< Isaiah 47 >
1 “Come down, and sit on the dust, O virgin daughter of Babylon, Sit on the earth, there is no throne, O daughter of the Chaldeans, For they no longer cry to you, O tender and delicate one.
১হে বাবিলৰ কুমাৰী জীয়াৰী, তুমি নামি আহা, আৰু ধুলিত বহা; হে কলদীয়া জীয়াৰী, সিংহাসনৰ অবিহনে, মাটিত বহা। তোমাক ধুনীয়া আৰু লাহী বুলি পুনৰায় কোৱা নাযাব।
2 Take millstones, and grind flour, Remove your veil, draw up the skirt, Uncover the leg, pass over the floods.
২জাঁত লোৱা আৰু আটা পিহি গুৰি কৰা, তোমাৰ ওৰণি গুচুউৱা, তোমাৰ তললৈকে ওলমি যোৱা কাপোৰ সোলোকাই থোৱা, তোমাৰ ভৰিৰ আৱৰণ গুচাই নদী পাৰ হোৱা।
3 Your nakedness is revealed, indeed, your reproach is seen, I take vengeance, and I do not meet a man.”
৩তোমাৰ বিৱস্ত্ৰতা প্ৰকাশ পাব, হ’য়, তোমাৰ লাজ দেখা যাব: মই প্রতিশোধ ল’ম, আৰু কোনো পুৰুষক ক্ষমা নকৰিম।
4 Our redeemer [is] YHWH of Hosts, His Name [is] the Holy One of Israel.
৪আমাৰ মুক্তিদাতাৰ নাম, বাহিনীসকলৰ যিহোৱা, ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনা।
5 “Sit silent, and go into darkness, O daughter of the Chaldeans, For they no longer cry to you, Mistress of kingdoms.
৫হে কলদীয়া জীয়াৰী, নিজম দি বহা, আৰু আন্ধাৰৰ মাজলৈ যোৱা; কাৰণ তোমাক আৰু ৰাজ্যবোৰৰ ৰাণী বুলি মতা নহ’বা।
6 I have been angry against My people, I have defiled My inheritance And I give them into your hand, You have not appointed mercies for them, You have made your yoke very heavy on the aged,
৬মই মোৰ প্ৰজাসকলৰ ওপৰত ক্ৰোধ কৰিলোঁ, মই মোৰ আধিপত্য অপবিত্ৰ কৰিলোঁ; আৰু তেওঁলোকক আপোনাৰ হাতত দিলোঁ, কিন্তু আপুনি তেওঁলোকলৈ একো দয়া নেদেখুৱালে, আপুনি বৃদ্ধসকলৰ ওপৰত অতি গধুৰ যুৱলি দিলে।
7 And you say, I am mistress for all time, While you have not laid these things to your heart, You have not remembered the latter end of it.
৭তুমি ক’লা, “মই চিৰকাললৈকে একচ্ছত্ৰী ৰাণী হৈ থাকিম;” এই কাৰণে তুমি এইবোৰ কথাত মনোযোগ দিয়া নাই, নাইবা তেওঁলোকক কেনেকৈ উলিয়াই দিবা সেই বিষয়ে ভবা নাই।
8 And now, hear this, O luxurious one, Who is sitting confidently—Who is saying in her heart, I [am], and none else, I do not sit [as] a widow, nor know bereavement.
৮নিশ্চিন্ত মনে বহি থকা হে ইন্দ্রিয়াসক্ত, সেইয়ে তুমি এতিয়া এই কথা শুনা, তুমি নিজৰ মনতে কৈছা, “মই বর্তি আছোঁ, মোৰ দৰে আন কোনো নাই; মই কেতিয়াও বিধৱা হৈ নাথাকিম, নাইবা সন্তান হানি হোৱা অনুভব নকৰিম।”
9 And these two things come to you, In a moment, in one day: childlessness and widowhood, They have come on you according to their perfection, In the multitude of your sorceries, In the exceeding might of your charms.
৯কিন্তু এই দুয়োটা বিষয়েই তোমালৈ এদিনতে ঘটিব: তোমাৰ অধিক মায়াকর্ম আৰু তোমাৰ অনেক তন্ত্ৰ মন্ত্ৰ থকা স্বতেও, সন্তান হানি আৰু বৈধব্য, সম্পূর্ণ শক্তিৰে তোমালৈ ঘটিব।
10 And you are confident in your wickedness, You have said, There is none seeing me, Your wisdom and your knowledge, It is turning you back, And you say in your heart, I [am], and none else.
১০তুমি তোমাৰ দুষ্টতাত নির্ভৰ কৰিছা; তুমি কোৱা “মোক কোনেও নেদেখে;” তোমাৰ প্রজ্ঞা আৰু তোমাৰ জ্ঞানেই তোমাক বিপথগামী কৰিলে; কিন্তু তুমি মনতে কোৱা, “মই বর্তি আছোঁ, মোৰ দৰে আন কোনো নাই।”
11 And evil has come in on you, You do not know its rising, And disaster falls on you, You are not able to pacify it, And desolation comes on you suddenly, You do not know.
১১বিপর্যয়ে তোমাক পৰাজিত কৰিব; তুমি তন্ত্র-মন্ত্ৰেৰে তাক দূৰ কৰিব নোৱাৰিবা। বিপর্যয় তোমাৰ ওপৰত পৰিব; তুমি তাৰ পৰা ৰক্ষা পাবলৈ সক্ষম নহবা। তুমি জনাৰ পূর্বেই, দুর্যোগে তোমাক আঘাত কৰিব।
12 Now stand in your charms, And in the multitude of your sorceries, In which you have labored from your youth, It may be you are able to profit, It may be you terrify!
১২যি তন্ত্ৰ মন্ত্ৰ আৰু মায়াকর্মবোৰত তুমি লাগি আছিলা সৰু কালৰে পৰা যিবোৰ বিশ্বাসেৰে আবৃত্তি কৰিলা, সেইবোৰত লাগি থাকা; হয়তো তুমি জয়ী হ’ব পাৰা, হয়তো তুমি দুর্যোগৰ আতঙ্ক দুৰ কৰিব পাৰা।
13 You have been wearied in the multitude of your counsels, Now stand up and let them save you—The charmers of the heavens, Those looking on the stars, Those teaching concerning the months—From those things that come on you!
১৩তুমি অনেক পৰামৰ্শৰ সৈতে ভাগৰি পৰিছা; সেই লোকসকলক ঠিয় হ’ব দিয়া যিসকলে গ্রহ নক্ষত্র আৰু তৰা গণনা কৰে তোমাক উদ্ধাৰ কৰিব, নতুন জোন ঘোষনা কৰাসকলক তোমালৈ যি যি ঘটিব, তাৰ পৰা তোমাক উদ্ধাৰ কৰিব দিয়া।
14 Behold, they have been as stubble! Fire has burned them, They do not deliver themselves from the power of the flame, There is not a coal to warm them, a light to sit before it.
১৪চোৱা, তেওঁলোক খেৰৰ দৰে হ’ব; তেওঁলোকক জুইয়ে পুৰি পেলাব, তেওঁলোকে অগ্নিশিখাৰ পৰা নিজৰ প্ৰাণ উদ্ধাৰ কৰিব নোৱাৰিব; সেয়ে উম লবলৈ, বা আগত বহি জুই ফুঁৱাবলৈ তাত কোনো আঙঠা নাথাকিব।
15 So they have been to you with whom you have labored, Your merchants from your youth, They have each wandered to his passage, None is saving you!”
১৫সেইবোৰ তোমাৰ কাৰণে একো নহয় কিন্তু কঠোৰ পৰিশ্ৰম মাথো, যিসকলৰ সৈতে সৰু কালৰে পৰা তুমি বেপাৰ বাণিজ্য কৰিলে, তেওঁলোক প্ৰতিজনে দিহাদিহি গুচি যাব, তোমাক উদ্ধাৰকৰিবলৈ কোনো নাথাকিব।