ সৌন্দৰ্য্যও নষ্ট হয়৷ এনেদৰে ধনৱান মানুহো এদিন নিজৰ মাজতেই মলিন হৈ যাব।
12 Blessed is the man that endureth temptation; for when he is approved, he will receive the crown of life, which He promised to them that love him.
১২যি মানুহে পৰীক্ষা সহন কৰে, তেওঁ ধন্য; কিয়নো পৰীক্ষা সাফল্য হ’লে, প্ৰভুক প্ৰেম কৰা সকলক জীৱনৰূপ কিৰীটি দিবলৈ প্ৰভুৱে যি প্ৰতিজ্ঞা কৰিলে, সেয়া তেওঁ পাব।
13 Let no one when he is tempted, say, I am tempted by God; for God cannot be tempted with evil, and he tempteth no one.
১৩কিন্তু যেতিয়া পৰীক্ষিত হয়, তেতিয়া কোনোৱে যেন এই বুলি নকওঁক “ঈশ্বৰৰ দ্বাৰাই মই পৰীক্ষিত হৈছোঁ”; কিয়নো মন্দ বিষয়ত ঈশ্বৰ নিজেও অপৰীক্ষিত আৰু কোনো লোকৰ পৰীক্ষাও তেওঁ নকৰে।
14 But each one is tempted when by his own lust he is led away and enticed;
১৪কিন্তু প্ৰত্যেক ব্যক্তি নিজৰ কু-অভিলাষৰ দ্বাৰাই প্ৰলোভিত হয় আৰু ফুচুলনিত পৰি পৰীক্ষিত হয়।
15 then lust, having conceived, bringeth forth sin, and sin, when completed, bringeth forth death.
১৫তাতে সেই কু-অভিলাষে গৰ্ভধাৰণ কৰি পাপ প্ৰসৱ কৰে; পাছত পাপ পূৰ্ণতাপ্ৰাপ্ত হ’লে, তাৰ ফলাফল হয় মৃত্যু৷
16 Do not err, my beloved brethren.
১৬হে মোৰ প্ৰিয় ভাইসকল, আপোনালোক ভ্ৰান্ত নহব।
17 Every good gift and every perfect gift is from above, coming down from the Father of the lights, with whom is no change, nor shadow from turning.
১৭সকলো উত্তম দান আৰু সকলো সিদ্ধ বৰ ওপৰৰ পৰাহে আহে, আৰু আকাশৰ জ্যোতিবোৰ সেই পিতৃৰ পৰাই তললৈ নামি আহে৷ ছাঁ যি দৰে সলনি হয়, তেনেদৰে তেওঁৰ কোনো পৰিৱৰ্তন নহয়৷
18 Of his own will he begot us with the word of truth, that we should be a kind of first-fruits of his creatures.
১৮ঈশ্বৰে তেওঁৰ নিজ ইচ্ছাৰে সত্য বাক্যৰ দ্বাৰাই আমাক জীৱন দিলে যাতে তেওঁৰ সৃষ্ট বস্তুবোৰৰ মাজত আমি যেন এবিধ প্ৰথম ফল হওঁ।
19 Wherefore, my beloved brethren, let every man be swift to hear, slow to speak, slow to wrath.
১৯হে মোৰ প্ৰিয় ভাইসকল, অাপোনালোকে এই কথা জানিব যে, প্ৰত্যেক ব্যক্তি শুনিবলৈ প্ৰস্তুত থাকিব, ক’বলৈ ধীৰ আৰু ক্ৰোধলৈয়ো ধীৰ হওক,
20 For the wrath of man worketh not the righteousness of God.
২০কিয়নো মানুহৰ ক্ৰোধে ঈশ্বৰে বিচৰা ধাৰ্মিকতা সাধন নকৰে।
21 Wherefore put off all filthiness, and excess of wickedness, and receive with meekness the implanted word, which is able to save your souls.
২১এতেকে আপোনালোকে সকলো অশুচিতা আৰু হিংসাৰ অধিকতা দূৰ কৰি, যি ৰোৱা বাক্য আপোনালোকৰ আত্মাৰ পৰিত্ৰাণ কৰিবৰ বাবে সমৰ্থ, তাক নম্ৰভাৱে গ্ৰহণ কৰক।
22 But be doers of the word, and not hearers only, deceiving yourselves.
২২কেৱল শুনোতা হৈ নিজক নুভুলাব, কিন্তু বাক্য পালন কৰোঁতা হওক।
23 For if any one is a hearer of the word, and not a doer, he is like a man beholding his natural face in a glass;
২৩কিয়নো কোনোৱে যদি বাক্য পালন কৰোঁতা নহয়, কেৱল মাথোন শুনোতা হয়, তেনেহলে সেই লোক দৰ্পণত নিজৰ স্বাভাৱিক মুখ দেখা পোৱা মানুহৰ নিচিনা হয়;
24 for he beholds himself, and goes away, and immediately forgets what manner of man he was.
২৪কাৰণ তেওঁ নিজকে চাই গুচি যায়, তাতে তেওঁ কেনেকুৱা আছিল, সেই বিষয়ে তেতিয়াই পাহৰি যায়।
25 But he who looks into the perfect law of liberty, and remains there, being not a forgetful hearer, but a doer of the work, this man will be blessed in his deed.
২৫যি কোনোৱে স্বাধীনতা স্বৰূপ সিদ্ধ বিধানৰ বাবে চাপৰি দৃষ্টি কৰি চাই থাকে আৰু শুনি পাহৰি যোৱা নহয়, কিন্তু পালন কৰোঁতা হয়, তেওঁহে নিজ কাৰ্যত ধন্য হ’ব।
26 If any one thinks that he is religious, and bridles not his tongue, but deceives his own heart, this man's religion is vain.
২৬কোনোৱে যদি নিজকে ধাৰ্মিক বুলি মানে, কিন্তু নিজৰ জিভা দমন নকৰি নিজৰ হৃদয়ক ভুলায়, তেনেহলে সেই মানুহৰ ধৰ্ম-কৰ্ম ব্যৰ্থ।
27 Pure religion and undefiled before God, the Father, is this, to visit the fatherless and widows in their affliction, and to keep one's self unspotted from the world.
২৭মাউৰা আৰু বিধৱা সকলক তেওঁলোকৰ ক্লেশৰ কালত চাবলৈ যোৱা আৰু সংসাৰৰ পৰা নিজকে নিষ্কলঙ্কৰূপে ৰাখা, এয়েই পিতৃ ঈশ্বৰৰ আগত শুদ্ধ আৰু নিৰ্মল ধৰ্ম-কৰ্ম।

< James 1 >