< 1 Chronicles 28 >
1 And David assembles all the heads of Israel, heads of the tribes, and heads of the divisions who are serving the king, and heads of the thousands, and heads of the hundreds, and heads of all the substance and possessions of the king, and of his sons, with the officers and the mighty ones, and of every mighty man of valor—to Jerusalem.
১দায়ূদে যিৰূচালেমত ইস্ৰায়েলৰ সকলো কৰ্মচাৰীক এক গোট কৰিলে: জাতিবোৰৰ কৰ্মচাৰীসকলক, সময়-সূচী অনুযায়ী ৰজাৰ পৰিচৰ্যা কৰা বিভাগবোৰৰ কৰ্মচাৰীসকলক, সহস্ৰপতিসকলক আৰু শতপতিসকলক, ৰজা আৰু তেওঁৰ পুত্রসকলৰ দখলত থকা সকলো সম্পত্তিৰ পৰিচালকসকলক, কর্মচাৰী আৰু যুদ্ধাৰু লোকসকলক, তেওঁলোকৰ মাজৰ সকলোতকৈ নিপূণ লোকসকলক যিৰূচালেমত এক গোট কৰিলে।
2 And David the king rises on his feet and says, “Hear me, my brothers and my people, I [had it] with my heart to build a house of rest for the Ark of the Covenant of YHWH, and for the footstool of our God, and I prepared to build,
২তাৰ পাছত ৰজা দায়ূদে থিয় হৈ ক’লে, “হে মোৰ ভাইসকল আৰু মোৰ লোক সমূহ, মোৰ কথা শুনা; যিহোৱাৰ নিয়ম-চন্দুকৰ অৰ্থে আৰু আমাৰ ঈশ্বৰৰ ভৰি-পীৰাৰ অৰ্থে এটা মন্দিৰ নিৰ্ম্মাণ কৰিবলৈ মোৰ পৰিকল্পনা আছিল। এই গৃহ নিৰ্ম্মাণৰ বাবে মই প্ৰস্তুতো হৈছিলো।
3 and God has said to me, You do not build a house for My Name, for you [are] a man of wars, and you have shed blood.
৩কিন্তু ঈশ্বৰে মোক ক’লে, ‘মোৰ নামৰ অৰ্থে তুমি মন্দিৰ নিৰ্ম্মাণ নকৰিবা, কাৰণ তুমি এজন যুদ্ধৰু আৰু তুমি ৰক্তপাত কৰিলা।’
4 And YHWH, God of Israel, fixes on me out of all the house of my father to be for king over Israel for all time, for He has fixed on Judah for a leader, and in the house of Judah, the house of my father, and among the sons of my father, He has been pleased with me to make [me] king over all Israel;
৪তথাপি যিহোৱাই, ইস্ৰায়েলৰ ঈশ্বৰে; ইস্ৰায়েলৰ ওপৰত সদায় ৰাজত্ব কৰিবৰ বাবে মোৰ আটাই পিতৃপৰিয়ালৰ মাজৰ পৰা মোক মনোনীত কৰিলে। তেওঁ নেতৃত্ব দিবৰ বাবে যিহূদা জাতিক মনোনীত কৰিলে। যিহূদাৰ জাতি, মোৰ পিতৃৰ পৰিয়ালবৰ্গ আৰু মোৰ পিতৃৰ সকলো পুত্রৰ মাজৰ পৰা তেওঁ মোক গোটেই ইস্ৰায়েলৰ ওপৰত ৰজা হ’বলৈ মনোনীত কৰিলে।
5 and out of all my sons—for YHWH has given many sons to me—He also fixes on my son Solomon, to sit on the throne of the kingdom of YHWH over Israel,
৫যিহোৱাই মোক দিয়া অনেক পুত্ৰৰ মাজত ইস্ৰায়েলৰ ওপৰত যিহোৱাৰ ৰাজসিংহাসনত বহিবলৈ তেওঁ মোৰ পুত্ৰ চলোমনক মনোনীত কৰিলে।
6 and says to me, Your son Solomon builds My house and My courts, for I have fixed on him [to be] to Me for a son, and I am to him for a father.
৬তেওঁ মোক ক’লে, ‘তোমাৰ পুত্ৰ চলোমনে মোৰ গৃহ আৰু চোতাল কেইখন নিৰ্ম্মাণ কৰিব, কাৰণ মোৰ পুত্ৰ হ’বলৈ মই তেওঁক মনোনীত কৰিলোঁ, আৰু মই তেওঁৰ পিতৃ হ’ম।
7 And I have established his kingdom for all time, if he is strong to do My commands and My judgments, as at this day.
৭আজি তুমি যি দৰে আছা যদি তেওঁ সেই দৰে মোৰ আজ্ঞাবোৰ আৰু শাসন-প্ৰণালীবোৰ পালন কৰি চলে, তেনেহলে মই তেওঁৰ ৰাজ্য চিৰস্থায়ীৰূপে স্থাপন কৰিম।
8 And now, before the eyes of all Israel, the assembly of YHWH, and in the ears of our God, keep and seek all the commands of your God YHWH, so that you possess this good land, and have caused your sons to inherit after you for all time.
৮এই হেতুকে এতিয়া ইস্ৰায়েলৰ সাক্ষাতে যিহোৱাৰ উদ্দেশে সমবেত হোৱা আৰু আমাৰ ঈশ্বৰৰ উপস্থিতিত ঈশ্ৱৰ যিহোৱাৰ সকলো আজ্ঞা পালন কৰিবলৈ তোমালোক সকলোৱে চেষ্টা কৰা। এই উত্তম দেশৰ অধিকাৰী হবলৈ আৰু তোমালোকৰ পাছত চিৰকালৰ বাবে পুৰুষানুক্রমে তোমালোকৰ সন্তান সকলৰ অধিকাৰত যেন থাকে তাৰ কাৰণে এই সকলো কৰা।
9 And you, my son Solomon, know the God of your father, and serve Him with a perfect heart and with a willing mind, for YHWH is seeking all hearts, and He is understanding every imagination of the thoughts; if you seek Him, He is found by you, and if you forsake Him, He casts you off forever.
৯হে বোপা চলোমন, তুমি তোমাৰ পিতৃৰ ঈশ্বৰক মানি চলিবা, আৰু তোমাৰ সকলো হৃদয়েৰ আৰু হৰ্ষিত মনেৰে তেওঁৰ পৰিচৰ্যা কৰিবা। এই দৰে কৰা কাৰণ যিহোৱাই সকলোৰে হৃদয় অনুসন্ধান কৰে আৰু সকলোৰে কল্পনাকো বুজে। তুমি যদি তেওঁক বিচাৰা, তেন্তে তুমি তেওঁক পাবা, কিন্তু যদি তেওঁক ত্যাগ কৰা, তেন্তে তেওঁ তোমাকো চিৰকাললৈকে ত্যাগ কৰিব।
10 See, now, for YHWH has fixed on you to build a house for a sanctuary; be strong, and do.”
১০পবিত্র-স্থানৰ অৰ্থে মন্দিৰ নিৰ্ম্মাণ কৰিবলৈ যিহোৱাই যে, তোমাক মনোনীত কৰিলে তাক তুমি অনুভৱ কৰা; সাহিয়াল হোৱা আৰু এই কাৰ্য কৰা।
11 And David gives to his son Solomon the pattern of the porch, and of its houses, and of its treasures, and of its upper chambers, and of its innermost chambers, and of the house of the atonement;
১১তাৰ পাছত দায়ূদে তেওঁৰ পুত্ৰ চলোমনক মন্দিৰৰ বাৰাণ্ডাৰ, মন্দিৰৰ ঘৰৰবোৰৰ, গুদামবোৰৰ, ওপৰৰ কোঁঠালিবোৰৰ, ভিতৰৰ কোঁঠালিবোৰৰ, আৰু পাপ-প্রায়শ্চিতৰ আৱৰণৰ নক্সা দিলে।
12 and the pattern of all that has been with him by the Spirit, for the courts of the house of YHWH, and for all the surrounding chambers, for the treasures of the house of God, and for the treasures of the things sacrificed;
১২যিহোৱাৰ গৃহৰ চোতাল কেইখনৰ, চাৰিওফালে থকা সকলো কোঁঠালিবোৰৰ, ঈশ্বৰৰ গৃহত থকা গুদামবোৰৰ, আৰু মন্দিৰৰ বাবে পবিত্ৰ কৰা বস্তুৰ ভঁৰালবোৰৰ বাবে তেওঁ অঙ্কন কৰা নক্সা তেওঁ চলোমনক দিলে।
13 and for the divisions of the priests and of the Levites, and for all the work of the service of the house of YHWH, and for all vessels of service of the house of YHWH,
১৩তেওঁ তেওঁক পুৰোহিতসকলৰ আৰু লেবীয়াসকলৰ বিভাগসমূহৰ বাবে বিধি দিলে আৰু যিহোৱাৰ গৃহৰ পৰিচৰ্যাৰ কাৰ্য আৰু যিহোৱাৰ গৃহৰ পৰিচৰ্যাৰ বাবে ব্যৱহাৰ হোৱা সামগ্রী সমূহৰ দায়িত্বত নিযুক্ত কৰিলে।
14 even gold by weight, for [things of] gold, for all instruments of every service; for all instruments of silver by weight, for all instruments of every service;
১৪তেওঁ সকলো প্রকাৰৰ পৰিচৰ্যাৰ বাবে সোণৰ পাত্ৰবোৰ আৰু সকলো প্রকাৰৰ পৰিচৰ্যাৰত ব্যৱহাৰ হোৱা সামগ্রীৰ বাবে ৰূপৰ পাত্ৰবোৰ গুৰুত্ব সহকাৰে তেওঁক দিলে।
15 and [by] weight for the lampstands of gold, and their lamps of gold, by weight [for] lampstand and lampstand, and its lamps; and for the lampstands of silver, by weight for a lampstand and its lamps, according to the service of lampstand and lampstand;
১৫সোণৰ দীপাধাৰবোৰৰ আৰু তাৰ প্রদীপবোৰৰ প্ৰত্যেক দীপাধাৰ আৰু তাৰ প্রদীপবোৰৰ সোণৰ পৰিমান অনুসাৰে জুখি দিলে। ৰূপৰ দীপাধাৰবোৰৰ আৰু প্রদীপবোৰৰ প্ৰত্যেক দীপাধাৰ আৰু তাৰ প্রদীপবোৰৰ ৰূপৰ পৰিমান অনুসাৰে জুখি দিলে। যাতে প্রত্যেক দীপাধাৰবোৰৰ উপযুক্ত ব্যৱহাৰ হয়।
16 and the gold [by] weight for tables of the arrangement, for table and table, and silver for the tables of silver;
১৬দৰ্শন-পিঠাৰ মেজ, আৰু প্রত্যক মেজৰ বাবে সোণৰ পৰিমাণ, আৰু ৰূপৰ মেজবোৰৰ বাবে ৰূপৰ পৰিমাণ তেওঁ জুখি দিলে।
17 and the forks, and the bowls, and the cups of pure gold, and for the basins of gold, by weight for basin and basin, and for the basins of silver, by weight for basin and basin,
১৭তেওঁ যাঠী, তেজ ছটিওৱা চৰিয়া, আৰু পিয়লাবোৰৰ বাবে শুদ্ধ সোণৰ পৰিমাণ জুখি দিলে। তেওঁ প্রত্যেক সোণৰ বাটিবোৰৰ আৰু প্ৰত্যেক ৰূপৰ বাটিবোৰৰ বাবে সোণৰ আৰু ৰূপৰ পৰিমাণ জুখি দিলে।
18 and for the altar of incense, refined gold by weight, and for the pattern of the chariot of the cherubim of gold, spreading and covering over the Ark of the Covenant of YHWH.
১৮ধূপ-বেদিৰ বাবে নিৰ্ম্মল সোণৰ পৰিমাণ, আৰু ডেউকা মেলি যিহোৱাৰ নিয়ম-চন্দুক ঢাকি ধৰা কৰূব দুটাৰ নক্সাৰ কাৰণে সোণৰ পৰিমাণ জুখি দিলে।
19 The whole [is] in writing from the hand of YHWH, “He caused me to understand all the work of the pattern,” [said David.]
১৯দায়ূদে ক’লে, “নমুনাৰ বিষয়ে বুজিব পৰাকৈ যিহোৱাই মোক নিৰ্দেশ দিয়া অনুযায়ী মই এই সকলো লিখিত ভাৱে ৰাখিলোঁ।
20 And David says to his son Solomon, “Be strong and courageous, and do; do not fear nor be frightened, for YHWH God, my God, [is] with you; He does not fail you, nor forsake you, to the completion of all the work of the service of the house of YHWH.
২০দায়ূদে তেওঁৰ পুত্ৰ চলোমনক ক’লে, “তুমি বলৱান আৰু সাহিয়াল হোৱা। এই কাৰ্য কৰা। ভয় নকৰিবা আৰু ব্যাকুল নহ’বা, কিয়নো ঈশ্বৰ যিহোৱা, মোৰ ঈশ্বৰেই তোমাৰ লগত আছে। যিহোৱাৰ গৃহৰ সকলো কাৰ্য সমাপ্ত নোহোৱালৈকে তেওঁ তোমাক পৰিত্যাগ নকৰিব।
21 And behold, divisions of the priests and of the Levites [are] for all the service of the house of God; and with you in all work [is] every willing one with wisdom, for every service; and the heads and all the people [are] according to all your words.”
২১চোৱা, ইয়াত ঈশ্বৰৰ গৃহৰ সকলো কাৰ্যৰ বাবে পুৰোহিতসকল আৰু লেবীয়াসকলৰ বিভাগসমূহ আছে। তেওঁলোক তোমাৰ লগত থাকিব, এই কাৰ্যৰ অৰ্থে ইচ্ছা থকা সকলো লোক আৰু নিপূণ লোকসকলে তোমাক সকলো কাৰ্য কৰিবলৈ আৰু পৰিচৰ্যা কৰিবলৈ সহায় কৰিব। তোমাৰ আদেশবোৰ অনুসৰণ কৰিবলৈ সকলো কৰ্মচাৰী আৰু সকলো লোক প্রস্তুত।