< Psalms 83 >
1 “A song or psalm of Assaph.” O God, take no rest for thyself: be not silent and keep not still, O God!
১হে ঈশ্বৰ, তুমি মনে মনে নাথাকিবা! হে ঈশ্বৰ তুমি মুখ বন্ধ কৰি নিসাৰ হৈ নাথাকিবা!
2 For, lo, thy enemies make a tumult, and they that hate thee have lifted up their head.
২চোৱা, তোমাৰ শত্রুবোৰে কেনেকৈ আলোড়নৰ সৃষ্টি কৰিছে; তোমাক ঘৃণা কৰা সকলে নিজৰ মূৰ দাঙিছে।
3 Against thy people they take crafty secret device, and they consult against those whom thou protectest.
৩তোমাৰ লোকসকলৰ বিৰুদ্ধে তেওঁলোকে কুমন্ত্ৰণা কৰিছে; তুমি যিসকলক ৰক্ষা কৰিছা, সেই লোকসকলৰ বিৰুদ্ধে তেওঁলোকে একেলগে কু-মন্ত্রণা কৰিছে।
4 They have said, Come, and let us cut them off from being a nation; and the name of Israel shall be remembered no more.
৪তেওঁলোকে কয়, “আহাঁ, আমি এক জাতি হিচাবে তেওঁলোকক উচ্ছন্ন কৰোঁহক, যাতে ইস্ৰায়েলৰ নাম পুনৰ কেতিয়াও সোঁৱৰণ কৰা নহ’ব।
5 For they have consulted cordially together; against thee they make a covenant:
৫তেওঁলোক একমনা হৈ ষড়যন্ত্র কৰিছে; তেওঁলোকে তোমাৰ বিৰুদ্ধে এটি নিয়ম কৰিছে।
6 The tents of Edom, and the Ishmaelites: Moab, and the Hagarenes;
৬তেওঁলোক হ’ল, তম্বুবাসী ইদোমৰ ইশ্মায়েলীয়াসকল, মোৱাবীয়া আৰু হাগৰীয়াসকল,
7 Gebal, and 'Ammon, and 'Amalek; the Philistines with the inhabitants of Tyre;
৭গবালীয়া, অম্মোনীয়া, অমালেকীয়া আৰু তূৰ নিবাসীসকলৰ সৈতে পলেষ্টিয়াসকল;
8 Also Asshur is joined with them; they have become an arm unto the children of Lot. (Selah)
৮অচুৰীয়াসকলেও তেওঁলোকৰ সংগত যোগ দিছে; লোটৰ উত্তৰপুৰুষসকলৰ বাহু সবল কৰাত তেওঁলোকে সহায় কৰিছে।
9 Do unto them as [unto] Midian; as to Sissera, as to Jabin, at the brook Kishon:
৯তুমি মিদিয়নীয়াসকলৰ প্রতি যি কৰিছিলা, কীচোন নদীৰ পাৰত চীচৰা আৰু যাবীনৰ প্রতি যি কৰিছিলা, এওঁলোকৰ ক্ষেত্ৰতো তাকেই কৰা।
10 Who were annihilated at 'En-dor; they became as dung for the ground.
১০চীচৰা আৰু যাবীন অয়িন-দোৰত ধ্বংস হৈ গ’ল। তেওঁলোক মাটিৰ ওপৰত গোবৰৰ দৰে পৰি আছিল।
11 Render them, their nobles, like 'Oreb, and like Zeeb; yea, like Zebach and like Zalmunna' all their princes;
১১তেওঁলোকৰ প্রধান লোকসকলৰ দশা তুমি ওৰেব আৰু জেবৰ নিচিনা কৰা; তেওঁলোকৰ অধিপতিৰ সকলো দশা জেবহ আৰু চলমুন্নাৰ নিচিনা কৰা।
12 Who said, Let us conquer for ourselves the dwellings of God,
১২তেওঁলোকে কৈছিল, “আহাঁ আমি ঈশ্বৰৰ চৰণীয়া ভূমি আমাৰ নিজৰ কাৰণে অধিকাৰ কৰি লওহঁক।”
13 O my God, render them like the thistle-down, like stubble before the wind.
১৩হে মোৰ ঈশ্বৰ, তুমি তেওঁলোকক বা’মাৰলী বতাহত ঘূৰি থকা ধুলিৰ নিচিনা কৰা, বতাহে উড়ুৱাই নিয়া তুঁহৰ নিচিনা কৰা।
14 As the fire burneth up a forest, and as the flame setteth the mountains on fire:
১৪বনজুইয়ে অৰণ্যক যেনেকৈ দগ্ধ কৰি দিয়ে, জুইৰ শিখাই পর্বতবোৰ জ্বলাই দিয়ে,
15 So pursue them with thy storm, and with thy whirlwind do thou terrify them.
১৫সেইদৰে তোমাৰ ধুমুহাৰে তুমি তেওঁলোকক খেদি যোৱা, আৰু তোমাৰ প্ৰচণ্ড বতাহেৰে তেওঁলোকক ভয় খুউৱা।
16 Fill their faces with shame, that they may seek thy name, O Lord!
১৬হে যিহোৱা, লজ্জাৰে তুমি তেওঁলোকৰ মুখ ঢাকি দিয়া, যাতে হে যিহোৱা, তেওঁলোকে তোমাৰ নাম মাতিব,
17 Let them be made ashamed and terrified for ever and aye; yea, let them be put to the blush and perish:
১৭তেওঁলোক চিৰকালৰ বাবে লজ্জিত হওঁক আৰু ভীষণ ভাৱে আতঙ্কিত হওঁক; তেওঁলোক অপমানিত হৈ বিনষ্ট হওক।
18 That they may know that thou, whose name is the Eternal, art by thyself alone, the Most High over all the earth.
১৮তেওঁলোকে যেন জানিব পাৰে যে তোমাৰ নাম যিহোৱা, তুমি, কেৱল তুমিয়েই সমুদায় পৃথিবীৰ ওপৰত সৰ্ব্বোপৰি জনা।