< Proverbs 2 >
1 My son, if thou wilt receive my words, and lay up my commandments with thee;
১হে মোৰ পুত্র তুমি যদি মোৰ কথা গ্ৰহণ কৰা, আৰু মোৰ আজ্ঞাবোৰ তোমাৰ সৈতে সংৰক্ষিত কৰি ৰাখা,
2 So that thou make thine ear attend unto wisdom, and thy heart incline to discernment;
২প্রজ্ঞাৰ কথা শুনা, আৰু বুজিব পৰা শক্তিলৈ তোমাৰ হৃদয় আকৃষ্ট হব।
3 Yea, if thou call for understanding, and lift up thy voice for discernment;
৩তুমি যদি বুজিবৰ বাবে কান্দা; আৰু ইয়াৰ বাবে উচ্চ স্বৰে ৰিঙিওৱা,
4 If thou seek her as silver, and search for her as for hid treasures;
৪ৰূপ বিচৰা দৰে যদি তুমি ইয়াক বিচাৰা, আৰু গুপ্ত ধন বিচৰা দৰে বুজিব পৰা শক্তি বিচাৰা;
5 Then shalt thou understand the fear of the LORD, and find the knowledge of God.
৫তেতিয়াহে যিহোৱাৰ প্রতি থকা ভয় তুমি বুজিব পাৰিবা, আৰু তুমি ঈশ্বৰৰ জ্ঞান বিচাৰি পাবা।
6 For the LORD giveth wisdom, out of His mouth cometh knowledge and discernment;
৬কাৰণ যিহোৱাইহে প্রজ্ঞা দিয়ে, তেওঁৰে মুখৰ পৰা জ্ঞান আৰু বিবেচনা শক্তি ওলায়।
7 He layeth up sound wisdom for the upright, He is a shield to them that walk in integrity;
৭যিসকলে তেওঁক সন্তুষ্ট কৰে তেওঁলোকৰ বাবে তেওঁ নিৰ্ভৰযোগ্য প্রজ্ঞা সংগ্রহ কৰে, যি সকলে সত্যতাত চলে তেওঁলোকৰ বাবে তেওঁ ঢালস্বৰূপ।
8 That He may guard the paths of justice, and preserve the way of His godly ones.
৮তেওঁ ন্যায়ৰ পথক প্রতিৰক্ষা কৰে, আৰু যিসকল তেওঁৰ প্রতি বিশ্বাসী, তেওঁলোকৰ বাবে সেই পথ সংৰক্ষিত কৰি ৰাখে।
9 Then shalt thou understand righteousness and justice, and equity, yea, every good path.
৯তেতিয়া তুমি ধাৰ্মিকতা, ন্যায় বিচাৰ, আৰু স্বাভাৱিক ন্যায় আৰু সকলো ভাল পথ বুজিব পাৰিবা।
10 For wisdom shall enter into thy heart, and knowledge shall be pleasant unto thy soul;
১০কাৰণ প্রজ্ঞা তোমাৰ হৃদয়ত প্ৰবেশ কৰিব, আৰু জ্ঞান তোমাৰ প্ৰাণৰ বাবে সন্তুষ্ট জনক হ’ব।
11 Discretion shall watch over thee, discernment shall guard thee;
১১সতর্কতাই তোমাৰ ওপৰত দৃষ্টি ৰাখিব, বিচাৰ বুদ্ধিয়ে তোমাক পহৰা দিব,
12 To deliver thee from the way of evil, from the men that speak froward things;
১২এইবোৰে পাপকাৰ্যৰ পৰা আৰু যিসকলে বিপথগামী কথা কয়, তাৰ পৰা তোমালোকক উদ্ধাৰ কৰিব
13 Who leave the paths of uprightness, to walk in the ways of darkness;
১৩তেওঁলোকে সত্যৰ পথ পৰিহাৰ কৰে। আৰু আন্ধাৰ পথত চলে।
14 Who rejoice to do evil, and delight in the frowardness of evil;
১৪যেতিয়া তেওঁলোকে পাপ কৰ্ম কৰে তেতিয়া তেওঁলোকে আনন্দ কৰে, আৰু দুর্নীতি পৰায়ণ পাপত তেওঁলোকে উল্লাস কৰে,
15 Who are crooked in their ways, and perverse in their paths;
১৫তেওঁলোকে কুটিল পথ অনুসৰণ কৰে, তেওঁলোকে প্রৱঞ্চনাৰ দ্বাৰাই তেওঁলোকৰ গতি পথ গোপন কৰে।
16 To deliver thee from the strange woman, even from the alien woman that maketh smooth her words;
১৬দুঃসাহসিক কাৰ্যলৈ দৃষ্টি কৰা, খুচামোদ কথা কোৱা আৰু ব্যভিচাৰী মহিলাৰ পৰা প্রজ্ঞা আৰু সতর্কতাই ৰক্ষা কৰে।
17 That forsaketh the lord of her youth, and forgetteth the covenant of her God.
১৭তেওঁ যৌৱন কালৰ লগৰীক ত্যাগ কৰে আৰু তেওঁ তেওঁৰ ঈশ্বৰৰ গুৰুত্বপূর্ণ প্ৰতিশ্ৰুতি পাহৰে।
18 For her house sinketh down unto death, and her paths unto the shades;
১৮তেওঁৰ ঘৰ মৃত্যুলৈ আগুৱাই, আৰু তেওঁৰ পথে মৈদামত থকাসকলৰ ওচৰলৈ তোমাক লৈ যাব।
19 None that go unto her return, neither do they attain unto the paths of life;
১৯যিসকল লোক তেওঁৰ ওচৰলৈ গৈছে, তেওঁলোক পুনৰ ঘূৰি নাহিব, আৰু তেওঁলোকে জীৱনৰ পথ বিচাৰি নাপাব।
20 That thou mayest walk in the way of good men, and keep the paths of the righteous.
২০সেয়ে তুমি সৎলোকৰ পথত চলিবা, আৰু ন্যায়কাৰ্য কৰা লোকসকলৰ পথ অনুসৰণ কৰা।
21 For the upright shall dwell in the land, and the whole-hearted shall remain in it.
২১যিসকল লোকে সৎ কাৰ্য কৰে, তেওঁলোকে দেশত ঘৰ সাজে, আৰু যিসকল লোক সিদ্ধ, তেওঁলোক অৱশিষ্ট থাকিব।
22 But the wicked shall be cut off from the land, and the faithless shall be plucked up out of it.
২২কিন্তু দুষ্টসকলক দেশৰ পৰা উচ্ছন্ন কৰা হ’ব, আৰু অবিশ্বাসী লোকক দেশৰ পৰা উচ্ছন্ন কৰা হৈ যাব।