< Isaiah 59 >
1 Behold, the Lord's hand is not too short to save; neither his ear too heavy for hearing;
১চোৱা, যিহোৱাৰ হাত এনে চুটি নহয় যে, তেওঁ তাৰে পৰিত্ৰাণ কৰিব নোৱাৰে, আৰু তেওঁৰ কাণ এনে গধূৰ নহয় যে, তেওঁ তাৰে শুনিব নোৱাৰে;
2 But your iniquities have ever made a separation between you and your God, and your sins have caused him to hide his face from you, so that he would not hear.
২কিন্তু তোমালোকৰ অপৰাধবোৰেই তোমালোকৰ ঈশ্বৰৰ পৰা তোমালোকক বিচ্ছেদ কৰিছে, আৰু তোমালোকৰ পাপবোৰেই তোমালোকৰ পৰা তেওঁৰ মুখ ঢাকিছে, সেই বাবে তেওঁ নুশুনে।
3 For your hands are defiled with blood, and your fingers with iniquity: your lips have spoken falsehood, your tongue uttereth deception.
৩কিয়নো তোমালোকৰ হাত তেজেৰে আৰু তোমালোকৰ আঙুলিবোৰ অপৰাধেৰে অশুচি হৈ আছে। তোমালোকৰ ওঁঠে মিছা কথা কৈছে, তোমালোকৰ জিভাই দুষ্টতাৰ কথা কৈছে।
4 No one admonisheth with righteousness, and no one executeth justice in truth; men trust in naught, and speak lies; they have conceived mischief, and bring forth wickedness.
৪কোনেও ধাৰ্মিকতাৰে গোচৰ নকৰে, আৰু কোনেও সত্যতাৰে প্ৰতিবাদ নকৰে; তেওঁলোকে অসাৰ কথাত ভাৰসা কৰে, আৰু মিছা কথা কয়, তেওঁলোকে সমস্যা গৰ্ভধাৰণ কৰি অধৰ্ম প্ৰসৱ কৰে।
5 Basilisk's eggs do they hatch, and spider's webs do they weave: he that eateth of their eggs must die, and if one be crushed, a viper will break forth.
৫তেওঁলোক সাপৰ কণী উমনি লৈ জগায়, আৰু মকৰাৰ জাল গাঁথে; যি জনে তেওঁলোকৰ কণী খায়, সি মৰে, আৰু যি কণী ভাগে, তাৰ পৰা কালসৰ্প বাহিৰ হয়।
6 Their webs cannot serve for garments, and they cannot clothe themselves with their works: their works are works of wickedness, and the deed of violence is in their hands.
৬তেওঁলোকে গঁথা ঊন বস্ত্ৰৰ বাবে ব্যৱহাৰ কৰা নহ’ব, আৰু তেওঁলোকে কৰা বস্ত্ৰেৰে নিজৰ গা নাঢাকিব; তেওঁলোকৰ কাৰ্য অধৰ্মৰ কাৰ্য, আৰু তেওঁলোকৰ নিজৰ হাতেৰে অত্যাচাৰ কৰে।
7 Their feet run to what is evil, and they make haste to shed innocent blood: their thoughts are thoughts of wickedness; wasting and destruction are on their highways.
৭তেওঁলোকৰ ভৰি কুকৰ্মৰ ফাললৈ বেগাই চলে, আৰু তেওঁলোকে নিৰ্দ্দোষীৰ ৰক্তপাত কৰিবলৈ বেগাবেগি কৰে; তেওঁলোকৰ কল্পনাবোৰ অধৰ্মৰ কল্পনাহে; ধ্বংস আৰু উচ্ছন্নতা তেওঁলোকৰ পথত আছে।
8 The way of peace they know not; and there is no justice on their tracks: their paths they have made unto themselves crooked; whosoever walketh therein knoweth not peace.
৮তেওঁলোকে শান্তিৰ পথ নাজানে, আৰু তেওঁলোকৰ পথত ন্যায় বিচাৰ নাই; তেওঁলোকে কুটিল পথ সাজে; যি জনে সেই পথত চলে, তেওঁ শান্তিৰ কথা নাজানে।
9 Therefore is justice far from us, nor will happiness overtake us: we ever hope for light, but behold there is darkness; for brightness, but in obscurity must we walk.
৯এই কাৰণে ন্যায় বিচাৰ আমাৰ পৰা বহু দূৰত আছে, আৰু ধাৰ্মিকতাই আমাৰ লগ ধৰিব নোৱাৰে। আমি পোহৰৰ বাবে অপেক্ষা কৰি থাকোঁ, কিন্তু অন্ধকাৰ দেখা পাওঁ, আৰু দীপ্তিলৈ বাট চাই থাকোঁ, কিন্তু ঘোৰ অন্ধকাৰত ভ্ৰমণ কৰোঁ।
10 We grope like the blind on the wall, and as if we had no eyes do we grope: we stumble at noonday as in the twilight; we are in complete darkness like the dead.
১০আমি অন্ধলা লোকৰ দৰে দেৱালত খপিয়াওঁ, চকুহীন লোকৰ দৰে খপিয়াই ফুৰোঁ; গধূলি বেলাৰ দৰে দুপৰ বেলাতো আমি উজটি খাওঁ; আৰু শক্তিমান লোকৰ মাজত আমি মৰা মানুহৰ দৰে থাকোঁ।
11 We growl all of us like bears, and like doves do we moan sorely; we ever hope for justice, but there is none; for aid, but it is far from us.
১১আমি ভালুকৰ দৰে চিঞৰি আছোঁ, আৰু কপৌৰ দৰে শোকধ্বনি কৰি আছোঁ; আমি ন্যায় বিচাৰৰ বাবে অপেক্ষা কৰোঁ, কিন্তু সেয়ে নাই; আৰু পৰিত্ৰাণলৈ বাট চাই থাকোঁ, কিন্তু সিও আমাৰ পৰা বহু দূৰত থাকে।
12 For our transgressions are numerous in thy presence, and our sins testify against us; for of our transgressions are we aware; and our iniquities—we know them;
১২কিয়নো আপোনাৰ সাক্ষাতে আমাৰ অপৰাধ অনেক, আৰু আমাৰ পাপবোৰে আমাৰ বিৰুদ্ধে সাক্ষ্য দিছে; কিয়নো আমাৰ অপৰাধবোৰ আমাৰ লগত আছে, আৰু আমি আমাৰ অৰ্ধম্মবোৰ জানো।
13 We transgressed and denied the Lord, and departed away from our God; we spoke oppression and revolt, conceived and brought forth in our heart words of falsehood.
১৩এইবোৰেই অপৰাধ কৰি যিহোৱাক অস্বীকাৰ কৰা, নিজৰ ঈশ্বৰৰ পাছত চলাৰ পৰা বিমুখ হোৱা, আমি অন্যায় দাবীৰ কথা কৈছিলোঁ আৰু পৃথকে ঘূৰিছিলোঁ, আৰু অন্তৰত মিছা কথা গৰ্ভধাৰণ কৰি তাক প্ৰসৱ কৰা।
14 And justice is forced to turn backward, and righteousness standeth afar off; for truth stumbled in the street, and equity is not able to enter.
১৪আৰু ন্যায় বিচাৰ পাছলৈ হুঁহকি গৈছে, আৰু ধাৰ্মিকতা দূৰত থিয় হৈ আছে; কিয়নো জনসাধাৰণৰ মাজত সত্যতা উজুটি খাই পৰিছে, আৰু সত্যতা তাত আহিব নোৱাৰে।
15 And thus is the truth missing; and he that departeth from evil is regarded as foolish: and the Lord saw it, and it was displeasing in his eyes that there was no justice.
১৫বিশ্বাসযোগ্যতা সত্যতাৰ আঁতৰি গ’ল, আৰু অধৰ্ম ত্যাগ কৰা লোক নিজকে জীৱন্ত বলি সাজিছে।
16 And he saw that there was no man, and wondered that there was no intercessor; therefore his arm brought him aid, and his righteousness, —yea, this sustained him.
১৬যিহোৱাই দৃষ্টি কৰি ন্যায় বিচাৰ নেদেখি অসন্তোষ্ট হল। আৰু তেওঁ কোনো পুৰুষ বা মধ্যস্থ নেদেখি বিস্মিত হ’ল হল; সেই বাবে তেওঁৰ নিজৰ বাহুৱেই তেওঁৰ কাৰণে পৰিত্ৰাণ সিদ্ধ কৰিলে, আৰু তেওঁৰেই ধাৰ্মিকতা তেওঁৰ আশ্ৰয় হল।
17 And he put on righteousness as a coat of mail, and [placed] the helmet of salvation upon his head; and he put on the garments of vengeance as raiment, and wrapped himself with zeal as with a cloak.
১৭তেওঁ ধাৰ্মিকতাৰূপ বুকু-পটা পিন্ধিলে, আৰু মূৰত পৰিত্ৰাণৰূপ শিৰোৰক্ষক পিন্ধিলে, আৰু গাৰ বস্ত্রৰ বাবে প্ৰতিকাৰৰূপ সাজ পৰিধান কৰিলে, আৰু আবেগপূৰ্ণ জামা গাত দিলে।
18 According to the demerits, so will he repay [all], fury to his adversaries, recompense to his enemies; to the islands will he repay what they have merited.
১৮তেওঁ তেওঁলোকৰ কাৰ্য অনুসাৰে প্ৰতিফল দিব; তেওঁৰ শত্রূবোৰক ক্ৰোধৰ, নিজ বৈৰীবোৰক অপকাৰৰ প্ৰতিফল দিব; আৰু দ্বীপবোৰক তেওঁ প্ৰতিফলৰ দৰে দণ্ড দিব।
19 And they shall fear from the west the name of the Lord, and from the rising of the sun his glory; for there shall come distress like the stream which the Spirit of the Lord urgeth forward.
১৯সেয়ে লোকসকলে পশ্চিম দিশৰ পৰা যিহোৱাৰ নামলৈ, আৰু সূৰ্য উদয় হোৱা ফালৰ পৰা তেওঁৰ প্ৰতাপলৈ ভয় কৰিব; যেতিয়া শত্রু প্লাৱনৰ দৰে আহিব, তেতিয়া যিহোৱাৰ আত্মা ধ্বজাৰ দৰে তাৰ বিৰুদ্ধে থাকিব।
20 But unto Zion shall come the redeemer, and unto those who return from transgression in Jacob, saith the Lord.
২০“চিয়োনলৈ, আৰু যাকোবৰ মাজত থকা অপৰাধৰ পৰা ঘূৰাসকলৰ ওচৰলৈ এজন মুক্তিদাতা আহিব,” এয়ে যিহোৱাৰ ঘোষণা।
21 And as for me, this is my covenant with them, saith the Lord, My spirit that is upon thee, and my words which I have put in thy mouth, shall not depart out of thy mouth, nor out of the mouth of thy children, nor out of the mouth of thy children's children, saith the Lord, from henceforth and unto all eternity.
২১“মোৰ বাবে তেওঁলোকে সৈতে নিয়ম এই” যিহোৱাই কৈছে, “তোমাৰ ওপৰত থকা মোৰ আত্মা, আৰু মই তোমাৰ মুখত থোৱা মোৰ বাক্যবোৰ, তোমাৰ মুখৰ পৰা, বা তোমাৰ বংশৰ মুখৰ পৰা, নাইবা তোমাৰ বংশত উৎপন্ন হোৱা বংশৰ মুখৰ পৰাও, আজিৰে পৰা সৰ্ব্বকাললৈকে কেতিয়াও নুগুচিব, এয়ে যিহোৱাৰ বচন।”