< Mark 1 >
1 A beginning of the good news of Jesus Christ, Son of God.
১ঈশ্বৰৰ পুত্র যীচু খ্রীষ্টৰ শুভবাৰ্তাৰ আৰম্ভণ।
2 As it has been written in the Prophets: “Behold, I send My messenger before Your face, Who will prepare Your way before You.
২যিচয়া ভাববাদীৰ পুস্তকত যেনেকৈ লিখা আছে, ‘চোৱা, মই মোৰ বাৰ্তাবাহকক তোমাৰ আগত পঠিয়াইছোঁ, তেওঁ তোমাৰ বাট যুগুত কৰিব৷’
3 A voice of one calling in the wilderness: Prepare the way of the LORD, Make His paths straight.”
৩“মৰুপ্ৰান্তত এজনৰ কণ্ঠস্বৰ শুনা গৈছে, ‘তোমালোকে প্রভুৰ পথ যুগুত কৰা, তেওঁৰ বাট পোন কৰা৷’”
4 John came immersing in the wilderness, and proclaiming an immersion of conversion for forgiveness of sins,
৪এইদৰে মৰুপ্ৰান্তত বাপ্তিস্ম কৰোঁতা আৰু পাপ মোচনৰ অৰ্থে মন-পালটনৰ বাপ্তিস্মৰ কথা ঘোষণা কৰোঁতা যোহন আহিল।
5 and there were going forth to him all the region of Judea, and they of Jerusalem, and they were all immersed by him in the river Jordan, confessing their sins.
৫তাতে গোটেই যিহুদীয়া আৰু যিৰূচালেমৰ সকলো লোক তেওঁৰ ওচৰ চাপিবলৈ ওলাই আহিল আৰু নিজৰ নিজৰ পাপ স্বীকাৰ কৰি, তেওঁৰ দ্বাৰাই যৰ্দ্দন নদীত বাপ্তিস্ম ল’লে।
6 And John was clothed with camel’s hair, and a girdle of skin around his loins, and eating locusts and honey of the field,
৬সেই যোহনে উটৰ নোমৰ কাপোৰ আৰু কঁকালত চামৰাৰ টঙালি বান্ধিছিল৷ আৰু তেওঁ কচুৱা ফৰিং আৰু হাবিৰ মৌ খাইছিল।
7 and he proclaimed, saying, “He comes—who is mightier than I—after me, of whom I am not worthy—having stooped down—to loose the strap of His sandals;
৭তেওঁ ঘোষণা কৰি ক’লে, “মোতকৈ শক্তিমান এজন মোৰ পাছত আহি আছে আৰু মই, তেওঁৰ পাদুকাৰ ফিটাৰ বান্ধ তল মূৰ কৰি খুলিবৰো যোগ্য নহওঁ।
8 I indeed immersed you in water, but He will immerse you in the Holy Spirit.”
৮মই আপোনালোকক পানীত বাপ্তিস্ম দিলোঁ; কিন্তু তেওঁ পবিত্ৰ আত্মাত বাপ্তিস্ম দিব।”
9 And it came to pass in those days, Jesus came from Nazareth of Galilee, and was immersed by John in the Jordan;
৯সেই সময়ত যীচু গালীল দেশৰ নাচৰতৰ পৰা আহি, যোহনৰ দ্বাৰাই যৰ্দ্দন নদীত বাপ্তিস্ম ল’লে।
10 and immediately coming up from the water, He saw the heavens dividing, and the Spirit coming down on Him as a dove;
১০তেওঁ পানীৰ পৰা উঠি আহোতেই আকাশ দুফাল হৈ যোৱা আৰু কপৌৰ নিচিনা তেওঁৰ ওপৰলৈ আত্মাক নমা দেখিলে।
11 and a voice came out of the heavens, “You are My Son, the Beloved, in whom I delighted.”
১১আৰু এইদৰে আকাশ-বাণী হ’ল যে, “তুমি মোৰ প্রিয় পুত্র৷ তোমাত মই পৰম সন্তুষ্ট।”
12 And immediately the Spirit puts Him forth into the wilderness,
১২তেতিয়া পবিত্র আত্মাই তেওঁক মৰুপ্ৰান্তলৈ চালিত কৰি লৈ গ’ল।
13 and He was there in the wilderness forty days, being tempted by Satan, and He was with the beasts, and the messengers were ministering to Him.
১৩সেই মৰুপ্ৰান্তত তেওঁ চল্লিশ দিনলৈকে বনৰীয়া জন্তুৰ লগত থাকোতে চয়তানৰ দ্বাৰাই পৰীক্ষিত হ’ল; আৰু স্বৰ্গৰ দূত সকলে তেওঁৰ শুশ্রূষা কৰিলে।
14 And after the delivering up of John, Jesus came to Galilee, proclaiming the good news of the Kingdom of God,
১৪যোহনক বন্দীশালত থোৱাৰ পাছত যীচু গালীল দেশলৈ গ’ল আৰু ঈশ্বৰৰ শুভবাৰ্তা ঘোষণা কৰিলে৷
15 and saying, “The time has been fulfilled, and the Kingdom of God has come near, convert and believe in the good news.”
১৫যীচুৱে প্ৰচাৰ কৰিলে আৰু ক’লে, “কাল সম্পূৰ্ণ হ’ল, আৰু ঈশ্বৰৰ ৰাজ্য ওচৰ হ’ল৷ তোমালোকে মন-পালটন কৰা আৰু শুভবাৰ্তাত বিশ্বাস কৰা”।
16 And walking by the Sea of Galilee, He saw Simon, and his brother Andrew, casting a drag into the sea, for they were fishers,
১৬পাছত তেওঁ গালীল সাগৰৰ তীৰেদি গৈ থাকোতে, চিমোন আৰু চিমোনৰ ভায়েক আন্দ্রিয়ক সাগৰত জাল বাই থকা দেখিলে; কিয়নো তেওঁলোক জালোৱা আছিল।
17 and Jesus said to them, “Come after Me, and I will make you to become fishers of men”;
১৭তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “মোৰ পাছত আহা; মই তোমালোকক মানুহ ধৰা জালোৱা কৰিম”।
18 and immediately, having left their nets, they followed Him.
১৮তেতিয়াই তেওঁলোকে জালবোৰ এৰি যীচুৰ পাছে পাছে গ’ল।
19 And having gone on there a little, He saw James of Zebedee, and his brother John, and they were in the boat refitting the nets,
১৯পাছত যীচুৱে অলপ দূৰ আগুৱাই গৈ থাকোতে, চিবদিয়ৰ পুতেক যাকোব আৰু তেওঁৰ ভায়েক যোহনক দেখিলে; তেওঁলোকেও নাৱত জাল মেৰামতি কৰি আছিল।
20 and immediately He called them, and having left their father Zebedee in the boat with the hired servants, they went away after Him.
২০তেওঁ তেতিয়াই তেওঁলোকক মাতিলে; লগে লগে তেওঁলোকে নিজৰ বাপেক চিবদিয় ও কাম কৰা বনুৱাৰ সকলে সৈতে নাও এৰি যীচুৰ পাছে পাছে গ’ল।
21 And they go on to Capernaum, and immediately, on the Sabbaths, having gone into the synagogue, He was teaching,
২১পাছত তেওঁলোকে কফৰনাহূমলৈ গ’ল আৰু বিশ্ৰামবাৰ আহিলত নাম-ঘৰত সোমাই উপদেশ দিলে।
22 and they were astonished at His teaching, for He was teaching them as having authority, and not as the scribes.
২২তেওঁৰ উপদেশত লোক সকলে বিস্ময় মানিলে, কিয়নো তেওঁ বিধানৰ অধ্যাপক সকলে উপদেশ দিয়াৰ নিচিনাকৈ নিদি ক্ষমতাপন্ন ব্যক্তিৰ দৰে তেওঁলোকক উপদেশ দিলে।
23 And there was in their synagogue a man with an unclean spirit, and he cried out,
২৩সেই সময়ত তেওঁলোকৰ সেই নাম-ঘৰতে অশুচি আত্মাই ধৰা এজন মানুহ আছিল। তেওঁ আটাহ পাৰি ক’লে,
24 saying, “What [regards] us and You, Jesus the Nazarene? You came to destroy us; I have known You, who You are—the Holy One of God.”
২৪“হে নাচৰতীয়া যীচু, আপোনাৰ লগত আমাৰ কি কাম? আপুনি আমাক নষ্ট কৰিবৰ বাবে আহিলে নে? আপুনি কোন, মই জানো৷ আপুনি ঈশ্বৰৰ পবিত্ৰ জন”।
25 And Jesus rebuked him, saying, “Be silenced, and come forth out of him,”
২৫কিন্তু যীচুৱে তাক ডবিয়াই ক’লে, “মনে মনে থাক আৰু ইয়াৰ পৰা বাহিৰ ওলা!”
26 and the unclean spirit having convulsed him, and having cried with a great voice, came forth out of him,
২৬তেতিয়া সেই অশুচি আত্মাই এক ডাঙৰ মাতেৰে চিঞৰি মানুহ জনক তলত পেলাই মুচৰি তেওঁৰ পৰা বাহিৰ ওলাই গ’ল।
27 and they were all amazed, so as to reason among themselves, saying, “What is this? What new teaching [is] this? That with authority He also commands the unclean spirits, and they obey Him!”
২৭তাতে সকলোৱে বিস্ময় মানি, ইজনে সিজনে সোধা-সুধি কৰি কলে, “এইয়া কি? ক্ষমতাপন্ন জনৰ দৰে এক নতুন উপদেশ! এওঁ অশুচি আত্মাকো আজ্ঞা দিয়াত, সিহঁতেও দেখোন এওঁক মানে”।
28 And the fame of Him went forth immediately to all the region of Galilee.
২৮তেতিয়া তেওঁৰ খ্যাতি গালীল প্ৰদেশৰ চৌদিশে আৰু সেই অঞ্চলৰ সকলো ঠাইলৈ বিয়পি গ’ল।
29 And immediately, having come forth out of the synagogue, they went into the house of Simon and Andrew, with James and John,
২৯পাছত তেওঁলোকে নাম-ঘৰৰ পৰা ওলাই আহি চিমোন আৰু আন্দ্রিয়ৰ ঘৰত সোমাল। তেওঁলোকৰ লগত যাকোব আৰু যোহনো আছিল।
30 and the mother-in-law of Simon was lying fevered, and immediately they tell Him about her,
৩০তাতে চিমোনৰ শাহুৱেক জ্বৰত অসুস্থ হৈ বিচনাত পৰি আছিল৷ তেতিয়াই তেওঁলোকে তেওঁৰ বিষয়ে যীচুক জনালে।
31 and having come near, He raised her up, having laid hold of her hand, and the fever left her immediately, and she was ministering to them.
৩১তাতে তেওঁ ওচৰলৈ আহি তেওঁৰ হাতত ধৰিলে আৰু তেওঁক তুলিলে৷ তেতিয়া সেই জ্বৰে তেওঁক এৰিলে, আৰু তেওঁ তেওঁলোকৰ সেৱা-শুশ্রূষা কৰিবলৈ ধৰিলে।
32 And evening having come, when the sun set, they brought to Him all who were ill and who were demoniacs,
৩২সেই দিনা সন্ধিয়া বেলি মাৰ গলত, লোক সকলে সকলো ৰোগীক আৰু ভূতে পোৱা লোক সকলক তেওঁৰ ওচৰলৈ আনিলে;
33 and the whole city was gathered together near the door,
৩৩আৰু নগৰৰ লোক সকল আহি দুৱাৰ-মুখতে গোট খালে।
34 and He healed many who were ill of manifold diseases, and He cast forth many demons, and was not permitting the demons to speak, because they knew Him.
৩৪তাতে তেওঁ নানা বিধ ৰোগত কষ্ট পাই থকা অনেক ৰোগীক সুস্থ কৰিলে আৰু ভূতে পোৱা বহু লোকৰ পৰা ভূত খেদালে৷ কিন্তু ভূতবোৰক একো কথা কবলৈ নিদিলে; কিয়নো সিহঁতে তেওঁক জানিছিল৷
35 And very early, it being yet night, having risen, He went forth, and went away to a desolate place, and was praying there;
৩৫অতি ৰাতিপুৱা প্ৰায় আন্ধাৰ হৈ থাকোতেই তেওঁ উঠি, বাহিৰলৈ ওলাই গৈ নির্জন ঠাইত প্ৰাৰ্থনা কৰি আছিল।
36 and Simon and those with him went in quest of Him,
৩৬পাছত চিমোন আৰু লগৰবোৰে তেওঁক বিচাৰি গ’ল৷
37 and having found Him, they say to Him, “All seek You”;
৩৭পাছত তেওঁক পাই কলে, “সকলোৱে আপোনাক বিচাৰি আছে”।
38 and He says to them, “We may go into the next towns, that there also I may preach, for—for this I came forth.”
৩৮তাতে তেওঁ তেওঁলোকক ক’লে, “ব’লা, আমি ওচৰৰ আন ঠাইবোৰলৈ যাওঁ, সেই ঠাইবোৰতো মই বাক্য ঘোষণা কৰিব লাগে; মই এই বাবেই ওলাই আহিলোঁ”।
39 And He was preaching in their synagogues, in all Galilee, and is casting out the demons,
৩৯পাছত তেওঁ গৈ, গালীল প্ৰদেশৰ সকলো ঠাইতে, তেওঁলোকৰ নাম-ঘৰবোৰতো প্রচাৰ কৰিলে আৰু ভূতবোৰক খেদালে।
40 and there comes to Him a leper, calling on Him, and kneeling to Him, and saying to Him, “If You may will, You are able to cleanse me.”
৪০তাতে এজন কুষ্ঠ ৰোগী তেওঁৰ ওচৰলৈ আহিল; আৰু সবিনয়েৰে তেওঁৰ সন্মুখত আঁঠু লৈ ক’লে, “আপুনি যদি ইচ্ছা কৰে, তেনেহলে মোক শুচি কৰিব পাৰে”।
41 And Jesus having been moved with compassion, having stretched forth the hand, touched him and says to him, “I will, be cleansed”;
৪১তেতিয়া তেওঁৰ মৰম লাগিল আৰু হাত মেলি তেওঁক চুই ক’লে, “মই ইচ্ছা কৰিছোঁ৷ শুচি হোৱা”।
42 and He having spoken, immediately the leprosy went away from him, and he was cleansed.
৪২তেতিয়া তেওঁৰ শৰীৰৰ পৰা কুষ্ঠৰোগ আতৰিল আৰু তেওঁ শুচি হ’ল।
43 And having sternly charged him, immediately He put him forth,
৪৩যীচুৱে তেওঁক কঠোৰ আজ্ঞা দি বিদায় দিলে।
44 and says to him, “See [that] you may say nothing to anyone, but go away, show yourself to the priest, and bring near for your cleansing the things Moses directed, for a testimony to them.”
৪৪যীচুৱে তেওঁক ক’লে, “সাৱধান হোৱা; কোনো ব্যক্তিক একো নকবা; কিন্তু যোৱা, পুৰোহিতৰ ওচৰত গৈ নিজকে দেখুওৱা আৰু তুমি শুচি হবৰ অৰ্থে মোচিয়ে যি যি উৎসৰ্গ কৰিবলৈ আজ্ঞা দিলে, তেওঁলোকক সাক্ষ্য দিবৰ বাবে সেইবোৰ উৎসৰ্গ কৰাগৈ”।
45 And he, having gone forth, began to proclaim much, and to spread the thing abroad, so that He was no longer able to openly enter into the city, but He was outside in desolate places, and they were coming to Him from every quarter.
৪৫কিন্তু তেওঁ ওলাই গৈ সকলোৰে আগত ঘোষণা কৰিবলৈ ধৰিলে৷ আৰু এই কথা এনে ধৰণে প্রকাশ হবলৈ ধৰিলে যে, যীচুৱে প্রকাশ্যৰূপে কোনো নগৰত সোমাব নোৱাৰা হ’ল৷ তেওঁ গৈ বাহিৰত নিৰ্জন ঠাইবোৰত থাকিবলগীয়া হ’ল যাতে চাৰিওফালৰ পৰা লোক সকলে তেওঁৰ ওচৰলৈ আহিব পাৰে।