< Psalms 139 >
1 For the Leader. A Psalm of David. O LORD, Thou hast searched me, and known me.
১হে যিহোৱা, তুমি মোৰ বুজ বিচাৰ ল’লা আৰু মোক জানিলা।
2 Thou knowest my downsitting and mine uprising, Thou understandest my thought afar off.
২তুমি মোৰ উঠা আৰু বহাকো জানিছা, দূৰৈৰ পৰাই মোৰ মনৰ চিন্তা বুজি পোৱা।
3 Thou measurest my going about and my lying down, and art acquainted with all my ways.
৩তুমি মোৰ পথ আৰু শয়ন বিচাৰ কৰি থাকা; মোৰ সকলো পথ তুমি ভালদৰে জানা।
4 For there is not a word in my tongue, but, lo, O LORD, Thou knowest it altogether.
৪কিয়নো হে যিহোৱা, মোৰ জিভাত কোনো কথা অনাৰ আগেয়েই তুমি সেই সকলো জানা।
5 Thou hast hemmed me in behind and before, and laid Thy hand upon me.
৫আগ-পাছ সকলো ফালে তুমি মোক ঘেৰি ৰাখিছা আৰু মোৰ ওপৰত তোমাৰ হাত ৰাখিছা।
6 Such knowledge is too wonderful for me; too high, I cannot attain unto it.
৬এনে জ্ঞান মোৰ ওচৰত অতি আশ্চর্য; সেয়ে উচ্চ, মোৰ বোধৰ অগম্য;
7 Whither shall I go from Thy spirit? or whither shall I flee from Thy presence?
৭তোমাৰ আত্মাৰ আগৰ পৰা মই ক’লৈ যাব পাৰোঁ? তোমাৰ সন্মুখৰ পৰা মই ক’লৈ পলাই যাব পাৰিম?
8 If I ascend up into heaven, Thou art there; if I make my bed in the nether-world, behold, Thou art there. (Sheol )
৮যদি স্বৰ্গত গৈ উঠো, তাতো তুমি; যদি চিয়োলত মোৰ শয্যা পাৰোঁ, চোৱা, তাতো তুমি থাকা। (Sheol )
9 If I take the wings of the morning, and dwell in the uttermost parts of the sea;
৯যদি মই অৰুণৰ ডেউকাত ধৰি সমুদ্ৰৰ দূৰ সীমাত গৈ বসতি কৰোঁ,
10 Even there would Thy hand lead me, and Thy right hand would hold me.
১০তাতো তোমাৰ হাতে মোক চলাব; তোমাৰ সোঁ হাতে মোক ধৰি ৰাখিব।
11 And if I say: 'Surely the darkness shall envelop me, and the light about me shall be night';
১১যদি মই কওঁ, “আন্ধাৰে মোক ঢাকিব আৰু মোৰ চাৰিওফালে যি পোহৰ আছে, সেয়ে অন্ধকাৰ হৈ যাব;
12 Even the darkness is not too dark for Thee, but the night shineth as the day; the darkness is even as the light.
১২বাস্তৱিক তোমাৰ ওচৰত সেই আন্ধাৰ, আন্ধাৰ হৈ নাথাকে; বৰং ৰাতি দিনৰ পোহৰৰ নিচিনাকৈয়ে উজ্জ্বল হয়; তোমাৰ ওচৰত আন্ধাৰ আৰু পোহৰ উভয়েই সমান।
13 For Thou hast made my reins; Thou hast knit me together in my mother's womb.
১৩তুমিয়েই মোৰ অন্তর্ভাগ সৃষ্টি কৰিলা, তুমি মোক মাতৃৰ গৰ্ভতে গঠন কৰিলা।
14 I will give thanks unto Thee, for I am fearfully and wonderfully made; wonderful are Thy works; and that my soul knoweth right well.
১৪মই তোমাৰ প্ৰশংসা কৰোঁ; কিয়নো মই অতি বিস্ময় আৰু আশ্চর্যজনক ভাৱে নিৰ্ম্মিত হলোঁ; তোমাৰ কাৰ্যবোৰ আচৰিত, তাক মই ভালদৰেই জানো।
15 My frame was not hidden from Thee, when I was made in secret, and curiously wrought in the lowest parts of the earth.
১৫যেতিয়া মোক গোপন স্থানত গঠন কৰা হৈছিল, যেতিয়া মই পৃথিৱীৰ অধঃস্থানত চমৎকাৰ ৰূপে গঢ় লৈছিলোঁ, তেতিয়াও মোৰ দেহ তোমাৰ পৰা লুকাই থকা নাছিল।
16 Thine eyes did see mine unformed substance, and in Thy book they were all written — even the days that were fashioned, when as yet there was none of them.
১৬তোমাৰ চকুৱে জন্মৰ আগেয়েই মোৰ শৰীৰৰ গঠনহীন প্রকৃতি দেখিলে, তোমাৰ পুস্তকত সকলো লিখা আছিল; মোৰ কাৰণে যি দিনবোৰ নিৰূপিত কৰা হৈছিল, সেই দিনবোৰ সেই সময়ত আৰম্ভই হোৱা নাছিল।
17 How weighty also are Thy thoughts unto me, O God! How great is the sum of them!
১৭হে ঈশ্বৰ, মোলৈ তোমাৰ পৰিকল্পনাবোৰ কেনে মূল্যৱান! সেইবোৰ লেখত অগণন!
18 If I would count them, they are more in number than the sand; were I to come to the end of them, I would still be with Thee.
১৮যদি মই সেইবোৰ গণনা কৰিব বিচাৰো, তেতিয়া সেইবোৰ সংখ্যাত বালিতকৈয়ো অধিক হয়; মই যেতিয়া সাৰ পাওঁ, তেতিয়াওঁ মই তোমাৰ কাষতে থাকো।
19 If Thou but wouldest slay the wicked, O God — depart from me therefore, ye men of blood;
১৯হে ঈশ্বৰ, তুমি নিশ্চয়ে দুষ্টবোৰক বধ কৰিবা, হে ৰক্তপাতীবোৰ, মোৰ ওচৰৰ পৰা দূৰ হোৱা।
20 Who utter Thy name with wicked thought, they take it for falsehood, even Thine enemies —
২০তেওঁলোকে দুষ্ট ভাৱনাৰে তোমাৰ বিৰুদ্ধে কথা কয়, তোমাৰ শত্ৰুবোৰে তোমাৰ বিৰুদ্ধে বৃথাই উঠে।
21 Do not I hate them, O LORD, that hate Thee? And do not I strive with those that rise up against Thee?
২১হে যিহোৱা, যিসকলে তোমাক ঘিণ কৰে, মই জানো তেওঁলোকক ঘিণ নকৰোঁ? যিসকল তোমাৰ বিৰুদ্ধে উঠে, মই জানো তেওঁলোকৰ প্রতি বিৰক্ত নহওঁ?
22 I hate them with utmost hatred; I count them mine enemies.
২২মই তেওঁলোকক সম্পূর্ণকৈ ঘৃণা কৰোঁ; তেওঁলোকক মোৰ শত্রু বুলি ভাৱো।
23 Search me, O God, and know my heart, try me, and know my thoughts;
২৩হে ঈশ্বৰ, মোৰ বুজ বিচাৰ লোৱা আৰু মোৰ অন্তঃকৰণ জানা; মোক পৰীক্ষা কৰি চোৱা আৰু মোৰ সঙ্কল্পবোৰ জানা;
24 And see if there be any way in me that is grievous, and lead me in the way everlasting.
২৪মোৰ ভিতৰত দুষ্টতাৰ কোনো পথ আছে কি নাই, তাক চোৱা, আৰু মোক অনন্তকালৰ পথত গমন কৰোঁৱা।