< Lamentations 4 >
1 How is the gold become dim! how is the most fine gold changed! the stones of the sanctuary are poured out in the top of every street.
১সুবৰ্ণ কেনে মলিন হল! অতি শুদ্ধ সোণ কেনে পৰিৱৰ্তন হ’ল। পবিত্ৰ পাথৰবোৰ প্ৰত্যেক আলিৰ মুৰত পেলোৱা হ’ল।
2 The precious sons of Zion, comparable to fine gold, how are they esteemed as earthen pitchers, the work of the hands of the potter!
২উত্তম সোণৰ তুল্য চিয়োনৰ বহুমূল্য পুত্ৰসকল কুমাৰৰ হাতৰ কৰ্ম মাটিৰ কলহ যেন কেনে গণ্য হ’ল!
3 Even the sea monsters draw out the breast, they give suck to their young ones: the daughter of my people is become cruel, like the ostriches in the wilderness.
৩শিয়ালবোৰেও নিজ নিজ পোৱালিবোৰক পিয়াহ দি প্ৰতিপালনকাৰিণী হয়, কিন্তু মোৰ নিজৰ লোকসকলৰ জীয়ৰীসকলে হ’লে অৰণ্যত থকা উট পক্ষীৰ নিচিনা নিষ্ঠুৰ হ’ল।
4 The tongue of the sucking child sticks to the roof of his mouth for thirst: the young children ask bread, and no man breaks it to them.
৪পিয়াহ খোৱা কেঁচুৱাৰ জিভা পিয়াহত তালুত লাগিল; শিশুসকলে পিঠা খুজিছে, কিন্তু কোনেও তেওঁলোকক দিয়া নাই।
5 They that did feed delicately are desolate in the streets: they that were brought up in scarlet embrace dunghills.
৫সুখাদ্য খোৱাসকলে আলিত অনাথ হৈ পৰি আছে; ৰঙা বিছনাত শুই ডাঙৰ-দীঘল হোৱা সকলে গোবৰৰ দ’ম সাবটিছে।
6 For the punishment of the iniquity of the daughter of my people is greater than the punishment of the sin of Sodom, that was overthrown as in a moment, and no hands stayed on her.
৬মোৰ জাতিস্বৰূপা জীয়ৰী সকলৰ অপৰাধ, সেই চদোমৰ পাপতকৈয়ো অধিক, যি চদোম মুহুৰ্ত্ততে বিনষ্ট হৈছিল, যদিও কোনো হাতে তাইক ক্ষতিগ্ৰস্ত কৰা নাছিল।
7 Her Nazarites were purer than snow, they were whiter than milk, they were more ruddy in body than rubies, their polishing was of sapphire:
৭তেওঁৰ প্ৰধান লোকসকল হিমতকৈয়ো নিৰ্ম্মল, এঁৱা গাখীৰতকৈয়ো বগা আছিল। তেওঁলোকৰ গা পদ্মৰাগ মণিতকৈয়ো ৰঙা আছিল; তেওঁলোকৰ উজ্বলতা নীলকান্ত মণিৰ সদৃশ আছিল।
8 Their visage is blacker than a coal; they are not known in the streets: their skin sticks to their bones; it is withered, it is become like a stick.
৮এতিয়া তেওঁলোকৰ মুখ এঙাৰতকৈ ক’লা হ’ল, আৰু তেওঁলোকক আলিবাটত চিনি পোৱা নাযায়। তেওঁলোকৰ ছাল হাড়ত লাগিল। ই শুকাই কাঠ যেন হ’ল।
9 They that be slain with the sword are better than they that be slain with hunger: for these pine away, stricken through for want of the fruits of the field.
৯ভোকত মৰা লোকতকৈ তৰোৱালৰ দ্বাৰাই হত হোৱা লোক ধন্য, কিয়নো তেওঁলোক পথাৰত উৎপন্ন হোৱা শস্যৰ অভাৱত ভোকৰূপ তৰোৱালেৰে খোচা যেন হৈ ক্ষীণাই গৈছে।
10 The hands of the pitiful women have sodden their own children: they were their meat in the destruction of the daughter of my people.
১০স্নেহৱতী মহিলাসকলে নিজ হাতেৰে নিজ নিজ সন্তান সিজালে; মোৰ জাতিস্বৰূপা জীয়াৰীৰ সংহাৰৰ কালত সিহঁত তেওঁলোকৰ খোৱা বস্তু যেন হৈছে।
11 The LORD has accomplished his fury; he has poured out his fierce anger, and has kindled a fire in Zion, and it has devoured the foundations thereof.
১১যিহোৱাই নিজৰ ক্ৰোধ সিদ্ধ কৰিলে, নিজৰ প্ৰচণ্ড ক্ৰোধ বৰষালে; তেওঁ চিয়োনত জুই জ্বলালে, সেয়ে তাৰ ভিত্তিমূলবোৰ গ্ৰাস কৰিলে।
12 The kings of the earth, and all the inhabitants of the world, would not have believed that the adversary and the enemy should have entered into the gates of Jerusalem.
১২ইয়াক পৃথিৱীৰ ৰজাসকলে নাইবা আটাই জগত নিবাসীয়ে বিশ্বাস নকৰিব যে, শত্ৰু আৰু বৈৰী যিৰূচালেমৰ দুৱাৰত সোমাব পাৰে।
13 For the sins of her prophets, and the iniquities of her priests, that have shed the blood of the just in the middle of her,
১৩সেই ভাববাদীসকলৰ পাপৰ আৰু সেই পুৰোহিতসকলৰ অপৰাধৰ বাবে এয়ে ঘটিল তাৰ যি ভাববাদীসকলে আৰু তাৰ যি পুৰোহিতসকলে তাৰ ভিতৰত ধাৰ্মিকসকলৰ ৰক্তপাত কৰিছিল।
14 They have wandered as blind men in the streets, they have polluted themselves with blood, so that men could not touch their garments.
১৪সিহঁতে অন্ধ লোকসকলৰ দৰে আলিত ভ্ৰমণ কৰিছিল। সিহঁত তেজেৰে এনেকৈ অশুচি হৈছিল, যে, লোকসকলে সিহঁতৰ কাপোৰ চুব নোৱাৰিছিল।
15 They cried to them, Depart you; it is unclean; depart, depart, touch not: when they fled away and wandered, they said among the heathen, They shall no more sojourn there.
১৫লোকসকলে সিহঁতক ৰিঙিয়াই কৈছিল, “গুচ, হে অশুচি, গুচ, গুচ, নুচুবি!” সিহঁতে পলাই ভ্ৰমণ কৰোঁতে, লোকসকলে জাতিবোৰৰ মাজত কৈছিল, “সিহঁত এই ঠাইত পুনৰ বিদেশী হৈ নাথাকিব!”
16 The anger of the LORD has divided them; he will no more regard them: they respected not the persons of the priests, they favored not the elders.
১৬যিহোৱাৰ ক্ৰোধে সিহঁতক ছিন্ন-ভিন্ন কৰিলে; তেওঁ সিহঁতলৈ পুনৰ দৃষ্টি নকৰিব। লোক সকলে সেই পুৰোহিতসকলক সন্মান নকৰিলে, সেই বৃদ্ধসকলক দয়া নকৰিলে।
17 As for us, our eyes as yet failed for our vain help: in our watching we have watched for a nation that could not save us.
১৭আমি সহায়ৰ বাবে বৃথা আশা কৰোঁতে, আমাৰ চকু দুর্বল হৈ গ’ল, ৰক্ষা কৰিব নোৱাৰা এক জাতিৰ বাবে আমি আমাৰ প্ৰহৰী-ঘৰত চাই আছিলোঁ।
18 They hunt our steps, that we cannot go in our streets: our end is near, our days are fulfilled; for our end is come.
১৮শত্ৰুবোৰে আমাৰ খোজলৈ এনেকৈ খাপ দি আছিল যে, আমাৰ চকবোৰত আমি ফুৰিব নোৱাৰিলোঁ। আমাৰ অন্তিম ওচৰ, আমাৰ দিন ওৰ পৰিল; কিয়নো আমাৰ অন্তিম উপস্থিত।
19 Our persecutors are swifter than the eagles of the heaven: they pursued us on the mountains, they laid wait for us in the wilderness.
১৯আমাৰ পাছে পাছে খেদি অহাবোৰ আকাশৰ কুৰ পক্ষীতকৈও বেগী আছিল। সিহঁতে পৰ্ব্বতত আমাক ধৰোঁধৰোঁকৈ খেদিলে, সিহঁতে মৰুপ্রান্তত আমাৰ বাবে খাপ দিলে।
20 The breath of our nostrils, the anointed of the LORD, was taken in their pits, of whom we said, Under his shadow we shall live among the heathen.
২০আমাৰ নাকৰ নিশ্বাসস্বৰূপ যিহোৱাৰ সেই অভিষিক্ত জনক সিহঁতৰ গাতত ধৰা হ’ল, যি জনৰ বিষয়ে আমি কৈছিলোঁ, “জাতি সমূহৰ মাজত আমি তেওঁৰ ছাঁত জীয়াই থাকিম।”
21 Rejoice and be glad, O daughter of Edom, that dwell in the land of Uz; the cup also shall pass through to you: you shall be drunken, and shall make yourself naked.
২১হে উচ দেশীয় ইদোম নিবাসিনী জীয়ৰী সকল উল্লাস কৰা আৰু আনন্দিত হোৱা, কাৰণ পান-পাত্ৰটি পাৰ হৈ তোমাৰ ওচৰলৈকো যাব। তাতে তুমি মতলীয়া হৈ নিজকে বিবস্ত্ৰ কৰিবা।
22 The punishment of your iniquity is accomplished, O daughter of Zion; he will no more carry you away into captivity: he will visit your iniquity, O daughter of Edom; he will discover your sins.
২২হে চিয়োন-জীয়াৰী, তোমাৰ অপৰাধৰ দণ্ড সম্পূৰ্ণ হ’ল; তেওঁ পুনৰ তোমাক বন্দী অৱস্থালৈ নিনিব। কিন্তু হে ইদোম-জীয়াৰী, তেওঁ তোমাৰ অপৰাধৰ প্ৰতিফল দিব; তেওঁ তোমাৰ পাপ প্ৰকাশ কৰিব।