< Deuteronomy 10 >

1 At that time the LORD said unto me, Hew thee two tables of stone like unto the first, and come up unto me into the mount, and make thee an ark of wood.
সেই সময়ত যিহোৱাই মোক কৈছিল, “তুমি আগৰ বাৰৰ দৰেই দুখন শিলৰ ফলি কাটি লোৱা আৰু পর্বতৰ ওপৰত মোৰ ওচৰলৈ উঠি আহাঁ। তাৰ লগতে কাঠৰ এটা চন্দুকো নিৰ্ম্মাণ কৰি ল’বা।
2 And I will write on the tables the words that were in the first tables which thou brakest, and thou shalt put them in the ark.
তুমি আগেয়ে যি দুখন শিলৰ ফলি ভাঙি পেলালা তাৰ ওপৰত যি কথা লিখা আছিল, মই তাকে এই ফলি দুখনত লিখি দিম। পাছত তুমি সেই দুখন লৈ চন্দুকত ভৰাই থবা।”
3 And I made an ark [of] shittim wood, and hewed two tables of stone like unto the first, and went up into the mount, having the two tables in mine hand.
সেইবাবে মই চিটীম কাঠৰ এটা চন্দুক সাজিছিলোঁ আৰু আগৰ দৰেই শিলৰ দুখন ফলি কাটি লৈছিলোঁ; তাৰ পাছত ফলি দুখন হাতত লৈ পৰ্বতৰ ওপৰলৈ উঠি গ’লো।
4 And he wrote on the tables, according to the first writing, the ten commandments, which the LORD spake unto you in the mount out of the midst of the fire in the day of the assembly: and the LORD gave them unto me.
যিহোৱাই প্রথম ফলি দুটাৰ ওপৰত যি কথা লিখিছিল, এই দুটাৰ ওপৰতো তাকে লিখি ফলি দুখন মোক দিলে। এই কথাবোৰেই হৈছে তেওঁৰ দহ আজ্ঞা যি তেওঁ আপোনালোক সকলো একগোট হোৱা দিনা পৰ্বতৰ ওপৰত জুইৰ মাজৰ পৰা আপোনালোকক কৈছিল।
5 And I turned myself and came down from the mount, and put the tables in the ark which I had made; and there they be, as the LORD commanded me.
তাৰ পাছত যিহোৱাৰ আজ্ঞা অনুসাৰে মই পৰ্বতৰ পৰা উভটি নামি আহি মই তৈয়াৰ কৰা সেই চন্দুকৰ ভিতৰত ফলি দুখন থলোঁ; সেইবোৰ এতিয়াও তাতে আছে।’
6 And the children of Israel took their journey from Beeroth of the children of Jaakan to Mosera: there Aaron died, and there he was buried; and Eleazar his son ministered in the priest’s office in his stead.
তাৰ পাছত ইস্ৰায়েলীয়াসকল বোৰোৎবনেই যাকনৰ পৰা মোচেৰালৈ যাত্ৰা কৰিছিল; সেই ঠাইতে হাৰোণৰ মৃত্যু হৈছিল আৰু তেওঁক মৈদাম দিয়া হ’ল; তেওঁৰ পুত্ৰ ইলিয়াজৰে তেওঁৰ সলনি পুৰোহিতৰ কাৰ্য কৰিবলৈ ধৰিলে।
7 From thence they journeyed unto Gudgodah; and from Gudgodah to Jotbath, a land of rivers of waters.
সেই ঠাইৰ পৰা তেওঁলোকে গুদগোদালৈ যাত্ৰা কৰিছিল আৰু তাৰ পৰা যটবাথালৈ গৈছিল। যটবাথাত বহুতো জুৰি আছিল।
8 At that time the LORD separated the tribe of Levi, to bear the ark of the covenant of the LORD, to stand before the LORD to minister unto him, and to bless in his name, unto this day.
সেই সময়ত, যিহোৱাই তেওঁৰ নিয়ম চন্দুক বৈ নিবৰ কাৰণে, পুৰোহিতৰ কার্য কৰিবৰ উদ্দেশ্যে তেওঁৰ সন্মুখত থিয় হবলৈ আৰু তেওঁৰ নামত লোকসকলক আশীৰ্ব্বাদ কৰিবলৈ লেবীয়া ফৈদক মনোনীত কৰিলে। এই সকলো কাম তেওঁলোকে এতিয়ালৈকে কৰি আছে।
9 Wherefore Levi hath no part nor inheritance with his brethren; the LORD [is] his inheritance, according as the LORD thy God promised him.
সেই কাৰণে লেবীয়াসকলে তেওঁলোকৰ ইস্রায়েলীয়া ককাই ভাইসকলৰ মাজত সম্পত্তিৰ কোনো ভাগ বা দেশৰ অধিকাৰ পোৱা নাই। আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ কথা অনুসাৰে যিহোৱাই তেওঁলোকৰ আধিপত্য।
10 And I stayed in the mount, according to the first time, forty days and forty nights; and the LORD hearkened unto me at that time also, [and] the LORD would not destroy thee.
১০পূৰ্বৰ দৰেই সেইবাৰো মই চল্লিশ দিন আৰু চল্লিশ ৰাতি পৰ্বতৰ ওপৰত আছিলোঁ আৰু সেই সময়তো যিহোৱাই মোৰ নিবেদন শুনিছিল। আপোনালোকক ধ্বংস কৰি দিয়াৰ ইচ্ছা যিহোৱাৰ নাছিল।
11 And the LORD said unto me, Arise, take [thy] journey before the people, that they may go in and possess the land, which I sware unto their fathers to give unto them.
১১যিহোৱাই মোক কৈছিল, “তুমি উঠি লোকসকলক পৰিচালনা কৰি আগে আগে যাত্ৰা কৰা; মই তেওঁলোকৰ পূর্বপুৰুষসকলৰ ওচৰত যি দেশ দিবলৈ প্রতিজ্ঞা কৰিছিলোঁ সেই দেশলৈ গৈ তেওঁলোকে যেন তাক অধিকাৰ কৰে।”
12 And now, Israel, what doth the LORD thy God require of thee, but to fear the LORD thy God, to walk in all his ways, and to love him, and to serve the LORD thy God with all thy heart and with all thy soul,
১২ইস্ৰায়েলীয়াসকল, আপোনালোকৰ ঈশ্বৰ যিহোৱাই এতিয়া আপোনালোকৰ পৰা কি বিচাৰিছে? তেওঁ কেৱল বিচাৰিছে যেন আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাক ভয় কৰে, তেওঁৰ সকলো পথত চলে, তেওঁক প্ৰেম কৰে, আপোনালোকৰ সকলো মন আৰু প্ৰাণেৰে সৈতে ঈশ্বৰ যিহোৱাৰ আৰাধনা কৰে;
13 To keep the commandments of the LORD, and his statutes, which I command thee this day for thy good?
১৩লগতে আপোনালোকৰ ভালৰ কাৰণে আজি মই আপোনালোকৰ ওচৰত যিহোৱাৰ যি সকলো আজ্ঞা আৰু বিধি আপোনালোকক দিছো, সেই সকলোকে যেন পালন কৰে।
14 Behold, the heaven and the heaven of heavens [is] the LORD’s thy God, the earth [also], with all that therein [is].
১৪শুনক, আকাশ আৰু তাৰ ওপৰৰ সকলোবোৰেই, পৃথিৱী আৰু তাত থকা সকলোবোৰেই আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ।
15 Only the LORD had a delight in thy fathers to love them, and he chose their seed after them, [even] you above all people, as [it is] this day.
১৫কেৱল আপোনালোকৰ পূর্বপুৰুষসকলৰ প্রতি যিহোৱা সন্তুষ্ট আছিল বাবেই তেওঁ তেওঁলোকক প্ৰেম কৰিছিল। তেওঁ তেওঁলোকৰ পাছত, তেওঁলোকৰ বংশধৰ আপোনালোকক আন সকলো জাতিৰ মাজৰ পৰা বাচি ল’লে। আজিও আপোনালোক তেওঁৰ সেই মনোনীত জাতি।
16 Circumcise therefore the foreskin of your heart, and be no more stiffnecked.
১৬সেয়ে, আপোনালোকে আপোনালোকৰ অন্তঃকৰণৰ চুন্নত কৰক; আপোনালোক ঠৰডিঙীয়া নহ’ব।
17 For the LORD your God [is] God of gods, and Lord of lords, a great God, a mighty, and a terrible, which regardeth not persons, nor taketh reward:
১৭কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱা, ঈশ্বৰৰো ঈশ্বৰ আৰু প্ৰভুৰো প্ৰভু, মহান ঈশ্বৰ; পৰাক্রমী আৰু ভয়ঙ্কৰ ঈশ্বৰ; কাৰো মুখলৈ নাচায় আৰু উৎকোচো নলয়।
18 He doth execute the judgment of the fatherless and widow, and loveth the stranger, in giving him food and raiment.
১৮তেওঁ পিতৃহীন আৰু বিধৱাৰ বিচাৰ নিস্পত্তি কৰোঁতা আৰু বিদেশীক এনে দৰে প্ৰেম কৰে যে তেওঁলোকক অন্ন-বস্ত্ৰও দিয়ে।
19 Love ye therefore the stranger: for ye were strangers in the land of Egypt.
১৯আপোনালোকেও বিদেশীক প্ৰেম কৰিব; কিয়নো মিচৰ দেশত আপোনালোকো বিদেশী আছিল।
20 Thou shalt fear the LORD thy God; him shalt thou serve, and to him shalt thou cleave, and swear by his name.
২০আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাকেই ভয় কৰিব আৰু তেওঁৰেই আৰাধনা কৰিব; তেওঁতেই লাগি থাকিব আৰু তেওঁৰ নামেৰেই প্রতিজ্ঞা কৰিব।
21 He [is] thy praise, and he [is] thy God, that hath done for thee these great and terrible things, which thine eyes have seen.
২১তেওঁৱেই আপোনালোকৰ প্ৰশংসা, তেওঁৱেই আপোনালোকৰ ঈশ্বৰ। আপোনালোকে নিজ চকুৰে যি সকলো মহৎ আৰু ভয়ঙ্কৰ কাৰ্যবোৰ দেখিছে তাক তেওঁ আপোনালোকৰ কাৰণেই কৰিছে।
22 Thy fathers went down into Egypt with threescore and ten persons; and now the LORD thy God hath made thee as the stars of heaven for multitude.
২২আপোনালোকৰ যি পূৰ্ব–পুৰুষসকল মিচৰলৈ গৈছিল তেওঁলোক সংখ্যাত মাত্র সত্তৰ জন আছিল আৰু এতিয়া আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ সংখ্যা আকাশৰ তৰাবোৰৰ দৰে অসংখ্য কৰিলে।

< Deuteronomy 10 >