< Nehemiah 13 >
1 On that day they read in the book of Moses in the hearing of the people; and therein was found written, that an Ammonite and a Moabite should not enter into the assembly of God for ever;
১সেই দিনা, লোকসকলে শুনিব পৰাকৈ মোচিৰ বিধান-পুস্তক পাঠ কৰা হৈছিল। বিধান-পুস্তকত লিখা অনুসাৰে গ’ম পোৱা গ’ল যে, “অম্মোনীয়া বা মোৱাবীয়া লোকসকল কেতিয়াও ঈশ্বৰৰ মহাসভালৈ আহিব নোৱাৰিব।”
2 because they met not the children of Israel with bread and with water, but hired Balaam against them, to curse them; howbeit our God turned the curse into a blessing.
২এইদৰে কৰা হৈছিল কাৰণ, তেওঁলোক ইস্ৰায়েলৰ লোকসকলৰ ওচৰলৈ পিঠা আৰু পানী লৈ অহা নাছিল। বৰঞ্চ ইস্রায়েলক শাও দিবলৈ তেওঁলোকে বিলিয়মক ভাড়া কৰি আনিছিল। অৱশ্যে আমাৰ ঈশ্বৰে সেই শাওক আশীৰ্ব্বাদলৈ ৰূপান্তৰ কৰিলে।
3 And it came to pass, when they had heard the law, that they separated from Israel all the alien mixture.
৩তেওঁলোকে এই বিধান শুনাৰ লগে লগে প্রত্যেক বিদেশী লোকসকলক ইস্ৰায়েলৰ পৰা পৃথক কৰিলে।
4 Now before this, Eliashib the priest, who was appointed over the chambers of the house of our God, being allied unto Tobiah,
৪এই ঘটনাৰ আগেয়ে আমাৰ ঈশ্বৰৰ গৃহৰ ভঁৰালৰ ওপৰত পুৰোহিত ইলিয়াচীবক নিযুক্ত কৰিছিল। তেওঁ টোবিয়াৰ সম্পৰ্কীয় লোক আছিল।
5 had prepared for him a great chamber, where aforetime they laid the meal-offerings, the frankincense, and the vessels, and the tithes of the corn, the wine, and the oil, which were given by commandment to the Levites, and the singers, and the porters; and the heave-offerings for the priests.
৫পুৰোহিত ইলিয়াচীবে টোবিয়াৰ বাবে এটা ডাঙৰ ভঁৰাল প্রস্তুত কৰিলে। যি ঠাইত পূৰ্বতে লোকসকলে শস্য নৈবেদ্য, ধূপ-ধূনা, বস্তুবোৰ, শস্যৰ দশম ভাগ, নতুন দ্ৰাক্ষাৰস, আৰু তেল, লেবীয়া সকলৰ নামেৰে, আৰু পুৰোহিত সকলৰ বৰঙনিৰ বাবে ৰখা হৈছিল।
6 But in all this time I was not at Jerusalem; for in the two and thirtieth year of Artaxerxes king of Babylon I went unto the king, and after certain days asked I leave of the king;
৬কিন্তু এই সকলো ঘটনাৰ সময়ত মই যিৰূচালেমত নাছিলোঁ। কাৰণ বাবিলৰ ৰজা অৰ্তক্ষত্ৰৰ ৰাজত্বৰ বত্ৰিশ বছৰত মই ৰজাৰ ওচৰলৈ গৈছিলোঁ। কিছুদিনৰ পাছত মই ৰজাৰ পৰা ছুটিৰ বাবে অনুমতি ল’লো।
7 and I came to Jerusalem, and understood the evil that Eliashib had done for Tobiah, in preparing him a chamber in the courts of the house of God.
৭মই যিৰূচালেমলৈ ঘূৰি আহিলোঁ। ইলিয়াচীবে ঈশ্বৰৰ গৃহৰ চোতালত টোবিয়াক ভঁৰাল দি কৰা কু-কৰ্ম মই বুজি পালোঁ।
8 And it grieved me sore; therefore I cast forth all the household stuff of Tobiah out of the chamber.
৮মই অতিশয় ক্রোধিত হৈছিলোঁ, আৰু ভঁৰালৰ পৰা টোবিয়াৰ ঘৰৰ সকলো বস্তু দলিয়াই পেলালোঁ।
9 Then I commanded, and they cleansed the chambers; and thither brought I again the vessels of the house of God, with the meal-offerings and the frankincense.
৯মই ভঁৰালবোৰ শুচি কৰিবলৈ আদেশ দিলোঁ, আৰু সেই ঠাইলৈ ঈশ্বৰৰ গৃহৰ বস্তুবোৰ, শস্য নৈবেদ্যৰ বস্তুবোৰ আৰু ধূপ-ধূনা পুনৰ আনি থলোঁ।
10 And I perceived that the portions of the Levites had not been given them; so that the Levites and the singers, that did the work, were fled every one to his field.
১০মই জানিবলৈ পালোঁ যে, লেবীয়া সকলৰ বাবে নিযুক্ত কৰা অংশ তেওঁলোকক ভগাই দিয়া নাছিল। সেয়ে তেওঁলোকে মন্দিৰ ত্যাগ কৰি প্রতিজনে নিজৰ নিজৰ পথাৰলৈ যাবলৈ খৰধৰ কৰিলে। কাম কৰা গায়ক সকলেও সেইদৰে কৰিলে।
11 Then contended I with the rulers, and said: 'Why is the house of God forsaken?' And I gathered them together, and set them in their place.
১১তেতিয়া মই কৰ্মচাৰী সকলৰ সৈতে বিবাদ কৰি ক’লো, “ঈশ্বৰৰ গৃহ কিয় অৱহেলা কৰা হৈছে?” পাছত মই তেওঁলোকক গোটাই আনি প্ৰতিজনক নিজ নিজ পদত স্থাপন কৰিলোঁ।
12 Then brought all Judah the tithe of the corn and the wine and the oil unto the treasuries.
১২তেতিয়া সকলো যিহুদী লোকে শস্য, নতুন দ্ৰাক্ষাৰসৰ, আৰু তেলৰ দশমভাগ ভঁৰাললৈ আনিলে।
13 And I made treasurers over the treasuries, Shelemiah the priest, and Zadok the scribe, and of the Levites, Pedaiah; and next to them was Hanan the son of Zaccur, the son of Mattaniah; for they were counted faithful, and their office was to distribute unto their brethren.
১৩মই চেলেমিয়া পুৰোহিত, চাদোক অধ্যাপক, আৰু লেবীয়া সকলৰ পৰা পদায়াক ভঁৰাল ঘৰৰ কোষাধ্যক্ষ নিযুক্ত কৰিলোঁ। তেওঁলোকৰ পাছত মত্তনীয়া পুত্র জক্কুৰ, জক্কুৰৰ পুত্ৰ হাননক কোষাধ্যক্ষ পাতিলোঁ; কাৰণ তেওঁলোক বিশ্বাসযোগ্য বুলি গণিত হৈছিল। তেওঁলোকৰ সহযোগী সকলৰ যোগান ধৰিবলৈ বস্তু ভগাই দিয়াই তেওঁলোকৰ কাম আছিল।
14 Remember me, O my God, concerning this, and wipe not out my good deeds that I have done for the house of my God, and for the wards thereof.
১৪হে মোৰ ঈশ্বৰ, এই বিষয়ে মোক সোঁৱৰণ কৰক; আৰু মোৰ ঈশ্বৰৰ গৃহৰ অৰ্থে কৰা উত্তম কাৰ্যবোৰ মচি নেপেলাব।
15 In those days saw I in Judah some treading winepresses on the sabbath, and bringing in heaps of corn, and lading asses therewith; as also wine, grapes, and figs, and all manner of burdens, which they brought into Jerusalem on the sabbath day; and I forewarned them in the day wherein they sold victuals.
১৫সেই দিনবোৰত মই যিহূদাৰ লোকসকলক বিশ্ৰাম-বাৰে দ্ৰাক্ষাগুটি পেৰা, শস্যৰ ডাঙৰি আনি গাধত বোজাই দিয়া, আৰু বিশ্ৰাম-বাৰে দ্ৰাক্ষাৰস, দ্ৰাক্ষাগুটি, আৰু ডিমৰুগুটি আদি সকলোবিধ বস্তুৰ গধুৰ বোজাও যিৰূচালেমলৈ অনা দেখিলোঁ। মই তেওঁলোকে সেই দিনা খোৱা বস্তু বিক্রী কৰাৰ কথাৰ বিৰুদ্ধিতা কৰিলোঁ।
16 There dwelt men of Tyre also therein, who brought in fish, and all manner of ware, and sold on the sabbath unto the children of Judah, and in Jerusalem.
১৬যিৰূচালেমত বাস কৰা তূৰৰ পৰা অহা লোকসকলে মাছ আৰু সকলো বিধৰ বস্তুবোৰ আনিছিল, আৰু বিশ্ৰাম-বাৰে যিহূদা আৰু নগৰৰ লোকসকলক সেইবোৰ বিক্রী কৰিছিল।
17 Then I contended with the nobles of Judah, and said unto them: 'What evil thing is this that ye do, and profane the sabbath day?
১৭তেতিয়া মই যিহূদাৰ প্ৰধান লোকসকলৰ লগত বিবাদ কৰি তেওঁলোকক ক’লো, “আপোনালোকে যে বিশ্ৰাম-বাৰ অপবিত্ৰ কৰি, এইবোৰ কি কুকৰ্ম কৰিছে?
18 Did not your fathers thus, and did not our God bring all this evil upon us, and upon this city? yet ye bring more wrath upon Israel by profaning the sabbath.'
১৮আপোনালোকৰ পিতৃ সকলে এইদৰে কৰা নাছিল নে? আৰু আমাৰ ঈশ্বৰে জানো আমাৰ আৰু এই নগৰৰ ওপৰত এইবোৰ দুৰ্দশা ঘটোৱা নাছিল নে? তথাপিও আপোনালোকে বিশ্ৰাম-বাৰ অপবিত্ৰ কৰি ইস্ৰায়েলৰ ওপৰলৈ ক্ৰোধাগ্নি পুনৰ অধিককৈ আনিব খুজিছে?”
19 And it came to pass that, when the gates of Jerusalem began to be dark before the sabbath, I commanded that the doors should be shut, and commanded that they should not be opened till after the sabbath; and some of my servants set I over the gates, that there should no burden be brought in on the sabbath day.
১৯বিশ্ৰাম-বাৰৰ আগেয়েই আন্ধাৰ হোৱাৰ লগে লগে যিৰূচালেমৰ দুৱাৰবোৰ বন্ধ কৰিবলৈ আৰু বিশ্ৰাম-বাৰ শেষ নোহোৱালৈকে দুৱাৰবোৰ খুলি নিদিবলৈ মই আদেশ দিলোঁ। বিশ্ৰাম-বাৰে কোনো বোজা ভিতৰলৈ যেন অনা নহয়, এই কাৰণে মই মোৰ কিছুমান দাসক দুৱাৰত নিযুক্তি কৰিলোঁ।
20 So the merchants and sellers of all kind of ware lodged without Jerusalem once or twice.
২০তাতে বণিক সকল আৰু সকলোবিধ বস্তু বিক্রী কৰা সকল এবাৰ, দুবাৰ যিৰূচালেমৰ বাহিৰত থাকিল।
21 Then I forewarned them, and said unto them: 'Why lodge ye about the wall? if ye do so again, I will lay hands on you.' From that time forth came they no more on the sabbath.
২১কিন্তু মই তেওঁলোকক সাৱধান কৰিলোঁ, “আপোনালোকে কিয় দেৱালৰ বাহিৰত তম্বু তৰিছে? যদি আপোনালোকে এইদৰে পুনৰ কৰে, তেনেহলে মই আপোনালোকক শাস্তি দিম!” সেই সময়ৰ পৰাই তেওঁলোক বিশ্ৰাম-বাৰে অহা নাছিল।
22 And I commanded the Levites that they should purify themselves, and that they should come and keep the gates, to sanctify the sabbath day. Remember unto me, O my God, this also, and spare me according to the greatness of Thy mercy.
২২তাৰ পাছত বিশ্ৰামবাৰ পবিত্র কৰিবলৈ লেবীয়া সকল নিজকে নিজে শুচি কৰি আহি দুৱাৰবোৰ ৰখিবলৈ মই আদেশ দিলোঁ। হে মোৰ ঈশ্বৰ, এই বিষয়তো মোক সোঁৱৰণ কৰক; মোক দয়া কৰক আৰু আপোনাৰ নিয়ম অনুসাৰে মোলৈ কৃপা কৰক।
23 In those days also saw I the Jews that had married women of Ashdod, of Ammon, and of Moab;
২৩সেই দিনবোৰত মই দেখিবলৈ পালোঁ যে, যিহুদী লোকসকলে, অচ্দোদীয়া, অম্মোনীয়া, আৰু মোৱাবীয়া মহিলাক বিয়া কৰিছিল।
24 and their children spoke half in the speech of Ashdod, and could not speak in the Jews' language, but according to the language of each people.
২৪তেওঁলোকৰ আধা সংখ্যক সন্তানে অচদোদীয়া ভাষা কয়, কিন্তু তেওঁলোকে ইব্ৰী ভাষা ক’ব নাজানে। নিজৰ নিজৰ জাতিৰ ভাষা অনুসাৰে কথা কয়।
25 And I contended with them, and cursed them, and smote certain of them, and plucked off their hair, and made them swear by God: 'Ye shall not give your daughters unto their sons, nor take their daughters for your sons, or for yourselves.
২৫তাতে মই তেওঁলোকৰ লগত বিবাদ কৰিলোঁ আৰু তেওঁলোকক শাও দিলোঁ। তেওঁলোকৰ কিছুমান লোকক কোবাই তেওঁলোকৰ চুলি চিঙিলোঁ। মই তেওঁলোকক ঈশ্ৱৰৰ নামেৰে শপত দি কলোঁ, “আপোনালোকে আপোনালোকৰ ছোৱালীক তেওঁলোকৰ পুত্রলৈ বিয়া নিদিব, আৰু আপোলোকৰ পুত্রলৈ বা নিজৰ বাবেও তেওঁলোকৰ ছোৱালীক বিয়া কৰাই নানিব।”
26 Did not Solomon king of Israel sin by these things? yet among many nations was there no king like him, and he was beloved of his God, and God made him king over all Israel; nevertheless even him did the foreign women cause to sin.
২৬ইস্ৰায়েলৰ ৰজা চলোমনে এই মহিলা সকলৰ কাৰণেই জানো পাপ কৰা নাছিল? অনেক দেশৰ মাজত তেওঁৰ নিচিনা কোনো ৰজা নাছিল; আৰু তেওঁ নিজৰ ঈশ্বৰৰ প্ৰিয়পাত্ৰ আছিল। ঈশ্বৰে তেওঁক গোটেই ইস্ৰায়েলৰ ওপৰত ৰজা পাতিছিল, তথাপি বিদেশী ভাৰ্যাই তেওঁকো পাপ কৰালে।
27 Shall we then hearken unto you to do all this great evil, to break faith with our God in marrying foreign women?'
২৭তেনেহলে বিদেশী মহিলা বিয়া কৰাৰ দ্ৱাৰাই ঈশ্বৰৰ বিৰুদ্ধে আনুগত্যহীন কাৰ্য কৰি আৰু সকলো কু-কাৰ্য কৰি আমি আপোলোকৰ কথা শুনিম নে?
28 And one of the sons of Joiada, the son of Eliashib the high priest, was son-in-law to Sanballat the Horonite; therefore I chased him from me.
২৮ইলিয়াচীব প্ৰধান পুৰোহিতৰ পুত্র যোয়াদা, যোয়াদাৰ এজন পুত্র হোৰোণীয়া চনবল্লটৰ জোঁৱায়েক আছিল। সেই কাৰণে মই শাৰীৰিকভাৱে মোৰ সন্মুখৰ পৰা আতৰ কৰিলোঁ।
29 Remember them, O my God, because they have defiled the priesthood, and the covenant of the priesthood, and of the Levites.
২৯হে মোৰ ঈশ্বৰ, তেওঁলোকক সোঁৱৰণ কৰক; কাৰণ তেওঁলোকে পুৰোহিত পদ, পুৰোহিত-পদৰ আৰু লেবীয়া সকলৰ নিয়ম কুলষিত কৰিলে।
30 Thus cleansed I them from everything foreign, and appointed wards for the priests and for the Levites, every one in his work;
৩০সেই কাৰণে মই সকলো বিদেশী বস্তুৰ পৰা তেওঁলোকক শুচি কৰিলোঁ, আৰু প্ৰতিজনৰ কাৰ্য অনুসাৰে পুৰোহিত আৰু লেবীয়া সকলৰ দায়িত্ব সু-দৃঢ় কৰিলোঁ।
31 and for the wood-offering, at times appointed, and for the first-fruits. Remember me, O my God, for good.
৩১নিৰূপিত সময়ত খৰি আৰু ফলৰ আগ ভাগ দান দিলোঁ। হে মোৰ ঈশ্বৰ, মঙ্গলৰ অৰ্থে মোক সোঁৱৰণ কৰক।