< Psalms 14 >
1 The fool hath said in his heart, There is no God. They are corrupt, they have done abominable works, there is none that doeth good.
১এজন অজ্ঞানীয়ে, তেওঁৰ অন্তৰত কয়, “ঈশ্বৰ বুলি কোনো নাই।” তেওঁলোক ভ্রষ্ট হৈছে, তেওঁলোকে জঘন্য কার্যবোৰ কৰে; তেওঁলোকৰ মাজত সৎ কার্য কৰোঁতা কোনো নাই;
2 Yhwh looked down from heaven upon the children of men, to see if there were any that did understand, and seek God.
২যিহোৱাই স্বর্গৰ পৰা তললৈ মানুহৰ ফালে লক্ষ্য কৰি থাকে; তেওঁ চাব বিচাৰে, প্রকৃতার্থত কোনো জ্ঞানী আছে নে নাই; তেওঁ চাব বিচাৰে, ঈশ্বৰক বিচাৰা কোনো জ্ঞানী আছে নে নাই।
3 They are all gone aside, they are all together become filthy: there is none that doeth good, no, not one.
৩তেওঁ দেখিলে, সকলোৱেই অপথে গ’ল; সকলো উচ্ছৃঙ্খল হ’ল; সৎকৰ্ম কৰোঁতা কোনো নাই, এজনো নাই।
4 Have all the workers of iniquity no knowledge? who eat up my people as they eat bread, and call not upon Yhwh.
৪যিসকলে দুষ্টতাৰ কার্য কৰে, তেওঁলোক কি ইমানেই জ্ঞানশূন্য যে, মানুহে নিজৰ আহাৰ খোৱাৰ নিচিনাকৈ তেওঁলোকে মোৰ লোকসকলক খাই পেলায় আৰু তেওঁলোকে যিহোৱাৰ ওচৰত প্ৰাৰ্থনাও নকৰে?”
5 There were they in great fear: for God is in the generation of the righteous.
৫ঈশ্বৰ তেওঁৰ ভক্তসকলৰ সঙ্গত থাকে। সেয়ে সেই লোকসকল তাত ভীষণ ভয়ৰ মাজত থাকিব।
6 Ye have shamed the counsel of the poor, because Yhwh is his refuge.
৬দুষ্টতাৰ কার্য কৰা যি তোমালোক, তোমালোকে দুখীয়াৰ পৰিকল্পনা ব্যৰ্থ কৰিবা, কিন্তু যিহোৱা তেওঁলোকৰ আশ্ৰয়।
7 Oh that the salvation of Israel were come out of Zion! when Yhwh bringeth back the captivity of his people, Jacob shall rejoice, and Israel shall be glad.
৭অহ! ইস্রায়েলৰ উদ্ধাৰ চিয়োনৰ মাজৰ পৰা আহক! যিহোৱাই যেতিয়া তেওঁৰ লোকসকলৰ অৱস্থা পুনৰ পৰিবর্তন কৰিব, তেতিয়া যাকোবৰ বংশই আনন্দ কৰিব; ইস্রায়েলীয়াসকল উল্লাসিত হ’ব।