< Leviticus 10 >

1 And Nadab and Abihu, the sons of Aaron, took either of them his censer, and put fire therein, and put incense thereon, and offered profane fire before Yhwh, which he commanded them not.
পাছত হাৰোণৰ পুত্ৰ নাদব আৰু অবীহূৱে নিজ নিজ আঙঠা ধৰা লৈ, তাত জুই ৰাখি তাৰ ওপৰত ধূঁপ দি, যিহোৱাই আজ্ঞা নিদিয়া সাধাৰণ জুই যিহোৱাৰ সন্মুখত উৎসৰ্গ কৰিলে।
2 And there went out fire from Yhwh, and devoured them, and they died before Yhwh.
তেতিয়া যিহোৱাৰ সন্মুখৰ পৰা অগ্নি ওলাই তেওঁলোকক গ্ৰাস কৰিলে; তেওঁলোকে যিহোৱাৰ সন্মূখত প্ৰাণত্যাগ কৰিলে।
3 Then Moses said unto Aaron, This is it that Yhwh spake, saying, I will be sanctified in them that come nigh me, and before all the people I will be glorified. And Aaron held his peace.
তেতিয়া মোচিয়ে হাৰোণক ক’লে, “যিহোৱাই ইয়াকে কৈছিল, বোলে, ‘যি সকলে মোৰ কাষ চাপিব, তেওঁলোকৰ মাজত মোৰ পবিত্ৰতা প্রকাশ কৰিম। আৰু সকলো লোকৰ সাক্ষাতে মই গৌৰৱান্বিত হ’ম।” হাৰোণ হতভম্ব হৈ নিজমে থাকিল।
4 And Moses called Mishael and Elzaphan, the sons of Uzziel the uncle of Aaron, and said unto them, Come near, carry your brethren from before the sanctuary out of the camp.
মোচিয়ে হাৰোণৰ দদায়েক উজ্জীয়েলৰ পুত্ৰ মিচায়েল আৰু ইলিচাফনক মাতি নি ক’লে, “ইয়ালৈ আহাঁ আৰু ওচৰলৈ গৈ তোমালোকৰ জ্ঞাতি দুজনক তুলি পবিত্ৰ স্থানৰ সন্মূখৰ পৰা ছাউনিৰ বাহিৰলৈ লৈ যোৱা।”
5 So they went near, and carried them in their coats out of the camp; as Moses had said.
আৰু সেয়ে তেওঁলোকে মোচিৰ আজ্ঞা অনুসাৰে, ওচৰলৈ গৈ, অঙ্গৰক্ষক বস্ত্ৰে সৈতে তেওঁলোকক তুলি ছাউনিৰ বাহিৰলৈ লৈ গ’ল।
6 And Moses said unto Aaron, and unto Eleazar and unto Ithamar, his sons, Uncover not your heads, neither rend your clothes; lest ye die, and lest wrath come upon all the people: but let your brethren, the whole house of Israel, bewail the burning which Yhwh hath kindled.
তেতিয়া মোচিয়ে হাৰোণক আৰু তেওঁৰ পুত্ৰ ইলিয়াজৰ আৰু ঈথামৰক ক’লে, “তোমালোক যেন নমৰা আৰু গোটেই মণ্ডলীলৈ যেন তেওঁৰ ক্ৰোধ প্ৰজ্বলিত নহয়, এই কাৰণে তোমালোকে নিজ নিজ মূৰৰ চুলি মুকলিকৈ নাৰাখিবা আৰু নিজ নিজ কাপোৰ নাফালিবা; কিন্তু যিহোৱাৰ ক্ৰোধাগ্নি জ্বলাৰ বাবে তোমালোকৰ ভাই গোটেই ইস্ৰায়েল বংশই ক্ৰন্দন কৰক।
7 And ye shall not go out from the door of the tabernacle of the congregation, lest ye die: for the anointing oil of Yhwh is upon you. And they did according to the word of Moses.
আৰু এই সাক্ষাৎ কৰা তম্বুৰ দুৱাৰৰ পৰা বাহিৰলৈ নাযাবা, নহ’লে মৰিবা, কিয়নো তোমালোকৰ গাত যিহোৱাৰ অভিষেকাৰ্থক তেল আছে।” তেতিয়া তেওঁলোকে মোচিৰ বাক্য অনুসাৰে সেই দৰে কৰিলে।
8 And Yhwh spake unto Aaron, saying,
তেতিয়া যিহোৱাই হাৰোণক ক’লে,
9 Do not drink wine nor strong drink, thou, nor thy sons with thee, when ye go into the tabernacle of the congregation, lest ye die: it shall be a statute for ever throughout your generations:
“তোমালোক যেন নমৰা, সেই কাৰণে তুমি বা তোমাৰে সৈতে তোমাৰ পুত্ৰসকলে সাক্ষাৎ কৰা তম্বুত সোমোৱা কালত, দ্ৰাক্ষাৰস বা সুৰা পান নকৰিবা। এয়ে তোমালোকে পুৰুষানুক্ৰমে পালন কৰিবলগীয়া চিৰস্থায়ী বিধি,
10 And that ye may put difference between holy and unholy, and between unclean and clean;
১০আৰু তোমালোকে যেন পবিত্ৰ আৰু সামান্য বিষয়ৰ আৰু শুচি আৰু অশুচিৰ প্ৰভেদ কৰিব পাৰিবা,
11 And that ye may teach the children of Israel all the statutes which Yhwh hath spoken unto them by the hand of Moses.
১১আৰু মোচিৰ দ্বাৰাই যিহোৱাই ইস্ৰায়েলৰ সন্তান সকলক দিয়া সকলো বিধিৰ শিক্ষা তোমালোকে যেন তেওঁলোকক দিব পাৰিবা, সেই বাবে এই বিধি তোমোলোকক দিয়া হ’ল।”
12 And Moses spake unto Aaron, and unto Eleazar and unto Ithamar, his sons that were left, Take the grain offering that remaineth of the offerings of Yhwh made by fire, and eat it without leaven beside the altar: for it is most holy:
১২মোচিয়ে হাৰোণক আৰু তেওঁৰ অৱশিষ্ট পুত্ৰ ইলিয়াজৰ আৰু ঈথামৰ এই দুজনক ক’লে, “যিহোৱাৰ অগ্নিকৃত উপহাৰবোৰৰ অৱশিষ্ট ভক্ষ্য নৈবেদ্য লৈ গৈ, বেদীৰ কাষত খমীৰ নোহোৱাকৈ ভোজন কৰিবা। কিয়নো সেয়ে অতি পবিত্ৰ।
13 And ye shall eat it in the holy place, because it is thy due, and thy sons’ due, of the sacrifices of Yhwh made by fire: for so I am commanded.
১৩কোনো পবিত্ৰ ঠাইত তাক ভোজন কৰিবা; কিয়নো যিহোৱাৰ অগ্নিকৃত উপহাৰবোৰৰ মাজত সেয়ে তুমি আৰু তোমাৰ পুত্ৰসকলে পাবলগীয়া ভাগ, কাৰণ মই এই আজ্ঞা পালোঁ।
14 And the wave breast and heave shoulder shall ye eat in a clean place; thou, and thy sons, and thy daughters with thee: for they be thy due, and thy sons’ due, which are given out of the sacrifices of peace offerings of the children of Israel.
১৪আৰু দোলনীয় উপহাৰ যি সোঁ ফালৰ কৰঙনটো, তাক তুমি তোমাৰ পো-জীসকলেৰে সৈতে কোনো শুচি ঠাইত ভোজন কৰিবা। কিয়নো ইস্ৰায়েলৰ সন্তান সকলৰ মঙ্গলাৰ্থক বলিৰ পৰা তাক তোমাৰ আৰু তোমাৰ সন্তান সকলক পাবলগীয়া ভাগ বুলি দিয়া হ’ল।
15 The heave shoulder and the wave breast shall they bring with the offerings made by fire of the fat, to wave it for a wave offering before Yhwh; and it shall be thine, and thy sons’ with thee, by a statute for ever; as Yhwh hath commanded.
১৫অগ্নিকৃত উপহাৰৰ অৰ্থে দিয়া তেলখিনিয়ে সৈতে উত্তোলনীয় উপহাৰ যি সোঁ কৰঙন আৰু যিহোৱাৰ সন্মূখত দোলনীয় উপহাৰৰ অৰ্থে দোলাবলৈ দোলনীয় উপহাৰৰ যি আমঠু, এইবোৰ যিহোৱাৰ আজ্ঞাৰ দৰে আনিব লাগিব; সেয়ে তোমাৰ আৰু তোমাৰ সন্তান সকলৰ চিৰস্থায়ী অধিকাৰ হ’ব।”
16 And Moses diligently sought the goat of the sin offering, and, behold, it was burnt: and he was angry with Eleazar and Ithamar, the sons of Aaron which were left alive, saying,
১৬তেতিয়া মোচিয়ে পুৰুষাৰ্থ কৰি, পাপাৰ্থক বলিদানৰ অৰ্থে দিয়া ছাগলীটো বিচাৰোতে দেখিলে যে, তাক পুৰি ভস্ম কৰা হ’ল। গতিকে তেওঁ হাৰোণৰ অৱশিষ্ট পুত্ৰ ইলিয়াজৰ আৰু ঈথামৰ এই দুজনলৈ ক্ৰুদ্ধ হৈ তেওঁলোকক ক’লে,
17 Wherefore have ye not eaten the sin offering in the holy place, seeing it is most holy, and God hath given it you to bear the iniquity of the congregation, to make atonement for them before Yhwh?
১৭“তোমালোকে সেই পাপাৰ্থক বলি কোনো পবিত্ৰ স্থানত কিয় ভোজন নকৰিলা? কাৰণ সেয়ে অতি পবিত্ৰ আৰু মণ্ডলীৰ অপৰাধ বৈ যিহোৱাৰ সন্মূখত তেওঁলোকক প্ৰায়চিত্ত কৰিবৰ অৰ্থে তাক তোমালোকক দিয়া হ’ল।
18 Behold, the blood of it was not brought in within the holy place: ye should indeed have eaten it in the holy place, as I commanded.
১৮চোৱা, পবিত্ৰ স্থানৰ ভিতৰলৈ তাৰ তেজ নিয়া নহ’ল; মোৰ আজ্ঞা অনুসাৰে তোমালোকে অৱশ্যে তাক পবিত্ৰ স্থানত ভোজন কৰিব লাগিছিল।”
19 And Aaron said unto Moses, Behold, this day have they offered their sin offering and their burnt offering before Yhwh; and such things have befallen me: and if I had eaten the sin offering to day, should it have been accepted in the sight of Yhwh?
১৯তেতিয়া হাৰোণে মোচিক ক’লে, “চোৱা, এওঁলোক দুজনেই আজি যিহোৱাৰ উদ্দেশ্যে নিজ পাপাৰ্থক বলি আৰু নিজ হোমবলি উৎসৰ্গ কৰিলে, তথাপি মোলৈ এনে ঘটিল; যদি মই আজি পাপাৰ্থক বলি ভোজন কৰিলোঁহেতেন, তেন্তে যিহোৱাই তাত সন্তোষ পালেহেঁতেন নে?”
20 And when Moses heard that, he was content.
২০মোচিয়ে ইয়াকে শুনি সন্তুষ্ট হ’ল।

< Leviticus 10 >