< Acts 6 >
1 And in those dayes, as the nomber of ye disciples grewe, there arose a murmuring of the Grecians towards ye Hebrewes, because their widowes were neglected in the dayly ministring.
১সেই সময়ত শিষ্য সকলৰ সংখ্যা দিনে দিনে বৃদ্ধি হৈ আছিল। গ্ৰীকভাষী ইহুদী সকলে স্থানীয় ইব্ৰী ভাষী ইহুদী সকলৰ বিৰুদ্ধে অভিযোগ আনিলে যে, খাদ্য বিতৰণৰ সময়ত প্ৰতিদিনে তেওঁলোকৰ বিধৱা সকলক অৱহেলা কৰা হৈছে।
2 Then the twelue called the multitude of the disciples together, and sayd, It is not meete that we should leaue the worde of God to serue the tables.
২তেতিয়া বাৰ জন পাঁচনিয়ে সকলো শিষ্যকে মাতি আনি কলে- “আমাৰ কাৰণে ঈশ্বৰৰ বাক্য অৱহেলা কৰি ভোজনৰ পৰিচৰ্যা কৰা কামত লাগি থকা সঠিক কার্য হোৱা নাই।
3 Wherefore brethren, looke ye out among you seuen men of honest report, and full of the holy Ghost, and of wisedome, which we may appoint to this busines.
৩এই কাৰণে হে ভাই সকল, আপোনালোকে নিজৰ মাজৰ পৰা সাত জন সুখ্যাতি সম্পন্ন আৰু পবিত্ৰ আত্মাৰে পৰিপূর্ণ, জ্ঞানী লোকক বাছি লওঁক। আমি তেওঁলোকৰ ওপৰত এই কামৰ ভাৰ দিম।
4 And we will giue our selues continually to prayer, and to the ministration of the worde.
৪ইয়াৰ পাছত আমি প্ৰাৰ্থনা আৰু ঈশ্বৰৰ বাক্যৰ পৰিচর্যাত সদায় লাগি থাকিব পাৰিম।”
5 And the saying pleased the whole multitude: and they chose Steuen a man full of fayth and of the holy Ghost, and Philippe, and Prochorus, and Nicanor, and Timon, and Parmenas, and Nicolas a Proselyte of Antiochia,
৫তেওঁলোকৰ এই প্রস্তাৱ শুনি সকলোৱে সন্তোষ পালে অাৰু তেওঁলোকে তেতিয়া এই লোক সকলক মনোনীত কৰিলে - স্তিফান, তেওঁ বিশ্বাসী আৰু পবিত্ৰ আত্মাৰে পূর্ণ আছিল; ফিলিপ, প্ৰখৰ, নিকানৰ, তীমোন, পার্মিনা আৰু আন্তিয়খিয়াৰ নিকলায় এই ব্যক্তি জনে ইহুদী ধৰ্ম গ্রহণ কৰিছিল।
6 Which they set before the Apostles: and they prayed, and layed their hands on them.
৬বিশ্বাসী সকলে এই সাত জন লোকক পাঁচনি সকলৰ আগলৈ আনিলে আৰু পাঁচনি সকলে প্ৰাৰ্থনা কৰি তেওঁলোকৰ ওপৰত হাত দিলে।
7 And the worde of God increased, and the nomber of the disciples was multipled in Hierusalem greatly, and a great company of the Priests were obedient to the faith.
৭তাৰ পাছত ঈশ্বৰৰ বাক্য চৌদিশে বিয়পি গল আৰু শিষ্য সকলৰ সংখ্যা যিৰূচালেমত দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিলে। ইয়াৰ উপৰি ইহুদী পুৰোহিত সকলৰ মাজৰ অনেকে খ্ৰীষ্টীয় বিশ্বাসৰ অনুগামী হৈ শৰণ ললে।
8 Now Steuen full of faith and power, did great wonders and miracles among the people.
৮স্তিফানে ঈশ্বৰৰ অনুগ্ৰহ আৰু শক্তিৰে পৰিপূর্ণ হৈ লোক সকলৰ মাজত বহু অলৌকিক আৰু আচৰিত কার্য কৰিবলৈ ধৰিলে।
9 Then there arose certaine of the Synagogue, which are called Libertines, and Cyrenians, and of Alexandria, and of them of Cilicia, and of Asia, and disputed with Steuen.
৯কিন্তু লিবর্ত্তীন নামৰ সমাজৰ কেইজনমান ব্যক্তিৰ লগতে কুৰীণীয়, আলেকজেন্দ্রিয়া, কিলিকিয়া আৰু এচিয়া, এই ঠাই সমূহৰ পৰা অহা কিছুমান ব্যক্তিয়ে স্তিফানৰ সৈতে তর্ক কৰিলে।
10 But they were not able to resist the wisdome, and the Spirit by the which he spake.
১০কিন্তু স্তিফানে যি জ্ঞান আৰু আত্মাৰে কথা কলে, সেই কথাক তেওঁলোকে প্ৰতিৰোধ কৰিব নোৱাৰিলে।
11 Then they suborned men, which saide, We haue heard him speake blasphemous wordes against Moses, and God.
১১তেতিয়া তেওঁলোকে কিছুলোকক গুপুতে উচটাই এই বুলি কবলৈ দিলে যে, “আমি শুনিছোঁ স্তিফানে মোচি আৰু ঈশ্বৰক নিন্দা কৰিছে।”
12 Thus they mooued the people and the Elders, and the Scribes: and running vpon him, caught him, and brought him to the Councill,
১২এনেদৰে তেওঁলোকে জনসাধাৰণ, পৰিচাৰক আৰু বিধানৰ অধ্যাপক সকলক উত্তেজিত কৰি তুলিলে আৰু তেওঁলোকে স্তিফানক ধৰি মহাসভালৈ আনিলে।
13 And set forth false witnesses, which sayd, This man ceasseth not to speake blasphemous wordes against this holy place, and the Law.
১৩তেওঁলোকে মিছা সাক্ষী দি থিয় কৰালে আৰু ক’লে, “এই মানুহ জনে পবিত্ৰ স্থান আৰু বিধানৰ বিৰুদ্ধে কথা কবলৈ নেৰে।
14 For we haue heard him say, that this Iesus of Nazareth shall destroy this place, and shall change the ordinances, which Moses gaue vs.
১৪কিয়নো আমি তেওঁক কোৱা শুনিছো যে, এই নাচৰতীয়া যীচুৱে এই ঠাই নষ্ট কৰিব আৰু মোচিয়ে আমাক দিয়া বিধানও সলনি কৰিব।”
15 And as all that sate in the Councill, looked stedfastly on him, they saw his face as it had bene the face of an Angel.
১৫তেতিয়া সভাত বহা সকলোৱে তেওঁলৈ একেথৰে চাই থাকিল আৰু স্তিফানৰ মুখ স্বৰ্গৰ দূতৰ মুখৰ নিচিনা দেখিলে।