< Psalms 149 >

1 Hallelujah. Sing unto the LORD a new song, and His praise in the assembly of the saints.
তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা। যিহোৱাৰ উদ্দেশ্যে এটি নতুন গীত গোৱা, ভক্তসকলৰ সমাজত তেওঁৰ প্ৰশংসাৰ গান কৰা,
2 Let Israel rejoice in his Maker; let the children of Zion be joyful in their King.
ইস্ৰায়েলে নিজৰ সৃষ্টিকৰ্ত্তাক লৈ আনন্দ কৰক; চিয়োনৰ সন্তান সকলে নিজৰ ৰজাসকলক লৈ আনন্দ কৰক।
3 Let them praise His name in the dance; let them sing praises unto Him with the timbrel and harp.
তেওঁলোকে নাচি নাচি তেওঁৰ নামৰ প্ৰশংসা কৰক, খঞ্জৰী আৰু বীণা লৈ তেওঁৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰক।
4 For the LORD taketh pleasure in His people; He adorneth the humble with salvation.
কিয়নো যিহোৱাই নিজৰ লোকসকলক লৈ আনন্দ পায়; তেওঁ নম্ৰসকলক উদ্ধাৰ কৰি সন্মানিত কৰে।
5 Let the saints exult in glory; let them sing for joy upon their beds.
ভক্তসকলে বিজয়ত উল্লাসিত হওক; তেওঁলোকে নিজ নিজ শয্যাত আনন্দ গান কৰক।
6 Let the high praises of God be in their mouth, and a two-edged sword in their hand;
তেওঁলোকৰ কন্ঠত ঈশ্বৰৰ উচ্চ প্ৰশংসা থাকক, তেওঁলোকৰ হাতত দুধৰীয়া তৰোৱাল থাকক;
7 To execute vengeance upon the nations, and chastisements upon the peoples;
যাতে তেওঁলোকে জাতিবোৰৰ ওপৰত প্ৰতিশোধ লব পাৰে, আৰু লোক সমূহক শাস্তি দিব পাৰে;
8 To bind their kings with chains, and their nobles with fetters of iron;
যেন তেওঁলোকৰ ৰজাসকলক শিকলিৰে বান্ধিব পাৰে, তেওঁলোকৰ মান্যৱন্ত লোকক লোহাৰ বেৰিৰে বান্ধিব পাৰে;
9 To execute upon them the judgment written; He is the glory of all His saints. Hallelujah.
যেন তেওঁলোকৰ বিৰুদ্ধে লিখিত বিচাৰ নিষ্পত্তি কৰিব পাৰে, এয়েই তেওঁৰ সকলো ভক্তৰ গৌৰৱ। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।

< Psalms 149 >