< Job 41 >
1 Canst thou draw out leviathan with an hook? or his tongue with a cord [which] thou lettest down?
১তুমি জানো বৰশীৰে লিবিয়াথন জন্তুক তুলিব পাৰা? বা ৰচিৰে তাৰ জিভা বান্ধিব পাৰা?
2 Canst thou put an hook into his nose? or bore his jaw through with a thorn?
২তুমি তাৰ নাকত নাকী লগাব পাৰা নে? বা বৰশীৰে তাৰ কেৱাৰি বিন্ধাব পাৰা নে?
3 Will he make many supplications unto thee? will he speak soft [words] unto thee?
৩সি জানো তোমাৰ আগত বৰকৈ কাবৌ কাকুতি কৰিব? বা তোমাক জানো কোমল কথা ক’ব?
4 Will he make a covenant with thee? wilt thou take him for a servant for ever?
৪তুমি তাক চিৰকাললৈকে তোমাৰ দাস কৰি ল’বৰ কাৰণে, সি তোমাৰ লগত কোনো চুক্তি কৰিব নে?
5 Wilt thou play with him as [with] a bird? or wilt thou bind him for thy maidens?
৫চৰাই এটিৰ লগত ওমলাৰ দৰে তুমি তাৰ লগতো উমলিবা নে? বা তোমাৰ দাসীবোৰৰ বাবে তুমি তাক বান্ধি ৰাখিবা নে?
6 Shall the companions make a banquet of him? shall they part him among the merchants?
৬মাছমৰীয়াহঁতে তাক বেচা-কিনা কৰিব নে? সিহঁতে মুদৈবিলাকৰ মাজত তাক জানো ভাগ বাঁটি দিব?
7 Canst thou fill his skin with barbed irons? or his head with fish spears?
৭তুমি জানো তাৰ ছাল শেলেৰে, বা তাৰ মূৰ মাছ খোচা কোলেৰে জানো পুৰ কৰিব পাৰিবা?
8 Lay thine hand upon him, remember the battle, do no more.
৮তাৰ গাত হাত দি চাবাচোন; হাত দিলে, সেই যুঁজক সুঁৱৰি আকৌ তেনে নকৰিবা।
9 Behold, the hope of him is in vain: shall not [one] be cast down even at the sight of him?
৯চোৱা, তাক ধৰিবলৈ আশা কৰা বৃথা? তাক দেখিলেই মানুহ পৰি নাযাব নে?
10 None [is so] fierce that dare stir him up: who then is able to stand before me?
১০এনে হিংস্র লিবিয়াথনক জোকাব পৰা সাহিয়াল কোনো নাই; তেনেহলে মোৰ আগত থিয় হ’ব পৰা কোন আছে?
11 Who hath prevented me, that I should repay [him? whatsoever is] under the whole heaven is mine.
১১আগেয়ে কোনে মোক কিবা দিছিল, যাৰবাবে মই যে কিবা ওভতাই দিম? আকাশ-মণ্ডলৰ তলত থকা সকলো মোৰেই।
12 I will not conceal his parts, nor his power, nor his comely proportion.
১২মই লিবিথিয়ানৰ ভৰিৰ বিষয়ে নকোৱাকৈ মনে মনে নাথাকোঁ, নাইবা তাৰ মহাবল আৰু গাৰ সুন্দৰ গঠনৰ বিষয়ে মই নোকোৱাকৈ নাথাকোঁ।
13 Who can discover the face of his garment? [or] who can come [to him] with his double bridle?
১৩তাৰ ওপৰৰ আচ্ছাদন কোনে গুচাব পাৰে? কোনে তাৰ শক্তিশালী বৰ্মৰ মাজলৈ কোনে সোমাব পাৰে?
14 Who can open the doors of his face? his teeth [are] terrible round about.
১৪তাৰ মুখৰ দুৱাৰ দুখলপা কোনে মেলিব পাৰে? তাৰ দাঁতৰ চাৰিওফালে ভয় থাকে।
15 [His] scales [are his] pride, shut up together [as with] a close seal.
১৫তাৰ পিঠিভাগ ঢালৰ শাৰীৰে গঢ়া; সেইবোৰ মোহৰ মৰাৰ দৰে দৃঢ়ৰূপে লগোৱা আছে।
16 One is so near to another, that no air can come between them.
১৬সেইবোৰ এটাৰ লগত আনটো এনেদৰে লগলাগি আছে, তাৰ ভিতৰলৈ বায়ুও সোমাব নোৱাৰে।
17 They are joined one to another, they stick together, that they cannot be sundered.
১৭সেইবোৰ ইটোৱে সিটোৰ লগত সংযুক্ত; একেলগে সংলগ্ন, সেইবোৰক পৃথক কৰিব নোৱাৰি।
18 By his neesings a light doth shine, and his eyes [are] like the eyelids of the morning.
১৮তাৰ হাঁচিয়ে দীপ্তি প্ৰকাশ কৰে; তাৰ চকু অৰুণৰ পিৰঠিৰ নিচিনা।
19 Out of his mouth go burning lamps, [and] sparks of fire leap out.
১৯তাৰ মুখৰ পৰা জ্বলি থকা জোঁৰ বাহিৰ হয়; জুইৰ ফিৰিঙটি ওলায়।
20 Out of his nostrils goeth smoke, as [out] of a seething pot or caldron.
২০উতলি থকা কেটলিৰ পৰা গৰম ভাপ ওলোৱাৰ দৰে, তাৰ নাকৰ পৰা ধোঁৱা ওলাই।
21 His breath kindleth coals, and a flame goeth out of his mouth.
২১তাৰ নিশ্বাসে এঙাৰ জ্বলায়, তাৰ মুখৰ পৰা অগ্নি শিখা বাহিৰ হয়।
22 In his neck remaineth strength, and sorrow is turned into joy before him.
২২তাৰ ডিঙিত বল থাকে, আৰু ত্ৰাসে তাৰ আগত নাচি থাকে।
23 The flakes of his flesh are joined together: they are firm in themselves; they cannot be moved.
২৩তাৰ গাৰ ওলমি থকা ভাগ ডাঠকৈ লগা, সেয়ে তাৰ গাত আট খাই ধৰা, লৰাব নোৱাৰি।
24 His heart is as firm as a stone; yea, as hard as a piece of the nether [millstone].
২৪তাৰ কলিজা শিলৰ নিচিনা টান, (সি ভয়হীন); এনে কি, জাত শিলৰ তল চলাৰ নিচিনা টান।
25 When he raiseth up himself, the mighty are afraid: by reason of breakings they purify themselves.
২৫যেতিয়া সি নিজে থিয় হয়, তেতিয়া বলৱানসকলেও ভয় পায়, আৰু ত্ৰাসৰ কাৰণে বিতত হয়।
26 The sword of him that layeth at him cannot hold: the spear, the dart, nor the habergeon.
২৬যদি কোনোবাই তৰোৱালেৰে তাক আঘাত কৰে, তেতিয়াও তাৰ একো নহব, বা তালৈ যাঠী, কাঁড়, বা শেল মাৰিলে সকলো মিছা হব।
27 He esteemeth iron as straw, [and] brass as rotten wood.
২৭সি লোহাক খেৰৰ নিচিনা দেখে, আৰু পিতলক পচা কাঠ যেন জ্ঞান কৰে।
28 The arrow cannot make him flee: slingstones are turned with him into stubble.
২৮ধনুৰ কাঁড়ে তাক খেদাব নোৱাৰে; ফিঙ্গাৰ শিলবোৰো তাৰ আগত তুঁহৰ দৰেহে হয়।
29 Darts are counted as stubble: he laugheth at the shaking of a spear.
২৯সি গদাক ঘুলা যেন মানে, আৰু সশব্দে ঘূৰি ঘূৰি অহা বৰছাৰ শব্দত সি হাঁহে,
30 Sharp stones [are] under him: he spreadeth sharp pointed things upon the mire.
৩০তাৰ তল ভাগ ঘেৰ থকা খোলাৰ নিচিনা; সি বোকাৰ ওপৰেদি যাওঁতে মৰণা মৰা যন্ত্ৰ যেন হয়।
31 He maketh the deep to boil like a pot: he maketh the sea like a pot of ointment.
৩১সি অগাধ জলক, উতলোৱা কেৰাহিৰ পানী যেন কৰে, আৰু সমুদ্ৰক সুগন্ধি তেল যেন কৰে।
32 He maketh a path to shine after him; [one] would think the deep [to be] hoary.
৩২সি নিজৰ পাছফালে থকা বাট চিকমিকীয়া কৰে, আৰু অগাধ জলক তাৰ পকাচুলীয়া যেন বোধ হয়।
33 Upon earth there is not his like, who is made without fear.
৩৩ভয়হীন ৰূপে স্ৰজন কৰা, তাৰ তুল্য কোনো জন্তুৱেই পৃথিবীত নাই।
34 He beholdeth all high [things: ] he [is] a king over all the children of pride.
৩৪সি সকলো উচ্চ পদাৰ্থলৈ চাই থাকে; সি সকলো অহংকাৰী প্ৰাণীৰ ওপৰত ৰজা।