< Proverbs 5 >
1 My son, attend unto my wisdom, and bow your ear to my understanding:
১হে মোৰ পুত্র, মোৰ প্রজ্ঞালৈ মনোযোগ দিয়া; সাৱধানতাৰে মোৰ তাৎপর্যপূৰ্ণ কথা শুনা।
2 That you may regard discretion, and that your lips may keep knowledge.
২সেয়ে তুমি সুবিবেচনা শিকিব পাৰিবা; আৰু তোমাৰ ওঁঠে জ্ঞান ৰক্ষা কৰিব পাৰিব।
3 For the lips of a strange woman drop as an honeycomb, and her mouth is smoother than oil:
৩কিয়নো ব্যভিচাৰিণীৰ ওঁঠৰ পৰা টোপে টোপে মৌ বৰষে, আৰু তেওঁৰ মুখৰ কথা তেলতকৈয়ো মসৃণ।
4 But her end is bitter as wormwood, sharp as a two-edged sword.
৪কিন্তু শেষত তেওঁ চোকা তৰোৱালে কটাৰ দৰে কাটে। তিতা উদ্ভিদৰ দৰে হয়,
5 Her feet go down to death; her steps take hold on hell. (Sheol )
৫তেওঁৰ ভৰি মৃত্যুলৈ নামি যায়, তেওঁ খোজ দিয়া সকলো পথ চিয়োললৈ যায়। (Sheol )
6 Lest you should ponder the path of life, her ways are moveable, that you can not know them.
৬তেওঁ জীৱন পথত কোনো চিন্তা নকৰে; তেওঁৰ খোজ আচৰ্যজনক, তেওঁ ক’লৈ গৈ আছে তেওঁ নাজানে।
7 Hear me now therefore, O all of you children, and depart not from the words of my mouth.
৭আৰু এতিয়া, হে মোৰ পুত্রসকল, মোৰ কথা শুনা, মোৰ মুখৰ বাক্য শুনাৰ পৰা বিমুখ নহবা।
8 Remove your way far from her, and come not nigh the door of her house:
৮তেওঁৰ পৰা তোমাৰ পথ দূৰত ৰাখা; তেওঁৰ ঘৰৰ দুৱাৰৰ ওচৰলৈ নাযাবা।
9 Lest you give your honour unto others, and your years unto the cruel:
৯নহ’লে তোমাৰ সন্মান অন্যলোকক এৰি দিব লাগিব, আৰু তোমাৰ জীৱনৰ বছৰবোৰ নিৰ্দয় ব্যক্তিক দিব লাগিব।
10 Lest strangers be filled with your wealth; and your labours be in the house of a stranger;
১০তোমাৰ সম্পত্তি অচিনাকী লোকে ভোগ কৰিব; আৰু তোমাৰ পৰিশ্ৰমৰ ফল অচিনাকী লোকৰ ঘৰলৈ যাব।
11 And you mourn at the last, when your flesh and your body are consumed,
১১আৰু তোমাৰ জীৱনৰ শেষত তুমি আৰ্তনাদ কৰিবা; তোমাৰ যেতিয়া শৰীৰ আৰু মাংস ক্ষয় হ’ব,
12 And say, How have I hated instruction, and my heart despised reproof;
১২তুমি ক’বা, “মই কেনেকৈ শাসন প্রণালীক ঘিণ কৰিছিলোঁ। আৰু মোৰ অন্তৰে অনুযোগ হেয়জ্ঞান কৰিলে।
13 And have not obeyed the voice of my teachers, nor inclined mine ear to them that instructed me!
১৩মই মোৰ শিক্ষকসকলক মানিচলা নাছিলো, বা মোক দিয়া উপদেশ নুশুনিলোঁ।
14 I was almost in all evil in the midst of the congregation and assembly.
১৪সমাজ আৰু সমবেত লোকসকলৰ মাজত মই প্ৰায় সম্পূৰ্ণ ধ্বংস হলোঁ।
15 Drink waters out of your own cistern, and running waters out of your own well.
১৫তুমি তোমাৰ নিজৰ পুখুৰীৰ পানী খোৱা, আৰু তোমাৰ নিজৰ নাদৰ পৰা ওলাই থকা পানী পান কৰা।
16 Let your fountains be dispersed abroad, and rivers of waters in the streets.
১৬তোমাৰ ভুমুকবোৰ চাৰিওফালে প্লাৱিত হ’ব লাগে নে? আৰু তোমাৰ জুৰিৰ পানী জনসাধৰণৰ মাজলৈ বৈ যাব লাগে নে?
17 Let them be only your own, and not strangers' with you.
১৭সেইবোৰ কেৱল তোমাৰ নিজৰ বাবেই হওক, আৰু তোমাৰ সৈতে থকা অচিনাকী লোকৰ বাবে নহওক।
18 Let your fountain be blessed: and rejoice with the wife of your youth.
১৮তোমাৰ ভুমুক আশীৰ্ব্বাদযুক্ত হওক; তুমি তোমাৰ যৌৱন কালৰ ভাৰ্যাত আনন্দ কৰা।
19 Let her be as the loving hind and pleasant roe; let her breasts satisfy you at all times; and be you ravished always with her love.
১৯কাৰণ তেওঁ মৰমীয়াল হৰিণী আৰু লাবন্যময়ী মৃগ, তেওঁৰ স্তনৰ দ্বাৰাই সকলো সময়ত তুমি তৃপ্ত হোৱা, আৰু তেওঁৰ প্ৰেমতেই সদায় মত্ত থাকা।
20 And why will you, my son, be ravished with a strange woman, and embrace the bosom of a stranger?
২০কিয়নো হে মোৰ পুত্র, তুমি ব্যভিচাৰিণীত কিয় মত্ত হবা? আৰু তুমি অচিনাকী মহিলাৰ বুকু কিয় সাৱটি ধৰিবা?
21 For the ways of man are before the eyes of the LORD, and he ponders all his activities.
২১কিয়নো মানুহে কৰা সকলো কাম যিহোৱাই চাই, আৰু তেওঁ তাৰ সকলো পথ পৰ্যবেক্ষণ কৰে।
22 His own iniquities shall take the wicked himself, and he shall be held with the cords of his sins.
২২এজন দুষ্ট লোক নিজৰ অপৰাধতে ধৰা পৰে; তেওঁক নিজৰ পাপৰূপ জৰীয়ে বান্ধি ৰাখে।
23 He shall die without instruction; and in the greatness of his folly he shall go astray.
২৩নিয়মানুবৰ্ত্তিতাৰ অভাৱত তেওঁৰ মৃত্যু হয়; তেওঁৰ অজ্ঞানতাৰ কাৰণে তেওঁ বিপথে যায়।