< Esias 46 >
1 Bel has fallen, Nabo is broken to pieces, their graven images are gone to the wild beasts and the cattle: you take them packed up as a burden to the weary, exhausted, hungry, and [at the same time] helpless man;
১বেল দেৱতা মুৰ্ত্তিবোৰ নত হ’ল, নবো মুৰ্ত্তিবোৰ দোঁ খালে, সেইবোৰ গধুৰ হোৱা বাবে কঢ়িয়াই নিয়া জন্তুবোৰ নিম্নগামী হ’ল। এই কঢ়িয়াই নিয়া মুর্ত্তিবোৰ ভাগৰুৱা জন্তুৰ বাবে গধুৰ বোজা হ’ল।
2 who will not be able to save themselves from war, but they themselves are led [away] captive.
২একেলগে সিহঁত নত হ’য়, আঠু কাঢ়ে; সিহঁতে প্রতিমাবোৰ উদ্ধাৰ কৰিব নোৱাৰে; কিন্তু সিহঁত নিজেও বন্দী অৱস্থালৈ যায়।
3 Hear me, O house of Jacob, and all the remnant of Israel, who are borne [by me] from the womb, and taught [by me] from infancy, [even] to old age:
৩গৰ্ভৰ পৰা আৰু জন্মৰ আগৰে পৰা যিসকলক মই কঢ়িয়াই আনিছো: সেই যাকোবৰ বংশ আৰু ইস্ৰায়েলৰ বংশৰ অৱশিষ্ট লোকসকল, মোৰ কথা শুনা।
4 I am [he]; and until you shall have grown old, I am [he]: I bear you, I have made, and I will relieve, I will take up and save you.
৪আনকি তোমালোকৰ বৃদ্ধ অৱস্থালৈকে মইয়ে সেই জন, আৰু চুলি নপকা প্রয্যন্ত ময়েই তোমালোকক কঢ়িয়াম; ময়েই তোমালোকক সৃষ্টি কৰিলোঁ, আৰু ময়েই তোমালোকক পোহপাল দিম; মই তোমালোকক সুৰক্ষিত স্হানলৈ লৈ যাম।
5 To whom have you compared me? see, consider, you that go astray.
৫তোমালোকে মোক কাৰ সৈতে তুলনা কৰিবা? আৰু মই কাৰ সাদৃশ, সেয়ে জানো আমাক তুলনা কৰিব পাৰিব?
6 They that furnish gold out of a purse, and silver by weight, will weigh it in a scale, and they hire a goldsmith and make idols, and bow down, and worship them.
৬লোকসকলে মোনাৰ পৰা সোণ ঢালি দিয়ে আৰু তৰ্জুত ৰূপ জোখে। তেওঁলোকে তাৰ দ্বাৰাই এক দেৱতা নিৰ্মাণ কৰিবলৈ সোণাৰীক বেচ দিয়ে; তেওঁলোকে সেই দেৱতাক প্ৰণিপাত কৰে, আৰু পূজাও কৰে।
7 They bear it upon the shoulder, and go; and if they put it upon its place, it remains, it can’t move: and whoever shall cry to it, it can’t hear; it can’t save him from trouble.
৭তেওঁলোকে তাক তেওঁলোকৰ কান্ধত উঠাই আৰু কঢ়িয়াই লৈ যায়, তেওঁলোকে নিজ ঠাইত তাক স্থাপন কৰে; তাতে সি থিয় হৈ থাকে, আৰু নিজৰ ঠাইৰ পৰা লৰচৰ নহয়। তেওঁলোকে তাৰ আগত কান্দে, কিন্তু উত্তৰ দিব নোৱাৰে, নাইবা তেওঁলোকক সঙ্কটৰ পৰা উদ্ধাৰ কৰিবও নোৱাৰে।
8 Remember you these things, and groan: repent, you that have gone astray, return in your heart;
৮হে তোমালোক বিদ্ৰোহীসকল এই বিষয়ে চিন্তা কৰা; কেতিয়াও প্রত্যাখ্যান নকৰিবা
9 and remember the former things [that were] of old: for I am God, and there is none other beside me,
৯সময়ৰ সৈতে পাৰ হৈ যোৱা আগৰ কথাবোৰ সোঁৱৰণ কৰা; কাৰণ ময়েই ঈশ্বৰ, আৰু আন কোনো নাই; ময়েই ঈশ্বৰ, মোৰ তুল্য কোনো নাই।
10 telling beforehand the latter events before they come to pass, and they are accomplished together: and I said, all my counsel shall stand, and I will do all things that I have planned:
১০মই আৰম্ভণিৰে পৰা শেষৰ কথা ঘোষনা কৰিছোঁ, আৰু আগতিয়াকৈ সেইবোৰ এতিয়াও ঘটা নাই; মই কৈছো “মোৰ পৰিকল্পনা সিদ্ধ কৰিম, আৰু মই যি দৰে ইচ্ছা কৰোঁ সেই দৰে কৰিম।”
11 calling a bird from the east, and from a land afar off, for the things which I have planned: I have spoken, and brought [him]; I have created and made [him]; I have brought him, and prospered his way.
১১মই পূব দিশৰ পৰা এক হিংসুক চৰাইক, দূৰ দেশৰ পৰা মোৰ মনোনীত পুৰুষক মাতিম; হ’য় মই কলোঁ; মই তাক সিদ্ধ কৰিম; মোৰ উদ্দেশ্য আছে, মইয়ো কৰিম।
12 Listen to me, you senseless ones, that are far from righteousness:
১২সুকার্য্যৰ পৰা দূৰৈত থাকা জেদী লোকসকল মোৰ কথা শুনা।
13 I have brought near my righteousness, and I will not be slow with the salvation that is from me: I have given salvation in Sion to Israel for glory.
১৩মই মোৰ ধাৰ্মিকতা ওচৰলৈ আনো; এইটো দূৰত নাথাকে, আৰু মোৰ পৰিত্ৰাণে বাট নাচায়; আৰু মই চিয়োনক পৰিত্রান আৰু ইস্ৰায়েলক মোৰ সৌন্দর্য্য দিম।