< Psalms 6 >
1 “To the chief musician on Neginoth upon Sheminith, a psalm of David.” O Lord, correct me not in thy anger, and chastise me not in thy wrath.
১হে যিহোৱা, তুমি খঙত মোক ধমকি নিদিবা; তোমাৰ ক্রোধত মোক শাসন নকৰিবা।
2 Be gracious unto me, O Lord; for I am withering away; heal me, O Lord; for my bones are terrified.
২হে যিহোৱা, মোক কৃপা কৰা, কিয়নো মই দুর্বল; হে যিহোৱা মোক সুস্থ কৰা, কিয়নো মোৰ হাড়বোৰ ভয়তে কঁপিছে।
3 And my soul is greatly terrified; but thou, O Lord, how long yet—?
৩মোৰ প্ৰাণো ভয়তে ব্যাকুল হৈছে; হে যিহোৱা, এইদৰে কিমান কাললৈ হৈ থাকিব?
4 Return, O Lord, deliver my soul: help me for the sake of thy kindness.
৪হে যিহোৱা, মোলৈ ঘূৰি চোৱা, মোৰ প্ৰাণ ৰক্ষা কৰা; তোমাৰ অসীম প্রেমেৰে মোক উদ্ধাৰ কৰা।
5 For in death men do not remember thee: in the nether world, who shall give thee thanks? (Sheol )
৫মৃত্যু হ’লে তোমাক সোঁৱৰণ কৰা নহয়; চিয়োলত কোনে তোমাৰ প্ৰশংসা কৰিব? (Sheol )
6 I am weary with my sighing; I flood every night my bed; With my tears I moisten my couch.
৬মই কেঁকাই কেঁকাই ক্লান্ত হৈ পৰিছো; গোটেই নিশা কান্দি-কান্দি মই মোৰ শয্যা চকুৰ পানীৰে তিয়াও; মোৰ বিচনা তিতি যায়।
7 My eye is consumed because of grief; it waxeth old because of all my assailants.
৭দুখতে মোৰ চকুৰ দৃষ্টি কমি গৈছে; শত্রুবোৰৰ কাৰণে মোৰ চকু দুৰ্বল হৈছে।
8 Depart from me, all ye workers of wickedness; for the Lord hath heard the voice of my weeping.
৮হে দুষ্ট কার্য কৰা লোকবিলাক, তোমালোক সকলোৱেই মোৰ ওচৰৰ পৰা দূৰ হৈ যোৱা; কিয়নো যিহোৱাই মোৰ ক্ৰন্দন শুনিছে।
9 The Lord hath heard my supplication; the Lord will accept my prayer.
৯যিহোৱাই মোৰ নিবেদন শুনিলে; তেওঁ মোৰ প্ৰাৰ্থনা গ্ৰহণ কৰিছে।
10 Ashamed and greatly terrified shall become all my enemies; they will turn round, and be made ashamed in a moment.
১০মোৰ সকলো শত্রুবোৰ লজ্জিত হ’ব আৰু ভয়তে ব্যাকুল হ’ব; সিহঁত ঘূৰি যাব আৰু হঠাৎ লাজত পৰিব।